Jonaakire raati - Poems of Ram Gogoi - জোনাকীৰে ৰাতি - ৰাম গগৈৰ কবিতা

স্তব্ধ জোনাক নীৰৱ ৰাতি উজাগৰ কোনো নীড় হাৰা এটি বিহংগৰ
বিৰহ বিধুৰ পাখিৰ কঁপনি লাগি সৰি গ'ল গছপাত এটি অৰণ্যৰ
স্বপ্নচাৰী কোননো কবিৰ মনবিহংগ তৰাৰ স'তে উৰি উৰি গ'ল,
শান্ত নিৰীহ অযুত জোনাকী ধৰাৰ বুকুত অপোন মনে মনে জ্বলি জ্বলি ৰ'ল ।

কোমল কোমল ডাৱৰে ডাৱৰে স্বৰ্ণকিৰণ উদ্ভাসিত অনুপমা ৰাতি
বিছনাত এৰি বোবা গাৰু এটি আছেনে কোনোবা ৰূপহিনী
                                                     দুৱাৰ ডলিত বহি

নিদ্ৰাবিহীন আপোন প্ৰাণৰ সুৰভি জ্বলাই আত্মভোলা --
                                                     কবিৰ কথা ভাবি ।

বিষাদ মৌন সেই যে নাৰী কবিতাৰ দৰে সুন্দৰ এটি মনৰ অধিকাৰী
জ্যোতস্না ভৰা স্তব্ধ ৰাতি সেই যে নাৰী কোনোবা কবিৰ উৰণীয়া
                                                     পাখিৰ সুৰধ্বনি ।

Kono ek dhusar sandhiya - Poems of Ram Gogoi - কোনো এক ধূসৰ সন্ধিয়া - ৰাম গগৈৰ কবিতা


খন্তেক বিৰাম লাগে পৰিশ্ৰান্ত অশান্ত আত্মাক ।
ইমান অসহ্য এই নীৰৱতা সূৰ্য্যম্লান ধূসৰ সন্ধিয়া ।
আত্মাৰ নিভৃত ব্যাপ্তিত বৰ্ষাৰ চকুলো হোৱা
অজস্ৰ বেদনা, জীৱনৰ আৰ্ত্ত-সংগীত ।
কোনো এক গৰৱিনী যৌৱনবতীৰ সান্নিধ্যৰ প্ৰতীক্ষাত
আবেগ উতলা মন । (প্ৰতীক্ষাৰ ক্ষণ শেষ হ'ল ।)
স্বপ্নবিষ্ট ধূসৰ সন্ধিয়া তীব্ৰ এই নীৰৱতা ;
হাহাকাৰ ব্যৰ্থ প্ৰতিক্ষাৰ ।

ধোঁৱাৰ কুণ্ডলী তুলি পৰিত্যাক্ত চিগাৰেটবোৰ
আপুনি নীৰৱে জ্বলি শেষ হ'ল ।
বাসনাৰ জুই শিখা আপুনি নিষ্প্ৰভ হ'ল
মনৰ মাজত । জীৱনৰ ব্যৰ্থতাৰ অজস্ৰ গ্লানিয়ে
আনি দিয়ে ক্লান্তিৰ জড়তা , আনে আৰু
ঘৃন্য আত্মদাহ - সচেতন মৃত্যু অনুভূতি ।
(মৃত্যুয়ে দিয়ে যদি জীৱনৰ পূৰ্ণতাৰ
সঠিক বাতৰি, কাৰবাৰে জীৱনৰ এই দিন গণা !)

