জোৱাৰ যিদিনা আহিলে
ৰূদ্ধ পথৰ পাহাৰ বাগৰি
শিলনি বননি গছকি খলকি,
হেজাৰ হেজাৰ যুগৰ বুকুত,
তুলি জীৱনৰ -- মনৱিকতাৰ
আদি সৃষ্টিৰ কঁপনি,
মোৰ চেতনাৰ বিশাল নদীৰ
ঢৌ নাচি নাচি,
মুক্তি জোৱাৰ আহিলে যিদিনা
সিদিনাৰে পৰা
অযুত অক্ষয় মোৰ জীৱনৰ দাবী ।
মোক লাগে মাতৃগৰ্ভ পৃথিৱীৰ চিৰনতুন;
মই নিতৌ দেখিছোঁ মহাজীৱনৰ
অহা কালিৰ সপোন
স্বাগত হে অনাগত
বৰ্তমানৰ ভবিষ্যতৰ,
বিকাশমান ভ্ৰূণ
মাটিৰ বুকুত আমাৰ জীৱন
অজৰ অমৰ .... আমাক কোনে মাৰে ... ?
কেৱল আমাৰ বুকুৰ তেজেৰে
যুগে যুগে
পৃথিৱী উৰ্ব্বৰা হয় ।
' এই পৃথিৱীত ফচল নহয়'
কোনোবাই যদি কয়
শস্য শ্যামল মাটিৰ বুকুত
কোনোবাই দিলে জুই
ক্ষমাহীন আমি সংগ্ৰাম কৰি
সিঁহতক নিম ধুই .....
আমাৰ বিশ্ব সুন্দৰ হ'ব,
উভৈনদীৰ বান উঠিব,
মুখে মুখে গাম সৃষ্টিৰ গান
আগুৱাম অভিযান ......
জীৱনে জীৱনে মহাসৃষ্টিৰ
সংগ্ৰাম নিৰ্ভয়,
মৃত্যুৰ পৰাজয় ।
মোৰ চেতনাৰ বিশাল নদীত
নিতৌ উঠিছে ঢৌ .....
হেজাৰ হেজাৰ ঢৌ
No comments:
Post a Comment