Poems of Hiren Bhattacharya (হীৰেন ভট্টাচাৰ্যৰ কবিতা - ৪৫)


মোৰ চকা লগা দুখন ভৰি


বৰষুণ পৰিছে । চ'তৰ মাটিৰ বুকুৰে ফুৰফুৰকৈ উৰি আহিছে
গান্ধ বিৰিণা আৰু বৰ-ইলাচিৰ গোন্ধ । সপোনৰ চোৰাং বাটেৰে
ডাৱৰ উবুৰি খাই পৰিছে তোৰ নিৰাই থোৱা চোতালখনত

ঢাপৰ মূৰত আমপুলি এটা ৰুবি নেকি, চজিনাজোপাৰ গাৰ কাষতে,
নৈৰ বেঁকা ভাঁজটোৰে জুৰ্‌জুৰকৈ চ'তৰ ওমলা বতাহ ব'লিছে,
কেঁচা হালধীয়া ৰ'দত হালি পৰিছে সেউজীয়া দলঘাঁহবোৰ -

মই তোৰ কাষলৈ ল'ৰি গৈ আছোঁ; চকা লগা মোৰ দুখন দীঘল ভৰি ...



তোৰ ঘাটত নাও চপাম



নাও মেলি দিছোঁ
একেকোবে গৈ তোৰ ঘাটত চপাম,
শেলুৱৈ ধৰা সেই ঘাটতে মোৰ নাওখনে শিয়া মেলিব -

নৈৰ ধৰণ-কৰণ মই ভালদৰেই জানো -
পানীত বুৰ দি মই অথালিয়ে পথালিয়ে সাঁতুৰিম,
উজাই সাঁতুৰিবলৈ বাউসীত মোৰ জোৰ নাই

বেলি পৰিবৰে হ'ল -
হাট-বাটৰ মানুহ ঘৰলৈ দিহাদিহি উভতিছে
মই একেৰাহে ন-পানী অহা নৈৰ সোঁতলৈ চাই আছোঁ -

পানী কাউৰীজনী বাৰে বাৰে ঘাটলৈ উৰা মাৰি আহিছে
নাৱে-তৰে আউলি-বাউলি বতাহ ব'লিছে ...


আহৰি নোহোৱা উদং গা



মই তোৰ কাষ পালোহি ।
তই মোৰ উঠন বয়সৰ কোমল ৰ'দ -
                                            সপোনৰ দুৱাৰত অঁকা কেঁচা হাতৰ নীলা চৰাই,
তোৰ লাজুকুৰীয়া চকুৰ চানেকীৰ মোৰ পথাৰৰ পলসুৱা মাটি
বোকাই পানীয়ে আহৰি নোহোৱা উদং গা -

মেটেকাৰ গোন্ধ লাগিছে মোৰ বুকুৰ সেউজীয়াখিনিত;
ডাৱৰে ধুমুহাই ৰূ-ৰূকৈ ভালপোৱাৰ তুঁহ--জুই জ্বলিছে ...



মাটি-পানীৰ হেতালি



তোৰ ধান-জৰা হাতৰ কুলাখনৰ আগেৰে চিটিকি পৰিছে দুপৰৰ ৰ'দ -
ছাঁ পাৰি  দিছে আবেলি বতাহে চোতালৰ থেৰেজুজোপাৰ চিকুণ তলত,
গধূলিৰ নিৰীহ কোলাত জিক্‌মিকাই আছে নিমাওমাও জোনাকীজাক,
মোৰ বুকুত তিনিসীৰ বোৱা মাটিয়ে পানিৰ লগত
                                       গা-ঢালি হেতালি খেলিছে ...



