Poems of Hiren Bhattacharya(হীৰেন ভট্টাচাৰ্যৰ কবিতা) -২৬


ভালপোৱাৰ কুঁহিপাত

বুঢ়া মানুহটোৱে মোক এদিন এটা দীঘল গান শুনাইছিল -
গানটোৰ সুৰৰ পাহ ল'ৰিছিল যদিও মানুহটোৰ সোৱাদ লগা মাতত
                                                         ভৰ দি গুণ্‌গুণাই আছিল -
হাতে ঢুকি পোৱা সমুখৰ সেউজীয়া গছলতা আৰু
কোনোবা দুৰ পথাৰৰ ধানৰ মহিমা ... ...


গৌৰ মালতী


বতাহত মোৰ ভঙা ডেউকা জুইৰ শিখাৰ দৰে কঁপিছে
বাঢ়নী পানীয়ে উটুৱাই লই যায় মোৰ বুকুৰ কান্দোন
নৈ-জীয়াৰীৰ গৌৰাং দেহেৰে ব'লিছে ব-লগা লুণীয়া ঢৌ ...


মোৰ টোপনিত শৰাই লৈ আইদেৱে চুলি মেলাইছে
কোমলগন্ধা চুলিৰ থেৰেজুক'লীয়া ছাঁতে ফুলিছে হেজাৰে বিজাৰে ফুল
মোৰ কানত এটা বিয়ানামৰ সুৰ ওৰেটো ৰাতি ৰৈ ৰৈ বাজিছে ...


মোৰ টোপনিৰ কানি-দুৱৰী দুৱাৰেৰে
(অকলশৰীয়াকৈ গৌৰী গুণ্‌গুণাই আহে)

আজি ৰাতি তৰাৰে নিসিন্ধি আকাশখন -
ক'তো এচিকুটো ঠাই নাই, ইটোৰে সিটোৰে গাতে গা লাগি পৰি আছে
এন্ধাৰ ৰাতিৰ চা-চিনাকী নোহোৱা তিৰবিৰ এই তৰাবোৰ

সিহঁতকে আক' কোনোবটোৱে মোৰ টোপনিৰ কাণি-দুৱৰী দুৱাৰেৰে
                                                                        ভুমুকিয়াই আছেহি -
শেলুৱৈ পিছল মোৰ সোঁৱৰণ ভৰ-বাৰিষাৰ ডাৱৰ চপৰাৰ দৰে
পহৰণি হাবিৰ  সুকাঠি গছৰ ডালে-পাতে মন মেলি বহলাই বহিছে

কালিলৈ দোক্‌মোকালিতে গৌৰী ফুল বুটলিবলৈ আহিব ... ...


মোৰ মাধৈমালতীজোপা

ঘৰৰ চোতালতে থকা-থৈয়া কৰি মোৰ মাধৈমালতীজোপা
হেলনীয়া চালখনেৰে বগুৱা বাই আজি লাহেকৈ ৰ'দৰ ফালে
আগুৱাই গৈছে
লহ্‌পহ সেউজীয়া গছেপাত্ৰ আহিনৰ ৰ'দ -

জাৰ আৰু অলপ পৰিলেই ফুলজোপাই ক'লি পেলাব,
থোকাথোকে উভৈনদী ফুলে ফুলবাছি ওৰেখন চোতাল-ঘৰ জক্‌মকাই তুলিব;
বতৰ ফৰকাল হওক -
পুলিয়ে পোখাই গা-দাঙি উঠক মোৰ মাধৈমালতীজোপা ...


ধানে যেতিয়া থোৰ মেলে

ধাননিডৰা আফালি সাফালি বতাহজাক বহুদুৰলৈ গুচি গ'ল
দীঘে-পথালিয়ে ৰু-ৰু কৰে বাট-পাহৰা বাউলি বতাহে
গোটেইখন পথাৰ ধানৰ কুমলিয়া গোন্ধেৰে ওপচাই পেলালে;

আলি ঢাকি পৰা কলতলীয়া শালিকীজাকৰ পিঠিত বেলিমাৰৰ ৰেঙনি -
তোৰ-মোৰ পথাৰৰ ঠনধৰা সেউজীয়া ধানে চকুলোৰে কোমল থোৰ মেলিছে

মাতলৈ বোললৈ চকুলোৰ একেডৰা সৌ ধান ...


Drawing Tutorial 021 - Figure drawing(Gesture)

In last 10 weeks or so we have drawn face its elements and basic head shape and human body proportions. Here comes the stage which we all want to jump into straight away and create something believable and fluid. But, without the basics gone through (majority of us cannot perfect the basics before we try advanced) its not possible to create realistic human figure drawing. It takes practice, years practice to hone the skill so that the muscles draw what we want them to draw.

