Poems of Hiren Bhattacharya - হীৰেন ভট্টাচাৰ্যৰ কবিতা - ১৮


দুকুৰি সাতোটা দীঘল সুহুৰি


বতাহে বিষাদে কঁপে শাল-শিমলু-চেগুনৰ পাত,
ওৰ গধুৰ কানত কোনে গুণ্‌গুণায় ধুলিয়ৰি গান;
মাৰ যায় দুকুৰি সাতোটা দীঘল সুহুৰি
বন্ধুহীন দিনৰ কোলাত;
জীৱনে শিকায় নিতৌ নতুন শব্দ
অতীজৰ অৰ্থেৰে ভাঙিব নোৱৰা টান


হাতত উৱলে মূল্যবান নথি পত্ৰেৰে ভৰা মোৰ উজ্জ্বল পাণ্ডুলিপি,
তুমুল বৰষুণে ধুৱাই নিয়ে তেজত মগ্ন হৈ থকা গোলাপৰ গোন্ধ;
ৰৈ বৈ যায় হাহাকাৰ ধ্বনি ... ...
মোৰ এন্ধাৰ দুৱাৰ খোলে কোন ঊষাৰ কোমল হাতে,
সুখে দুখে বাজি উঠে অভিনৱ গান
নিজ অধিকাৰে !

ভুৰবন্ধা ঘাট

সুৰ্য্যটো গুচি গ'ল ৰঙা পালখনৰ তলেৰে,
নাৱৰ নিজান বুকুত জিলিকে
বিনন্দিত প্ৰতিমাৰ মুখ,
পানীৰ লিহিৰী সোঁতে-সোঁতে
মাৰ যায়
বিতোপন গাৱলীয়া ছবি,
ব'ঠাৰ চবে-চাবে উঠি আহে
এন্ধাৰ;
জলমগ্ন এই গুঢ় আৰোহণত
বাজে মোৰ বিষাদ
বিষাদৰ তেজ মঙহ ...

আত্মপক্ষ

অক্ষমতাক ক্ষমা কৰিব
মইতো নাজানো । ৰেহাই মূল্যতো
খদ্দৰ কিনাৰ সামৰ্থ মোৰ নাই ।

আই, আজি মই সঁচাকৈয়ে
বৰ হিংস্ৰ হৈ উঠিছোঁ ।
মোৰ নিয়াৰিৰ
কাচিখনলৈ এবাৰ চালেই
বুজিব পাৰিবা
কাৰ ডিঙিৰ জোখেৰে গঢ়িছোঁ ।

পাৰ যদি আই মোক ক্ষমা কৰিবা ।
মই যে দাৱনীৰ হাতৰ ধানকটা
কাচিখনৰ কথা পাহৰিয়েই গ'লো

সেইখনো এদিন ময়েই গঢ়িছিলো ।


যদি সাৰে থাকে

বুকুৰ মাজত যদি সাৰে থাকে
সততে

সোঁৱৰণীৰ
উৰুখা চালত পৰি
হলধীয়া চৰাইটোৱে
মাতক

বন-বিৰিখিৰ হাবিয়ালি মাত

বা লাগি বাজি উঠক উজাগৰ মাটি ।

ঠোঁটৰ পৰা সৰি
পৰক
মৰহা নিজান
ঘাঁহ ।

ছাই হৈ যোৱা দিন
পুৰি শেষ হোৱা ৰাতি ।


থাকে বুকু জুৰি


এন্ধাৰ তলাতল ভাঙি আহে পাখি-লগা শব্দ
মোৰ তেজৰ কোলাত দিনৰ উজ্জ্বল গোন্ধ, হিৰন্ময় ৰাতি ।


আঁঠুৰ ধুলি দুহাতেৰে মচি থিয় দিয়ে মোৰ দুখ,
তুলসীতলৰ গধূলি আৰু কৰুণ কৰে মাটিৰ ঢিমিকি পোহৰে ।


উৰণীয়া চৰাইৰ পাখিৰ তলত নিম-দুপৰৰ হালধীয়া বাঁহী,
অপোনা-আপুনি জাপ খাই আহে মোৰ গধুৰ চকু,
নিজানে মেলি ধৰে কাঁইটীয়া বুকুৰ গুলপীয়া পাহি ।



No comments:

Post a Comment