হিংসা, ঈৰ্ষা, বিদ্বেষেৰে পৰিপুৰ্ণ পৃথিৱীত
অকামিলা অভিমান । পৰৰ দুখত
চকুপানী টুকিবৰ বাবে আছে জানো
অলপ সময় । এটি মৰমৰ মাত, নিচুকনি
আপোন দুখৰ ঃ ঈশ্বৰৰ ক্ষমা আৰু কৰুণাৰ
একান্ত আশ্ৰয় ।

(অলপ আৰাম লাগে আজি এই ধূসৰ সন্ধিয়া,
অলপ সময়,
বিবেকৰ বৃশ্চিক দংশন হওক শেষ ।)

ঈশ্বৰক, পৃথিৱী সেউজ হোৱা
মানুহৰ আশা আৰু বেদনাক
আপোন কৰাৰ বাবে অলপ সময় ।



Barsaar Shesat - poems of Ram Gogoi - বৰ্ষাৰ শেষত - ৰাম গগৈৰ কবিতা

বৰ্ষাৰ আজি শেষ দিন ঃ
ঈশান কোণত যদি দেখা দিলে কলীয়া ডাৱৰে
যাত্ৰা কাৰ হ'ব আৰম্ভ ? কাৰ প্ৰলুব্ধ বাসনা লৈ
মেঘমন্দ্ৰে তালে তালে বতাহ বলিব,
গান গাব নিকুঞ্জ কঁপাই !
বৰ্ষাৰ আজি শেষ দিন ।
বিস্তীৰ্ণ প্ৰান্তত শুনা প্ৰাণ ভৰা জীৱনৰ গান ;
ঢৌ নাচে, ঢৌ খেলে
সেউজীয়া পথাৰে পথাৰে,
হিৰন্ময় অস্তাচল প্ৰতিভাত হ'ল পৃথিৱীত ।

অতন্দ্ৰ অৰুণে আনে কিহৰ ইংগিত
আজি এই স্বপ্ন-নীল আৰক্ত সন্ধিয়া ?)

বৰ্ষাই বিদায় লয়
অনাগত ভৱিষ্যতৰ প্ৰতীক্ষাৰ

বৰ্ষাৰ আজি শেষ নিশা ঃ
হয়তো বহুত কথা আধা কোৱা হ'ল,
ক্লান্তিৰ পুলকে দিয়া সৃষ্টিৰ আনন্দ
কিজানিবা ৰূপ ল'ব বৰ্ষাৰ আজি শেষ নিশা ।
ৰাতিৰ এন্ধাৰ ........... বেদনা আতুৰ,
বৰ্ষাৰ বিৰহ জণ্ঠত বাজি উঠে
বিদায়ৰ নিচুকনি সুৰ,
(সমহিত প্ৰভাত পখীৰ গান)
ঋতুৰ বৰণমালা ...... সময়ৰ আত্মাৰ ক্ষুধাৰে
বৰ্ষাৰ ৰাতি শেষ হ'ল
আহে নৱ প্ৰভাতৰ আহ্বান .....

প্ৰাত্যহিক জীৱনৰ আৰদ্ধ কামনা জাগে
প্ৰভাতৰ অগ্নিভ বৰ্ণত,
পৰাণ মুঞ্জৰি উঠে
নিশা ফুলা শেৱালিৰ মদিৰ গন্ধত,
মেঘৰাজ বৰ্ষহাৰ শেষত ।

Tipling : 19 August 57 - Poems of Ram Gogoi - টিপ্‌লিং : ১৯ আগষ্ট ৫৭

মধ্যাহ্নৰ প্ৰথম ৰ'দৰ অগ্নিদগ্ধ
শিলাবালি, ধূলি আৰু পিচঢলা পথ
দৃপ্তকণ্ঠ জনতাৰ যাত্ৰাৰে মুখৰ ।
বতাহত নাচি উঠে দৃঢ়্মুঠি সবল বাহুৰ ।

('জেললৈ যাম আমি হাজাৰ হাজাৰ ।')
জনতাই বাচি ল'লে পথ ।
: মৃত্যু আৰু কাৰাগাৰ ...
এই পথ - সংগ্ৰামৰ জীয়াই থকাৰ,
এই পথ - জীৱনৰ জীয়াই থকাৰ,
এই পথে আগবাঢ়ে যুগে যুগে
বঞ্চিত মানুহৰ হেজাৰ হেজাৰ সমদল ।