Its hard not to be impatient with the learning process any new but fascinating skill. Any skill that help excel creativity is so much overwhelming in every step of the learning process that it comes with overwhelming flow. At that time it feels like breaking all barriers to create anything without any bounds. Unfortunately, the flow gets obstructed by the skill.

There are systematic ways that can lessen the agony in the path of learning but never without pain. It takes enormous amount of time and energy to develop the skill to draw without hesitation and true to life figures.

Poems of Hiren Bhattacharya (হীৰেন ভট্টাচাৰ্যৰ কবিতা) - ২৫

বন বিৰিখৰ গান

বাৰীৰ ঢাপৰ সেউতীজোপা ক'লিয়াইছে
এজাক বৰষুণতে গোটেই গছজোপা সেউজীয়া হৈ পৰিল ।

গছৰ দুকাষে ডেউকা নাই, মুকলি বতাহকণতে
                         পাতবোৰে ইলুটি-সিলুটি কৰি আছে ... ...


তোমাৰ তীব্ৰ শাখা-প্ৰশাখা

হে পাবক, মেলি ধৰা ত্তোমাৰ তীব্ৰ শাখা-প্ৰশাখা,
সংবাহনদীপ্ত নক্ষত্ৰৰ দৰ্পিত পাপৰি; বিষাদ-নীলিমাত বাজক
মোৰ অপটু হাতৰ ইমন-কল্যাণ ।

দহি নিয়া মোৰ কবিতাহীন দিন, বৈ পৰক ৰৌদ্ৰজাত শস্যৰ সুঘ্ৰাণ ।

তোমাৰ নিৰ্ভুল আঙুলিমূৰত মোৰ তেজৰ কিংশুক ।


এটা পুৰণি কবিতা

ঘৰতে আছোঁ । দিনতীয়াকৈ এদিন আহিবা ।
তোমালৈ কথা সাঁচোঁতে সাঁচোতে কথাৰ দ'ল বান্ধিছে ।

বতৰ এতিয়া বৰ বঢ়িয়া হৈছে । দীঘল হৈ আহিছে দিন ।

নৈৰ পাৰেৰে এপাক ফুৰি আহিবৰ খুব মন গৈছে ।
বনৰীয়া ফুলৰ গোন্ধে আবেলি গোটেইখন অমোলমোলাই থাকে ।

গধূলিৰ এন্ধাৰত বাটৰ দাঁতিৰ কঠনা ফুলবোৰ জোনাকীৰ দৰে জিলিকে ... ...


বিদায় পৰৰ গান
[নৱকান্ত বৰুৱাৰ নামত]

জুইকুৰা অলপ বঢ়াই দে, হাতদুখন সেকি লওঁ
গাটো পোনাই লওঁ, চলচল কৰক তেজ ।
                         বাহিৰত খাপ পিটি আছে এন্ধাৰ ।

জুইকুৰা বাঢ়ি উঠিল বতাহে বতাহে -
                        বাঢ়ি উঠিল অঙঠাৰ তপত পোহৰ ।

মই আঙুলি আগেৰে লাহেকৈ চকুদুটা মচি থিয় দি থাকিলো
                       - মোৰ খৰাং দুচকুৰে নামি আহিছে দুখৰ ছাঁ ।


মোৰ থোৰ ভাঙি ওলাই অহা তৰাবোৰ


ৰাতিৰ আকাশ ভৰি পৰক তেজী তৰাৰে ।
মই এখোজ-দুখোজকৈ ক'ৰৈ-চতিয়নাৰ তলে তলে
                               ৰাঙী খাগৰিডৰাৰ মাজেৰে গৈ আছোঁ অকলশৰে ।

গোমোঠা এন্ধাৰে ঢাকি আছে গোটেইখন ।

কালি ৰাতিৰ মৰা তৰাবোৰৰ নিমাত ওঁঠৰ তলেৰে উৰি ফুৰিছে -
হাবিতলীয়া ফুলৰ  মলঙা গোন্ধ আৰু মোৰ থোৰ ভাঙি ওলাই অহা তৰাবোৰ ... ...

Poems of Hiren Bhattacharya (হীৰেন ভট্টাচাৰ্যৰ কবিতা) - ২৪

তোমাৰ গান শুনিম - এটা দীঘল গান

মোৰ তেজত মজি আছে এখন আকাশ
আকাশভৰা জোনাক আৰু এডৰ ঘাহনি

কোনোবা জোনাক ৰাতি
ঘাঁহনিডৰাত বহি মই তোমাৰ গান শুনিম
এটা দীঘল গান - দুৰ নক্ষত্ৰৰ আহ্বান ।

আভেগে অন্তৰাৰে খুলি দিবা তোমাৰ
এপদ দুপদ সুৰৰ আটাইবোৰ অলংকাৰ

জোনাকৰ জেউতিয়ে ঢৌৱাই দিবহি মোৰ স্মৃতিৰ আমোলন বীজ
আৰু তোমাৰ উজ্জীৱিত গান দুৰূহ সুৰ ভাঙি
গুচি যাব দিগ্‌বিদিক ।

