Songs of Bishnu Prasad Rabha - (বিষ্ণুপ্ৰসাদ ৰাভাৰ গীত) - Part 3

২৭) জীৱন ভৰি তোমৰ গান গালো
২৮) হিৰি বিৰি হিৰি বিৰি
২৯) তেজ ৰাঙলী শোনিতপুৰী
৩০) তোমাৰ ফুলৰে মালা
৩১) নয়নৰ চকুলো লৈ
৩২)  এটুপি চকুলো মোৰ যে কেৱল
৩৩) মেলানি বেলাৰ বিদায় লগন


জীৱন ভৰি তিমৰ গান গালো
দেহা বীণাৰ তাৰ জোকাৰি
কিমান সুৰ বজালো
তেও যে প্ৰভু তোমাক নেপালো ।
সেই ৰাগণীৰ তালে তালে
নাচনী জোনায়ে
নীল আকাশৰ চোতালতে
জ্বলে ছেৱে ছেৱে
মোৰেই সুৰত নাচেনে তাই
তোমাৰ অসীম লীলা নুবুজিলো ।
তেওঁ যে প্ৰভু ওমাক নেপালো ।


------------------------



হিৰি বিৰি হহিৰি বিৰি
হেই অ' হেই হেই ।
নীলাকৈ আকাশ তৰাফুল বছা
কিয়নো ঐ হাঁহিৰে সপোন ৰচা ।
বাৰিষাৰ ডাৱৰত বিজুলীৰ খেলা
কিয়নো ঐ সৰগৰ সঁফুৰা মেলা
হিৰি বিৰি হিৰি বিৰি
হেই অ' হেই হেই ।
সপোন মছিম
দিঠক ৰচিম
সাত মহলাৰ কাৰেঙ গঢ়িম
অ' ভৈয়াম ঐ, বিজুলীৰ চাকি জ্বালিম
হিৰি বিৰি .....।।
চোতালৰ জাবৰি
অজুৰি পিজুৰি
সাজিমে ফুলনি বাৰী জলমল ধুনীয়া
হ'ব বিনন্দীয়া
আমাৰে অলকাপুৰী
অ' ভৈয়াম ঐ, আমাৰে অলকাপুৰী
হিৰি বিৰি ....।।
পুৱাব সিদিনা
দুখৰে ৰজনী
ফৰকাল হ'ব সব হিয়া
ৰ'দত উজ্বলিব
কাৰেঙৰ কলচী
সুখৰ পোহৰত ধুনীয়া
অ' ভৈয়াম ঐ, শান্তি দেশলৈ খোজ দিয়া
হিৰি বিৰি .....।।



-----------------------



তেজ ৰাঙলী শোনিতপুৰী
গঢ়িলো তেজেৰে ।
হৃদয় ফালি শোণিত ঢালি
ৰঙা টোপালেৰে ।।
কুমলীয়া দেহাৰ ভেটিত
তুলি গড় অগনীৰ
প্ৰায় চাকিৰ প্ৰেম শলিতাৰ
জ্বালি দ্বীপ-দীপালীৰ ।
বান্ধি কাৰেঙ সজালো মোৰ
ৰঙা পোৱালেৰে ।।
পুৱৰ তোৰণ ভাঙি আনিম
ৰুপহী সোণালী ঊষা ।
সজাম পৰাম আলোকেৰে
জ্বালিম প্ৰণয় শিখা ।।
চুকত বহি বজাম বীণ
দেৱী পত্ৰ লেখি
কাচোন কাচি নাচোন নাচি
নাচিম চিত্ৰলেখি
হৃদয় বেইত ধোৱাম প্ৰিয়াক
লোহিত ঢলেৰে ।


