Drawing tutorial 030 - Three point perspective

Three point perspective uses three vanishing points. If you have not gone through single point and two point perspective then please read them. Two of the vanishing points can be set on the horizon line. The third vanishing point can be above or below the horizon line depending on the position of the observer. Once the three points are set, it will look somewhat like the figure below:


Drawing tutorial 029 - Two point perspective

Vanishing points and single point perspective has  been discussed in earlier post. Single point perspective renders the three dimensional world on paper in a way that the object that are distant tends to vanish to one point which is called as vanishing point. Single point is good to describe scenes that has straight tracks like road or rail track that is tends to disappear in a distant horizon towards the line of sight.


However, for wide scene where the objects and elements in the frame are so far in both left and right of the viewer that they appear to vanish at a distance both side of the viewer it is necessary to apply two point perspective. This is useful while rendering objects like city view that spread both sides to long distances.

Thupitora (থুপিতৰা) - Poems of Laksminath Bezbaruah - Kadamkali

                 মৰণ
আহক মৰণ ভয় নকৰোঁ সমূলি
কিন্তু হওক তেও, যি জনে এই নিঃকিনক,-
"বপুৰা বেচেৰা! ৰুইছিল এজুপি অশোক,
ফুলি যাৰ ফুল, আমোদিছে অসম সদায় ।"

                ভদ্ৰতা
ভদ্ৰ হোৱাঁ, ভদ্ৰ হোৱাঁ, ভদ্ৰ হোৱাঁ ভাই !
আনৰো ভদ্ৰতা সি আনিব জগাই ।

              কৰ্ম
কাম কৰাঁ মন-প্ৰাণ ঢালি
সুফল আজি বা নতু কালি ।

কৰ্মৰ আত্মা-প্ৰতিপাদন
মূহুৰ্তকো ব্যয় নকৰিবা
নিজ কৰ্যগুন ব্যখ্যা কৰি
কাৰ্যে নিজে প্ৰকাশ কৰিব,
নোৱাৰিবা তুমিতো চিয়ঁৰি ।

       এলাহৰ দৰব
জীৱনক ধেমালি নেভাবি
কৰি যোৱা প্ৰাণটাকি বন,
বাখানক যেয়ে যিহোক কৈ,
ই জীৱন নহয় সপোন ।
সকলো যে কামত মগন,
দিনে-ৰাতি শাতি-শুৰ্তি নাই,
এলাহ সাৱটি থাকাজন
পলে পলে ৰসতলে যায় ।

                   সংগ্ৰাম
কোৱা সচাঁকৈয়ে বাৰু হে'ৰা বিচক্ষণ !
সংগ্ৰামবিহীন প্ৰাণ কিহৰ কাৰনে ?
জনমৰে পৰা চোৱা মৃত্যু পৰিমিত
সাধুজনে যুঁজ কৰাঁ বিধিৰ বিহিত ।
তেন্তে কিয় পাছ ভৰি , নকৰি সংগ্ৰাম ?
সংগ্ৰাম আৰাম হেৰা ! সংৰাম আৰাম !

সোণৰ শিকলি

মাহ-পখ সোণৰ শিকলি
ইশ্বৰৰ দান,
দণ্ড পল একোটা আঙঠি,
পায়গৈ বৈকুণ্ঠৰ থান ।
শিকলি যে ছিগি যাব চাবা,
যাত্ৰা শেষ নৌহওঁতেই,
সাৱধানে বাট বুলি যাবা
শুচি আৰু সংগ্ৰাম হৈ ।

সৰু আৰু বৰ

কামৰেইহে উন্নত আসন,
ওখ আৰু ভেদ বিনাশন ।
পাচি সজা, কামি চঁচা, টঙাল তুলুৱা,
সম্মানৰ কাম , নীহ মাথোঁ এলেহুৱা ।


আত্মসমৰ্পন

শুনা মোৰ কোনো চিন্তা নাই,
চিন্তাৰ গৰাকীক চিন্তাৰ ভাৰ দিছোঁ ভাই !
তুমি মৰা অপোন চিন্তাত,
মোৰ চিন্তা অচিন্ত্যৰ গাত ।

