Aghari - Poems of Ram Gogoi - অঘৰী - ৰাম গগৈৰ কবিতা


অঘৰী

কোনো এক সাধাৰণ জীপ্‌চী গাভৰূৰ
শ্ৰান্ত ক্লান্ত জীৱনৰ মৰণ কান্দোন,
হাট বজাৰৰ ধূলি ধূসৰিত শয্যাত কান্দে
বুভুক্ষু যৌৱন । বাধাহীন অভিসাৰ
উন্মত্ত প্ৰেমৰ ।

যাযাবৰী জীৱনৰ যাত্ৰা অনৰ্গল,
ধন-মান যশস্যাৰ বৃথা আড়ম্বৰ ।
সন্মুখত পৰি আছে পথ ;
জীৱন আৰু মৃত্যুৰ দুৰত্বৰ ব্যৱধান ।
বাৰোৱাৰী জীৱনৰ অভগন দাবী,
কড়ি আৰু পইচাৰ মহা সমাৰোহ,
বিজেতাৰ আৱৰণহীন গৌৰৱ ।
ভৃত্য প্ৰেম পৰশকাতৰ অৱসৰ ...
অৱসৰ ক'ত ...

গৃহহীন জীপ্‌চি জীৱন কথা ।
সভ্যতাৰ কোনো এক ৰুপোৱালী প্ৰভাতত
হয়তোবা যাত্ৰাৰ আৰম্ভ । অন্তহীন জীপ্‌চি কাহিনী ।
অনেক ভ্ৰমিলোঁ পথ , অনেক কটালোঁ ৰাতি
সংকটৰ, পৃথিৱীৰ হাট বজাৰত ।
চাৰ্ব্বাক, প্লেট' , ৰুচ , দৰ্শন , উপনিষদ
কালৰ মামৰে যাক নোৱাৰিলে ছুব,
এৰি থৈ আহিলোঁ সবাকে
নতুনৰ সন্ধানত ।

সত্য আৰু সুন্দৰৰ পাছে পাছে
শাশ্বত সুন্দৰ বিচাৰি
অবিৰাম মহা জীৱনৰ,
ফুৰিলোঁ অনেক পথ;
(নীৰৱ এতিয়া য'ত ইতিহাস কালৰ গৰ্ভত
আমি তাৰ উত্তৰাধিকাৰী ।)

যাযাবৰী জীৱনৰ যাত্ৰা অনৰ্গল,
এই যাত্ৰা, এই পথ হ'ব জানো শেষ ।
অৱসৰ ...... অৱসৰ ক'ত ....





No comments:

Post a Comment