Poems of Hiren Bhattacharya (হীৰেন ভট্টাচাৰ্যৰ কবিতা) - ২৫

বন বিৰিখৰ গান

বাৰীৰ ঢাপৰ সেউতীজোপা ক'লিয়াইছে
এজাক বৰষুণতে গোটেই গছজোপা সেউজীয়া হৈ পৰিল ।

গছৰ দুকাষে ডেউকা নাই, মুকলি বতাহকণতে
                         পাতবোৰে ইলুটি-সিলুটি কৰি আছে ... ...


তোমাৰ তীব্ৰ শাখা-প্ৰশাখা

হে পাবক, মেলি ধৰা ত্তোমাৰ তীব্ৰ শাখা-প্ৰশাখা,
সংবাহনদীপ্ত নক্ষত্ৰৰ দৰ্পিত পাপৰি; বিষাদ-নীলিমাত বাজক
মোৰ অপটু হাতৰ ইমন-কল্যাণ ।

দহি নিয়া মোৰ কবিতাহীন দিন, বৈ পৰক ৰৌদ্ৰজাত শস্যৰ সুঘ্ৰাণ ।

তোমাৰ নিৰ্ভুল আঙুলিমূৰত মোৰ তেজৰ কিংশুক ।


এটা পুৰণি কবিতা

ঘৰতে আছোঁ । দিনতীয়াকৈ এদিন আহিবা ।
তোমালৈ কথা সাঁচোঁতে সাঁচোতে কথাৰ দ'ল বান্ধিছে ।

বতৰ এতিয়া বৰ বঢ়িয়া হৈছে । দীঘল হৈ আহিছে দিন ।

নৈৰ পাৰেৰে এপাক ফুৰি আহিবৰ খুব মন গৈছে ।
বনৰীয়া ফুলৰ গোন্ধে আবেলি গোটেইখন অমোলমোলাই থাকে ।

গধূলিৰ এন্ধাৰত বাটৰ দাঁতিৰ কঠনা ফুলবোৰ জোনাকীৰ দৰে জিলিকে ... ...


বিদায় পৰৰ গান
[নৱকান্ত বৰুৱাৰ নামত]

জুইকুৰা অলপ বঢ়াই দে, হাতদুখন সেকি লওঁ
গাটো পোনাই লওঁ, চলচল কৰক তেজ ।
                         বাহিৰত খাপ পিটি আছে এন্ধাৰ ।

জুইকুৰা বাঢ়ি উঠিল বতাহে বতাহে -
                        বাঢ়ি উঠিল অঙঠাৰ তপত পোহৰ ।

মই আঙুলি আগেৰে লাহেকৈ চকুদুটা মচি থিয় দি থাকিলো
                       - মোৰ খৰাং দুচকুৰে নামি আহিছে দুখৰ ছাঁ ।


মোৰ থোৰ ভাঙি ওলাই অহা তৰাবোৰ


ৰাতিৰ আকাশ ভৰি পৰক তেজী তৰাৰে ।
মই এখোজ-দুখোজকৈ ক'ৰৈ-চতিয়নাৰ তলে তলে
                               ৰাঙী খাগৰিডৰাৰ মাজেৰে গৈ আছোঁ অকলশৰে ।

গোমোঠা এন্ধাৰে ঢাকি আছে গোটেইখন ।

কালি ৰাতিৰ মৰা তৰাবোৰৰ নিমাত ওঁঠৰ তলেৰে উৰি ফুৰিছে -
হাবিতলীয়া ফুলৰ  মলঙা গোন্ধ আৰু মোৰ থোৰ ভাঙি ওলাই অহা তৰাবোৰ ... ...

No comments:

Post a Comment