তৰাটো জ্বলি আছে অকলশৰে

ৰাতিপুৱাবৰে হ'ল
মোৰ শিতানৰ সিপাৰৰ আকাশখনত
তৰা এটা এতিয়াও সাৰে আছে -

টোপনিৰ লাহী বিচনিৰ বা-লাগি তাৰ
তিৰ্‌বিৰ্‌ শৰীৰ
হেন্দোলি উঠিছে শেষ ৰাতিৰ বতাহত

চকুৰ পাহিত ৰাতিৰ গভীৰ এন্ধাৰ -
কোনো ক্লেদ নাই, কোনো ক্লন্তি নাই
তৰাটো জ্বলি আছে অকলশৰে
বুকুত ভালপোৱাৰ সহজ প্ৰতিভা ।


ৰেকিবক সুঁৱৰি

বেলিটো ওলাবই পৰা নাই
সৰিয়হনিডৰাৰ ওপৰেৰে উৰি যোৱা মৌমাখিজাক
কুঁৱলিৰ আঁচল খামুচি আলাসতে থমকি ৰ'ল ।

নৈ আষৰীয়া সাঁচিগছ কিজোপা জাৰতে ঠেৰেঙা লাগি আছে -

পাতিসোন্দোজোপাৰো এখিলা দুখিলাকৈ পাত সৰি
                                 ভৰি পৰিছে তলৰ ঘাঁহনি ।
নাহৰণিৰ আলি-পদূলি পথাৰ-সমাৰ গোটেইখন বেজাৰে ঢাকি ধৰিছে ।


এডৰা গ'জি উঠা ঘাঁহ

মোৰ আঁৰ চকুত নাচনীৰ কলাফুল ল'ৰিছে-চৰিছে
পৰি থকা পৰ্বতখন পাখি মেলি উৰিব খুজিছে -
বাৰুৱতি ডাৱৰৰ সিপাৰে গ'জি উঠিছে এডৰা সেউজীয়া
ঘাঁহ....


বিহু

মোৰ গাত গা থৈ, ভৰিৰ পতাৰ পৰা মূৰৰ চুলিলৈকে
লতা বগোৱা দি বগাই যোৱাঁ -
                  হাতৰ হেদালিখনেৰে বহু দুৰলৈ গুচি যাব পৰিবা

মই জহি সৰিগৈ তোমাৰ শিপাত পৰিম -

মোৰ হাড়ৰ্শুকান সাৰত তুমি জাতিষ্কাৰ হৈ উঠিবা
ফুলপাতৰ গোন্ধে অমোলমোলাই থাকিব গোটেইখন ... ...


Poems of Hiren Bhattacharya(হীৰেন ভট্টাচাৰ্যৰ কবিতা) - ২৩

শব্দৰ মৌ-বিচনী ভাঙি


গুঞ্জনময় গধূলি গানৰ চোতাল
মোৰ চেতনজুৰি আটিমুটি জান-নেজান এটা সেউজ শব্দ-শস্যই
এডৰা ধাননিৰ মাজেৰে বিৰ-দি বাট বিচাৰিছে ....

শব্দৰ মৌ-বিচনী ভাঙি গুণ্‌গুণাইছে ভাষা-বিভাষাই -

শব্দ উৰণীয়া, শব্দ জিৰনীয়া, উলহ-মালহ শব্দ মোৰ
লুকাই আছে তোমাৰ মৌসৰা দুখনি ওঁঠত .....
[ৰীজনীত জঁয় পৰি যায় গোলাপ !]


শব্দৰ সঁজাল শিপা

ভৰদুপুৰিয়া নিজানে-গৰকা চোতালখনত
নটুৱা লোকাপাৰটোৱে ৰুণিয়াই আছে অকলশৰে -

মোৰ কবিতাৰ শব্দ কাহানিবাই শেষ হ'ল

আজি আকৌ কোন তেজৰ এন্ধাৰত
মোৰ হেৰোৱা শব্দ-শস্যই এছাটি মুকলি বতাহ বিচাৰি উক্‌মুকাই আছে
হাঁহি-মাতি থকা ৰাতিৰ আকাশৰ তৰাবোৰৰ দৰে

শব্দ সিপাৰে-শব্দৰ অতীত শস্যঘন শব্দৰ উচ্চাৰণ .....


গধূলি


লাহে লাহে গেৰুৱা আকাশখন এন্ধাৰ হৈ আহিল
দীঘল দীঘল খোজেৰে বুঢ়া ব'ৰাগী ঘৰলৈ উভতিছে

বাঁহবাৰী তামোলনিৰ আগেৰে তৰাই ভুমুকিয়াইছে

দিহিঙৰ কজলাসোঁতৰ তলে-ওপৰে ঘোলাপানীৰ কল্‌কলনি
                                                   - লহৰি খেলিছে বতাহে

নিয়ঁৰত তিতিছে দুপাৰৰ নল-খাগৰি-বিৰিণাৰ গুৰি ...


