Pages

Mor bukur kamihararei - Poems of Ram Gogoi মোৰ বুকুৰ কামি হাড়ৰেই - ৰাম গগৈৰ কবিতা

মোৰ বুকুৰ কামি হাড়ৰেই
সাজি লৈছিলোঁ এটি গৰখীয়া বাঁহী
সেই বাঁহীৰ সুৰতে এদিন
নাচিছিল মোৰ কিশোৰ মন,
মোৰ মন - লুইতৰ এটি সৰু ঢৌ হৈ
মিলি গৈছিল মহাসমুদ্ৰৰ
অনন্ত জলৰাশিত ।
মোৰ হৃদয় যে কেতিয়া সেউজী হ'ল
মোৰ অজানিতে
দুবৰি বনৰ নীৰৱ নিবিড় মায়াৰে
অনুভূতিবোৰ যেন নিয়ৰৰ এটি এটি কণা ।
মোৰ বুকুৰ কামি হাড়েৰে সাজি লোৱা
মোৰ বাঁহীটিত
হৃদয়ৰ সেই অনুভূতি সেই অনুপম ভালপোৱা
সুৰ হৈ সুৰৰ মূৰ্চ্ছনা হৈ মিলি গ'ল
মহাবিশ্বৰ মহাওংকাৰ ধ্বনিত ।

পথাৰত কাম কৰা মোৰ দেউতাৰ
কাৰখানা আৰু বন্দৰত কাম কৰা মোৰ বঙহৰ ঘামেৰে
এদিন সিক্ত হ'ল, মোৰ বুকুৰ
কামিহাড়েৰে সাজি লোৱা সেই বাঁহী;
মোৰ আইৰ চকুৰ পানীৰে
এদিন পখালি ল'লো সেই গৰখীয়া বাঁহী
তেতিয়া সেই নিকা বাঁহীটিৰ
সুৰৰ অন্তৰাত ধ্বনিত হৈছিল
মোৰ দেউতাৰ, মোৰ বঙহৰ
দীপ্ত কণ্ঠস্বৰ, যেন বৰ্ষাৰ মেঘৰ গৰ্জন,
আৰু নিগৰি পৰিছিল
মোৰ আইৰ, মোৰ আইৰ দৰে
পৃথিৱীৰ অগণিত অজ্ঞাত মাতৃৰ
বেথাৰ দুধাৰি চকুলো ।

মোৰ বাঁহীৰ সুৰত, তেতিয়া
নাচিছিল মোৰ উদ্দাম যৌৱন,
সেই সুৰতেই উতলা
মোৰ জীৱনৰ গতিপথ,
মোৰ বুকুৰ কামিহাড়েৰে সাজি লোৱা
সেই বাঁহীটিয়ে
মোৰ শক্তি, মোৰ সুদৰ্শন ।



No comments:

Post a Comment