Songs of Bishnu Prasad Rabha - (বিষ্ণুপ্ৰসাদ ৰাভাৰ গীত) - Part 7

৬১) বাউলী হিয়া মাথোঁ ইয়াত পৰি ৰ'ল
৬২) মদাৰ ফুল ৰাঙলী বোল
৬৩) উলাহে আনো আগবাঢ়ি হালি জালি
৬৪) অ' জুমে জুমে আহ কেঁচা সোণ
৬৫) এই ধৰণীৰ চিৰ মুকুতিৰ ৰণ নিৰ্ভয়ে দিম
৬৬) অ' আলহী
৬৭) চিত্ৰলেখা নাচোন নাচে
৬৮) বিদায় বেলিকা জুৰুলা হিয়া মোৰ
৬৯) কাৰ নো বীণ বাজে ওৰে দিন
৭০) ফুল কুঁৱৰীৰ ৰস চুমি লই
৭১) অলিয়া বলিয়া কৃষ্ণাই কলিয়া
৭২) ৰ'দালি অ ৰ'দ দে ৰ'দ দে




----------------------------------


বাউলী হিয়া মাথোঁ ইয়াত পৰি ৰ'ল ।
শুন্য হিয়া পাত্ৰ মোৰ প্ৰেম ৰসেৰে ভৰিল
জীৱন বীণৰ তাঁৰ জোকাৰি উঠিল
প্ৰাণে গালে শত শত বসন্তৰ গান
নয়নৰ দুটি পাহী
              কৰিলেহি সৰগৰ সুখমৃত পান ।


----------------



মদাৰ ফুল
            ৰাঙলী বোল
            আদৰ তোৰ নাইহে
            বৰ বঙলাত  সেই ফুলে
            বৰ আদৰ পাই ৰে ।
আমি খাটি খোৱা মানুহ
জাতত আমাক হীন বুলি কয়
            ফুল বাবু হ'লে বৰ মান পাই
            কামত হ'লে একোৱেই নাই ৰে ।
বৰ বৰ মানুহৰ বান্দৰামিয়ে
আমাৰ জোৰ নেপাই হে
            আমাৰ বাহুৰ বল
            মগজু বুদ্ধি
            দুয়ো সমন্তৰাল ৰেখা ৰে ।

                                          (১৯৫০-৫১, বকতা)

-----------------



উলাহে আনো
           আগবাঢ়ি
                    হালি জালি
                               নাচি বাগি
                                           আদৰি তোলোঁ
                                                       অমিয়া মাত ।
তোৰ পৰশে
              মেলো পাহি
                         ফুল পাৰিজাত ।।
হাঁহিৰ বোলে
             অমোল মোলে
                         সুৰভি বোলে
                                      বুলাই ধুনীয়া
                                                   সৰগৰ
                                                              সোণামুৱা গাত ।।


--------------------



অ' জুমে জুমে আহ কেঁচা সোণ
আহ বনুৱাৰ দল ।
ন-পোহৰৰ জিলিকি সানি
যাওঁ আগুৱাই ব'ল ।।
যুগমীয়া সাচতীয়া
জা জাৱৰি মলি
চিকুণাই যাওঁ গা জোকাৰি
দেহাৰ পুৰণি ধুলি
নতুন সাজত
নতুন ভাবত
ন-ধৰাত উজ্জ্বলি
আগুৱাই যাওঁ লগৰীয়া
দেখুৱাওঁ গাৰ বল
মুকুতিৰ পথ পোহৰই যাওঁ
আগবাঢ়ো ব'ল ব'ল।।
শাৰী শাৰী পঁজা বাৰী
লাখে লাখে খাল
নিলগৰ পিতনিটোৰ
পিত খোৱা জঞ্জাল
আলান্ধু কলীয়া
ধুলাৰে বান্ধোন শাল ।
চাফ কৰি ঘাট, সাজি আলিবাট
দেখুৱাওঁ গাৰ বল
আহ অই সমনীয়া
ন-সমাজে গঁঢ়ো ব'ল ।।



------------------



এই ধৰণীৰ
চিৰ মুকুতিৰ
            ৰণ নিৰ্ভয়ে দিম;
কৰি আমৰণ
জীৱনৰ পণ
            আমি মিলি যুঁজ দিম ।।
ডৰ ভয় নকৰিবি
পাছ পিছ নপৰিবি
দোপে দোপে খোপে খোপে আগুৱাই
             আগবাঢ়ো আহ ব'ল
একেলগে মিলি একেছিপে গই ভাঙো শতৰুৰ বল ।
কৰি আমৰণ
জীৱনৰ পণ
             আমি মিলি যুঁজ দিম ।।
দুখৰ কলীয়া আকাশত
নতুন সুৰুযে দিয়ে দেখা
             ৰাঙলী বেলিৰ পোহৰত
             দেখো মুকুতিৰ পথ ৰেখা ।
সেই পটিয়েদি গ'লে আগুৱাই
             দলিতৰ হ'ব জয় -
বিজয় নিচান দিম উৰুৱাই
             পুৰণিৰ হ'ব ক্ষয়
কৰি আমৰণ
জীৱনৰ পণ
            আমি মিলি যুঁজ দিম ।।


