Pages

Abaruddha - Poem of Nirmalprabha Bordoloi - অবৰুদ্ধ - নিৰ্মলপ্ৰভা বৰদলৈৰ কবিতা


মোৰ খিৰিকীবোৰ জপাই দিয়া 
বহাগ আহিছে,
মোৰ দুৱাৰ জপাই দিয়া
বহাগ আহিছে,
বহাগৰ ৰূপে
বহাগৰ মাতে
মোক বনৰীয়া জুৰিৰ দৰে
চঞ্চল কৰি তুলিব 
শিলৰ গুহাত বন্দী
বৈ যাম ক'লৈ ??

No comments:

Post a Comment