আশ্ৰয় - হীৰেন ভট্টাচাৰ্য



এদিন ৰাতি মই এখন নতুন দেশলৈ গৈছিলো |
সেই দেশৰ হৃদয় জুৰি আছিল তাৰকাখচিত
উজ্জ্বল নীলা এখন পতাকা ।

সাগৰৰ বতাহ আহি পতাকাখনত ঢেউ তুলিছিল :
প্ৰেমৰ কোমল ঢৌ । অন্ধকাৰে ঢাকি থোৱা
অৰণ্যৰ মাজৰ পৰা উৰি আহিছিল
গৰখীয়া ল’ৰাৰ পেঁপাৰ সুৰৰ দৰে
এটি মুকলি সুৰ |

সেই সুৰ শুনি আহত পশুৰ দৰে
মই ল’ৰি পলাই আহিছিলো মোৰ দেশলৈ ।
বৃন্তৰ ফুলৰ দৰে মোৰ উভতি অহাৰ
বাটে বাটে নীলা পতাকাখনৰ উজ্জ্বল তৰাবোৰ
খহি পৰিছিল এটি-এটি কৰি ।

মোৰ দেশ, মোৰ স্বদেশ, মোৰ প্ৰথম প্ৰেমৰ উন্মেষ
মোৰ সাতসৰী যেন সাতোখন নদী
প্ৰেমৰ কি যে গভীৰ সহানুভুতি
তাক মই কিদৰে পাহৰিম ?

No comments:

Post a Comment