তোমাৰ কাম

সৌ যে চুকমণি আছে তোমালৈ পৰি,
উন্নতিৰ ঠাই, হে'ৰা যোৱা কাচিপাৰি ।
অজ্ঞান এন্ধাৰে ঢকা গুটিদেক লোক
আছে তাত জ্ঞান দিয়া, জন্ম সাম্‌ফ লোক ।
সুখী কৰা দুখিতাক, আশীৰ্বাদ লোৱা,
ঈশৱৰৰ থানলৈ আগবাঢ়ি যোৱা ।

কৃতিত্ব

আত্মমান, আত্মজ্ঞান, আপোন দমন,
এই তিনি উন্নতিৰ সুঁতি,
নাই ভয় কৰি যোৱা কাম,
সংসাৰত হ'বা তুমি কৃতী ।

উচ্চ আশা

পৰ উপকাৰ হওক জীৱনৰ ব্ৰত
পৰসেৱা হওক মোৰ কাম,
পৰৰ মৰম আৰু আশীৰ্বাদ লৈ,
যেন মোৰ শৰীৰ পেলাম ।

বৰ্তমান আৰু ভবিষ্যৎ

ৰোৱা, ৰোৱা, বাট চোৱা - এতিয়াৰ কাম
পকা দোৱা, সাঁচি থোৱা, খোৱা, গোৱা গান ।

মোৰ জীৱন

ধন্যবাদ ঈশ্বৰত দিওঁ -
জীৱন নহয় মিহি মোৰ,
সংসাৰৰ ঠেলা, হেঁচা টেপা
খাই আছোঁ দিনৌ দুৰ্ঘোৰ ।
এশ এটা শোকৰ তাপত,
এশ এটা নিৰাশাত হওক
মোৰ মনুষ্যত্ব বিকশিত,
উজু প্ৰাণ হিয়াহীন কি যে ভয়ানক
এধা-মৰা এধা-জীয়া প্ৰভু নিদিয়ক ।

উন্নতিৰ সঁচাৰকাঠি 

জীৱনৰ বহুদৰ্শিতাবই দিছে মোক সুবুদ্ধি পৰম,
বৰ হোৱা বুধিৰ কিটিপ মাথোঁ জানো, অদম্য উদ্যম
খামি পুতি সংকল্প কৰি, মৃত্যু নতু বিজয়সাধন,
এই কথা সৰোগত কৰি লভোঁ তুমি বিজয় ৰতন ।

উন্নতিৰ জখলা

উন্নতিৰ জখলাত তেওঁ
এনেই উঠিছে নাভাবিবা ,
টোপনিত থাকোঁতেই তুমি
তেওঁ কাম কৰিছে জানিবা ।

লক্ষ্য

থিৰ কৰাঁ উদ্দেশ্য তোমাৰ
লক্ষ্যভ্ৰষ্ট যতন বিফল,
সৰ্বপ্ৰান সৰ্বমন সঁপি
কাম কৰাঁ , গাত পাবা বল ।

কাল্পনিক আদৰ্শ

মনে গঢ়া আদৰ্শ নোপোৱা,
পৃথিৱীত যিমান বিচাৰা,
যদি তুমি আদৰ্শৰ অনুৰুপ
কৰি নিজক নগঢ়া ।

চকু

চকু লাগে নিজ কাম চিনি ল'বলৈ
সৰু কাম ? - হানি কিবা তাত ?
ঈশ্বৰৰ দত্ত সেয়ে, ভাবি লৈ তুমি
এহাশুধীয়াকৈ জিয়া হাত ।

প্ৰকৃত জীৱন

জ্ঞানীয়ে প্ৰমান কৰে, মুৰ্খই স্বীকাৰ,
নিজ আচৰণ ব্যৱহাৰ,
কৰ্মশীল জীৱনেই প্ৰকৃত জীৱন;
অন্যৰূপ জীৱন ধিক্কাৰ ।

সুখবোধ

কাৰেঙৰ ৰজা আৰু জুপুৰিৰ প্ৰজা
কোনেও নুবুজে কিনো সুখ,
মুৰৰ ঘাম ভৰিত পেলাই,
যদি তেওঁ নাই কৰা দুখ ।