---------------------



অ' আলহী আ অ' আলহী আ
            প্ৰভাত বীণৰ সোণালী তাঁৰ
            জোকাৰি থ অ'আলহী আ ।
অ' তই নীল গগণৰ
            উজ্জ্বল মেঘৰ
            বগা ৰথত বহি
            ৰশ্মি কনা কিৰণ সনা আলহী আ
মোহন বাঁহীৰ ঝঙ্কাৰ আৰু মোহন বাঁহীৰ সুৰ
            আজি দক্ষিণ মলয় কৰক জুৰ
আজি পাতে পাতে ডালে ডালে
            ৰ'ব মোহন সুৰ আলহী আ ।


-----------------------



চিত্ৰলেখা নাচোন নাচে
কুমৰৰ পাশে
           নানা ধৰনে নটী নাচোন নাচে ।
ক্ষনে উঠে ক্ষণে বসে
           তালে দিয়া মান হে ৰাম  -
মধুমাসে মৌৰা যেন
           ধৰিছে পেখম্‌ , হে ৰাম
শুন্যত নাচ নাচি
           পৰম হৰিসে
বৰণ মধুৰ যেন অমৃত বৰিষে
কণ্ঠি লৰে হাত লৰে
           ককালত জেঠি হে ৰাম
দশো আঙুলিত দোলে
           সোণৰ আঙুঠি
চিত্ৰলেখা নাচে যে
           হংসিনী উৰয়
সেহিনা ৰুপত চিত্ৰে
           কুমৰ হৰয় ।


--------------------



বিদায় বেলিকা জুৰুলা হিয়া মোৰ
           কি সতেনো গীত গাওঁ
চলচলীয়া চকুত কান্দোনৰ চাব
           বিৰিঙি উঠে বেজাৰত
বেজাৰে নিৰলে চকু জুৰি মোৰ
চকুলোৰে সোঁত বোৱাই যায়
বিদায় .......।



-------------------


কাৰ নো বীণ বাজে ওৰে দিন
            বাজে গুণ গুণ গুণ গুণ গুণ গুণ
                         কাৰ নো বীণ
বীণ বৰাগীৰ নূপুৰ বাজে
           ৰুণ জুণ জুণ জুণ জুণ জুণ জুণ
            কাৰ নো বীণ ....
তালে তালে হালে জালে
            পাতৰ শাৰী জিলিক মাৰে
সুৰে সুৰে কুলিয়ে গায়
            গুণ গুণ গুণ গুণ গুণ গুণ
            কাৰ নো বীন  .....


------------------



ফুল কুঁৱৰীৰ ৰস চুমি লই
পলাই ভোমোৰা
মুখ ঢাকি তাই কান্দে লুকাই
আপোন পাহৰা ।।
সেই ফুলকে বুটলি আনি
তিয়ালো চকুলো সানি
গাঁঠিলো ফুলৰ মালা
ৰসেৰে ভৰাই ।।

সেই ফুলৰেই মালধাৰি
ল'লো মোৰ ডিঙিতে আঁৰি
সেই স্মৃতিটি সুৱৰি মই
হ'লো বিভোৰা ।



------------------



অলিয়া বলিয়া কৃষ্ণাই কলিয়া
ভাল গকুলত ঘিলা খেলিছিলা
ঘিলা খেলি খেলি ক'তে ময়াপী
ইলা অ' কলিয়া
ভাল গকুলত ঘিলা খেলিছিলা
অলিয়া বলিয়া কৃষ্ণাই কলিয়া
ভাল গকুলত ঘিলা খেলিছিলা

তোমাক নেদেখি খিতি লেখি লেখি
গোপিনীসকলে নখৰে জেউতি পেলালে ক'লা
বিচাৰি কৰিলে তলা-কলা

তোমাক নেদেখি খিনি লেখি লেখি
গোপিনীসকলে নখৰে জেউতি পেলালে ক'লা

বিচাৰি বিচাৰি তলা-কলা
অলিয়া বলিয়া কৃষ্ণাই কলিয়া
ভাল গকুলত ঘিলা খেলিছিলা
অলিয়া বলিয়া কৃষ্ণাই কলিয়া
ভাল গকুলত ঘিলা খেলিছিলা

অ'কৰ শতৰুৰ লগতে  কলিয়া
পাই মথুৰা লগৰী পালা
অঘা-বঘা হই অসুৰকে বধি
কংস মোমাইক মাৰি অ' কলিয়া
চিৰকাললৈ খিয়াতি থ'লা ।

অ'কৰ শতৰুৰ লগতে  কলিয়া
পাই মথুৰা লগৰী পালা
অঘা-বঘা হই অসুৰকে বধি
কংস মোমাইক মাৰি অ' কলিয়া
চিৰকাললৈ খিয়াতি থ'লা ।

অলিয়া বলিয়া .....