এটা লোক কবিতাৰ পাতনি


ওখ মেজাংকৰি গছবোৰৰ সিপাৰে শাওণৰ জোনটো ওলাইছে
ফট্‌ফটিয়া জোনাকে ডাৱৰৰ গাত পোহৰৰ হেঙুল কিংখাপ পিন্ধাইছে
কলহৰ মুখৰ বৰষুণজাকে আজি আন এটা বাট লৈছে,
                                    ডাৱৰে-এৰা আকাশ এতিয়া একেবাৰে মুকলি -
মোৰ আখৰ নোহোৱা সপোনে চকুমুদি টোপনি ভঙাৰ গান শুনিছে
গানৰ সুৰত শস্যবীজ সংবাহী সাৰুৱা মাটিৰ উৰু উৰু ডেউকা
শস্য, মানুহৰ হাতেগঢ়া প্ৰকৃতি, ৰ'দ বাতাহেৰে ভৰপুৰ ...



Poems of Hiren Bhattacharya (হীৰেন ভট্টাচাৰ্যৰ কবিতা - ৪৪)

মাটিৰ মাতৃভাষা


মাটিৰ মাতৃভাষা সেউজীয়া
মই বুটলি ফুৰিছোঁ গছলতা ধানৰ লাইজুলীয়া আখৰ
বোধৰ বৰ্ণমালাৰ ভিতৰ চ'ৰাৰ প্ৰতিটো সজাগ সূৰ্যোদয়
ৰ'দৰ চকুৰ পতাৰ নুম, আমলখি, শিলিখা আদি ঔষধি গছৰ ছাঁ -
দূৰূহ বাক্যৰ বুকুভৰা শস্যজল

ব'ল আমি গান শুনো, মাটিৰ মাতৰ সেউজীয়া ...



মই সপোনৰ কাষলৈ যাম



বতাহ, খুলি থৈছো ঘৰৰ দুৱাৰ খিৰিকী
তই উৰুৱাই লৈ নেযাবি মোৰ গাৰ নীলা কামিজ,
                           মেজত সজাই থোৱা ফুলথোপা -

তলে তলে তই বৰ এটা হৈ উঠিছ

চুই চাচোন মোৰ এবুকু-এডিঙি ভৰা ভালপোৱা
                                       আৰু দুটা চঞ্চল ভৰি

গছলতা পাৰ হৈ যাব খোজে দীঘল বাটেৰে
                                       মাটি-পানী য'ত টলমল সততে

মোৰ বুকুখনলৈ চা, ভালপোৱাৰ ৰং উৱলি যোৱা এটা মলিন ডাকবাকচ

খোলাই আছে বুকু, তঈ গান গা বতাহ, কোমল সেউজীয়া
                                        মই সপোনৰ কাষলৈ যাম -
                                        যাম বুলি কোন কাহানিৰে পৰা থিয় দি আছোঁ ...




লোৰ কাটি বৈ অহা চকুপানী



বনৰীয়া হাঁহৰ ডেউকাৰ উমাল বিছনাত শুই আছে মোৰ ভালপোৱা -
গায়ে-মুৰে হাত ফুৰাই দিছে ৰ'দৰ তলৰ উদং বতাহজাকে ।
সেমেকা চুলিৰ ভাঁজত হাবিতলীয়া  দুপাহ নিজান ফুলে
যেন নিচুকনি শুনিছে ।

নৈখনৰ সোঁতে আঁৰ-বেৰ নোহোৱা গানেৰে দুপাৰ ভাঙি খলকনি তুলিছে ।
মোৰ দুগালেৰে লোৰ কাটি বৈ আহিছে চকুপানী -
তোৰ বাৰীৰ তগৰজোপাৰ গা-ঘঁহাই দেও দি কেইটামান চৰাই উৰি গৈছে ।
দুৰৰ আকাশখনত চামিয়ানা তৰি দিছে এচপৰা অকলশৰীয়া ডাৱৰে ...


নৰানিৰ পৰা বুটলি অনা কাচিখন ...


তই উচাট মাৰি দলিয়াই দিয়া কাচিখন মই নৰানিৰ পৰা
বুটলি আনিছোঁ, ক'তো আচ এটাকে লগা নাই,
                                   নিয়ৰ পাই চক্‌চকাই আছে

চাওঁ, তোৰ বৰলে বিন্ধা ওঁঠদুখন বিৰিঙি আছেনে তেজ -

মাজ পথাৰৰ কৰৈজোপাৰ ছাঁত মনমৰা ল'ৰাটোৱে
একেটা দীঘল সুৰতে পেঁপা বাই আছে অকলশৰে

পেঁপাৰ পোনপটীয়া যদিও বৰ ঠুনুকা, অলপতে ভাঙি পৰে...