বৰষুণ নাই


বহুদিন বৰষুন নাই ।
শুকান ডাৱৰবোৰ মন-মাৰি পৰ্বতৰ সিপাৰে
দীঘল দি পৰি আছে - সাৰ সিকটি নাই ।
ধূলি-বালিৰে চাব নোৱাৰা হৈছে আকাশৰ মুখ -
নৈ বিলৰ পানী গৈ তেনেই তলি পালেগৈ - মাছ পুঠি বোকাৰ তল
চাৰিওফালে দুখৰ গুম্‌গুমনি ....


এটা গানৰ কলি
[বাটৰে ঢেঁকীয়া আমাক বাটে দিয়া]


গোমাই থকা আকাশখনে হঠাৎ বৰকৈ বিজুলীয়াইছে
কপাহগুটীয়া বৰষুণজাক লাহে লাহে ডাঙৰ হৈ আহিছে
মিচিক্‌ কৰে হাঁহি গছবোৰে বতাহত উৰুৱাই দিছে সেউজীয়া পাত -
ব'ল সৰুমাই, আমি গুচি যাওঁ ভালপোৱাৰ দিক্‌চৌ বাটেৰে
-জিলিক্‌ মাৰি উঠিছে সৌ এৰাপৰলীয়া পথাৰ ....



Poems of Hiren Bhattacharya (হীৰেন ভট্টাচাৰ্যৰ কবিতা) - ২২

তেজৰ কোৰ্হাল

কোনোবা নিজানত বহি মোৰ হেঁপাহ পলুৱাই কান্দিবৰ মন গৈছে
জীয়াজুৰিৰ ফট্‌ফটীয়া নিজান পানীয়ে ধুৱাই দিবহি মোৰ শুকান দুচকু
শিল হৈ যোৱা জলকা-বুকুত গজিব ভালপোৱাৰ একোজোপা গোলাপ
পাহে পাহে গান আৰু তেজৰ কোৰ্হাল ....

একোচিৰা ধানৰ দৰে

ধানদোৱা শেষ হ'ল
তোৰ ঘিলাচকলীয়া মুঠিত একোচিৰা ধানৰ দৰে
বিৰিঙি উঠিছে তেজ

নিঠৰুৱা নৰাবোৰ
এথানি-এবানি হৈ ৰ'দ কাঁচলিত পৰি আছে

জিৰাণিৰ সিপাৰে মাৰ গ'ল বেলি -
নিজাৰ পৰিল পথাৰ

নিজান পথাৰখনত
এটা দুৰণিবটীয়া গানে লাহে লাহে পাহি মেলি দিছে
জাৰমালতী ফুলৰ দৰে
ৰমক্‌জমক্‌ ।



বিহু-বাকৰিৰ গান

আজি ৰাতিপুৱাৰে পৰা
আকাশখনে পোহাৰিচুপতি কৰি আছে ।
পিঠিয়ে পিঠিয়ে লাগি থকা ল'ৰামতীয়া ডাৱৰবোৰ
বৰষুণ দিওঁ-দিওঁ কৰি দূৰলৈ উৰি গৈছে ।

মোৰ ভৰা ভোগদৈ বাঢ়ে ফেনে-ফোটোকাৰে ।
হৈয়াঙে-দৈয়াঙে থাউনি নোহোৱা বাঢ়নি পানীৰ সোঁত 

খুন্দ খাই থকা ডাৱৰৰ সিপাৰে
কি বিজুলিয়াই অ'সৰুমাই কিনো বিজুলীয়াই যায় ...

ৰ'দে বতাহে শুকাই টান টনটন মোৰ কলিজাৰ ভঙা গান ।


ধানৰ চকাছন্দা সুৰৰ ৰৈ-ৰমলী

তোৰ ম'হৰজীয়া ৰোৱনী হাতৰ টিপত সেমেকে
মোৰ পৰালি পৰা এমুঠি শুকান ধান 
উচ্‌পিচ্‌ ভৰিৰ সৰুগাঁঠিলৈকে তোৰ
তলসুঁতিয়া মাটিৰ ভুৰ্‌ভুৰীয়া বোকা 

ৰোৱা ৰ'লে এইবাৰ পথাৰ উজাৰি ধান হ'ব -
চকু-মন জুৰাই নিব ৰ'দৰ তোলনীয়া ধানে ....


হাবি-বিহু

পাত সৰাল দিয়া গছৰ ডালে ডালে আকৌ নতুন পাত ঠুটিয়াইছে
কোনোবাই ক'ৰবাত অকলশৰে দীঘল দীঘলকৈ বিহু বিনাইছে -
খোপাতে গেজেংফুল ...