(পথেই কেৱল সত্য ।)
স্পৰ্শ কৰি সভ্যতাৰ নানা উপকূল
অবিৰাম বেগৱতী এই জনস্ৰোত;
আজিও উঠিছে ধ্বনি, সেই সুৰ,
একে সুৰ গতিময়তাৰ ।

আমি পালোঁ - নতুনৰ সূচনা-সন্ধিত
বিংশ শতব্দীৰ
জীৱনৰ নতুন দৰ্শন ।
শেষ হওক ধনিকৰ ঘৃন্য অত্যাচাৰ ।
আমাৰ জীৱন ব্যাপি অন্ধাকাৰ অৰণ্য ৰাত্ৰিৰ
মাটিৰ বুকুত জ্বলে অনিৰ্বাণ হিৰন্ময় জ্যোতি ।

: পোহৰ ........... পোহৰ লাগে,
পোহৰৰ সন্ধানত হেজাৰ হেজাৰ মন
হ'ব মতলীয়া । আমকো পোহৰ লাগে
জীয়াই থকাৰ ।

চেতনাৰে সমুদ্যত প্ৰাণ ।
পোহৰৰ মিলিছে সন্ধান । এই বাৰ
বঞ্চনাৰ হওক অৱসান ।
শেষ হওক লজ্জাহীন ভীৰু চক্ৰান্তৰ ।
মুক্ত হওক প্ৰগতিৰ ৰূদ্ধ পথ
আই অসমৰ ।

প্ৰথম প্ৰণয়-মুগ্ধ পুৰুষৰ দৰে
শ্ৰদ্ধা আৰু বিস্ময়ত মন মোৰ পুলকিত হ'ল,
কিয়নো, এতিয়া ইয়াত জ্বলে
হাজাৰ হাজাৰ সূৰ্য্য
মানুহৰ মুক্তি কামনাৰ । 

Poems of Ram gogoi - Nirnay - নিৰ্ণয় - ৰাম গগৈৰ কবিতা

আঙুলিৰ ফাঁকে ফাঁকে ধোঁৱা ঃ
চিগাৰেট এই জ্বলি এই শেষ হয়
জীৱন বন্তি জ্বলে কঁপি কঁপি
উৎকণ্ঠাৰ নাই যৱনিকা ।

তোমাৰ আমাৰ পথ অৰণ্য দূৰ্গম
সন্মুখত ৰাতিৰ এন্ধাৰ । খোজে খোজে
ভয়াল মৃত্যুৰ স'তে মুখামুখি,
তেজৰ সোৱাদ পোৱা ক্ষুধাৰ্ত বাঘৰ
স্থিৰ চকু চিকাৰৰ সন্ধানত মতলীয়া ।

ৰূদ্ধশ্বাস জীৱনৰ হেজাৰ আশ্বাস,
আমাৰ কাৰণে আছে ক্ষয় আৰু ক্ষতিৰ হিচাব ।
জীয়াই থকাৰ বাজেটত জীৱনৰ ঘাটি
মৃত্যুৰ অগ্ৰগতি । ........... (নতুন দিনৰ মুল্যাংকন ।)
দিল্লী অনেক দূৰ । ..... আমাৰ
সপোন দেখাৰ অধিকাৰ
পৰিকল্পনাৰ যোগ বিয়োগত অন্তৰ্ধান ।

আহত স্তব্ধ গতিৰ জোৱাৰ,
তথাপি জীৱন জীয়াই আছে ।
সোণৰ ৰূপৰ মুখত শুনিছোঁ
নতুন নতুন গান, আমাৰ মৃত্যুৰ শ্ল'গান ।
(পৃথিৱীক চাবলৈ আমাৰ সময় নহ'ল ।)