কবিতামুখৰ পানীযুঁৱলিত



বেলিটো ওলোৱা-সোমোৱা কৰি আছে
ৰোহপাতি আছে ডাৱৰবোৰ
নিৰহ-নিপানী মোৰ কলিজাৰ দুৱাৰদলি
তলমুৱা শস্যৰ দুহাতেৰে সেউজীয়া

বোকা-পানীৰ কোলাহলে মোক বাট আগচি ধৰিছে
এখিলা দুখহিলাকৈ কুঁহি মেলিছে গছৰ পাতে
দুচকুৰে মোৰ বৈ আহিছে এখন নিজান দীঘল নৈ

কবিতামুখৰ পানীযুঁৱলিত জিল্‌মিলাই আছে
তোৰ চপ্‌চপীয়া হাঁহিমুখ ...







Saturday sketch 27 - Fallen and imprisoned

A graphite drawing. hope it expresses what it intends to. Apologies for a hurried and uncleaned scan.


Poems of Hiren Bhattacharya (হীৰেন ভট্টাচাৰ্যৰ কবিতা - ৪৩)

ডালে পাতে হেঁপাহ


ফুলনিখনক তোক দিলোঁ, তোৰ হাতেৰেই
গাছ্বোৰ বাঢ়ক বছৰি, ডৱৰৰ লগেৰে ডালেপাতে দিয়ক উজান;
মই এতিয়া খন্তেক জিৰাম -
পুখুৰীপাৰৰ হেলচবোৰৰ ওপৰে জাকপাতি পখিলা উৰিছে
লাগী-কৰ্দৈজোপাৰ এন্ধাৰ পাতৰ আঁৰত হালিছে
                                    বেলিমাৰৰ হালধীয়া আবেলি ...



জুইছাই শব্দবোৰ



মোৰ চোতাল জুৰি ৰাতিপুৱাৰ কেঁচা ৰ'দ
মই এডাল দুডালকৈ বুটলি ফুৰিছোঁ পুখুৰীপাৰৰ সেউজীয়া ঢেঁকীয়া ।
কলমৌ হেলঞ্চি মুঠিতে লৈ, মই যেন চকু মুদি এতিয়াই তোৰ কাষ পামগৈ,
তোৰ উকা চাদৰখনৰ আহলে-বহলে উপচি পৰিছে মাটি-পানীৰ
জুইছাই শব্দবোৰ ...


হাচিমোলৈ মনত পেলাই



ৰাতি এটা থকাকৈ আমি ক'হিমালৈ গৈছিলো -
বাটৰ গছ-গছনিৰ সেইজীয়া প্ৰসাধনে আমাক উজ্জ্বল কৰি তুলিছিল ।
বেলি পৰাৰ পৰত আমি যেতিয়া ক'হিমা পালোগৈ, তেতিয়া
দহোবন সামৰি চহৰখন ঘৰৰ ভিতৰ সোমলগৈ ।
আমিও হোটেলতে ৰাতিটো কটালোঁ ।

ৰাতিপুৱা বহিৰত ৰ'দৰ উৎসৱ -
চহ'বি আৰু ইহ'বি নামেৰে লৰা এহাল মোক বিচাৰি আহিছে ।
সিহতৰ লগত কথা পাতি পাতি মই বাহিৰলৈ ওলাই গ'লো ।
বাটত সিঁহতে মোক কেইটামান আঙ্গামী গান শুনালে ।
গান শুনি শুনি মই কোনোবাখিনি পালোগৈ ।

মোৰ লৰালিৰ কুৱলীয়ে ঢকা ক'হিমা -
আবেলি পাহাৰ বগাই ঘৰলৈ উভতিছে গাঁৱৰ মানুহ, হো-হো, হো-হো
সাতামপুৰুষীয়া ঘৰমুৱা শান্ত শব্দ এটাৰ মুগ্ধ বিস্তাৰ

দুৰৰ পাহাৰখনলৈ চাই মোৰ হাচিমোলৈ মনত পৰিছে ...



