পথাৰ : ৰাম গগৈৰ কবিতা - pothaar : Poem of Ram Gogoi



শাওণৰ মেঘমুক্ত নীলাকাশ                                         
সূৰ্য্যস্নাত ক্লেদময় হে বিশাল পথাৰ ....... বিপুল সম্ভৱা
নাঙলৰ সীৰলুত সোণ ফলা মাটিৰ কামনা
ঘ্মাক্ত দেহ আৰু দেহাতীত সৃষ্টিৰ চেতনা ।

কপালৰ ঘাম লাগি সেউজীয়া পথাৰ আমাৰ
তুমি প্ৰাণময়, মোহময় জীৱন মালিকা । পথাৰ,
তোমাৰো স্বীকৃতি আছে, তুমি কোনোবা
আদিতম প্ৰভাতৰ মানুহৰ ইতিহাস
আৰু সভ্যতাৰ স্তৰে স্তৰে একোটা নিৰ্ণয় সূত্ৰ
মৃতস্নান কৃষকৰ সাধনা কঠোৰ;
নিৰন্ন বিমৰ্ষ আৰু ক্লান্ত ...... শ্ৰান্ত সন্ধিয়াত
দুঃসহ হৈ পৰে । মহাজনী অৰ্থনীতি ঃ দৈনন্দিন
লাভ আৰু ক্ষতিৰ গননা ।

পাৰ ভাঙি পানী আহে
সোঁতৰ ছেৱে ছেৱে বাঢ়ে, নাচে আৰু হাঁহে ।
ক্ৰুৰ সৰ্পঃ ফেনিল উত্তল তৰংগ ৰাজি
বুকুৰ সেউজ সপোনটোক কাঢ়ি লৈ যায়
বাধা নাই অবাধে আহিল আৰু গ'ল । তেতিয়া
মই কান্দো, সি আৰু পথাৰেও ইনাই বিনাই কান্দে ।
বিচিত্ৰ অভিব্যক্তি । সন্মিলিত কৃষকৰ সমস্বৰ দৃঢ়কণ্ঠ
বিননিত বিদ্ৰোহৰ জাগৰণ আহে । অভ্যুদ্যয় প্ৰভাতী চেতনা ।
অগ্নিদীক্ষা ...... দ্ৰুত অভিযান অবিৰাম । অধিকাৰ,
সংগ্ৰামৰ পথাৰত শ্ৰমজীৱী মানুহৰ তেজেৰঙা ইতিহাস
লিখা হয় । পৰিৱৰ্তন । আৰু
হাল, কোৰ, দা নতুন যুগৰ অভিযাত্ৰী শ্ৰমিক কৃষক
পলাতক উদ্বাস্তু মহাজন, পুঁজিপতি , সমস্ত শোষক ঃ
বনপানী পাৰ ভঙি আৰু আহিব নোৱাৰে ।
সেউজীয়া প্ৰাণৰ পথাৰ
সোনালী ৰুপালী হয়; বাকৰিত সোণগুটি লাগে

নতুন ..... আৰু নতুন ।
হে পথাৰ ,
হে সৃষ্টি সম্ভৱা বিশাল পথাৰ,
তোমাক নমস্কাৰ ।


Read other poems of Ram Gogoi


No comments:

Post a Comment