--------------------


তোমাৰ ফুলৰে মালা
আজিয়ে লেৰেলি যায় ।
সুৰভি-সফুঁৰা মেলা পহি
সিও মৰহি যায় ।।
নয়নৰ মোৰ নিয়ৰ টোপাল
নুশুৱায় মোৰ এই দুয়োগাল
বেদনা তাপত কিয়নো শুকাল,
চকু ফালি লো নোলায় ।।
ফুলৰ পাহি গ'ল মৰহি
স্মৃতিৰ সুৰভি আহি ভাহি
তাহানি কালৰ ওমলা কথাটি
মাজে মাজে সোঁৱৰায় ।।
লেৰেলা ফুলৰ মালাধাৰ লৈ
গুপুতে বুকুত আঁকোৱালি থৈ
নিজানত বহি গুণ গুণকৈ
গাম ' হায়। হায় । হায় ।'


------------------------


নয়নৰ চকুলো লৈ
চোৱা কিয় মুখলৈ
কৰুণ অৰুণ আঁখি
বিষাদ পাহিৰে ঢাকি
আছ কিয় তাতে ৰৈ ?
ডকা চাকনৈয়া আনি
নিশাৰে কালিমা সানি
নোবোৱাবা লোৰ নৈ ।
এটুপি চকুলো মোৰ যে কেৱল


----------------------------



এটুপি চকুলো মোৰ যে কেৱল
সেয়ে মোৰ তাজমহল
প্ৰনয়েৰে ভৰা, বেদনাৰে গঁথা
শান্‌ত চিৰ উজ্জ্বল
বিৰহ নৈৰে পাৰতে
প্ৰেম শালিলে বুকুতে
গঢ়িলো যতনে চকুপানী সানি
স্নিগ্ধ স্মৃতিৰ দেউল ।
বাদচাহৰ যে অজনীহে তাজ
মোৰ যে প্ৰিয়াত শত মমতাজ
আছিল যে তাই ফুল পাৰিজাত
হৃদয়ৰ শতদল ।

কবি যদি হয় শাহজাহান
ময়ো যে কবি দীন সু-মহান
শিলৰ কবিতা নহয় মোৰ দান
এটুপি লোহে কেৱল
সেয়ে মোৰ তাজমহল ।


---------------------------


মেলানি বেলাৰ বিদায় লগন
যেতিয়া আহিব চাপি,
উঠিবনে প্ৰিয়ে তেতিয়া এবাৰ
হৃদয় তোমাৰ কঁপি ?
বিদায় ক্ষনত থাকিলে নীৰৱ
পাবা একোটো আভাস,
সেই আভাসে মোৰ হৃদয়ৰে
শেষ মিনতিৰ শ্বাস ।।
গধূলি বেলিকা দেৱ নাম লিখা
যেতিয়া মেলিবা পূথি,
সন্ধিয়া আৰতি জ্বালি দীপ বন্তি
গাবা নাম মালা গাঁথি,
দেৱ নাম পাহৰি মোৰ নাম সুঁৱৰি
ল'বানে এবাৰ জপি ?



