মৰণ
আহক মৰণ ভয় নকৰোঁ সমূলি
কিন্তু হওক তেও, যি জনে এই নিঃকিনক,-
"বপুৰা বেচেৰা! ৰুইছিল এজুপি অশোক,
ফুলি যাৰ ফুল, আমোদিছে অসম সদায় ।"
ভদ্ৰতা
ভদ্ৰ হোৱাঁ, ভদ্ৰ হোৱাঁ, ভদ্ৰ হোৱাঁ ভাই !
আনৰো ভদ্ৰতা সি আনিব জগাই ।
কৰ্ম
কাম কৰাঁ মন-প্ৰাণ ঢালি
সুফল আজি বা নতু কালি ।
কৰ্মৰ আত্মা-প্ৰতিপাদন
মূহুৰ্তকো ব্যয় নকৰিবা
নিজ কৰ্যগুন ব্যখ্যা কৰি
কাৰ্যে নিজে প্ৰকাশ কৰিব,
নোৱাৰিবা তুমিতো চিয়ঁৰি ।
এলাহৰ দৰব
জীৱনক ধেমালি নেভাবি
কৰি যোৱা প্ৰাণটাকি বন,
বাখানক যেয়ে যিহোক কৈ,
ই জীৱন নহয় সপোন ।
সকলো যে কামত মগন,
দিনে-ৰাতি শাতি-শুৰ্তি নাই,
এলাহ সাৱটি থাকাজন
পলে পলে ৰসতলে যায় ।
সংগ্ৰাম
কোৱা সচাঁকৈয়ে বাৰু হে'ৰা বিচক্ষণ !
সংগ্ৰামবিহীন প্ৰাণ কিহৰ কাৰনে ?
জনমৰে পৰা চোৱা মৃত্যু পৰিমিত
সাধুজনে যুঁজ কৰাঁ বিধিৰ বিহিত ।
তেন্তে কিয় পাছ ভৰি , নকৰি সংগ্ৰাম ?
সংগ্ৰাম আৰাম হেৰা ! সংৰাম আৰাম !
সোণৰ শিকলি
মাহ-পখ সোণৰ শিকলি
ইশ্বৰৰ দান,
দণ্ড পল একোটা আঙঠি,
পায়গৈ বৈকুণ্ঠৰ থান ।
শিকলি যে ছিগি যাব চাবা,
যাত্ৰা শেষ নৌহওঁতেই,
সাৱধানে বাট বুলি যাবা
শুচি আৰু সংগ্ৰাম হৈ ।
সৰু আৰু বৰ
কামৰেইহে উন্নত আসন,
ওখ আৰু ভেদ বিনাশন ।
পাচি সজা, কামি চঁচা, টঙাল তুলুৱা,
সম্মানৰ কাম , নীহ মাথোঁ এলেহুৱা ।
আত্মসমৰ্পন
শুনা মোৰ কোনো চিন্তা নাই,
চিন্তাৰ গৰাকীক চিন্তাৰ ভাৰ দিছোঁ ভাই !
তুমি মৰা অপোন চিন্তাত,
মোৰ চিন্তা অচিন্ত্যৰ গাত ।
তোমাৰ কাম
সৌ যে চুকমণি আছে তোমালৈ পৰি,
উন্নতিৰ ঠাই, হে'ৰা যোৱা কাচিপাৰি ।
অজ্ঞান এন্ধাৰে ঢকা গুটিদেক লোক
আছে তাত জ্ঞান দিয়া, জন্ম সাম্ফ লোক ।
সুখী কৰা দুখিতাক, আশীৰ্বাদ লোৱা,
ঈশৱৰৰ থানলৈ আগবাঢ়ি যোৱা ।
কৃতিত্ব
আত্মমান, আত্মজ্ঞান, আপোন দমন,
এই তিনি উন্নতিৰ সুঁতি,
নাই ভয় কৰি যোৱা কাম,
সংসাৰত হ'বা তুমি কৃতী ।
উচ্চ আশা
পৰ উপকাৰ হওক জীৱনৰ ব্ৰত
পৰসেৱা হওক মোৰ কাম,
পৰৰ মৰম আৰু আশীৰ্বাদ লৈ,
যেন মোৰ শৰীৰ পেলাম ।
বৰ্তমান আৰু ভবিষ্যৎ
ৰোৱা, ৰোৱা, বাট চোৱা - এতিয়াৰ কাম
পকা দোৱা, সাঁচি থোৱা, খোৱা, গোৱা গান ।
মোৰ জীৱন
ধন্যবাদ ঈশ্বৰত দিওঁ -
জীৱন নহয় মিহি মোৰ,
সংসাৰৰ ঠেলা, হেঁচা টেপা
খাই আছোঁ দিনৌ দুৰ্ঘোৰ ।
এশ এটা শোকৰ তাপত,