বুঢ়াচাপৰ মাৰি ফুলপানীছিগাৰ ঢুলীয়া আলিমূৰলৈ জাকেৰে ওলাই আহিছে ।
বনে বিৰিখে পখিয়াপখি কৰি ডেও দি থকা হেঁটুলুকা, পাতসীয়া, বাঢ়ৈটোকা
ৰং-বিৰঙৰ গাওঁফুৰা এই চৰাইবোৰ
ঢোলৰ মাত শুনি ভুৰুংকৈ উৰি থিতাতে কোনেবাখিনি পালেগৈ ।

হাবিৰ ওপৰে চ'তিয়াচ'তি কৰি চৌফালে বনাই ফুৰিছে
চিকুন-কুমলীয়া চৰাইৰ জাকৰুৱা মাত ।


জাকপাতি চৰি ফুৰা ডাৱৰবোৰ

ওহাৰ নমাই বনৰীয়া ম'হজাকৰ দৰে ডাৱৰবোৰ 
জাকপাতি আকাশত চৰি ফুৰিছে
এতিয়াই গা-মুৰি দি যেন কলহে কলহে পানীৰে তিয়াই দিবহি
ৰোৱনী পথাৰৰ ৰ'দ পিছলি পৰা বহল পিঠি -

তিতি বুৰি একাকাৰ হ'ব চপৰা-চপৰে
পথৰুৱা শুকান মাটি আৰু মোৰ
আওপুৰণি নাঙলৰ ইচাট্‌-বিচাট্‌ তীখাৰ গধুৰ ফাল ....




হীৰেন ভট্টাচাৰ্যৰ কবিতা - ২১

শস্যমালাৰ ভ্ৰমন

মোক টানকৈ ৰ'দাই টোমত ভৰাই থোৱাঁ
ভঁৰাল্ঘৰৰ চোতালখনতে
মৌ-সৰা দি জহি শুকাই সৰিম ।
পানি পালে, মাটি পালে, ৰ'দে বৰষুণে
ভুৰ্‌ভুৰ্‌কৈ আকৌ গজি উঠিম ... ।

শাওণৰ বোকা-মাটিৰ পথাৰখনত মোক চাৰিওফালে ছটিয়াই দিয়া
চহ কৰা মাটিৰ সীৰলুত শুই কান তাল মৰা মেঘৰ গাজনি শুনিম
বিজুলী চমকত চকু মেলি চাম
ঢৌচিৰা এন্ধাৰ পথাৰখন ;

আকাশ ভাঙি হুৰ্‌হুৰ্‌কৈ বৰষুণ আহক
আৰম্ভ হওক শস্যমালাৰ ধান-সোনোৱালী ভ্ৰমণ ...



ধান হওক

ধান হওক । বাঢ়নী পানীৰ লগত ফেৰ মাৰি ধান বাঢ়ক ।

শাৰী শাৰী ধানে সেৰা পাতি থাকক মোৰ পথৰুৱা পিঠি ।
বাৰখন হালে চহ কৰি থোৱা থৌকি-বাথৌ তেজৰ ঢৌ
ধানৰ ভৰত ভাঙিলে ভাঙক মোৰ তপতৈয়াৰ কান্ধ কামিহাড় ।
ধান হওক । আইৰ মলঙা আঁচল পকাধানৰ গোন্ধত
ফিৰ্‌ফিৰ্‌কৈ উৰক ।
ধানৰ পথাৰ গানৰ উজান
ইমানে সিমানে ধানে মোৰ পানীৰ লগত
ফেৰ মাৰি মেলিছে থোৰ ।



শস্য-বীজে চকু মেলক


চকুলোৰে পানী দিয়া । মোৰ তেজৰ এন্ধাৰত
শস্য-বীজে চকু মেলক ।
শিপাই ছানি ধৰক আলতীয়া বুকু ।
মোৰ গাত আহি হালি পৰিছে ধানৰ শুৱলা মাত
ভৰপক পথাৰৰ ধান-হালধীয়া ৰ'দ ।

বাৰুদ-বতাহত জিল্‌মিল্‌ মোৰ বুকুৰ নতুন গান
বোকা-মাটিৰ গা-ঘঁহা কান সমনীয়া ধান ...


