Pages

কবিতা - kabita - Poems of Ram Gogoi

অস্তাচল অভিমুখী ধাৱমান সূৰ্যৰ বিদ্ৰুপ
ভীষণ ৰহস্যময় এক সুদীৰ্ঘ ছাঁয়াই
বাৰে বাৰে প্ৰণামিলে পূবৰ আকাশ
জীৱন আগুৰি ল'লে সৃষ্টিৰ মায়াই

তোমাৰ কথা ভাবিলেই - Tomar katha bhabilei - Poems of Ram Gogoi

 নিজম ৰাতি 
তোমাৰ কাথা ভাবিলেই
মই স্পৰ্শ কৰোঁ
এখনি নিৰ্জন নদীৰ নগ্ন শৰীৰ ।

ভাহি যায়্য সেই নদীৰ বুকুত
তোমাৰ প্ৰেমৰ সাত সাউদৰ বেহা লৈ
চান্দোৰ ডিঙা
মোৰ বুকুৰ হেঙুল হাইতাল বুলীয়া 
চতুৰ্দ্দশীৰ জোন ।

               তোমাৰ কথা ভাবিলেই 
মোৰ বুকুৰ মাজত বাজি উঠে এটি বাঁহী
আৰু তেতিয়া 
ৰতিগন্ধা ৰাতিৰ
বেথাৰে সেমেকা নিৰ্জনতাৰ মাজত
বুকুত হাত থৈ
পলে পলে উৎকৰ্ণ হৈ মই শুনো
মোৰ নিজৰেই হৃৎস্পন্দন
আৰু মোৰ দুগালেদি নিগৰি আহে
বাঁহীৰ সুৰৰ দৰেই
দুধাৰি চকুৰ পানী
তোমাৰ কথা ভাবিলেই
মই এটা সেউজীয়া ঠিকনাৰ সন্ধানত
উদ্বাউল হওঁ । বহুদিন হ'ল
ঠিকনাটো ক'ত যে হেৰাই গ'ল,
নদীৰ নামত, জোনাকৰ নামত
বহুদিন কবিতা লিখাই নাই ।
বহুদিন তুমিও লিখা নাই 
কাকিনী তামোলৰ কপৌফুলৰ কথা 
মোলৈ এখন নীলা খামৰ চিঠি ।
অথচ, কি আশ্চৰ্য
তোমাৰ কথা ভাবিলেই
নিজম ৰাতি
মই স্পৰ্শ কৰোঁ
এখনি নিজম নদীৰ নগ্ন শৰীৰ ।

Fular sugandhat tumi - ফুলৰ সুগন্ধত তুমি - Poems of Ram Gogoi

ফুলৰ সুগন্ধত তুমি
বিচাৰিছিলানে কোনোদিন
নিহিত বেদনা 

তুমি কেনেকৈ বুটলি ল'লা 
সেই ফুল শেৱালি, বকুল

আৰু মই তোমাৰ বাবে
মোৰ অনুজ বন্ধু,
তোমালোকে মুৰ তুলি চোঁৱা 

মই তোমালোকৰ বাবে 
বোকাৰ পৰা তুলি আনিছোঁ

ভেট, পদুম
আৰু কলমৌ, আৰু মোৰ 
অফাল কলিজা ।

প্ৰয়োজনত
তোমালোকৰ বাবেই 
মোৰ হৃদয় 

তোমাৰ আমাৰ সুখ আৰু দুখ
বোকোচাত লৈ
আমি গেত গাম
ঐক্যতানত,
আমি কবিতা লিখিম
আমাৰ কবিতাৰ প্ৰতিটো শব্দত 

তুমি মোক বিচাৰিবা
মই বিচাৰিম
তোমাক
তোমাৰ হৃদয় ।