Poems of Hiren Bhattacharya (হীৰেন ভট্টাচাৰ্যৰ কবিতা) - ৪২

বতাহত বিহু


বতাহত বিহু লাগিছে -
নলঘাঁহৰ নিজানত মৌপিয়াজাকে গান শিকিছে

মোৰ তোলপাৰ তেজেৰে ধুই ল'লোঁ
শব্দ সৌৰভৰ এই মালাধাৰ ।

দুৰত মৃদঙৰ মাত
শালবনৰ আঁৰত এন্ধাৰে কাপোৰ সলাইছে ।
বনৰীয়া হাঁহজাকৰ ডেউকাত
শিমলুতুলাৰ আঁহ লাগি আহিছে ।

তোৰ বুকুৰ মাটিত শুই সপোন দেখিছোঁ -
ৰ'দৰ বাগিচাখনৰ লুণীয়া সোঁতেৰে মোৰ নাও গৈ আছে ...



টোকাৰিৰ তাঁৰ তিনিডাল


১)
বা-বলাই অহা বতাহৰ গাত গধূলিৰ শস্যঘ্ৰাণময় গানৰ গোন্ধ -
আজি মোৰ ভালপোৱাৰ খৰাং - কোলাত থাউকতে ডাৱৰ ভৰি পৰিছে,
উবুৰি খাই পৰিছে হালধীয়া, মদৰুৱা ৰংচঙীয়া চৰাই-চিৰিকটিবোৰ -
আহ ভাই, ঘৰুৱাকৈ এটা গান শুনাচোন, বহুদিন তোৰ গান শুনা নাই

২)
বাতকুৰি বাই, তোৰ খোলা খিৰিকিৰ ডেউকাত থমকি বহিছে ৰ'দ -
কাষৰ উদং গছজোপাৰ গাত জিলমিলাইছে আলাসৰ কোমল কুৱলী, বতাহত
ভঙামাতৰ গৌৰীপুৰীয়া গান, চোতালৰ পৰিপাটি ঘাঁহৰ বিছনাত
জু্‌ৰ্‌জুৰকৈ পৰিছে পৰীৰ গাৰ গোন্ধসনা ৰাতিপুৱাৰ শেৱালিজোপাৰ
উথপ্‌থপ ভালপোৱা

৩)
গাত এচেৰেঙা ৰ'দ সানি জাৰ-শোগোনা পৰ্বতখন এতিয়া শুইছে -
শুই থকা পৰ্বতৰ লালকাল বুকুত জক্‌মকাই ফুলিছে সুৰ্যমুখী ফুলবোৰ
আৰু, বুকুৰ কাষৰ শুকান নৈখনিৰ আঁঠুৱনি পানীত ঢলি পৰিছে
                                                              ভাগৰুৱা ভালপোৱা -
কি মন গ'ল জানো হঠাতে আকাশখনে খুলি পেলালে
                                                       আটাইবোৰ চৌখহিন সাজপাৰ,
ক'তো ডাৱৰৰ উমঘাম নাই, চকুৰ দীঘলী-বিলত নাই উজ্জ্বল ৰমধেনু,
আকাশ আজি মাথোন ভৰা-ডেউকাৰে নীলা তেনেই উৰুঙা
নৈয়ে পলসুৱা মাটিত মেলি দিছে গাৰ বলিচঁহীয়া চাদৰখন -
                                                 আঁচলত খিল্‌খিল শস্যকণাৰ ঢৌ ...




 ভালপোৱাৰ সোঁত



আকাশখনত ডাৱৰ ঘুমুটিয়াই ফুৰিছে
ক'তো পিয়াহৰ পানী এটোপা নাই

ইচাট্‌ বিচাট্‌ ডাৱৰবোৰ
ম'হঘুলিলৈ গৈ যেনিবা বোকাত লেও লৈ থাকিব

ক'লা ভোমোৰাটো উৰি সৌ পদুমনি বিলত পৰিছে
বতাহত পাহ-ভঙা পদুমৰ উতলা গোন্ধ -

এতিয়াই বৰষুণ আহিব
বিলৰ আটকীয়া পানীৰ ওপৰে জীপাল হৈ উঠিব
                                  থৈয়া নথৈয়া ডাৱৰবোৰ

বৰষুণত বৰ শুৱলা শুনি পথৰুৱা মাটিৰ মাত

মই দিৰাঙে সোৱণশিৰিয়ে উজাই যামগৈ
                                   মাটিয়ে পানীয়ে সিঁচৰতি সপোন

ভিতৰি ব'লিছে মোৰ অকাঁৰী ভালপোৱাৰ সোঁত ...




শব্দশস্যেৰে বৈ আহিছে আকাশ


কবিতা এটা শুনিবৰ মন গৈছে ।
পয়াৰ-লেছেৰিৰ সিপাৰে সৌ শব্দশস্যেৰে বৈ আহিছে বহল আকাশ -
সুৰৰ ৰামধেনুখনৰ সাতোটা পাহ ভাঙি এটোপ দুটোপকৈ বৰষুণ পৰিছে
কোনোবা ভদীয়া বীণত বাজিছে ভৰ বাৰিষাৰ গান -
বালিকা মেঘৰ চকুৰ চিঞাহীৰে চপ্‌চপীয়া কবিৰ কলম
জক্‌মকাই উঠিছে পাছবাৰীৰ তৰাপতীয়া আৰু দোৰোণফুলবোৰ ...



জীপাল ভৰিৰ ঘন আঙুলি


ভালপোৱাৰ ভৰানৈৰ দুয়োপাৰে আকৌ ধান গজি উঠিছে,
চকুলোৰ শিৰলুৰ ধান । পথাৰ যেনিবা নৈৰ ৰ'দ-ঘাই নিজান দেউকা -
মানুহৰ সংঘ-প্ৰতিভাৰ তেজ-ঘাম । ধানৰ পাতৰ সেউজীয়া সেমেকা ছাঁত
আজি মই তোৰ শুকান মুখৰ বিৰিঙি উঠা হাঁহিটো দেখি আহিছোঁ -
দলনিৰ পুণি-মেটেকাৰ দৰে জীপাল ভৰিৰ ঘন আঙুলি ...


No comments:

Post a Comment