তোমাৰ চকুৰ নেতাৰ চশ্‌মা খুলি,
ৰাজভৱনৰ খিড়িকীৰে চোৱা জুমি,
আকাশত সেয়া বৰ্ষামুখৰ মেঘ ।
জীয়াই থকাৰ দাবী । শান্তি আৰু প্ৰগতিৰ ।

আমি বাছি ল'লোঁ পথ ।
সংগ্ৰামৰ পথাৰত
সঁচা জীৱনৰ নতুন মূল্যবোধ,
আগামী দিনৰ পদক্ষেপ ।

Poems of Ram Gogoi - Sandhya malika - সান্ধ্য মালিকা - ৰাম গগৈৰ কবিতা

ঘননীল আকাশত বৰ্ষাৰ ডাৱৰে আনে
জীৱনৰ মোহান্ধ বাৰতাঃ
ক্ষণপ্ৰভা বিদ্যুতৰ সৰ্পিল ভংগিমাত
পথ কাৰ ভুল হ'ল বুলি
প্ৰাণময় আবেশত আকুল উদগ্ৰ মন নাচি উঠে
মেঘ ডম্বৰুৰ তালে তালে -

সায়াহ্নৰ বৰষুণ স্তব্ধ হ'ল ।
অস্তাচলৰ ক্লান্ত শিল্পীৰ তুলিকাত
ধৰা দিয়ে সৃষ্টিৰ আবেগ -
ধৰাৰ বুকুত সমাৰোহ জীৱনৰ ।

অবাক বিস্ময়
অত্যুগ্ৰ ৰঙীন আকাশ,
মোহাচ্ছন্ন প্ৰাণৰ আভাস;
সন্ধ্যাৰ বৰ্ণাভ মেঘত জ্বলে নিৰুদ্বেগ পৃথিৱীৰ
মৃত্যুনীল কামনাৰ জুই ।

ৰাতিৰ আন্ধাৰ নামে ঃ
ৰাতিৰ আন্ধাৰে আনে
অনাগত প্ৰভাতৰ সূৰ্য্যমুখী আলোকৰ স'তে
ৰঙীন কামনা ।



Poems of Ram Gogoi - Nagapahar - নগাপাহাৰ - ৰাম গগৈৰ কবিতা


অশান্ত মনৰ জয় পৰাজয় আৰু
গ্লানিৰ অমূৰ্ত বেদনা । চিন্তাৰ অকোৱা-পকোৱা বাট,
শ্লথগতি কুমজেলুকাৰ । হঠাৎ শুনিলোঁ মই
বতাহত আহে ভাঁহি কৰুণ কাতৰ আৰ্তনাদ ।
অযুত আত্মাৰ আজি উঠে য'ত হাহাকাৰ,
হে নগাপাহাৰ, তোমাৰ কথাকে ক'লে
অসমৰ ছোৱালীয়ে বিয়া নাম সুৰীয়া মাতেৰে
(পাহাৰতে লাগে ৰণ, ডালিমীয়ে ভাঙে মন )
ভৈয়ামৰ কেঁচাসোণ হেজাৰ ডেকাই জানো নিয়ে আজি
ডলিমীৰ চিনাকি পোছাক পিন্ধি চেনেহৰ বাণী  !
জনজাতি অসমৰ আদিম মানুহে ,

পৰ্বত জংগম আৰু নদী মৃত্তিকাৰ স'তে
তোমাৰ পৰিচয় হয়তো অনেক দিনৰ
তুমিও শুনিছা আজি নৱজীৱনৰ গান ।
নতুন জীৱন লাগে । আমাৰ জীৱন স্পৰ্শ -
কত কথা, কত বাণী, (গণতন্ত্ৰ , শান্তি আৰু প্ৰগতিৰ ,)
কত, ধুমুহাৰ তাণদৱত আমাৰ জীৱন জুৰুলা ।
হে নগাপাহাৰ, ৰক্তক্ষৰা সংগ্ৰামত আজি
তোমাৰ হৃদয় বিদীৰ্ণ ।