-----------------------



ৰ'দালি অ ৰ'দ দে ৰ'দ দে
সোণৰ ৰেণু চতিয়াই দে
ৰ'দালি এ ৰ'দ দে ৰ'দ দে
সোণৰ ৰেনু চতিয়াই দে

নানা ফুলে তুলি আঁজলি আঁজলি
ভৰাই সপোনৰ থালকে
ৰ'দালি এ ৰ'দ দে ৰ'দ দে
সোণৰ ৰেনু চতিয়াই দে

আলি কাটি জালি দিম
বৰপীৰা পৰি দিম
তাতে বহি বহি ৰ'দ দে

নানা বৰনীয়া তোৰে বৰ চ'ৰাতে
বহি বহি ধৰনী সোণৰ কৰি দে

ৰ'দালি এ ৰ'দ দে ৰ'দ দে
সোণৰ ৰেনু চতিয়াই দে

ৰ'দালি এ ধুনীয়াকৈ সাতো ঘোঁৰাৰ
ৰথখনি মেলি দে
ৰ'দালি এ ধুনীয়াকৈ সাতো ঘোঁৰাৰ
ৰথখনি মেলি দে
সেই ৰথৰ পৰা
হাঁহি ফুলৰ পাহি আমাৰ
শিৰত পেলাই দে
সেই ৰথৰ  পৰা
হাঁহি ফুলৰ পাহি আমাৰ
শিৰত পেলাই দে

ৰ'দালি এ ৰ'দ দে ৰ'দ দে
সোণৰ ৰেনু চতিয়াই দে
নানা ফুলে তুলি আঁজলি আঁজলি
ভৰাই সপোনৰ থালকে
ৰ'দালি এ ৰ'দ দে ৰ'দ দে
সোণৰ ৰেনু চতিয়াই দে



---------------------------




     

Songs of Bishnu Prasad Rabha - (বিষ্ণুপ্ৰসাদ ৰাভাৰ গীত) - Part 6

৫১) লুইতৰে পাৰে বালি চাপৰিৰে
৫২) মচ্‌জিদ মীনাৰ ভেদি
৫৩) আহ অ' ন জিলিকনি
৫৪) আই মোৰ ভাৰতী জননী
৫৫) কাৰখানাৰে চিটিৰ হুমুনিয়া
৫৬) আগুৱাই বল আগুৱাই বল
৫৭) দুখীয়া কলিজা নিঙাৰি ল'ব
৫৮) গৰীব হিয়াৰ অলেখ প্ৰদীপ জ্বালি
৫৯) তেজৰ বোলেৰে লিখি জাম ইতিহাস
৬০) নিমাতী কইনা অ' নিমাতী কইনা


----------------------------



লুইতৰে পাৰৰে বালি চাপৰিৰে
                        ঝাউ-বন পাতে গায়
মলয়াৰ সতে ইনাই বিনাই
                        "তৰুণ নাই ! তৰুণ নাই ।
চেনেহী আইৰ সোণামুৱা ডেকা
                        তৰুণ ফুকন নাই ।।"
নীলাচলৰ চৰণতলৰ
                        শ্মশান বুকুৰ ছাই
সেই ছাইতে আছে লুকাই
                         তৰুণ কলিজাই
গোটেই দেশৰ তৰুণ দলৰ
                         তাতেই পাবা প্ৰাণ
সেই পৰাণৰ পৰশ লগাই
                         হোৱা শক্তিমান ।
আগবাঢ়া ভাই আগবাঢ়া ভাই
                         আমি যাওঁ আগুৱাই
আই অসমীৰ মুখ উজ্বলাম
                         আমি সবে গোটখাই

কুল্‌ কুলকৈ আজিও বই
                        ভৰলু লুইতে গায় ।
কোনেনো কয় তৰুণ বীৰ নাই
                        আজিও আছে জিয়াই ।
"অসমী প্ৰাণৰ গুপুত হিয়াত
                        তৰুণে অছে লুকাই ।।"



------------------------



মচ্‌জিদ মীনাৰ ভেদি
বয় ভকতিৰ নদী -
                পুৱা ঊষা ফজৰ আজান্‌ ।
হিয়া মচ্‌জিদ ভৰি
প্ৰাণ জিউক সুঁৱৰি
                তুলি সকৰুণ সুধা গান ; -
                           "হায় ! মমতাজ-জান্‌ -
                            হায় ্ মমতাজ-জান ্ -
                            কান্দে বাদচাহ চাহজাহান ।....
সেই কৰুণ বিননি শুনি
তোলে কঁপনি ধূলিৰ ধৰণী
হা হুমুনিয়াহৰ অগনি
           উগাৰি জাগে শিল পাষাণ ।
           সাৱটি লয় চাহজাহান্‌ ।...
আকোঁৱালি লৈ সেই পাষাণ ।
কান্দি কোমল প্ৰেমিক প্ৰাণ
           গায়, - মমতাজ্‌ মোৰ পৰাণ
                     মমতাজ্‌ মোৰেই জান্‌ ।।
শুনি প্ৰেমিকৰ প্ৰেমৰ গান
সুকবিয়ে দিয়া অশ্ৰুৰ দান
গলি যায় কঠিন পাষাণ
পমি জাগে শিল পাষাণ
স্মৃতিভৰা তাজমহল নিচান
অশ্ৰু সৰে কবিৰ মহান
                     প্ৰেমৰ উজ্জ্বল চাহজাহান জান্‌ ।।


------------------------



আহ অ' ন জিলিকনি !!
                          জিলিকনি !!
আহ অ'ন জিলিকনি  -
                          পোহৰাই তোলা এ ধৰণী ...
নুমোৱা (শাত) কৰা দুখৰে অগনি ।
নহলে যে হ'ব ছাই
               - হায় ! হায় !! হায় !!!
                          পৃথিৱী শুৱনী
                                   চিৰ নৱ জিলিকনি !

উৰুৱাই মৰু মৰতলৈ
              শান্‌তিৰ কপোত কপোতী
              দিয়া মেলি ডেউকাৰ ছাঁত
              শান্তি
                    মুক্তি
                         প্ৰগতিৰ জিলিকনি -
অ' ন জিলিকনি !!