এশ এটা নিৰাশাত হওক
মোৰ মনুষ্যত্ব বিকশিত,
উজু প্ৰাণ হিয়াহীন কি যে ভয়ানক
এধা-মৰা এধা-জীয়া প্ৰভু নিদিয়ক ।
উন্নতিৰ সঁচাৰকাঠি
জীৱনৰ বহুদৰ্শিতাবই দিছে মোক সুবুদ্ধি পৰম,
বৰ হোৱা বুধিৰ কিটিপ মাথোঁ জানো, অদম্য উদ্যম
খামি পুতি সংকল্প কৰি, মৃত্যু নতু বিজয়সাধন,
এই কথা সৰোগত কৰি লভোঁ তুমি বিজয় ৰতন ।
উন্নতিৰ জখলা
উন্নতিৰ জখলাত তেওঁ
এনেই উঠিছে নাভাবিবা ,
টোপনিত থাকোঁতেই তুমি
তেওঁ কাম কৰিছে জানিবা ।
লক্ষ্য
থিৰ কৰাঁ উদ্দেশ্য তোমাৰ
লক্ষ্যভ্ৰষ্ট যতন বিফল,
সৰ্বপ্ৰান সৰ্বমন সঁপি
কাম কৰাঁ , গাত পাবা বল ।
কাল্পনিক আদৰ্শ
মনে গঢ়া আদৰ্শ নোপোৱা,
পৃথিৱীত যিমান বিচাৰা,
যদি তুমি আদৰ্শৰ অনুৰুপ
কৰি নিজক নগঢ়া ।
চকু
চকু লাগে নিজ কাম চিনি ল'বলৈ
সৰু কাম ? - হানি কিবা তাত ?
ঈশ্বৰৰ দত্ত সেয়ে, ভাবি লৈ তুমি
এহাশুধীয়াকৈ জিয়া হাত ।
প্ৰকৃত জীৱন
জ্ঞানীয়ে প্ৰমান কৰে, মুৰ্খই স্বীকাৰ,
নিজ আচৰণ ব্যৱহাৰ,
কৰ্মশীল জীৱনেই প্ৰকৃত জীৱন;
অন্যৰূপ জীৱন ধিক্কাৰ ।
সুখবোধ
কাৰেঙৰ ৰজা আৰু জুপুৰিৰ প্ৰজা
কোনেও নুবুজে কিনো সুখ,
মুৰৰ ঘাম ভৰিত পেলাই,
যদি তেওঁ নাই কৰা দুখ ।
সুখীয়া আৰু দুখীয়া
সুখী মই, - কামৰ অধীন
দুখী মই, - বক্তা কৰ্মহীন ।
কামৰ সমাপতি
ই জীৱনে কামৰ যে সমাপতি নাই,
আৰম্ভন, দৃষ্টান্তৰ মাথোঁ ঠাই ।
সময় পলায়
কাম কৰাঁ, কাম কৰাঁ, সময় পলায়;
মৰিব সকলো; জীৱ যি নডৰায় ।
ভাগৰ
ভাগৰা কামত কেতিয়াবা,
নিষ্কৰ্মা ভাগৰে ৰাত্ৰি-দিবা ।
কোনটো উজু
ভাল কৰা উজু কাম
বেয়া কৰা টান,
ভাল কৰা সাধ্য
বেয়া অসাধ্য-সাধন ।
নিয়মৰ বান্ধোন
জোন, বেলি, আকাশৰ তৰা
পোহৰায় নিয়মত ধৰা,
কৰ্তব্যক সেইদৰে তুমি
নিয়মিত কৰিবলৈ ধৰা ।
মান - অপমান
সৰু কাম ঘিণ কৰা তুমি ?
বৰলৈ তোমাৰ হেঁপাহ ?
একো নকৰাহে অপমান
সৰু-বৰ মনৰ বিকাশ ।
এতিয়াই
নথাকিবা চাই কৰিম কৰিম বুলি কাম
এই মুহুৰ্ততে লাগি যোঁৱা,
কৰিব পাৰিম বুলি যি ভাবিছা তুমি
কৰা যদি সাহিয়াল হোৱা ।
এতিয়াই লাগি যোৱা, মনে বল পাব
উছাহত সকলো সিজিব,
অসাধ্য সাধন যেনে বাজীকৰ কৰে,
"সাহে সিধি, আৰ্জে নিধি" হ'ব ।
উদগনি
দিন যায়, উঠা সাজিপাৰি
সপোনত নিনিবা সময়,
আনে চোৱা যুঁজিছে যতনে
তুমি কিয় কাল কৰা ক্ষয় ?
