Songs of Bishnu Prasad Rabha - (বিষ্ণুপ্ৰসাদ ৰাভাৰ গীত) - Part 4

৩৪) হিয়াৰ ফুলনিত যি ফুল ফুলালোঁ
৩৫) এই জুৰিটিৰ ওচৰতে বহি
৩৬) কল্‌ কল্‌ কল্‌ কল্‌, নিজৰাটি বয়
৩৭) মেঘৰ বুকু ফালি আনিম বিজুলীৰে চাকি
৩৮) সোণৰে সপোন ভাগি
৩৯) এয়ে মোৰ শেষ গান





হিয়াৰ ফুলনিত যি ফুল ফুলালোঁ
         সেই ফুল তুমি ছিঙিবানে ?
যি ফুলৰ পাহি যতনে মেলিলোঁ
         সেই পাহি তুমি চুমিবানে ?
সাদৰে বুলোৱা হিয়া বোলেৰে
সানিলো যি ফুল প্ৰেমৰ ৰসেৰে
সি ফুলৰ প্ৰিয়ে ! প্ৰণয় সুৰভি
        হেপাহেৰে তুমি শুঙিবানে ?
হৃদয় জৰীৰে গথা যিটো মালা
উলাহে এদিন ডিঙিত লৈছিলো
সেই মালাধাৰি আজি অযতনে
       অৱহেলি তুমি পেলাবানে ?


-------------------------



এই জুৰিটিৰ ওচৰতে বহি
বজাইছিল বাঁহী
সৌ পজাটিৰ এচুকতে ৰই
শুনিছিলো মই ।
বিনন্দীয়া আছহিল সেই সুৰ
প্ৰাণ কাঢ়িছিল মোৰ ।
সুৰৰ সোঁতত গৈছিল প্ৰাণ ভাহি
মুহিছিল বাঁহী
সেই জুৰিটি কুলুকুলুকৈ
দুৰ সূৰণিলৈ
গৈছিল বৈ তালে তালে নাচি
ৰূপালী ধুন কাচি ।
মোৰ মনো যে উগুল থুগুল হৈ
নাথাকিছিল ৰৈ
ওলাইছিল নিশা অকলৈ
বাহিৰলৈ গৈ
কঁপিছিল জোনালি কিৰণ
ওলাইছিল জোন ।
ময়ো লৰি তোৰ কাষতে বহি
শুনিছিলোঁ বাঁহী ।


----------------------



কল্‌ কল্‌ কল্‌ কল্‌
নিজৰাটি বয়,
শিলৰ হৃদয় ফালি
ভইয়ামলই ।

জুৰ্‌ জুৰ্‌ জুৰ্‌ জুৰ্‌
বইছে মলয়
সুনীল গগন জুৰি দিগন্তলই ।।

টিহুঁ টিহুঁ, টিহুঁ টিহুঁ
শিঙীয়া পেঁপাৰ
সুমধুৰ ৰাও তাৰ
ৰহঘৰা সুৰ ।

ধিন্‌ ধিন্‌ টক্‌ টক্‌
টকা ঢোল মাত
বাজে কাঁহ তালপাত
বহাগী বিহুৰ ।

দূৰ্‌ দূৰ্‌ দূৰ্‌ দূৰ্‌
সৰু গাঁওখন
সূৰণিৰ পৰা দেখো
বৰ বিতোপন ।


-------------------



মেঘৰ বুকু ফালি আনিম
বিজুলীৰে চাকি
খোপাত গুজিবানে ?
কুঁৱলী জাল কাটি আনিম
ৰূপোৱালী জোনাই
বিৰীত লগাবা নে ?
সাগৰ সিঁচি তুলি আনিম
বগা মাণিক মণি
বিলৰ পৰা ছিঙি আনিম
পদুমী শুৱনী ,
সেই মণিকৰ মালা গুঁথিম
সেই পদুমীৰ কেৰু গঢ়িম
কেৰু-মালা পিন্ধিবা নে ?



-----------------------




সোণৰ সপোণ ভাগি
     পুৱতি নিশা
          সোণালী ঊষা
               তন্দ্ৰালস আখি মেলি
                    উঠে জাগি উঠে জাগি ।
আউল জাউল খোপাটি খুলি
ঘুমতি হাৰা
     নয়ন তৰা
          অলপ খুলি
               অলপ মেলি
                    উঠে জাগি
                         উঠে জাগি ।।


-------------------



এয়ে মোৰ শেষ গান ।
মোৰ জীৱন নাটৰ শেষ ৰাগিনী
কল্যান খৰমান ।
পাতনিতে বালোঁ ধেমালি নান্দি
ভঙ্গী সুত্ৰধাৰ
হাঁহি নিননিয়ে ভাও দিলোঁ নানা
বোৱালোঁ অশ্ৰুধাৰ
নৱ- নৱ ৰসে বালোঁ ভাৱ নাৱ
আশাৰ নিৰাশাৰ
আজি হ'ব মোৰ জীৱন নাটৰ
ভাৱনাৰ অৱসান ।।
নীল আকাশত পুৱতী তৰাই
ঢিমিকী ঢিমিকি জ্বলে
সিও যাব নুমি একে নিশহতে
বেলিৰ পোহৰ পালে ।
ঠগীৰ লগতে বন্তিৰ শিখা
নুমো নুমোকেই নাচে
খৰমান তালৰ কল্যান ৰাগৰ
ছেৱে অপৰূপ ঠাচে ।
দোষে গুণে হল'ভাৱনাৰ শেষ
পুৱতী তৰাও নুমে
বাহৰ আগেদি ঊষাৰ বেলিয়ে
ৰঙা মুখ তুমি জুমে
শিখাৰ লগৰী বিদায় ৰাগিনী
ৰাইজৰ পদ চুমে
আজি হ'ল মোৰ জীৱন নাটৰ
ভাওনাৰ অৱসান ।।


-------------------



মেলানি বেলাৰ বিদায় লগন
                    যেতিয়া আহিব চাপি
উঠিবনে প্ৰিয়ে ! তেতিয়া এবাৰ
                    হৃদয় তোমাৰ কঁপি ?
আৱাহন কৰে যদি মোক জনতাই
প্ৰণয়ৰ বাহু ডোল ছিঙি এৰুৱাই
যাম সেই সমদল সতে আগুৱাই
                      বিপ্লৱৰ অগনি জ্বলাই
টুকিবনে প্ৰিয়ে ! লোতক এবাৰ
                     কান্দি উচুপি উচুপি ?
যেতিয়া দেখিবা গোধুলি সন্ধিয়া
মোৰ কলিজাৰ তেজেৰে বোলোৱা
                    ৰাঙলী পতাকাৰে তোড়ণ গুঁথা
                    শোষিতৰ জয় পোৱালেৰে গঁথা ।
দুখৰ এন্ধাৰ ফালি আউসী নিশাৰ
সোণোৱালী সাজে সাজি পুৱতী নিশাৰ
বিজয়িনী ভেশে আহি উলাহে হিয়াৰ
                     খুলি চিৰ -মুকুতি দুৱাৰ  । -
পাৰিবিনে প্ৰিয়ে ! মনত এবাৰ
                    প্ৰিয়তম নাম জপি ?



Songs of Bishnu Prasad Rabha - (বিষ্ণুপ্ৰসাদ ৰাভাৰ গীত) - Part 3


No comments:

Post a Comment