সুখীয়া আৰু দুখীয়া

সুখী মই, - কামৰ অধীন
দুখী মই, - বক্তা কৰ্মহীন ।


কামৰ সমাপতি

ই জীৱনে কামৰ যে সমাপতি নাই,
আৰম্ভন, দৃষ্টান্তৰ মাথোঁ ঠাই ।

সময় পলায় 

কাম কৰাঁ, কাম কৰাঁ, সময় পলায়;
মৰিব সকলো; জীৱ যি নডৰায় ।

ভাগৰ

ভাগৰা কামত কেতিয়াবা,
নিষ্কৰ্মা ভাগৰে ৰাত্ৰি-দিবা ।

কোনটো উজু

ভাল কৰা উজু কাম
বেয়া কৰা টান,
ভাল কৰা সাধ্য
বেয়া অসাধ্য-সাধন ।

নিয়মৰ বান্ধোন

জোন, বেলি, আকাশৰ তৰা
পোহৰায় নিয়মত ধৰা,
কৰ্তব্যক সেইদৰে তুমি
নিয়মিত কৰিবলৈ ধৰা ।

মান - অপমান

সৰু কাম ঘিণ কৰা তুমি ?
বৰলৈ তোমাৰ হেঁপাহ ?
একো নকৰাহে অপমান
সৰু-বৰ মনৰ বিকাশ ।

এতিয়াই

নথাকিবা চাই কৰিম কৰিম বুলি কাম
এই মুহুৰ্ততে লাগি যোঁৱা,
কৰিব পাৰিম বুলি যি ভাবিছা তুমি
কৰা যদি সাহিয়াল হোৱা ।
এতিয়াই লাগি যোৱা, মনে বল পাব
উছাহত সকলো সিজিব,
অসাধ্য সাধন যেনে বাজীকৰ কৰে,
"সাহে সিধি, আৰ্জে নিধি" হ'ব ।

উদগনি

দিন যায়, উঠা সাজিপাৰি
সপোনত নিনিবা সময়,
আনে চোৱা যুঁজিছে যতনে
তুমি কিয় কাল কৰা ক্ষয় ?
ৰনুৱাৰ শাৰীত তোমাৰ
ঠাইকণি নেদেখা নে মিতা ?
সকলোৰে শক্তি অনুসাৰে
যুঁজিবলৈ আছে কিনো চিতা ?
ভুত আৰু ভবিষ্যৎ মিছা,
বৰ্তমানে মাতিছে তোমাক,
"হ'ল ", "হ'ব", নকৰি ভাবনা,
"হৈছে'"ত পেলোৱা আপোনাক ।

মুখ্য লক্ষ

জীৱনৰ মুখ্য লক্ষ্য কাম
শকতিৰ সম্পুৰ্ন বিকাশ,
ঈশ্বৰৰ সুনিৰ্দিষ্ট মানুহৰ কাম,
তাত কৰা বাস ।
কৰ তাক ঈশ্বৰত কৰি সমৰ্পণ
নিজ, পৰ অৰ্থে,
আচৰিত আনন্দৰ মিলি যাব ৰোল
সন্তোষৰ সৈতে ।

কৰ্ম জীৱন

কামত মগন জন জীৱন সফল
কামত জীৱন আগুৱায়,
কামে ঠেলি নিয়ে জানা উন্নতিৰ বাট
তাৰ আৰু কোনো চিন্তা নাই ।

স্বধৰ্ম 

য'ত আছা, যি কৰিছা, কৰা ভালকৈ
স্বধৰ্মে নিধন শ্ৰেষ্ঠ , পৰধৰ্ম ভয়াবহ হয় ।

স্বভাৱৰ দান

সুশোভন সুখ ঠাই, স্বভাৱৰ দান,
বিজয় চুড়াৰে সুমণ্ডিত,
সাহিয়াল সজ লোকে মাথোঁ পায় তাক
জানিবা নিশ্চিত ।
অন্ধকাৰ অকল্যান শূন্য তমোময়,
স্বভাৱৰ বিৰোধপন্থীৰ মাথো হয় ।

Funny poems by Lakshminath Bezbaruah(ধেমেলীয়া কবিতা - লক্ষীনাথ বেজবৰুৱা)

                বৃন্দা-চন্দ্ৰাৱলী সংবাদ

চন্দ্ৰা ঃ Now look here Brinda বাই,
                                            go tell him go : -
          মই ৰাধা নহওঁ, বাঁহী বাই নচুৱাব মোক so !
          Let him go to Radha's Bower
                                        here no চালাকি ।
          ইমান পাতল নহয় চন্দ্ৰা, ভালৰ জীয়াৰী নহয় কি?