ৰনুৱাৰ শাৰীত তোমাৰ
ঠাইকণি নেদেখা নে মিতা ?
সকলোৰে শক্তি অনুসাৰে
যুঁজিবলৈ আছে কিনো চিতা ?
ভুত আৰু ভবিষ্যৎ মিছা,
বৰ্তমানে মাতিছে তোমাক,
"হ'ল ", "হ'ব", নকৰি ভাবনা,
"হৈছে'"ত পেলোৱা আপোনাক ।
মুখ্য লক্ষ
জীৱনৰ মুখ্য লক্ষ্য কাম
শকতিৰ সম্পুৰ্ন বিকাশ,
ঈশ্বৰৰ সুনিৰ্দিষ্ট মানুহৰ কাম,
তাত কৰা বাস ।
কৰ তাক ঈশ্বৰত কৰি সমৰ্পণ
নিজ, পৰ অৰ্থে,
আচৰিত আনন্দৰ মিলি যাব ৰোল
সন্তোষৰ সৈতে ।
কৰ্ম জীৱন
কামত মগন জন জীৱন সফল
কামত জীৱন আগুৱায়,
কামে ঠেলি নিয়ে জানা উন্নতিৰ বাট
তাৰ আৰু কোনো চিন্তা নাই ।
স্বধৰ্ম
য'ত আছা, যি কৰিছা, কৰা ভালকৈ
স্বধৰ্মে নিধন শ্ৰেষ্ঠ , পৰধৰ্ম ভয়াবহ হয় ।
স্বভাৱৰ দান
সুশোভন সুখ ঠাই, স্বভাৱৰ দান,
বিজয় চুড়াৰে সুমণ্ডিত,
সাহিয়াল সজ লোকে মাথোঁ পায় তাক
জানিবা নিশ্চিত ।
অন্ধকাৰ অকল্যান শূন্য তমোময়,
স্বভাৱৰ বিৰোধপন্থীৰ মাথো হয় ।
আহক মৰণ ভয় নকৰোঁ সমূলি
কিন্তু হওক তেও, যি জনে এই নিঃকিনক,-
"বপুৰা বেচেৰা! ৰুইছিল এজুপি অশোক,
ফুলি যাৰ ফুল, আমোদিছে অসম সদায় ।"
ভদ্ৰতা
ভদ্ৰ হোৱাঁ, ভদ্ৰ হোৱাঁ, ভদ্ৰ হোৱাঁ ভাই !
আনৰো ভদ্ৰতা সি আনিব জগাই ।
কৰ্ম
কাম কৰাঁ মন-প্ৰাণ ঢালি
সুফল আজি বা নতু কালি ।
কৰ্মৰ আত্মা-প্ৰতিপাদন
মূহুৰ্তকো ব্যয় নকৰিবা
নিজ কৰ্যগুন ব্যখ্যা কৰি
কাৰ্যে নিজে প্ৰকাশ কৰিব,
নোৱাৰিবা তুমিতো চিয়ঁৰি ।
এলাহৰ দৰব
জীৱনক ধেমালি নেভাবি
কৰি যোৱা প্ৰাণটাকি বন,
বাখানক যেয়ে যিহোক কৈ,
ই জীৱন নহয় সপোন ।
সকলো যে কামত মগন,
দিনে-ৰাতি শাতি-শুৰ্তি নাই,
এলাহ সাৱটি থাকাজন
পলে পলে ৰসতলে যায় ।
সংগ্ৰাম
কোৱা সচাঁকৈয়ে বাৰু হে'ৰা বিচক্ষণ !
সংগ্ৰামবিহীন প্ৰাণ কিহৰ কাৰনে ?
জনমৰে পৰা চোৱা মৃত্যু পৰিমিত
সাধুজনে যুঁজ কৰাঁ বিধিৰ বিহিত ।
তেন্তে কিয় পাছ ভৰি , নকৰি সংগ্ৰাম ?
সংগ্ৰাম আৰাম হেৰা ! সংৰাম আৰাম !