ধানবোৰ দাই আনা

মোৰ কলং-কপিলীৰ কোনোবাখিনিত
ভালপোৱাৰ বোকা-মাটিৰ শিতানে-পথানে
হেন্দেলি উঠিছে ধান ।

তোমাৰ পদুমী হাতেৰে ধানবোৰ দাই আনা
কাঁটলফুটা ৰ'দে টলবল কৰক তোমাৰ চিকুণ কজলা মুখ ।
ধান আনা, ধান বানা, ভৰিৰ চাবত গুম্‌গুমাই থাকক চৌদিশ ।


হাতত হাঁচতি মোৰ মাধৈমালতী

মোৰ ফুললৈ মেলা হাতত তুমি ফুলো-নুফুলো মাধৈমালতী
তোমাৰ সুৱদি ওঁঠত মোৰ কান লাহদৈ পথাৰত শুৱলা মাটিৰ মাত
চোতালৰ অঙঠাৰ দৰে ৰঙা চ'তৰ জোন -
হেৰেমগৰীয়া কোনোবা চতাই পৰবতৰ নামনিৰ পৰা উৰি আহিছে
ৰিণিকি ৰিণিকি এফাঁকি বিহুনাম

ক'তে গৈ আছিল বিহু ধেমেলিয়া
হাতত হাঁচতি লৈ ... 


তোমাৰ ঘামে টলবল মুখ


আহাঁ ভালপোৱা, মোৰ হাতত হাত থোৱাঁ, ওঁঠত ওঁঠ ।
আকাশৰ সুঠাম গাত আঁওজি থকা শুকান ডাৱৰবোৰ
তোমাৰ সতে চপৰা-চপৰে নামি আহক ধোৱা-ধুলিয়ৰি এই বাটেৰে ।

তুমুল বৰষুণে ধুৱাই দিয়ক গছ-গছনি, চৰাই-চিৰিকটিৰ মাত ।

কোনোবা হাবিতলীয়া নিজান নৈৰ শিল-চেঁচা পানীৰ দাপোণত
জিল্‌মিল্‌ কৰক তোমাৰ ঘামে টলবল মুখ ।







হীৰেন ভট্টাচাৰ্যৰ কবিতা - ২০

শইচৰ সুদৃশ্য বৰ্ণমালা 

মোক চহাই মৈয়াই শইচৰ গুটি সিঁচি দিয়া,
চকুৰ পানীৰে জীপ দিম শিলুৱা বুকুৰ মাটি,
হাড় হিমজুৰ সাৰত
লহ্‌পহ্‌কৈ বাঢ়ি উঠিব ধান-মাহ-সৰিয়হ-
                                     শইচৰ সুদৃশ্য বৰ্ণমালা ।

তিল কুশ তুলসীৰে শুচি কৰি লোৱা মোক

বিহ্বল মুখত দিয়া সৃজন নিসৰ্গৰ ভাষা
ধানে-বানে দৃঢ় হওক আৱেগ সত্তাৰ নিৰ্জন নিৰ্মাণ ।

বুকুৰ তলেৰে মোৰ ৰ'দ-বতাহৰ অদৃশ্য শিপা ...



বীজ

ক'তো গদ্যৰ উজ্জ্বলতা নাই
বৰ ফিকা হৈ গৈছে মোৰ কবিতা
বুকু খান্দি উলিয়াই আনা তেজ-ঘাম-প্ৰেম
মোৰ সেই সতেজ খনিজ ।

তোমাৰ স্পৰ্শত জ্বলি উহক মোৰ হাড়ৰ সমিধ

দুচকুৰ লোৰ কাটি লৈ আহাঁ নদীৰ বলিয়া ধল
তেজতকৈ তীব্ৰতাত অধিক উজ্জ্বল ।
বোধ মেধাৰ শুকান কোঁহে কোঁহে পলস পৰক
সাৰ পাওক তেজ পদুমৰ বীজ ।


মানুহ-মাটি-তেজ-ঘামৰ পথাৰ

চহাই পেলোৱা চন পৰা এই মানুহ-মাটি
তীখাৰ নিমজ ফালেৰে ফাল ফাল কৰা উদং ৰ'দৰ
তপত পথাৰ
দেহ-দিৰিঙৰ বোকা-মাটি খচকি সিঁচি দিয়া ধান ।
কলহৰ কানেৰে পানী ঢালা খৰাং মাটিত,
ন-থৈ পানীৰে ভৰি পৰক
ছিৰাল চিটাচিট চ'তৰ শুকান মাটি -

পানী আনা, ভাঙা নদী-নলা-খাল বিল ।

ধূলি কৰি মাটি কঠীয়া পাৰা,
ভূঁইতলিৰ একাচেকা লেও লোৱা মাটি
কোন ডৰাত কি ৰুবা
আহু-শালিৰ হেতা-ওপৰা, বাও-আমনা উথপ্‌থপ্‌ ।

চহাই পেলোৱা মানুহ-মাটি-তেজ-ঘামৰ পথাৰখন ...


সপোনৰ সোঁৱে-বাঁৱে

শইচৰ সঁচ সাঁচি থলো । জাৰ যাওক, চ'তৰ ৰদে
কীট-বীজাণু পুৰি মুকলি কৰক দূষিত মাটি
ন-পানী আহক শইচৰ গুটি সিঁচি দিম
মন-মাটি মোৰ ৰোমঞ্চিত যুৱক;

চকুৰ পতাৰ পৰা বৈ আহিছে দুখন নৈ,

টলমল ঘোলা পানীৰ সোঁৱে-বাঁৱে চৌ চৌ ধান
জীৱন-জটিল গ্ৰন্থিত মোৰ নদন-বদন
ঘাম ভৰা সপোন তজ্‌বজ্‌ ...