গুৱাহাটীমুৱা ৰে'লখন এতিয়াই আহিব



আঘোন সোমাবৰ দিনচেৰেক হ'ল
পকাধানৰ গোন্ধে ঢাকি ধৰিছে পথাৰ -
হিম পৰিছে বতাহত ,
ময় ৰ'দাই থোৱা গলাবান্ধখন ডিঙিত মেৰিয়াই ৰৈ আছোঁ
খৰিকটীয়া ষ্টেচনৰ বৰানডাডোখৰত ।

হাতত দখিনহেঙেৰা হাটৰ একলহ নতুন গুৰ
আৰু তল-সুৰুকীয়া বাটটোৰ সৌ সিপাৰে
নিমাওমাও কোটোহাগুৰিৰ বুঢ়ী-গোঁসানীৰ দেৱালখন -
                               তলসৰা ফুল-বেলপাতে উপচি আছে চোতাল !

এতিয়াই আহিব গুৱহটীমুৱা ৰে'ল ...



মে-জি জুইৰ কুকুহা উৰিছে



আজিকালি ঠেটুৱে ধৰা জাৰ নপৰে । কুৱলীও ধুলিৰে ধোঁৱাৰে ধুঁৱলী ।
চুবুৰিয়ে চুবুৰীয়ে ভাগেৰে হাৰলিঘৰ সাজিছে । আজি উৰুকা ।
ৰাতিপুৱালৈ মে-জি জ্বলাব দোক্‌মোকালিতে । কাৰো চকুত টোপনি নাই,
ডাঁৰ দিয়া পূবৰ বেলিটোৱে থল-গ'ৰকি চাইছে -
                                      লাও-কোমোৰাৰ চাং পালেগৈ ৰ'দ,
ম'হযুঁজৰ নাচনিয়াৰ ছেও ফেৰপাতি বাজিছে দূৰত

বতাহত মে-জি জুইৰ কুকুহা উৰিছে ...

Poems of Hiren Bhattacharya (হীৰেন ভট্টাচাৰ্যৰ কবিতা) - ৪২

বতাহত বিহু


বতাহত বিহু লাগিছে -
নলঘাঁহৰ নিজানত মৌপিয়াজাকে গান শিকিছে

মোৰ তোলপাৰ তেজেৰে ধুই ল'লোঁ
শব্দ সৌৰভৰ এই মালাধাৰ ।

দুৰত মৃদঙৰ মাত
শালবনৰ আঁৰত এন্ধাৰে কাপোৰ সলাইছে ।
বনৰীয়া হাঁহজাকৰ ডেউকাত
শিমলুতুলাৰ আঁহ লাগি আহিছে ।

তোৰ বুকুৰ মাটিত শুই সপোন দেখিছোঁ -
ৰ'দৰ বাগিচাখনৰ লুণীয়া সোঁতেৰে মোৰ নাও গৈ আছে ...



টোকাৰিৰ তাঁৰ তিনিডাল


১)
বা-বলাই অহা বতাহৰ গাত গধূলিৰ শস্যঘ্ৰাণময় গানৰ গোন্ধ -
আজি মোৰ ভালপোৱাৰ খৰাং - কোলাত থাউকতে ডাৱৰ ভৰি পৰিছে,
উবুৰি খাই পৰিছে হালধীয়া, মদৰুৱা ৰংচঙীয়া চৰাই-চিৰিকটিবোৰ -
আহ ভাই, ঘৰুৱাকৈ এটা গান শুনাচোন, বহুদিন তোৰ গান শুনা নাই

২)
বাতকুৰি বাই, তোৰ খোলা খিৰিকিৰ ডেউকাত থমকি বহিছে ৰ'দ -
কাষৰ উদং গছজোপাৰ গাত জিলমিলাইছে আলাসৰ কোমল কুৱলী, বতাহত
ভঙামাতৰ গৌৰীপুৰীয়া গান, চোতালৰ পৰিপাটি ঘাঁহৰ বিছনাত
জু্‌ৰ্‌জুৰকৈ পৰিছে পৰীৰ গাৰ গোন্ধসনা ৰাতিপুৱাৰ শেৱালিজোপাৰ
উথপ্‌থপ ভালপোৱা