সোণৰ শিকলি
মাহ-পখ সোণৰ শিকলি
ইশ্বৰৰ দান,
দণ্ড পল একোটা আঙঠি,
পায়গৈ বৈকুণ্ঠৰ থান ।
শিকলি যে ছিগি যাব চাবা,
যাত্ৰা শেষ নৌহওঁতেই,
সাৱধানে বাট বুলি যাবা
শুচি আৰু সংগ্ৰাম হৈ ।
সৰু আৰু বৰ
কামৰেইহে উন্নত আসন,
ওখ আৰু ভেদ বিনাশন ।
পাচি সজা, কামি চঁচা, টঙাল তুলুৱা,
সম্মানৰ কাম , নীহ মাথোঁ এলেহুৱা ।
আত্মসমৰ্পন
শুনা মোৰ কোনো চিন্তা নাই,
চিন্তাৰ গৰাকীক চিন্তাৰ ভাৰ দিছোঁ ভাই !
তুমি মৰা অপোন চিন্তাত,
মোৰ চিন্তা অচিন্ত্যৰ গাত ।
তোমাৰ কাম
সৌ যে চুকমণি আছে তোমালৈ পৰি,
উন্নতিৰ ঠাই, হে'ৰা যোৱা কাচিপাৰি ।
অজ্ঞান এন্ধাৰে ঢকা গুটিদেক লোক
আছে তাত জ্ঞান দিয়া, জন্ম সাম্ফ লোক ।
সুখী কৰা দুখিতাক, আশীৰ্বাদ লোৱা,
ঈশৱৰৰ থানলৈ আগবাঢ়ি যোৱা ।
কৃতিত্ব
আত্মমান, আত্মজ্ঞান, আপোন দমন,
এই তিনি উন্নতিৰ সুঁতি,
নাই ভয় কৰি যোৱা কাম,
সংসাৰত হ'বা তুমি কৃতী ।
উচ্চ আশা
পৰ উপকাৰ হওক জীৱনৰ ব্ৰত
পৰসেৱা হওক মোৰ কাম,
পৰৰ মৰম আৰু আশীৰ্বাদ লৈ,
যেন মোৰ শৰীৰ পেলাম ।
বৰ্তমান আৰু ভবিষ্যৎ
ৰোৱা, ৰোৱা, বাট চোৱা - এতিয়াৰ কাম
পকা দোৱা, সাঁচি থোৱা, খোৱা, গোৱা গান ।
মোৰ জীৱন
ধন্যবাদ ঈশ্বৰত দিওঁ -
জীৱন নহয় মিহি মোৰ,
সংসাৰৰ ঠেলা, হেঁচা টেপা
খাই আছোঁ দিনৌ দুৰ্ঘোৰ ।
এশ এটা শোকৰ তাপত,
এশ এটা নিৰাশাত হওক
মোৰ মনুষ্যত্ব বিকশিত,
উজু প্ৰাণ হিয়াহীন কি যে ভয়ানক
এধা-মৰা এধা-জীয়া প্ৰভু নিদিয়ক ।
উন্নতিৰ সঁচাৰকাঠি
জীৱনৰ বহুদৰ্শিতাবই দিছে মোক সুবুদ্ধি পৰম,
বৰ হোৱা বুধিৰ কিটিপ মাথোঁ জানো, অদম্য উদ্যম
খামি পুতি সংকল্প কৰি, মৃত্যু নতু বিজয়সাধন,
এই কথা সৰোগত কৰি লভোঁ তুমি বিজয় ৰতন ।
উন্নতিৰ জখলা
উন্নতিৰ জখলাত তেওঁ
এনেই উঠিছে নাভাবিবা ,
টোপনিত থাকোঁতেই তুমি
তেওঁ কাম কৰিছে জানিবা ।
লক্ষ্য
থিৰ কৰাঁ উদ্দেশ্য তোমাৰ
লক্ষ্যভ্ৰষ্ট যতন বিফল,
সৰ্বপ্ৰান সৰ্বমন সঁপি
কাম কৰাঁ , গাত পাবা বল ।
কাল্পনিক আদৰ্শ
মনে গঢ়া আদৰ্শ নোপোৱা,
পৃথিৱীত যিমান বিচাৰা,
যদি তুমি আদৰ্শৰ অনুৰুপ
কৰি নিজক নগঢ়া ।
চকু
চকু লাগে নিজ কাম চিনি ল'বলৈ
সৰু কাম ? - হানি কিবা তাত ?