বৃন্দা ঃ হ'ব পাৰা ভালৰ জীয়াৰী, হ'ব পাৰা গধুৰ
          But why abuse our Radha?
                                     what is her কচুৰ ?
           হাক দিলেও, কলাই বাঁহী বজাবলৈ নেৰে ।
           Aweful naughty that boy
                                   ৰাধাক বলিয়া কৰে ।

চন্দ্ৰা ঃ Steel the flute, pay him back in his
                                                    own coin;
          ফুটাকেইটাত মাটি সুমাই মাৰি দিয়াঁ তাৰ জইন ।

          That's the way to put an end to that
                                                         nuisance.

          যোৱাঁ । বৃন্দা যোৱাঁ লক্ষী । pray have no

                                                        nonsence .


              চালনী আৰু বেজী

চালনীয়ে বোলে বেজী ভাই তুমি কিয় ফুটা ?
           নহয়নে বাৰু হাঁহি উঠা ?
           হাঁহি হাঁহি হাঁহি উঠা,
           নহয়নে বাৰু হাঁহি উঠা ?

তিনিকুৰীয়াই আনে বিয়াই বাৰ-বছৰীয়া
পকা ডাঢ়ি-চুল কাঢ়ি কৰে নাইকিয়া ;
সেলেঙি লগাই ডেকেলি কৰে ওঁঠ ৰঙা কৰি
নাতিনীজুৰীয়া ঘৈণীক মাতে বুলি প্ৰাণেশ্বৰী ।
              নহয়নে বাৰু হাঁহি উঠা ?

গোঁফঠুটীয়া ডেকা ল'ৰাই প্ৰেম-কবিতা লেখি,
ভব্যগব্য কবি হ'লো ভাবি থকা দেখি,
কাৰনো বাৰু হাঁহি নুঠে, কাৰনো নুঠে খং,
পদ্যপাঠ পঢ়োঁতাৰ দেখি এনে ঢং ?
                   নহয়নে বাৰু হাঁহি উঠা ?

ইন্তাহানত ফেল মাৰি মাথা মুণ্ডু লেখি,
কৃটিক হৈ বৰক গালি ছপাই উলিৱা দেখি,
কাৰনো নুঠে মূৰৰ বিষ, কাৰনো নাহে হাঁহি,
খজুৱতি তোলা এনে দেখি বালিচাহী
                  নহয়নে বাৰু হাঁহি উঠা ?

মোৰ নামটো ভোট-তৰা, মোৰ যহটো ৰৌ
মোৰ গুণৰ কীৰ্তন কৰ, শুনিছ নে ঔ !
নহ'লে দিম গালি পাৰি, পাছত মাৰিম খোচ
উভতি ধৰিলে যদিও ভয়ত খাম কোচমোচ ।
                  নহয়নে বাৰু হাঁহি উঠা ?

আগৰ তৰপ ডাঙৰীয়াক ভেমৰ বাবে হাঁহো,
কিন্তু মই ডাঙৰ হৈ তাৰো ওপৰত বহোঁ ।
এফ-এ ফেল, বি-এ পছ বিদ্যাৰ টোপোলা
নৈতিক বলত বাহৰ চুঙা গোটেই ফোঁপোলা ।
                    নহয়নে বাৰু হাঁহি উঠা ?

এচিকট ক্ষমতাতে ঢোল ওফন্দা দিওঁ
"দেউতা ঈশ্বৰ" নুবুলিলে হওঁ উতলা ঘিউ ।
আগৰ অকৰা দুখীয়া পালে পোটক তোলা মই,
অসমীয়া নতুন হাকিম মোকে বুলি কয় ।
                     নহয়নে বাৰু হাঁহি উঠা ?