৩)
গাত এচেৰেঙা ৰ'দ সানি জাৰ-শোগোনা পৰ্বতখন এতিয়া শুইছে -
শুই থকা পৰ্বতৰ লালকাল বুকুত জক্‌মকাই ফুলিছে সুৰ্যমুখী ফুলবোৰ
আৰু, বুকুৰ কাষৰ শুকান নৈখনিৰ আঁঠুৱনি পানীত ঢলি পৰিছে
                                                              ভাগৰুৱা ভালপোৱা -
কি মন গ'ল জানো হঠাতে আকাশখনে খুলি পেলালে
                                                       আটাইবোৰ চৌখহিন সাজপাৰ,
ক'তো ডাৱৰৰ উমঘাম নাই, চকুৰ দীঘলী-বিলত নাই উজ্জ্বল ৰমধেনু,
আকাশ আজি মাথোন ভৰা-ডেউকাৰে নীলা তেনেই উৰুঙা
নৈয়ে পলসুৱা মাটিত মেলি দিছে গাৰ বলিচঁহীয়া চাদৰখন -
                                                 আঁচলত খিল্‌খিল শস্যকণাৰ ঢৌ ...




 ভালপোৱাৰ সোঁত



আকাশখনত ডাৱৰ ঘুমুটিয়াই ফুৰিছে
ক'তো পিয়াহৰ পানী এটোপা নাই

ইচাট্‌ বিচাট্‌ ডাৱৰবোৰ
ম'হঘুলিলৈ গৈ যেনিবা বোকাত লেও লৈ থাকিব

ক'লা ভোমোৰাটো উৰি সৌ পদুমনি বিলত পৰিছে
বতাহত পাহ-ভঙা পদুমৰ উতলা গোন্ধ -

এতিয়াই বৰষুণ আহিব
বিলৰ আটকীয়া পানীৰ ওপৰে জীপাল হৈ উঠিব
                                  থৈয়া নথৈয়া ডাৱৰবোৰ

বৰষুণত বৰ শুৱলা শুনি পথৰুৱা মাটিৰ মাত

মই দিৰাঙে সোৱণশিৰিয়ে উজাই যামগৈ
                                   মাটিয়ে পানীয়ে সিঁচৰতি সপোন

ভিতৰি ব'লিছে মোৰ অকাঁৰী ভালপোৱাৰ সোঁত ...




শব্দশস্যেৰে বৈ আহিছে আকাশ


কবিতা এটা শুনিবৰ মন গৈছে ।
পয়াৰ-লেছেৰিৰ সিপাৰে সৌ শব্দশস্যেৰে বৈ আহিছে বহল আকাশ -
সুৰৰ ৰামধেনুখনৰ সাতোটা পাহ ভাঙি এটোপ দুটোপকৈ বৰষুণ পৰিছে
কোনোবা ভদীয়া বীণত বাজিছে ভৰ বাৰিষাৰ গান -
বালিকা মেঘৰ চকুৰ চিঞাহীৰে চপ্‌চপীয়া কবিৰ কলম
জক্‌মকাই উঠিছে পাছবাৰীৰ তৰাপতীয়া আৰু দোৰোণফুলবোৰ ...



জীপাল ভৰিৰ ঘন আঙুলি


ভালপোৱাৰ ভৰানৈৰ দুয়োপাৰে আকৌ ধান গজি উঠিছে,
চকুলোৰ শিৰলুৰ ধান । পথাৰ যেনিবা নৈৰ ৰ'দ-ঘাই নিজান দেউকা -
মানুহৰ সংঘ-প্ৰতিভাৰ তেজ-ঘাম । ধানৰ পাতৰ সেউজীয়া সেমেকা ছাঁত
আজি মই তোৰ শুকান মুখৰ বিৰিঙি উঠা হাঁহিটো দেখি আহিছোঁ -
দলনিৰ পুণি-মেটেকাৰ দৰে জীপাল ভৰিৰ ঘন আঙুলি ...