ঈশ্বৰৰ দত্ত সেয়ে, ভাবি লৈ তুমি
এহাশুধীয়াকৈ জিয়া হাত ।
প্ৰকৃত জীৱন
জ্ঞানীয়ে প্ৰমান কৰে, মুৰ্খই স্বীকাৰ,
নিজ আচৰণ ব্যৱহাৰ,
কৰ্মশীল জীৱনেই প্ৰকৃত জীৱন;
অন্যৰূপ জীৱন ধিক্কাৰ ।
সুখবোধ
কাৰেঙৰ ৰজা আৰু জুপুৰিৰ প্ৰজা
কোনেও নুবুজে কিনো সুখ,
মুৰৰ ঘাম ভৰিত পেলাই,
যদি তেওঁ নাই কৰা দুখ ।
সুখীয়া আৰু দুখীয়া
সুখী মই, - কামৰ অধীন
দুখী মই, - বক্তা কৰ্মহীন ।
কামৰ সমাপতি
ই জীৱনে কামৰ যে সমাপতি নাই,
আৰম্ভন, দৃষ্টান্তৰ মাথোঁ ঠাই ।
সময় পলায়
কাম কৰাঁ, কাম কৰাঁ, সময় পলায়;
মৰিব সকলো; জীৱ যি নডৰায় ।
ভাগৰ
ভাগৰা কামত কেতিয়াবা,
নিষ্কৰ্মা ভাগৰে ৰাত্ৰি-দিবা ।
কোনটো উজু
ভাল কৰা উজু কাম
বেয়া কৰা টান,
ভাল কৰা সাধ্য
বেয়া অসাধ্য-সাধন ।
নিয়মৰ বান্ধোন
জোন, বেলি, আকাশৰ তৰা
পোহৰায় নিয়মত ধৰা,
কৰ্তব্যক সেইদৰে তুমি
নিয়মিত কৰিবলৈ ধৰা ।
মান - অপমান
সৰু কাম ঘিণ কৰা তুমি ?
বৰলৈ তোমাৰ হেঁপাহ ?
একো নকৰাহে অপমান
সৰু-বৰ মনৰ বিকাশ ।
এতিয়াই
নথাকিবা চাই কৰিম কৰিম বুলি কাম
এই মুহুৰ্ততে লাগি যোঁৱা,
কৰিব পাৰিম বুলি যি ভাবিছা তুমি
কৰা যদি সাহিয়াল হোৱা ।
এতিয়াই লাগি যোৱা, মনে বল পাব
উছাহত সকলো সিজিব,
অসাধ্য সাধন যেনে বাজীকৰ কৰে,
"সাহে সিধি, আৰ্জে নিধি" হ'ব ।
উদগনি
দিন যায়, উঠা সাজিপাৰি
সপোনত নিনিবা সময়,
আনে চোৱা যুঁজিছে যতনে
তুমি কিয় কাল কৰা ক্ষয় ?
ৰনুৱাৰ শাৰীত তোমাৰ
ঠাইকণি নেদেখা নে মিতা ?
সকলোৰে শক্তি অনুসাৰে
যুঁজিবলৈ আছে কিনো চিতা ?
ভুত আৰু ভবিষ্যৎ মিছা,
বৰ্তমানে মাতিছে তোমাক,
"হ'ল ", "হ'ব", নকৰি ভাবনা,
"হৈছে'"ত পেলোৱা আপোনাক ।
মুখ্য লক্ষ
জীৱনৰ মুখ্য লক্ষ্য কাম
শকতিৰ সম্পুৰ্ন বিকাশ,
ঈশ্বৰৰ সুনিৰ্দিষ্ট মানুহৰ কাম,
তাত কৰা বাস ।
কৰ তাক ঈশ্বৰত কৰি সমৰ্পণ
নিজ, পৰ অৰ্থে,
আচৰিত আনন্দৰ মিলি যাব ৰোল
সন্তোষৰ সৈতে ।
কৰ্ম জীৱন
কামত মগন জন জীৱন সফল
কামত জীৱন আগুৱায়,
কামে ঠেলি নিয়ে জানা উন্নতিৰ বাট
তাৰ আৰু কোনো চিন্তা নাই ।
স্বধৰ্ম
য'ত আছা, যি কৰিছা, কৰা ভালকৈ
স্বধৰ্মে নিধন শ্ৰেষ্ঠ , পৰধৰ্ম ভয়াবহ হয় ।
স্বভাৱৰ দান
সুশোভন সুখ ঠাই, স্বভাৱৰ দান,
বিজয় চুড়াৰে সুমণ্ডিত,
সাহিয়াল সজ লোকে মাথোঁ পায় তাক
জানিবা নিশ্চিত ।
অন্ধকাৰ অকল্যান শূন্য তমোময়,
স্বভাৱৰ বিৰোধপন্থীৰ মাথো হয় ।
No comments:
Post a Comment