Songs of Bishnu Prasad Rabha - (বিষ্ণুপ্ৰসাদ ৰাভাৰ গীত) - Part 2


Songs of Bishnu Prasad Rabha - (বিষ্ণুপ্ৰসাদ ৰাভাৰ গীত) - Part 4

Songs of Bishnu Prasad Rabha - (বিষ্ণুপ্ৰসাদ ৰাভাৰ গীত) - Part 2


অ' গুৰু মোৰ  শংকৰ
তৰিবৰ এ কিনো উপায় ।
অ' গুৰু অ' -
ভাটিলৈ যাবলৈ শ্ৰী শংকৰ গুৰু অ'
বালিতে বান্ধিলা পঁজা
ছকুৰি ভকতে চাপৰি ধৰিছে
আপুনি লগাইছে ঘোষা, হে ৰাম ৰাম
আপুনি গাইছে ঘোষা ।
অ'গুৰু অ'
নাও শিমলুৱা, বঠা শিমলুৱা অ'
আৰু শিমুলুৱা চৈ, হে ৰাম ৰাম
আৰু শিমুলুৱা চৈ ।
চৈৰে ভিতৰে গুৰুজন বহিছে
ছকুৰি ভকতক লৈ
অ'গুৰু অ'
সেই নাওখনিতে শিলে শিলে ভৰা দিলা
অ'নাও বুঁৰো বুঁৰো কৰে, হে ৰাম ৰাম
নাও বুঁৰো বুঁৰো কৰে
নাও বুৰা দেখি শ্ৰীশংকৰগুৰু
আপুনি কান্ধ পাতি ধৰে, অ'গুৰু
আপুনি কান্ধে পাতি ধৰে ।
অ' গুৰু অ'
মাজ সাগৰতে একেদাল বিৰিক অ'
তাতে নানান পখীৰ ছায়া হে' ৰাম ৰাম
ৰজনী পুৱালে দশোদিশে গ'লে
এৰিলে বিৰিখৰ মায়া, হে' ৰাম ৰাম
এৰিলে বিৰিখৰ মায়া ।
অ' গুৰু মোৰ শংকৰ ।


-----------------------------


টিলাই টিলাই
ঘুৰি ফুৰে উলাহেৰে
খাম্‌টি ছোৱালী ।
ঘন ক'লীয়া মেঘৰে
আঁৰে আঁৰে
ৰঙ মনেৰে খেলি ফুৰে
নাচনী বিজুলী ।
টিলাই .....
বনৰে বনৰীয়া
ভেলাকে ধুনীয়া দেখি
থমকি থমকি নাচে তাই
টিঙতে উজলি ।
টিলাই .....
পোৱালৰে ৰঙা মণি
তাইৰে গাল দুখনি
বুকুত লৰি আভা ঢালি
কৰে ৰাঙলী
লাজতে লাজুকী তাই
মিচিকি হাঁহিৰে তাই
দুটি নয়নৰ পাহি মেলি
খাম্‌টি ছোৱালী
কাষ চাপোতেই
তাৰে বুকুত পৰে ঢলি
খাম্‌টি ছোৱালী ।
টিলাই ....


-----------------------



অ' মোৰ নাৱৰ ভৰষা নাই ৰে
হে স্বামী নাৱৰ ভৰষা নাই ৰে
নাৱাৰীয়াবোৰে গুৰি বঁঠা ধৰে
গোবিন্দ না গাই ৰে ।।
ওপৰে তপত বেলি
তলে তপত বালি
বুকুৰ উকৰ জুই জ্বলে
নৈৰে বুকুতে চাকনৈয়া ঘুৰিছে
বৈছে পকলা চলে
বিমোৰত পৰিলো বুলি নাৱৰীয়া গোবিন্দ নাম গাই ৰে ।।
ক'লাকৈ ডাৱৰে অকাশখন ছাটিছে
সুৰুজে লুকাইছে গা
বিজুলী ছাটেৰে ঢেৰেকনি মাৰি
বলিছে পগলা বা
নাও টুলু বুলু বঠা টুলু বুলু
আৰু টুলু বুলু ছৈ
পৰ্বতে প্ৰমাণে ঢৌ তুলি তুলি
গৰজি উঠিছে নৈ
উপায়নো নেদেখি মোৰে নাৱৰীয়া
গোবিন্দ নাম গায় ৰে ।।


--------------------



জয় সাগৰৰ বুকুৰ মাজত
উঠে চকুলোৰ ঢল
মলয়াই তোলে হিয়া ভগা সুৰ
কৰুণ বিননি ৰোল
জয়া নাই জয়া নাই
অসমী আইৰ চেনেহৰ জী
সতী জয়মতী নাই ।।
তেজৰ টোপাল চকুলো ওলাল
নয়নৰ চাকি জ্বালিলে দিপালী
বুকুৰ অগনি জ্বালি
পাৰতে সাজিলে স্মৃতিৰ দেউল
প্ৰেমৰ সুৰভি ঢালি
স্বামিকো তৰিলে দেশকো ৰাখিলে
নিজকেই দিলে বলি
জয় দেউলত শিলতে বোলালে
সোণৰ গৰিমা বোল
আজিও কুলীয়ে কলচিত বহি
তোলে বিননিৰ ৰোল ।
সেই সাগৰৰ তেজৰ টুপীৰে 
বোলোৱা ৰাঙলী তুলী
জ্বলোৱা দিপালী চাকিৰ শিখাৰে
হৃদয় শলিতা জ্বালি
উঠা অসমৰ গাভৰু ছোৱালী
জানা অসমীয়া দল
আজিও জয়া হিয়াতেই আছে
নুতুলিবা তেনে ৰোল ।