------------------------



আই মোৰ ভাৰতী জননী,
                      লখিমী দুখুনী ; -
ভাৰতবাসীৰ হৃদয়ৰ বাণী
                      মোৰ পৰাণৰ
                      মোৰ জীৱনৰ
                                 চেনেহী গোসানী ! ...
সোণামুৱা সঁফুৰা মুখৰে কোলাত তোৰ,
উমলি পাওঁ সৰগৰ অমিয়া যেন মোৰ,
তেও কিয় নপৰে শত শত দুখৰ ওৰ ....
                      হেজাৰ দুখৰ ওৰ ?
                      পৰাণৰ আই
                      জীৱণৰ আই,
                                   কিয়নো বন্দিনী ? ....
নিচলা আই অ' দেৱী স্বৰূপিনী
চেনেহ চিকুণী দেৱী, অসমী জননী
                       লখিমী দুখুনী মোৰ চেনেহী গোসানী
বিশাচে নি শুহি
ৰকত্‌ পিয়েহি, -
                  হিয়া তোৰ যায় জহি
                                  ওৰে নিশা দিন ;  -
সউ ধনৰে খকুৱা
জননীৰে তেজপিয়া
ৰকতৰে ৰঙচুৱা -
                   কৰে তোক অই ক্ষীণ । ...
                   পাবিনো মুকতি অসমী । কাহানি ?



--------------------



কাৰখানাৰে চিটিৰ হুমুনিয়া; -
কলৰ ঘৰ্‌ঘৰণি বুকু কঁপোৱা ;-
শুনি শুনি কাঁহৰ মাত কঠুৱা ; -
                        - কান্দো দুখীয়া বনুৱা ।
শুদা মজীয়াত অকলশৰীয়া
বিনায় কোলাত হিয়া লগৰীয়া,
পুৱাই লঘোণ, ভাত নাইকিয়া; -
                        - কান্দে দুখীয়া বনুৱা ।...
অসহ জীৱন উটি ভাহি যোৱা
ভগা ছিগা মানৱী আমঠু হিয়া
শ্ৰম কৰিও খাবলৈ নোহোৱা
আলই বিলই হোৱা হজুৱা,
                       - কান্দে দুখীয়া বনুৱা । ....



-----------------------



আগুৱাই বল আগুৱাই বল
                আগুৱাই বল সমনীয়া !
হালোৱাৰ দল হজুৱাৰ দল
                বনুৱাৰ দল অ'ৰণুৱা ! ....
অহৰহ জ্বলে হৃদয়ৰ দুখৰে অগনি
পুৰে দুখীৰ পেটত লঘোণত ভোকৰ পোৰণি
ছিগি ভাগি শত যুগৰ শিকলি ৰান্ধনি
ৰণ দুন্ধুভি বজাই যা যা আগুৱাই আগুৱা ।



------------------------


দুখীয়া কলিজা নিঙাৰি ল'ব,
টুপি টুপি তেজ শুঁহি শুঁহি পিব, -
ৰুকি ৰুকি মঙহ চোবাই খাব, -
কুৰুকি হাৰ কেইডালো চোবাব, -
                       হুচিয়াৰ ! হুচিয়াৰ !!
               ধনী মহাজন !! জমিদাৰ !!
                      - হুচিয়াৰ ! হুচিয়াৰ !!
বিপ্লৱ পথেৰে যাত্ৰী আমি
সৰ্‌বৰাহেৰে মুক্তিকামী
চূৰ্ণ কৰিম আমি সংগ্ৰামী
                    দৰ্প ধনীৰ, - পণ আমাৰ !
                            - হুচিয়াৰ ! ..... হুচিয়াৰ !!
                    ধনী ! মহাজন !! জমিদাৰ !!!
                            - হুচিয়াৰ ! হুচিয়াৰ !!
শেষ যুদ্ধৰ আমি ৰণুৱা -
পৃথিৱীৰ হালোৱা বনুৱা
হ'ম বিজয়ী আমি দুখীয়া !....
                     ক'ত ৰবি ধনী এইবাৰ ?
                              - হুচিয়াৰ ! - হুচিয়াৰ !!
                     ধনী ! মহাজন !! জমিদাৰ !!!
                              - হুচিয়াৰ ! হুচিয়াৰ !!

----------------------



গৰীৱ হিয়াৰ অলেখ প্ৰদিপ জ্বালি
কৌটি দুখীয়াৰ তপত ৰুধিৰ ঢালি
                      পাতে ধনীয়ে দীপালি !
বাহু ব্যাথিতৰ হিয়াই হিয়াই
প্ৰলয় নাচন শিখাই শিখাই
তুলি দাৱানল দুখ উজ্জ্বলাই
                      উঠে বিপ্‌লব্‌ জ্বলি ; -
                      পাতে ধনীয়ে দীপালি !!
পীড়িতৰ জ্বালা জ্বলে অবিৰল
দহে চিৰকাল ব্যাথাৰে অনল
সেই অগনিত হই জল্‌ মল্‌
                      উঠে দালান উজলি ।
কৰি মষিমূৰ হৃদয়ৰ তাপ
আঁতৰাই শত শত অভিশাপ -
ছাই কৰে পৃথিৱীৰ মহাপাপ -
                       চিতাত ধনীকে তুলি
                       জাগে বিশ্ব মৰিশালি ।।....