দেশোদ্ধাৰৰ এক নম্বৰ, পেট্ৰীয়ট পকা
ভাষা-নাৱৰ গুৰি-বঠা গদ্য-পদ্যত চোকা ।
কলিকতাত ৰিফৰ্মাৰ,, অসমত বেঁকা ,
গা নুধুই চা নাখাওঁ, নাখাওঁ বৈনাইৰ হোকা ।
                      নহয়নে বাৰু হাঁহি উঠা ?

সাজ লাগিলে শুকান ওঁঠ ফটিকাৰে তিতে
পুৱা হ'লে সন্ধ্যা পুজাৰ ভোট্‌ভোটনি নিতে ।
ৰজহুৱা, পূজাত ওজা, ঘৈণীৰ ওপৰত ৰজা
                      নহয়নে বাৰু হাঁহি উঠা ?
                      হাঁহি হাঁহি হাঁহি উঠা,
                      নহয়নে বাৰু হাঁহি উঠা ?

******************************************
                           ১

কলির শহর কলকাতাটার উপকণ্ঠ গ্রাম
বেহালা-বঁরশির আড্ডা যাচ্ছেতাই নাম ।
কুঁড়েৰ সৰ্দ্দাৰ লোকগুলো অপদাৰ্থ ভৰা,
fiddle-stick তৈৰি আৰ কাজ মাছ ধৰা ।
পালেৰ গোদা অষ্টাবক্ৰ পাঠশালেৰ গুৰু,
গোড়ায় জল দিন ৰাত্তিৰ তবু বুদ্ধি সৰু ।
ঝ খ ঙ ভ্যাঁ ভ্যাঁ কৰে হাতে লম্বা ছড়ি,
চাষা-ভূষাৰ ছেলেগুলোকে দেয় হাতে খড়ি ।
পিটে ঘোড়াগুলা বানিয়ে দেয় গাধা
বলিহাৰি গুৰু মশায় বুদ্ধি তাৰ আধা ।
ত্ৰিভঙ্গ মূৰতি গুৰু হাঁড়ি পানা-মুখ
বাৰ্ডসাই পিকাৰ ধোঁয়া ছাড়ে দেখে হয় দুঃখ ।
শৰত কালেৰ ৰাত্তিৰ বেজায় বিতোপন,
আফিমেৰ ঝোঁকে গুৰু দেখিল স্বপন ।
সুন্দৰী ৰমণী ৰম্ভা, তিলোত্তমা,
চাঁদ হাতে নেমে বসল শিবেৰ কোলে উমা ।
সভ্যতা ভব্যতা প্ৰেম যাহা কিছু ভাল,
নিমেষেতে দিয়ে শিক্ষা চকিতে পালাল ।
নেশা গেল - শূন্য কোল - ভাঙ্গিল স্বপন,
কোথা গেলি বলে বুড় কৰয়ে ৰোদন ।
অনন্তেৰ কোলে ছিল লক্ষীপতি শুয়ে,
বৰ দিল বামুনকে কৰুণাদ্ৰ হয়ে ।
পূৰ্ব্ব-জন্ম-পুণ্য আৰ সেই বৰ-ফলে
স্বপ্নদৃষ্ট সুন্দৰীৰে হস্তগত কৰলে । *
বুড় বামুণ পাঠশালে গুৰুগিৰি কৰে,
ক খ ঙ ভ্যাঁ ভ্যাঁ কৰে হাতে ছড়ি ধৰে ।
নাইনিতাল আলু চোখ, অষ্টাবক্ৰ দেহ,
সাজিমাটি মাখা মুখ নাহিক সন্দেহ !
বৰ্ম্মাই পিকা ধোঁয়া ছাড়ে পাটকলেৰ চিম্নি,
উড়ে মুলুকে বুড় কাঁদে কাছে নাই গিন্নি ।
শৰত কালেৰ ৰাতি অতি বিতোপন,
আফিমেৰ নেশায় গুৰু দেখিল স্বপন ।
পেয়ে ৰত্নখানি হৰ্ষে অষ্টাবক্ৰ আটখানা হয়ে,
অ আ ই ঈ গেয়ে নাচে তাধিয়ে তাধিয়ে ।
বিধি বলে দিচ্ছি মজা দাঁড়াও ঠাকুৰ,
দড়ি বেঁধে টেনে ফেললে অতি বহুদুৰ ।
হায় ! উড়ে মুলুকে বুড় কাঁদে কাছে নেই গিন্নি,
বাৰ্ডসাই পিক ধোঁয়া ছাড়ে পাটকলেৰ চিম্নি ।
এখন কি কৰিব কোথা যাব হাঁফাল পৰাণ ,
কবি কহে পাপ-অন্তে তবে পুনৰ মিলন । **