শান্ত নীৰৱ , পাহৰৰ গহীন গহ্বৰ
আন্ধাৰৰ গ্লানিৰে ক্লান্ত গভীৰ অৰন্য
তেজৰ চেকুৰা লাগি কৰে অশান্ত উচ্ছল আজি
কালৰ মামৰে যাক নোৱাৰিলে ছুব, হেজাৰ যুগৰ
চাঙে চাঙে, ঘৰে ঘৰে আন্তগোপন কত
সংংস্কৃতিৰ পুৰণি সম্পদ, ধোঁৱা হৈ মিলি যায়
আকাশৰ সুনীল গৰ্ভত । হেজাৰ হেজাৰ
'চুখ্ৰেনু খ্ৰিনোজা'আৰু কত ডালিমীয়ে
উচুপি উচুপি কান্দে,
হাঁহে কত দুৰ্দান্ত মানৱে ।

অসীম সাহসে দীপ্ত, অধিবাসী নগাপাহাৰৰ,
বুকুৰ তেজেৰে তুমি লিখিব খুজিছা আজি,
জীৱনৰ এপিটাফ । তোমাক বুজিছোঁ মই
আমাৰ কথাও শুনা । মৃত্যু যদি মানুহৰ
জীয়াই থকাৰ বাবে নতুন জীৱন,
প্ৰভাতৰ ৰঙা ইস্তাহাৰ ! আহা তেনে
একেলগে বৰি লওঁ অমিয়া মৰণ ।
শেষ হওক পুঞ্জীভূত দুঃখ হাহাকাৰ ।
যত বঞ্চিত জীৱন
জয় হওক দেশে দেশে মানৱিকতাৰ ।

Poems of Pablo Neruda - The Light Wraps You - Translated in Assamese

অলোক বেষ্টিতা


আলোক আবেষ্টিতা তুমি আলোকৰ পাৰ্থিৱ শিখাত 
অন্যমনা নিস্তেজ শোকাৰ্ত,  থিয় দি আছা
দিনান্তৰ সূৰ্যৰশ্মিৰ বিপৰিতে
যি তোমাৰ চতুৰ্পাশে আৱৰ্তিত হয় ।


বাক্‌হীন, মোৰ বন্ধু,
মৃত্যুৰ এই ঘটিকাত  একাকীত্বত একাকী
আৰু অগ্নি-জীৱনেৰে পুৰ্ণ,
এটা নষ্ট দিনৰ বিশুদ্ধ উত্তৰাধিকাৰী ।

সূৰ্যকান্ত ফলৰ ডাল ভাগি পৰে তোমাৰ ক'লা কাপোৰত
ৰাতিৰ সুগভীৰ শিপা
হঠাতে গজি উঠে তোমাৰ অন্তৰাত্মাৰ পৰা,
আৰু তোমাতে লুকাই থকাবোৰ ওলাই আহে তোমাৰ পৰা
যাতে পুষ্টি লব পাৰে এক বিবৰ্ণ আৰু নিস্তেজ মানুহ
আৰু এটা নৱজাতক ।

হে মহান আৰু উৰ্বৰা আৰু আকৰ্ষক
ক'লা আৰু সোনোৱালী চক্ৰৰ আৱৰ্তত বন্দী গোলাম :
উঠা, অগুৱাই লোৱা আৰু অধিকাৰী হোৱা
জীৱনেৰে ইমান চহকী যে তাৰ ফুল সৰি পৰে
আৰু হৈ পৰে দুখেৰে আচ্ছন্ন ।

                                               অনুবাদ  -  শুভ্ৰনীল









Poems of Pablo Neruda - Body of a Woman - Translated in Assamese

নাৰীৰ দেহ 


নাৰীৰ দেহ, শুভ্ৰ পাহাৰ, বগা উৰু,
তুমি পৃথিৱীৰ দৰে, সমৰ্পনৰ মুদ্ৰাত শায়িত ।
মোৰ কৰ্কশ কৃষকৰ দেহা তোমাক কৰ্ষণ কৰে 
আৰু পৃথিৱীৰ কোলাৰ পৰা উৎপত্তি হয় আমাৰ সন্তান ।