---------------------



তেজৰ বোলেৰে লিখি জাম ইতিহাস ।
মছি যাম দীন সমাজৰ হীন পৰিহাস ।।
কত ছহীদৰ দুখৰ জীৱনী লিখা -
কত ব্যাথিতৰ বেদনাৰে ছবি অঁকা
পৃথিৱীৰ চিৰ মুকুতিৰ পথ ৰেখা -
                    ৰচি যাম বহু শোষিতৰ হা-হুতাশ  ।।
ধৰণী কোলাত ৰঙা পোৱালৰে গুঁথি
কলিজা নিঙাৰি তেজৰ টুপিৰে মথি
                    - গঢ়ি যাম চিৰ সুখৰ সৰগ তুলি
                    জেউতিৰ নৱ জিলিকনি দিম মেলি ।।
গাম পীড়িতৰ চিৰ বিজয়ৰ গান
ফিৰাই আনিম দলিতৰ সন্‌মান
মৰা জগতৰ হৃদয়ত ঢালি প্ৰাণ
                     আনিম ধৰাত চিৰ শান্তিৰ আভাস ।।

(ওপৰৰ 'গঢ়ি যাম..... ' ৰ পৰা 'শান্তিৰ আভাস'ৰ ঠাইত ৰাভাৰ হাতে লিখা মূলত আছে -)

গঢ়ি যাম নৱ-জীৱনৰ নৱ-ৰবি
নৱ সমাজৰ নবীন সেউজী কবি ।
গাই যাম নৱ পৃথিৱীৰ জয়গান
ফিৰাই আনিম দলিতৰ সন্মান ।
নৱ মানৱত ছটিয়াম নৱ-প্ৰাণ
আনিম ধৰাত চিৰ শান্তিৰ আভাস ।।

                                                      (বৰ্হমপুৰ জেলত লিখা )


------------------------



নিমাতী কইনা অ' নিমাতী কইনা
চকুত তোমাৰ হাঁহি
ওঁঠত মাথোন বাণী বিহীনা
                     তুমি বানী বিহীনা ;
ফাগুন সমীৰে কেশ উৰুৱালে
চকুত জিলিক চৰে,
মন তোমাৰ উৰে ক'ৰবালে;
নিমুটেঙাৰ ফুলৰ বাচে
পৰাণ ওপচালে
চকু তোমাৰ সুদূৰ ধিয়াই নাচে
                     সুদূৰ ধিয়াই নাচে;
শাওণত যেবে মেঘে গুৰু গুৰু কৰে
আবেগে হিয়া উঠলে,
নীৰৱ ভাষা চকুৰে নিজৰি পৰে;
তোমাৰ চকুৰ নীৰৱ ভাষা
বেথাৰে উৱলি পৰা
তাতেই গঁথা মোৰ শত আশা
               মোৰ শত আশা ।

                                      (৭/৪/১৯৪৫, যোৰহাট)



Songs of Bishnu Prasad Rabha - Part 5
           

Songs of Bishnu Prasad Rabha - (বিষ্ণুপ্ৰসাদ ৰাভাৰ গীত) - Part 5

৪১) জ্বালিলা তুমিয়েই মোৰ প্ৰণয় চাকি
৪২) উৰে উৰে উৰে
৪৩) বলিয়া মেঘৰ আঁৰে আঁৰে
৪৪) মেঘ মল্লাৰ ! মেঘ মল্লাৰ !
৪৫) পখিলাৰে শাৰী উৰে
৪৬) দুৱাৰ বন্ধ ৰ'ল মোৰ জীৱনত
৪৭) কিমান ৰচিলো ছবি
৪৮) দে অ' দে ভৰি
৪৯) নিশা চন্দ্ৰাৱলী
৫০) নিখিলৰ অসীম কোলাত
------------------------------



জ্বালিলা তুমিয়েই মোৰ প্ৰণয় চাকি
            প্ৰেমৰ শলিতা ডালি হিয়াত ৰাখি
                         জীৱনৰ দৌল উজ্জ্বলাই ।
ৰঙা জুইকুৰা লই প্ৰদীপ শিখাৰ
উথিব উজ্জ্বলি হিয়া বহু দুখীয়াৰ
                         মুকুতিৰ পথ পোহৰাই ।।
জীৱনৰ ছন্দ গতি প্ৰগতিৰ
তোলে স্পন্দন বক্ষত ধৰণীৰ
                         পৃথিৱীৰ জনতাৰ হৃদয় কঁপাই
                         বিপ্লৱী বৈশ্বনৰে জাগি ধাৰ ।।
মাতে সউ বিপ্লৱী জনতাৰ দল
চিঙিম ভাঙিম প্ৰিয়ে ! প্ৰণয়ৰ ডোল
                         তুলি শোষিতৰ মহা বিজয়ৰ ৰোল
                         বিপ্লৱী সাজে যাম আগুৱাই ।।