                       ২

আমি যাই তাদেৰ ঘৰে তাৰা নাই ঘৰে,
তাৰা এল আমাৰ ঘৰে ৰোষে যায় ফিৰে ।
আমি যাই, যাবাৰ নাম, তাহাৰা পালায়,
আসে তাৰা ধৰতে মোৰে, ফেৰে নিৰাশায় ।
অমনি কৰে লুকোচুৰি, চলে ৰাত দিন,
যেন নেইক পৰিচয়, অজানা অচিন ।
হাসছি বসে হায় ৰে হায় - কুল পাতে ঠাই
ছিল, আজ পদ্ম পাতে ঠাই মোৰ নাই !
কেমন ঠিক তাই না ?


                                ৩
                            কুহুধ্বনি

                সহসা কুহুধ্বনি পশিল শ্ৰবণে
অবশ বিভোল বুকে                     মদিৰ উচ্ছাস সুখে
          জাগিয়া উঠিল কোন বাসন্তী স্বপনে ।
সেই নীলাকাশ তলে                    এ কোন মোহেৰ ছলে
          কে জানালে এই মোৰ আজি এই ক্ষণে ?
কোন আম্ৰকুঞ্জ                           ও কুহু ৰাগিণী গায়
          কোন সুধা-স্ৰোত বহে মধু সমীৰণে?
          যে প্ৰাণে দুঃখেৰ ঘন বৰষা সঞ্চাৰ
কে সৰাল মেঘ থৰে                     ফুটাইল ৰবি-কৰে
          কে দেখাল অমা মাঝে এ হাসি জ্যোৎস্নাৰ ?
এই হৃদয়েৰ কুঞ্জে                         কে ফুটালে পুঞ্জে পুঞ্জে
          ফুটন্ত সৌন্দৰ্য ৰাশি যুঁই মল্লীকাৰ ?
কোন সুৰলোক হতে                  পশিল এ হৃদয়েতে
           কোন সুধাধাৰা কোন স্বৰ্গীয় বীণাৰ ?
           ঐ ঘন কুহুধ্বনি সহসা কেমনে
মোহিয়া হৃদয় তল                          কোন সুধা-কণ্ঠে বল
           এমন মধুৰ স্বৰে ভাসে সমীৰণে ।
অবশ বিভোল প্ৰাণ                    শুনি ও মোহিনী গান
           কি কুহক-জাল ছেয়ে দিতেছে নয়নে ।
আমি ঐ সুধা পিয়ে                       হয়েছি বিভোল চেয়ে
           হৃদয় উঠেছে ভৰে বাসন্তী স্বপনে ।



                  ৪

      সম্বলপুৰেৰ গৰম

সম্বলপুৰেৰ গৰম ৰে ভাই
               সম্বলপুৰেৰ গৰম
ভেজে পুৰে যাচ্ছে মোদেৰ
               নাইক মনে ধৰম
প্ৰত্যূষেতে সূৰ্যি ওঠে
                আগুন লাল গোলা ।
ফিন্‌কি দিয়ে গৰম ছোটায়
               সাৰা সকাল বেলা ।
দুপুৰ ৰোদে দগ্ধ শৰীৰ
               ৰুদ্ধ ৰুদ্ধ শ্বাস ।
চাৰ-পাঁচটায়ও ৰক্ষে নেই
               হায় কি ৰে বাতাস
পাগল বুনো মোষেৰ মতো
               গৰম ছোটে হেথা ।
গুটিয়ে পুৰিয়ে সাঙ্গ কৰল
               কি কহিব কথা
কবি কহে ত্ৰাহি দুৰ্গা
               দুৰ্গতিনশিনী ।
নিপাত কৰ এই অসুৰকে
              মহিষমৰ্দিনী ।