অকলে অছিলোঁ সুৰঙ্গৰ নিচিনা । উৰি গৈছিল মোক এৰি চৰাইৰ দল,
আৰু বিধ্বংসী আক্ৰমনেৰে প্লাবিত কৰি গৈছিল এন্ধাৰ ৰাতি
জীয়াই থাকিবলৈ মই তোমাকেই অস্ত্ৰ বনাই ললোঁ, 
ধনুকত তীৰৰ নিচিনা, কেটেপাত পাথৰৰ নিচিনা ।


কিন্তু প্ৰতিশোধৰ প্ৰহৰৰ অন্ত হয়, আৰু মই ভাল পাওঁ তোমাক ।
চৰ্ম, শেলৈ, আকাঙ্খা আৰু গাখীৰৰ শৰীৰ ।
গোলাকাৰ স্তন ! শুন্য দৃষ্টি !
যৌনাঙ্গৰ গোলাপ পাপৰি ! ওহ তোমাৰ কণ্ঠ, ধীৰ আৰু দুঃখময় ।


মোৰ নাৰী , মই তোমাৰ অনুগ্ৰহৰ ভিখাৰী ।
মোৰ তৃষ্ণা, মোৰ সীমাহীন আকাঙ্খা, মোৰ পৰিবৰ্তনশীল পথ !
তমশাচ্ছন্ন নদীতল য'ত বৈ যায় চিৰন্তন তৃষ্ণা
আৰু বৈ যায় ক্লান্তি, আৰু অনন্ত বেদনা ।


                                                     Translated by Subhraneel

Sinners in Love Burried under stone - Poems of Ram Gogoi

Sinners in Love Burried under stone


অনেক ভ্ৰমিলা পথ, মৰুভূৰ ধূলিৰে আকীৰ্ণ
আহি পালা সেই পূণ্যস্থান, হাছান হুছেনে য'ত
এৰিছিলে চেনেহৰ প্ৰাণ, য'ত হেজাৰ মানুহে
যুগে যুগে বিচাৰিছে আত্মাৰ অবোধ প্ৰশান্তিঃ
হে যৌবন, তুমি তাত যৌৱনেৰে মুখামুখি হৈ
ৰচিছিলা সপোন সৰগ সনাতন বুভুক্ষু ।

জীৱনৰ ফাগুন দিনত অনিৰ্ব্বান কামনাৰ
অগ্নিদগ্ধ তৃষ্ণাৰ্ত প্ৰাণৰ সুকোমল তৃষ্ণা হৈ
আহিছিল কোনো এক বাসন্তী যৌৱনা । নীলনদীৰ
ফেনিল উচ্ছ্বাস ৰক্তৰ স্ৰোতে স্ৰোতে
ঢৌ খেলি খেলি নাচিছিল যাৰ ;
সৃষ্টিৰ আদিম ৰহস্যভৰা নবীনা নাৰীৰ ;
পৌৰষৰ সবল দীপ্তিৰে তুমি
আদৰি সাৱটি ল'লা, কথা ক'লা ¬ কত কথা স্বপ্নমদিৰ,
বিদ্ৰোহী যৌৱনতো নমানিলে বাধাৰ প্ৰাচীৰ
জয় হ'ল অপূৰ্ব প্ৰেমৰ !