-----------------------------



উৰে উৰে উৰে
শান্তিৰ কপৌ
তুলি ৰূপৰ ঢৌ
               জাকি মাৰি উৰে
               ৰং মনে উলাহেৰে ।
পাখিৰে ৰূপালি
মুকুতি বা মেলি
               দিয়ে জুৰ মলয়াৰে ।।
               হিয়াৰে জালাৰে
               অগনিৰ দাহ নুমুৱাই
               শোণৰ ধানৰে
               শিহ ঠোটত লৈ যায় ।
মুকুতি বলিয়া
ভুকীয়া দুখীয়া
               শান্তিৰ আশাৰে চাই
               মুকুতিৰ মহুৰা ফুৰায় ।
জাকে জাকে জাকি মাৰি উৰে কপৌ চৰাই ।
যমুনাৰে পাৰে পাঞ্চ শিলাত এহাল জিৰায় ।।
               তাকে দেখি খিয়লা ছকুৱা
               তেজপিয়া ৰণৰ খকুৱা
ডাৱৰৰ ডাৰে ডাৰে
               আঁৰে আঁৰে
               ডেউদি ডেউদি পুলকি পলায় ।
উলাহৰ সুহুৰি তুলি
               অমিয়া কুৰুলি
               কুৰুলিয়ায় ৰঙেৰে,
               শান্তিৰ কপৌ
               তুলি ৰূপৰ ঢৌ
               জাকি মাৰি উৰে -
               ৰংমনে উলাহেৰে ।।
           

---------------------------



বলিয়া মেঘৰ আঁৰে আঁৰে
ৰঙা ডাৱৰৰ ডাৰে ডাৰে
               জিলিকি জিলিকি সউ
               তুলি তিৰ বিৰ ঢউ
               আশাৰ বিজুলীয়ে জিলিক মাৰে ।
ধুমুহাৰ আগে আগে
জাকি দি জাকে জাকে
               শান্তিৰ কপৌজাক উলাহে উৰে
বাসন্তী ৰাণীৰ উছৱ মেলাত
              উত্তৰোল কুবেৰৰ দল ।
নগৰ বুকুত শ শ বনুৱাই
              তোলে জীৱনৰ দাবী ৰোল
আগুৱাল তেজপিয়া পিশাচৰ দল
হজুৱাৰ ৰকতৰ ৰঙা বান ৰল
              সেই ৰঙে ৰহনোৱা তেজাল নিচান
              জগতৰ মুকুতি কামীৰ মহাপ্ৰাণ
কলিজাৰ লাল পতাকা লৈ আগুৱান
              বিপ্লৱী দলে আজি আগবাঢ়ে ।।



------------------------------



মেঘ মল্লাৰ ! মেঘ মল্লাৰ !
প্ৰিয়তমা সুন্দৰী বিজুলী প্ৰিয়াৰ
ভাঙি আনা ডাৱৰৰ কাৰেঙ দুৱাৰ
গুৰ গুৰ কই কৰি চুৰমাৰ মেঘমল্লাৰ
            গম্ভীৰ সুৰৰ তৰঙ্গ মেলি
            ভীষণ গৰজন গাজন তুলি
নহুৰ গুৰ গুৰ গুৰ
হিলদোলে দুলি
মালিকা বিজুলী আউলী জাউলী
বান্ধা বান্ধা ৰাগ-বন্ধনেৰে
             কৰি হুঙ্কাৰ ।
মেঘমল্লাৰ ! মেঘমল্লাৰ !
প্ৰিয়তম সুন্দৰী বিজুলী প্ৰিয়াৰ
হেঁপাহৰ চেনেহৰ মানিক হিয়াৰ
বৰষুণ প্ৰেম ধুমুহাৰ
মেঘমল্লাৰ ! মেঘমল্লাৰ !!



---------------------------



পখিলাৰে শাৰী উৰে
অ'সখী দেখিলো দেখিলো ৰে ।
চৌভিতি মুকুতা সৰি সৰি পৰি
               ভূৱন  ধুনীয়া কৰে
               আজি কি সুৱাসী চৰে
দেখিলো দেখিলো দেখিলো ৰে ।।
ফাগুণৰ দোলাখন ফুলেৰে সজোৱা অ'
               তাতে কোকিলৰে ৰাৱ ।
সখি মলয় পৱনৰ ৰাৱ ।
              উটি যা মলয়া
              উটি যা উটি যা অ'
ফাগুণৰ ধূলনিৰ দোলনি চাওঁ ।।



-----------------------------



দুৱাৰ বন্ধ ৰ'ল মোৰ জীৱনত ।
কাহানি আহিবা প্ৰিয়ে এই পৰণত
তুমি মোৰ হিয়া-ৰাণী হৃদ আসনত
পোহৰাই আহিবানে হিয়াৰ মাজত ।।
যদিও তোমাৰ ছবি মানস পটত
নিতউ উজলে মোৰ মন দেউলত
           তোমৰ মুৰতি সদা আছে ধিয়ানত
           পূজো দিনে ৰাতি যাক হিয়া চোতালত ।।



------------------------------



কিমান ৰচিলো ছবি
               নেপালো হিয়াৰ ৰবি
               নিতে মাথোঁ দেখো সপোন
               তোমাৰ মধুৰ মু'খন ।।
                            তুমি মোৰ মন দেউল
                             য'ত উঠে প্ৰেমৰ ৰোল ।
                            নিতে হয় আৰতি গান ।
                           তোমাৰ নামেৰে ৰতন ।
নিজৰাই কল্‌ কল্‌ কই
হৃদয়ৰ শিল ভেদি বয়
                কোনেনো অজান দেশলই
                বিৰহৰ ভিন পুৰী লই ?
                               সুদূৰ দূৰণিৰ ঠাই
                               য'লৈকে মন ছুটি যায়
                               স্মৃতিৰ সঁফুৰা তাতে পাই
               আনে মধুৰ সোঁৱৰণ ।