--------------------------



জোনবাই এ তৰা এটি দিয়া
পাত নাই চোত নাই
কিহতকৈ দিম
হালধীয়া চৰায়ে
বাওধান খায়
শহুৰৰ পুতেকে
নাও মেলি যায়
নাৱে বোলে টুলুং ভুটুং
বঠাই বোলে টুলুং ভুটুং
গধূলিতে গধুলিতে ডবা কোবায় ।।
ৰুপহী জোনবাই ৰুপালী চেলেং
মেলি দে অ' মেলি দে
ফুটুকা ফুটুকী তৰা ফুলে বাচি
মেলি দে অ' খুলি দে ।।
বিলৰে মাজতে চুপুৱালী মৌ
নাচে যে ফুল পাহি হালি জালি সৌ
জোনালী কিৰণে আহি তাইৰ ওৰণি
গুচালে অ' গুচালে ।


-------------------------


কাষতে ক'লচি ল'ই
যাই অ' ৰচকী বাই
ৰাংঢালী ওঁঠেদি বনগীত এফাকি
জ্বলাই সুৱলা সুৰৰে এচাকি
কাষৰে ফুলনি উজ্বলাই ৰচকী বাই
যাই অ' ৰচকী বাই ।
মলয়াৰ চুমাৰে ক'লা চুলিটাৰি
ভুতুৰা ৰেণুৰে ঢৌ শাৰী শাৰী
কাষৰে ফুলনি উজ্বলাই ৰচকী বাই
যাই অ' ৰচকী বাই ।।


-------------------------


কুৰুৱা বতাহে অ'
জোৰকৈ বলিলে অ'
চিঞৰি মাতিলে অ' ঊষা
অ' ঊষা অ' ঊষা অ'
পুৱতি নিশাৰে অ'
তৰাৰে চাকিৰে
শলিতা এদালি নিজানিতে জ্বলি
ঢিমিকি ঢিমিকি খীনকৈ জিলিকি
মেলানি মাগিলে অ' ঊষা
বৰনৈ বালিতে অ'
চৰাই উলাহতে
উমলি উমলি জোকাৰি উৰুলি
নামকে হৰিলে অ' ঊষা
অ' ঊষা অ'ই ঊষা অ' ।।


------------------------


উটি যা ৰুপালী নাও
উটি যা উটি যা ৰুপালী নাও
জুৰকৈ বা জুৰকৈ বা
অ' মোৰ পছোৱা মলয়া বা ।
দেখি তোৰ শুকুলা পাল
হিয়া মোৰ মাৰে নিতাল
শুনি তোৰ মৃদুল সুৰ
সিয়ৰি উঠে মোৰ গা
লুইতৰ বুকুৰে ঢল
নাচি কৰে কলমল
গাই গৈ কল কল
তোলে সুমধুৰ ৰাগ

------------------------



নিচলা আইৰে
আমি খাটি অসমীয়া
অসমী আইৰে আমি
ছোৱালী ধুনীয়া
ধৰণী শুৱাই থকা
অতি মোহনীয়া ।
খোপাত কপৌ ফুল
হাতত জেতুকাৰ বোল
সজোৱা বোলোৱা
বিজ্ঞান প্ৰজ্ঞান লৈ
আগবাঢ়ি যোৱা ।
কবিতাৰে মোহছন্দ
পাহৰি পেলোৱা অ'
পাহৰি পেলোৱা
বিলসিনীৰ বেশ ধৰি
অগনি জ্বলোৱা অ' জ্বলোৱা
বিজ্ঞান প্ৰজ্ঞান লৈ
আগবাঢ়ি যোৱা ।