(ৰক্তস্নাত ইতিহাস যুগে যুগে । পাষাণৰ
আছে জানো প্ৰাণ ! হিংস্ৰতাৰ লেলিহান জুই
জ্বলিছিল পৃথিৱীৰ দেশে দেশে ধৰ্মৰ নামত;
ক্ৰুছেডত, মক্কা মদিনাত, সিন্ধুৰ পাৰে পাৰে
মহাভাৰতত; তপত তেজৰ সোঁত
হিম হৈ ডোঙা বান্ধি ৰ'ল । তথাপিও
সভ্যতাৰ গৌৰৱত স্ফীত বুকু মানুহৰ
অগ্ৰগতি ৰ'ল অব্যাহত ।)

সত্যৰ সদায় জয় । মৃত্যুৰ ভ্ৰুকুটিত নকৰিলা ভয় ।
নিৰঙ্কুশ স্বীকৃতিৰে মহীয়ান কৰিলা প্ৰেমক,
ম্লান কৰি মানুহৰ নীতি ধৰ্ম জ্ঞান বিবেকক
যৌৱনক দিলা তুমি জয়ৰ গৌৰৱ ।
(লাঞ্ছিত বিংশ শতাব্দী । অঁকা হৈ আছে ক'ত
নৃশংসতাৰ কলংক কালিমা ।)

দুটি প্ৰাণ, দুটি আত্মা, দুপাহি কুসুম,
সমুখত জীৱন্ত নিৰ্মম । ধীৰে ধীৰে আঁকি দিলা
প্ৰেয়সীৰ কোমল গালত প্ৰেম অলিংগন ।
কি মধূৰ আলিংগন !
কি সুগভীৰ প্ৰেম ! মধুৰ, মধুৰ !
হে যুগল, হে যৌৱন,
লাঞ্ছিত নোহোৱা তুমি
মৃত্যুৰে ৰাখি গ'লা যুগমীয়া প্ৰেমৰ স্বাক্ষৰ ।

(কেইবছৰমানৰ আগতে বাতৰি কাকতত প্ৰকাশ পোৱা এটা সংবাদৰ ভিত্তিত এই কবিতাটিৰ সৃষ্টি । আৰবৰ মৰুভূমিত এহাল প্ৰেমিক - প্ৰেমিকাক প্ৰেমৰ অপৰাধৰ বাবে বালিত পুতি শিল দলিয়াই মৃত্যুদণ্ড দিয়া হৈছিল ।)

বসন্তৰ বন্ধু - Poems of Shubhraneel - Basantar bandhu - Assamese poem

বসন্তৰ বন্ধু 


বসন্তৰ স'তে  মোৰ কিহৰ মিতিৰালি ?
মই নহওঁ বন্ধু বসন্তৰ ।

শীতৰ ৰাতি, সেমেকা বাৰান্দাত
কেৰ'চিন লেম্পৰ পোহৰত
পাৰ হৈ গৈছে বহু বিনিদ্ৰ
জোনসৰা ৰ্প্ৰহৰ ।
সেই শীতৰ ৰাতিৰ কথা
মনত পৰিলে
প্ৰখৰ ৰৌদ্ৰদিনতো শিহৰণ জাগে
মোৰ ক্ষীণ শৰীৰত ।


গৰমৰ বন্ধৰ আনন্দত আত্মহাৰা ¬
এমাহ স্বাধীনতাৰ স্বাদৰ আনন্দ
আৰু জেঠ মাহৰ গৰম নেওচি
ল'ৰালিৰ ছন্দবিহীন উন্মাদনা  ।
মনত পৰে
যেতিয়া এচি গাড়ীৰ পৰা নামোতেই
সুৰ্যতাপত অতিষ্ঠ হৈ
'অসয্য গৰম' বুলি চিঞৰি উঠো ।


বৰষুণ দিলে মনত পৰে
সৰু থকোতে কাগজৰ নাওঁ বনোৱা
আৰু পানীত উটুৱাই ৰং চোৱা ।
বৰষুণত তিতি
বেমাৰত পৰা ;
আৰু নৰিয়াত পৰিও
দিনে ৰাতি মাকৰ মৰমত
সব দুখ পাহৰি যোৱাৰ মধুৰ স্মৃতি ।