---------------------------




দে অ' দে ভৰি
             কল কল্‌ডিলীয়া মোৰে কবৰী
             কপৌ ফুলেৰে সাজি
                          আজি- আজি
কেচীয়াকৈ চুলি পৰে
কপালত লৰে চৰে
বৰকৈ আমনি কৰে
যাউতি যুগীয়া ময়ে শুৱনীয়া
         অসমী আইৰে জী ।
         দে ঐ ফুলেৰে সাজি ।
                   আজি অ'
আই নাম গোৱা
বহি তাঁত বোৱা
ৰূপে চকু ৰোৱা
টাকুৰী ঘুৰোৱা
             ময়ে ঐ শিপিনী সাজি ।
             দে ঐ ফুলৰে সাজি ।।



----------------------



নিশা চন্দ্ৰাৱলী
তৰাৰ দিপালী
জ্বলে মধু নিশা
              প্ৰেম দীপ জালি ।
ৰাগিনী অমিয়া
মন হৰি নিয়া
              পৱন মলয়া বাই
মনৰ হৰিষে
নিতে নৱৰসে
              তোমাৰ মহিমা গায়
              অমৃত সঁফুৰা মেলি
              ভকতিৰ গীতাঞ্জলি
পুৱতি নিশাৰ
হেঙুলী ঊষাৰ
            চেনেহৰ ৰঙা বেলি
তোমাৰ ৰহন বিমল কিৰণ
            দিয়ে ধৰনীত ঢালি ।
সেই জিলিকণি
শৰীৰত সানি
উলাহে চাপৰি বাই
নাচিম হৰিষে
কৰি নাম ৰসে
তোমাৰ মহিমা গাই
অমৃত সফুঁৰা মেলি
ভকতিৰ গীতঞ্জলি ।


------------------



নিখিলৰ অসীম কোলাত
            যদি হয় এই দেহা পাত
                         শ্মশানৰ নাশন চিতাত
                                      মহাকাল কৰাল কৃপাত ।
পৰিবনে মনত এবাৰ
            আছিলা এদিন প্ৰিয়া  যাৰ
                        পুজিছিলা যাক অনিবাৰ
                         যাচিছিলা প্ৰেম উপচাৰ
                                         হৃদয়ৰ নিভৃত কোলাত
                                         যদিও সি মৰণ কোলাত ।
আহিবানে মোৰ হিয়া ফুল
জীৱন কৰি আমোল-মোল
তুলিবানে বিৰহৰ ৰোল
বেদনাৰ হায় কলৰোল
জ্বালি দীপ প্ৰণয় উজ্জ্বল
প্ৰেমৰ শিখাৰে নিৰমল
ভৰি দুই কোমল - কমল
নয়নত লোৰে ছল্‌ - ছল্‌
              মোৰ মইদামৰ কোলাত ।।
দুৱৰিৰ টোপাল নিয়ৰ
              সূৰুযৰ পৰিলে পোহৰ
ইন্দ্ৰধনুসম মনোহৰ
              গঢ়িব লক্ষ সৌধ জীৱনৰ ।।
মুকুতাৰ মুকুৰ স্মৃতিৰ
বিৰিঙাব হৃদয় মণিৰ
অতীতৰ প্ৰেম ধেমালিৰ
আজি হায় ! স্তুপ সমাধিৰ
প্ৰেম-দীপ্ত সীমা হীনতাত,
            যদিও সি মৰন কোলাত ।।


--------------------------------





Songs of Bishnu Prasad Rabha - (বিষ্ণুপ্ৰসাদ ৰাভাৰ গীত) - Part 4

৩৪) হিয়াৰ ফুলনিত যি ফুল ফুলালোঁ
৩৫) এই জুৰিটিৰ ওচৰতে বহি
৩৬) কল্‌ কল্‌ কল্‌ কল্‌, নিজৰাটি বয়
৩৭) মেঘৰ বুকু ফালি আনিম বিজুলীৰে চাকি
৩৮) সোণৰে সপোন ভাগি
৩৯) এয়ে মোৰ শেষ গান





হিয়াৰ ফুলনিত যি ফুল ফুলালোঁ
         সেই ফুল তুমি ছিঙিবানে ?
যি ফুলৰ পাহি যতনে মেলিলোঁ
         সেই পাহি তুমি চুমিবানে ?
সাদৰে বুলোৱা হিয়া বোলেৰে
সানিলো যি ফুল প্ৰেমৰ ৰসেৰে
সি ফুলৰ প্ৰিয়ে ! প্ৰণয় সুৰভি
        হেপাহেৰে তুমি শুঙিবানে ?
হৃদয় জৰীৰে গথা যিটো মালা
উলাহে এদিন ডিঙিত লৈছিলো
সেই মালাধাৰি আজি অযতনে
       অৱহেলি তুমি পেলাবানে ?


