খুউব প্ৰেম কৰিব মন গৈছে আজি
তোমাৰ সৈতে
এক পাৰ ভঙা উন্মাদ প্ৰেম,
অহেতুক বন্ধোনৰ বোজা খহাই কৰা প্ৰেম
মানুহে কৰিব নোৱাৰা এক জান্তৱ প্ৰেম
অপ্ৰেম-অপ্ৰেম যেন লগা প্ৰেম,
গাৰ ছালবোৰ জুইৰ তাপত
খহি যোৱা এক প্ৰেম,
সলাজ চাৱনিৰ আঁৰত
নিলাজ হৈ কৰা প্ৰেম,
মুঠতে খুউব প্ৰেম কৰিব মন গৈছে আজি
মাথোঁ তোমাৰ সৈতে ।
~ পৰিস্মিতা
No comments:
Post a Comment