Poems of Hiren Bhattacharya (হীৰেন ভট্টাচাৰ্যৰ কবিতা) - ৪১


উজাই আহিছে ৰ'দ


গুচি নাযাবি
তই গ'লেগৈ মই বৰ অকলশৰীয়া
শব্দগোন্ধেৰে উতলা তোৰ ফিৰ্‌ফিৰীয়া আঁচল
ৰমক্‌জমক ভালপোৱাৰ হাতবাউলি -

নৈখনৰ পলসুৱা দুপাৰে সৰিয়হ ফুলিছে
শস্যৰ দলিচাৰে উজাই আহিছে ৰ'দ -



উজাৰি বৰষুণ


নৈৰ পানী বাঢ়িছে । চপৰা চপৰে খহিছে থিয় গড়া
তই মোৰ মাটি-পানীৰ বৰ্ণময় মাত ।
চতীয়না তলৰ সুবিশাল এন্ধাৰেৰে আকাশ নামি আহিছে ...
হাতত স্বপ্নকুম্ভ, শিপাত উজাৰি বৰষুণ ...



এটা গানৰ প্ৰস্তাৱনা


দুপৰৰ ছাঁ গৰকি চিনাকি সুৰ এটা উৰি আহিছে
আঁহতৰ পাতত বৰষুণ, শুকাই-খীণাই নোহোৱা হোৱা
                                 লিক্‌লিকীয়া তৰাং নৈখনে
মন ঢালি তাহানিৰ গান গাইছে, খেতিবাতিৰ খুটি-নাটি সুৰেৰে
মাটি যে তেনেই নিমাখিত, মৰমতে মৰিব পাৰে !
                                 মাটিৰ বুকুত বিৰিঙি উঠিছে
আলতীয়া কেঁচা গোন্ধ, ভালপোৱাৰ দীঘল উশাহ -
সিপাৰে বকুল সৰা গধূলি আকাশৰ চালুকীয়া তৰাবোৰ ...



শান্ত-শব্দাৱলী


অকপট চকুপানীৰেই শস্যৰ সপোন । মোৰ বোধৰ গভীৰত
আদিম শিপাৰ আশ্বাস । বুকুৰ জটিল ঘাট-অঘাটেৰে নদ-নদী নামি আহে
দৃশ্যৰ সিপাৰে মোৰ প্ৰিয় নাৰী ; দুখৰ ডেউকাৰে ঢকা প্ৰতিভাৰ শিহৰণ ।
সংগ্ৰহৰ দুৱাৰডলিত শস্যৰ আখৰ । স্পৰ্শাতুৰ ভিতৰ চ'ৰাৰ শান্ত-শব্দাৱলী



ছনপৰা গান


শব্দশোকত মনমৰা গাছলতা । তই মোৰ এটোপাল বৰষুণ -
বৰ্ণময় ডাৱৰৰ কান্দোন । বাঢ়হি আহে বেগবান শিপাৰ উদগ্ৰীব তীব্ৰতা ।
তই মোৰ উজান নাৱৰ গুৰিব'ঠা, উতল পিঠিৰ ধাৰাষাৰ ৰা'দ
পাৰভঙা সোঁতৰ গুম্‌গুমনি, গাঁও-ভূই অনাদি দেশ-দেশান্ত আৰু মোৰ ছনপৰা গান ...


Poems of Hiren Bhattacharya (হীৰেন ভট্টাচাৰ্যৰ কবিতা) - ৪০

কবিতা তিন টুকুৰা

(১)
পথাৰ জুৰি ধান জীয়ৰীৰ মুকলি চাদৰ
তাইৰ  দুচকুত বৰষুণৰ সপোন, ওঁঠত ভালপোৱা
আৰু কলমৌলতীয়া কোমল আঙুলিত উলহমালহৰ কঠীয়াতলী
কঠীয়াডোখৰে ক'লে বৰষুণক; মোক পানীৰে তিয়াই দে ...