এচেৰেঙা ৰ'দ
[হীৰেন চৌধুৰীৰ নামত ]

আজি হঠাৎ
মোৰ উজাই নোহোৱা হোৱা শব্দৰ খৰাং মাটিত
গুণ্‌গুণাই উঠিছে
কোন কাহানিৰ ধূলি-বালি লগা এটা আধৰুৱা গান

গান বৰ সহজে সোঁৱৰণলৈ গুচি যাব পাৰে

মোৰ পাহৰা গানৰ গুণ্‌গুণনিত
মুগ্ধ পাতৰ দৰে আজি জিৰ্‌জিৰ্‌কৈ সৰি পৰিছে
মন মাটিৰ কোন সজীব সুদূৰতা !

Saturday Sketch 019 - Portrait of a smiling woman

This portrait drawing was made on notepad mechanical pencil with HB lead . I used little bit of smudging to the graphite hatching. The drawing was then digitally altered to add some filter.




Poems of Hiren Bhattacharya - হীৰেন ভট্টাচাৰ্যৰ কবিতা - ১৯



তোমাৰ প্ৰশংসাত

বাট এৰি দিলে শাওণৰ ডাৱৰে, উপচি পৰিল জোনাক ।
মুগ্ধ অনুজৰ মল্লিন কণ্ঠত গছ-গছনি শিপাৰ তলৰ জটিল গান
মূৰ দোঁৱাই আছে তোমাৰ প্ৰশংসাত ।

নদ-নগৰ--দৰ্শন মগ্ন নিৰ্বিকাৰ প্ৰসন্ন প্ৰতিভাত
আন্দোলিত হওক মানুহ মাটিৰ সহজ অধিষ্ঠান ;
মই আকৌ এবাৰ ফুললৈ মেলিলো হাত ।

জৰীপ

এতিয়া ভঙাৰ সময় ।
মানুহমুখী বোধ-বুদ্ধি-হৃদয় তেজৰ মনীষা
হিংস্ৰ জেং তাঁৰ ছিঙি দলদোপে ওলাই আহে,
সপোনে বিভ্ৰমে ভাঙে ধৰ্ষিতা প্ৰতিমাৰ বিষাদৰ শিল ।

ফেনে-ফোটোকাৰে বাঢ়ে বেগবতী নৈ,
আত্মাৰ নক্ষত্ৰ নীল ফুলনিলৈ
তোকে মোকে কোনে লৈ যায় ধুমুহা বাটেৰে !

হাত ধৰ স্বাধিনতা, তই মোৰ সহোদৰ ।

শব্দহীন বৰ্ণমালা
[অনন্ত লহকৰক সুঁৱৰি ]

কাঁইটীয়া এন্ধাৰত লুকাল গোলাপ ।
স্মৃতি জৰ্জৰ ৰাতিৰ জঠৰ । মোৰ হাড় হিমজুত
ফুলৰ নিজান গোন্ধ; শব্দহীন বৰ্ণমালা ।

মই আখৰ জোঁটাই পঢ়োঁ ।
শব্দৰ কোঁহ ভাঙি উজাগৰ জোনাকী উৰে ।
এন্ধাৰত গছ-গছনিৰ মৃগনাভ সৌৰভ ।

মোৰ ঘৰৰ ওপৰেৰে আহ-যাহ কৰিছে ডাৱৰ ।
আজিও বৰষুণ হ'ব । পাৰ ভাঙি সপোন আহি
আঠুৱনি পানীত খেলিব ।


এডৰা নীলা দলঘাঁহ

গছৰ ডালে-পাতে এন্ধাৰ,
আজি ডাৱৰে গাজি গুমৰি কঁপাই তুলিছে বতাহ;
আকাশৰ গাত বিজুলীৰ ধাৰ,
দলনিৰ ওপৰে জাকি মাৰি উৰিছে জাকে জাকে দেকেৰুৱা হাঁহ,
শব্দশীল কবিৰ পৰুৱাই পোৱা কলম হঠাৎ একাকাৰ -
এন্ধাৰ ডাল-পাত আৰু লহ্‌পহ্‌ এডৰা নীলা দলঘাঁহ ।