কিন্ত বসন্ত !
বসন্তৰ কোনো স্মৃতি নাই মোৰ ।
নাই কোনো সুখ ভৰা প্ৰিয়াৰ পৰশ
নাই কোনো ভঙা-বুকু বিৰহ-বিবশ ।
গোলাপৰ সুবাসে
মাতি নানে কৈশৰৰ
কোনো পল দণ্ড প্ৰহৰৰ
এক মধুস্মৃতি
যাক লৈ সগৰ্বে ক'ব পাৰোঁ
ময়ো বন্ধু বসন্তৰ ।

       
                                       - শুভ্ৰনীল

Raati - Poems of ram Gogoi - ৰাতি - ৰাম গগৈৰ কবিতা

 ৰাতি


ৰাতি :  নিস্পন্দ, নিঃসাৰ নিজম ৰাতি,
জ্যোতিৰ চিনাকি নাই ।
নিৰাশাৰ সুবিশাল মহাদেশ মোৰ দৃষ্টিৰ সীমাত;
মোৰ দৃষ্টিৰ সীমাত;
মোৰ দৃষ্টিৰ সিপাৰে আছে মৃত্যুৰ অজ্ঞতা,
হয়তো মহামন্বন্তৰ ঃ
অসীম দীনতা ভৰা এই মহাদেশ
কিজানি কংকাল বোৰে কান্দিছে,
শীতৰ চেঁচা বতাহত
সিঁহতৰ হাড়বোৰ কঁপি উঠিছে ।
আৰু এতিয়া গভীৰ ৰাতি

অনেক ..অনেক দুৰত
ড্ৰাম ড্ৰাম মাদল বাজিছে ঃ সি এক বেলেগ দেশ
য'ত পৃথিৱীৰ ক্লান্ত প্ৰাণ আদিম মানুহৰ দাবীবোৰ
লিখা আছে জীৱনৰ দুৱাৰে দুৱাৰে
হয়তো সেই দুৱাৰ বন্ধ ।
য'ত মানুহৰ ৰিক্ত হিয়াত প্ৰেম উপচি পৰে
উম পাই , কামোদীপ্তা উন্মনা গাভৰুৰ
আবেগ উদ্বেলিত উষ্ণ বুকুৰ ।
দিনান্তত বুভুক্ষু পেটত জ্বলে জুই ;
তৃষ্ণাৰ্ত প্ৰাণত জাগে মাদকতা
লাওপানীৰ অসীম কৰুনা পালে ।
হয়তো

কোনো এক হতবাক নগৰীৰ এন্ধাৰ গলিত
অভিশপ্ত ৰমণীৰ ক্লান্ত দেহ
তেতিয়াও কমোন্মত্ত বাহুৰ মাজত স্পন্দিত ।
কিজানি এই ৰাতিৰ কৃত্তিম প্ৰেম
আৰু ব্যস্ততাৰ শেষত তাই কান্দিব ।
এই ৰাতি ....

Dristi - Poem by Rabindranath Tagore - দৃষ্টি

দৃষ্টি

বুঝি গো সন্ধ্যার কাছে                  শিখেছে সন্ধ্যার মায়া
                             ওই আঁখি দুটি ,
চাহিলে হৃদয়-পানে                      মরমেতে পড়ে ছায়া ,
                         তারা উঠে ফুটি।
আগে কে জানিত বলো                 কত  কি লুকানো ছিল
                           হৃদয়নিভৃতে -
তোমার নয়ন দিয়া                      আমার নিজের হিয়া
                          পাইনু দেখিতে।
কখনো গাও নি তুমি,                   কেবল নীরব রহি
                           শিখায়েছ গান -
স্বপ্নময় শান্তিময়                          পূরবীরাগিনীতানে
                           বাঁধিয়াছ প্রাণ।
আকাশের পানে চাই,                     সুরে গান গাই
                           একেলা বসিয়া।
একে একে সুরগুলি                        অনন্তে হারায়ে যায়
                          আঁধারে পশিয়া।