Pages

Basana - poems of Parishmita - বাসনা

তোমাৰ তীক্ষ্ণ চাৱনিৰ অৱাক উন্মাদনাই
আজিও কঁপাই তোলে মোৰ বুকু,
দুটি ওঁঠত ক্ষয় যোৱা সময়ৰ নীলাই
তেজৰঙা কৰি তোলে
যৌৱনৰ দুৱাৰদলি,
তোমাৰ অশৰীৰী প্ৰেমৰ ঢৌত
উটি যাব খোজে
শৰীৰৰ প্ৰতিটো কোষ,
বাসনাৰে সিক্ত মোৰ
অবুজ হৃদয়ৰ আঁত ধৰি ।

                                       ~  পৰিস্মিতা 

No comments:

Post a Comment