সমুখ শান্তি

তই মোৰ তেজৰ সোঁতত ।
তোৰ পলকহীন পতাকাৰ দীঘে-বাণিয়ে বুকু ফিন্দাই উঠে মোৰ অসম্ভৱ ।

অন্ধ-জীৰ্ণ মোৰ তৰোৱাল তোৰ হাতেৰেই তীব্ৰ তীক্ষ্ণ মানৱিক ।

মোৰ জঁই পৰা ওঁঠত তোৰেই স্বপ্ন-নক্ষত্ৰ-গান
নষ্ট নিসৰ্গ ফালি হিঁয়ালি-জিয়ালি ।

কোনে কাটি গ'ল দুৰূহ শিলত
তেজ-মেধা-জীৱন-চেতন মহাকাব্যৰ অভিজ্ঞান

মোৰ ৰ'দঘন বীণৰ মৌসৰা তাঁৰৰ স্তব্ধতাত বাজে তাৰ
                                        দ্ৰুত আঙুলিৰ আনন্দ ভৈৰৱ ।




Poems of Hiren Bhattacharya - হীৰেন ভট্টাচাৰ্যৰ কবিতা - ১৮


দুকুৰি সাতোটা দীঘল সুহুৰি


বতাহে বিষাদে কঁপে শাল-শিমলু-চেগুনৰ পাত,
ওৰ গধুৰ কানত কোনে গুণ্‌গুণায় ধুলিয়ৰি গান;
মাৰ যায় দুকুৰি সাতোটা দীঘল সুহুৰি
বন্ধুহীন দিনৰ কোলাত;
জীৱনে শিকায় নিতৌ নতুন শব্দ
অতীজৰ অৰ্থেৰে ভাঙিব নোৱৰা টান


হাতত উৱলে মূল্যবান নথি পত্ৰেৰে ভৰা মোৰ উজ্জ্বল পাণ্ডুলিপি,
তুমুল বৰষুণে ধুৱাই নিয়ে তেজত মগ্ন হৈ থকা গোলাপৰ গোন্ধ;
ৰৈ বৈ যায় হাহাকাৰ ধ্বনি ... ...
মোৰ এন্ধাৰ দুৱাৰ খোলে কোন ঊষাৰ কোমল হাতে,
সুখে দুখে বাজি উঠে অভিনৱ গান
নিজ অধিকাৰে !

ভুৰবন্ধা ঘাট

সুৰ্য্যটো গুচি গ'ল ৰঙা পালখনৰ তলেৰে,
নাৱৰ নিজান বুকুত জিলিকে
বিনন্দিত প্ৰতিমাৰ মুখ,
পানীৰ লিহিৰী সোঁতে-সোঁতে
মাৰ যায়
বিতোপন গাৱলীয়া ছবি,
ব'ঠাৰ চবে-চাবে উঠি আহে
এন্ধাৰ;
জলমগ্ন এই গুঢ় আৰোহণত
বাজে মোৰ বিষাদ
বিষাদৰ তেজ মঙহ ...

আত্মপক্ষ

অক্ষমতাক ক্ষমা কৰিব
মইতো নাজানো । ৰেহাই মূল্যতো
খদ্দৰ কিনাৰ সামৰ্থ মোৰ নাই ।

আই, আজি মই সঁচাকৈয়ে
বৰ হিংস্ৰ হৈ উঠিছোঁ ।
মোৰ নিয়াৰিৰ
কাচিখনলৈ এবাৰ চালেই
বুজিব পাৰিবা
কাৰ ডিঙিৰ জোখেৰে গঢ়িছোঁ ।

পাৰ যদি আই মোক ক্ষমা কৰিবা ।
মই যে দাৱনীৰ হাতৰ ধানকটা
কাচিখনৰ কথা পাহৰিয়েই গ'লো

সেইখনো এদিন ময়েই গঢ়িছিলো ।


যদি সাৰে থাকে

বুকুৰ মাজত যদি সাৰে থাকে
সততে

সোঁৱৰণীৰ
উৰুখা চালত পৰি
হলধীয়া চৰাইটোৱে
মাতক

বন-বিৰিখিৰ হাবিয়ালি মাত

বা লাগি বাজি উঠক উজাগৰ মাটি ।

ঠোঁটৰ পৰা সৰি
পৰক
মৰহা নিজান
ঘাঁহ ।

ছাই হৈ যোৱা দিন
পুৰি শেষ হোৱা ৰাতি ।


থাকে বুকু জুৰি


এন্ধাৰ তলাতল ভাঙি আহে পাখি-লগা শব্দ
মোৰ তেজৰ কোলাত দিনৰ উজ্জ্বল গোন্ধ, হিৰন্ময় ৰাতি ।


আঁঠুৰ ধুলি দুহাতেৰে মচি থিয় দিয়ে মোৰ দুখ,
তুলসীতলৰ গধূলি আৰু কৰুণ কৰে মাটিৰ ঢিমিকি পোহৰে ।


উৰণীয়া চৰাইৰ পাখিৰ তলত নিম-দুপৰৰ হালধীয়া বাঁহী,
অপোনা-আপুনি জাপ খাই আহে মোৰ গধুৰ চকু,
নিজানে মেলি ধৰে কাঁইটীয়া বুকুৰ গুলপীয়া পাহি ।