(২)
পিয়াহত ডিঙি শুকাই কাঠ হৈ গৈছে
ইয়াতে খন্তেক ৰচোন, গান এটাৰে তিয়াই লওঁ জিভা
কথাষাৰ কৈয়েই নৈখনে গান গাবলৈ ল'লে -
বনৰীয়া হাঁহজাক জাকিমাৰি আকাশ পালেগৈ জোনাক ৰাতি,
নৈয়ে জোনাকে সাবটা সাবটি, সিঁহতৰ বহুদিনীয়া বন্ধুত্ব 

(৩)
ৰাতি ভালেমান হ'ল । হালি-জালি থকা গছজোপাক বতাহে ক'লে -
চাওঁ, ডালপাত পাৰি দে, মই তোৰ কোলাত শুম ।
মোৰ বুকুৰ তলেৰে বাঢ়ি আহিছে ধুমুহাৰ অস্থিৰতা,
ময়ো সুদীৰ্ঘ বিষাদ লৈ এডিঙি পানীত হেৰাই যাম এদিন -
আজি ৰাতি মাথোন তোৰ কথাকে ভাবিম ...



ভাষা বন্ধন


তই মোৰ চকু চল্‌চলীয়া শস্যাবলীৰ প্ৰসাৰিত প্ৰাৰ্থনা ।
তোৰ দুগালে চকুপানীৰ দৰে বাগৰে মোৰ ভাষাৰ সৰলতা ;
বনৰীয়া হাঁহৰ উথপ্ থপ ডেউকাৰ ৰামধেনুৰ স্পৰ্শ ।
মই একেথিৰে ভাষাৰ শিপাডাললৈ চাই আছিলো
কোনোবাই মোক সুঠাম গছজোপালৈ আঙুলিয়াই দিলে ...



ব'ল কদমৰ তললৈ



কদম ফুলিছে । ব'ল কদমৰ তললৈ ব'ল । গছেপাতে
সুন্দৰ কদমৰ চনকাডালত কালি ৰাতিৰ বৰষুণৰ চিন ।
কোনোবাই ভালপোৱাৰ গান গাইছিল;
কদম সঁচকৈয়ে সুকণ্ঠ সুগ্ৰীব, গোন্ধৰ সঁফুৰা ।
ডাউক-দৰিক আৰু পুখুৰীয়া মাছৰ খলকনি উঠে পূৰ্ণিমা ৰাতি -
বাঁহবাৰী, বেতেৰীৰে ব-বলাই বতাহ আহে,
বতাহত মৌ নেদেখে কোনেও ।
ব'ল কদমৰ তললৈ ...


সোঁৱৰণৰ গছলতা

(বেহেলা বজোৱা মহেশ শইকীয়াৰ হাতত)

সোঁৱৰণৰ গছলতাৰ উজ্জ্বলতা বাঢ়ি আহিছে
ডালেপাতে সূৰ্যোদয়ৰ মহাৰ্ঘ স্পৰ্শ
মোৰ মনমৰা তানপুৰাটোৰ ধূলিয়ৰি তাঁৰকিডালত পাহৰা গান ...


বৰষুণৰ পদ্যদুষাৰি


গধুৰ দাৱৰ চপৰা নামি অহাৰ লগে লগেই আৰম্ভ হ'ল বৰষুণ
মোৰ আঁত হেৰোৱা শব্দমালাৰ দুকাষে ডেউকা গ'জি উঠিছে,
বতাহত তিতিছে বুৰিছে গছ-গছনিৰ ৰেণুময় ছাঁ -
গোমোঠা চহৰখনৰ শেঁতা পৰা দুচকুত এৰাধৰাকৈ বিজুলী চমকিছে



Kokadeuta aaru naatilora ( ককাদেউতা আৰু নাতিল'ৰা) - Laksminath Bezbaruah

We are uploading our first PDF book  Kokadeuta aaru Naatilora ( ককাদেউতা আৰু নাতিল'ৰা) written by Sahityarathi Laksminath Bezbaruah. Follow link below to view PDF book.


VIEW PDF HERE

Saturday sketch 26 - The last leap

I sketched out this drawing on a print paper and then traced it on light pad using microns. Light to medium wash was added on line drawing.