                                  ৫

              Lilly-of-valley ও ভেৰেণ্ডায় ভৰা
              আমাদেৰ এই বাগান সাৰা
              তাহাৰ মাঝে আছে মেম এক
              সকল মেমেৰ সেৰা
              সে মেম স্বপ্ন দিয়ে তৈৰী সে যে
                             boyscout দিয়ে ঘেৰা ।

Chorus:
             এমন মেমসা'ব কোথাও খুঁজে
             পাবে নাক তুমি
              সকল মেমেৰ সেৰা সেই
              ভেৰেণ্ডা মেমসা'বখানি ।।
              এত তীক্ষ্ণ বুদ্ধি কাহাৰ, কোথা এমন পদ্যেৰ পাহাড়
              কোথায় এমন নাগেশ্বৰ আকাশ তলে মেশে
              এমন ফুলেৰ উপৰ ঢেউ খেলে যায় pagoda
                                               যাৰ কেশে ।

Chorus:
             এমন মেম, ইত্যাদি ।
             মালতী মেমেৰ স্নেহ কোথায় গেলে পাবে কেহ
                        ও মেম তোমাৰ হাসনাহানা
                                              মেগনলিয়া ভৰি
             তোমাৰ ঐ মধ্যমনৰায়ন তেল দিয়ে ঐ মস্তক
                                              শীতল কৰি

Chorus:
             এমন মেম, ইত্যাদি ।



                                ৬

Old mens' marriage propaganda society

Chorus:
        বিয়ে কৰ, বিয়ে কৰ, ওহে বুড়ৰ দল ।
        বিয়ে কৰে পাবে ৰে ভাই অক্ষয় স্বৰ্গেৰ ফল ।।
১      বয়স বয়স কৰে মৰে যত অৰ্বাচীন ষণ্ড ।
        বয়সেৰ মৰ্ম বোঝে কেবা ? বোঝে ঘোড়াৰ এণ্ড ।।
২      শিবেৰ বয়স গুণতে যখন হাৰল শুভঙ্কৰী ।
        তখন এসে কৰলেন বিয়ে নয় বছৰেৰ গৌৰী ।
৩     কটিয়ে দিয়ে একটি কল্প অনন্ত-শয্যায় ।
        বিষ্ণু উঠে কৰলেন বিয়ে জলনিধিৰ কন্যায় ।।
৪     পৰশৰেৰ দাঁড়ি যখন হল শোনেৰ নুড়ি ।
       তখন এসে কৰলেন বিয়ে জেলেদেৰ এক ছুঁড়ি ।।
৫     বৃদ্ধ দশায় ছেৰে তপ মহৰ্ষি চ্যবন ।
       বিয়ে কৰে ৰাজাৰ কন্যা ধৰ্মে দিলেন মন ।।
৬    শৰীৰ যখন জৰায় জীৰ্ণ, নিব নিব বাতি ।
       বিয়ে কৰে হলেন যুব ৰাজৰ্ষি যযাতি ।।
 ৭    বয়স বয়স কৰে মৰে যত চ্যাংড়া ভুত ।
       বয়স যত বাড়ে তত বাড়ে বিয়েৰ যুত ।।

Chorus:
       বিয়ে কৰ, ইত্যাদি ।।

****************************************
এই ধেমেলীয়া বাংলা কবিতা কেইটা বেজবৰুৱাৰ চিঠিৰ মাজত পাই ড০ মহেশ্বৰ নেওগে 'পত্ৰলেখা'ৰ শেহত 'কবিতা-চিঠি' নাম দি সন্নিবিষ্ট কৰি থৈছিল ।
প্ৰজ্ঞাসুন্দৰীৰ টোকা ঃ 'আন্দাজ LnB ক্ষীরোদ বাবুকে লিখেছিলেন ।'