-------------------------



এই জুৰিটিৰ ওচৰতে বহি
বজাইছিল বাঁহী
সৌ পজাটিৰ এচুকতে ৰই
শুনিছিলো মই ।
বিনন্দীয়া আছহিল সেই সুৰ
প্ৰাণ কাঢ়িছিল মোৰ ।
সুৰৰ সোঁতত গৈছিল প্ৰাণ ভাহি
মুহিছিল বাঁহী
সেই জুৰিটি কুলুকুলুকৈ
দুৰ সূৰণিলৈ
গৈছিল বৈ তালে তালে নাচি
ৰূপালী ধুন কাচি ।
মোৰ মনো যে উগুল থুগুল হৈ
নাথাকিছিল ৰৈ
ওলাইছিল নিশা অকলৈ
বাহিৰলৈ গৈ
কঁপিছিল জোনালি কিৰণ
ওলাইছিল জোন ।
ময়ো লৰি তোৰ কাষতে বহি
শুনিছিলোঁ বাঁহী ।


----------------------



কল্‌ কল্‌ কল্‌ কল্‌
নিজৰাটি বয়,
শিলৰ হৃদয় ফালি
ভইয়ামলই ।

জুৰ্‌ জুৰ্‌ জুৰ্‌ জুৰ্‌
বইছে মলয়
সুনীল গগন জুৰি দিগন্তলই ।।

টিহুঁ টিহুঁ, টিহুঁ টিহুঁ
শিঙীয়া পেঁপাৰ
সুমধুৰ ৰাও তাৰ
ৰহঘৰা সুৰ ।

ধিন্‌ ধিন্‌ টক্‌ টক্‌
টকা ঢোল মাত
বাজে কাঁহ তালপাত
বহাগী বিহুৰ ।

দূৰ্‌ দূৰ্‌ দূৰ্‌ দূৰ্‌
সৰু গাঁওখন
সূৰণিৰ পৰা দেখো
বৰ বিতোপন ।


-------------------



মেঘৰ বুকু ফালি আনিম
বিজুলীৰে চাকি
খোপাত গুজিবানে ?
কুঁৱলী জাল কাটি আনিম
ৰূপোৱালী জোনাই
বিৰীত লগাবা নে ?
সাগৰ সিঁচি তুলি আনিম
বগা মাণিক মণি
বিলৰ পৰা ছিঙি আনিম
পদুমী শুৱনী ,
সেই মণিকৰ মালা গুঁথিম
সেই পদুমীৰ কেৰু গঢ়িম
কেৰু-মালা পিন্ধিবা নে ?



-----------------------




সোণৰ সপোণ ভাগি
     পুৱতি নিশা
          সোণালী ঊষা
               তন্দ্ৰালস আখি মেলি
                    উঠে জাগি উঠে জাগি ।
আউল জাউল খোপাটি খুলি
ঘুমতি হাৰা
     নয়ন তৰা
          অলপ খুলি
               অলপ মেলি
                    উঠে জাগি
                         উঠে জাগি ।।


-------------------



এয়ে মোৰ শেষ গান ।
মোৰ জীৱন নাটৰ শেষ ৰাগিনী
কল্যান খৰমান ।
পাতনিতে বালোঁ ধেমালি নান্দি
ভঙ্গী সুত্ৰধাৰ
হাঁহি নিননিয়ে ভাও দিলোঁ নানা
বোৱালোঁ অশ্ৰুধাৰ
নৱ- নৱ ৰসে বালোঁ ভাৱ নাৱ
আশাৰ নিৰাশাৰ
আজি হ'ব মোৰ জীৱন নাটৰ
ভাৱনাৰ অৱসান ।।
নীল আকাশত পুৱতী তৰাই
ঢিমিকী ঢিমিকি জ্বলে
সিও যাব নুমি একে নিশহতে
বেলিৰ পোহৰ পালে ।
ঠগীৰ লগতে বন্তিৰ শিখা
নুমো নুমোকেই নাচে
খৰমান তালৰ কল্যান ৰাগৰ
ছেৱে অপৰূপ ঠাচে ।
দোষে গুণে হল'ভাৱনাৰ শেষ
পুৱতী তৰাও নুমে
বাহৰ আগেদি ঊষাৰ বেলিয়ে
ৰঙা মুখ তুমি জুমে
শিখাৰ লগৰী বিদায় ৰাগিনী
ৰাইজৰ পদ চুমে
আজি হ'ল মোৰ জীৱন নাটৰ
ভাওনাৰ অৱসান ।।


-------------------



মেলানি বেলাৰ বিদায় লগন
                    যেতিয়া আহিব চাপি
উঠিবনে প্ৰিয়ে ! তেতিয়া এবাৰ
                    হৃদয় তোমাৰ কঁপি ?
আৱাহন কৰে যদি মোক জনতাই
প্ৰণয়ৰ বাহু ডোল ছিঙি এৰুৱাই
যাম সেই সমদল সতে আগুৱাই
                      বিপ্লৱৰ অগনি জ্বলাই
টুকিবনে প্ৰিয়ে ! লোতক এবাৰ
                     কান্দি উচুপি উচুপি ?
যেতিয়া দেখিবা গোধুলি সন্ধিয়া
মোৰ কলিজাৰ তেজেৰে বোলোৱা
                    ৰাঙলী পতাকাৰে তোড়ণ গুঁথা
                    শোষিতৰ জয় পোৱালেৰে গঁথা ।
দুখৰ এন্ধাৰ ফালি আউসী নিশাৰ
সোণোৱালী সাজে সাজি পুৱতী নিশাৰ
বিজয়িনী ভেশে আহি উলাহে হিয়াৰ
                     খুলি চিৰ -মুকুতি দুৱাৰ  । -
পাৰিবিনে প্ৰিয়ে ! মনত এবাৰ
                    প্ৰিয়তম নাম জপি ?



Songs of Bishnu Prasad Rabha - (বিষ্ণুপ্ৰসাদ ৰাভাৰ গীত) - Part 3