---------------------------




জীৱন ভৰি তোমাৰে গান গালো
দেহা বীণৰ তাঁৰ জোকাৰি
কিমান সুৰ বজালো
তেও যে প্ৰভু তোমাক নেপালো ।
সেই ৰাগিনীৰ তালে তালে
নাচনী জোনায়ে
নীল আকাশৰ চোতালতে
জ্বলে ছেৱে ছেৱে
মোৰেই সুৰত নাচেনে তাই
তোমাৰ সুৰত নাচে
তোমাৰ অসীম লীলা নুবুজিলো ।
তেওঁ যে তোমাক প্ৰভু তোমাক নেপালো ।



---------------------






Songs of Bishnu Prasad Rabha - (বিষ্ণুপ্ৰসাদ ৰাভাৰ গীত)

মহান শিল্পী কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা অসমীয়া সাহিত্যক উপহাৰ দি গৈছে বহু সোণসেৰীয়া গীত । তাৰেই কিছু গীত ইয়াতে প্ৰস্তুত কৰা হ'ল ।

১) মোৰ কবিতাৰ ছন্দ লাগি
২) পৰজনমৰ শুভ লগনত
৩) লগন উকলি গ'ল
৪) নাহৰ ফুলে নুশুৱায়
৫) কিবা যেন নাই আজি নাই
৬) শুনা সেই গান
৭) উলাহেৰে নাচি বাগি
৮) ব'ল ব'ল ব'ল কৃষক শক্তি দল
৯) সুৰেৰে দেউলেৰে ৰুপৰে শিকলি
১০) বিশ্বৰ ছন্দে ছন্দে
১১) আজি মন্দিৰ দুৱাৰ খোলা
১২) স্বাধীন চিতীয়া হালোৱা ডেকা ৰণুৱা
১৩) হে বিপ্লৱী বীৰ অধিনায়ক হে
১৪) মোৰ জীৱনৰ আকাশতে ইন্দ্ৰধনু গঢ়িম
১৫) অ' পুজাৰী আদৰি দিলো এই বৰণ শৰাই
১৬) আজলী ছোৱালী নানা ফুল তুলি
১৭) বিলতে হালিছে ধুনীয়া পদুমী


-------------------------
মোৰ কবিতাৰ ছন্দ লাগি
স্পন্দন তোৰ জাগে নে?
কথা মালিকাৰ গন্ধ লাগি
সোণৰ সপোন ভাগে নে ?
নাচে তৰা ছন্দে ছন্দে
বিশ্বভৰা মহানন্দে
সেই  উলহতে হৰষ লাগি
হিয়াত নাচোন উঠে নে?
ৰন্ধ্ৰে ৰন্ধ্ৰে তুলি সুৰ
বাজে মন বাঁহী মোৰ
সেই সুৰতেই শাঁত কৰি লৈ
পৰিবনে হিয়া জুৰ !
ছেৱে ছেৱে ফুলে ফুল
গোন্ধতে আমোল মোল
সেই ছেৱতে পুলক জগাই
এবাৰ হিয়াই নাচে নে ?

---------------------------


পৰজনমৰ শুভ লগনত
যদিহে আমাৰ হয় দেখা ।
পুৰাবানে প্ৰিয়ে এই জনমৰ
মোৰ হিয়াৰ অপূৰ্ণ আশা ?
এই জনমৰ কুসুম মালা
যতনে তুমি গাথি ৰাখিলা
কাহানিও তুমি নিপিন্ধালা ।
শূন্য মোৰ বুকু হ’ল জে উকা ।
এই জীৱনৰ আউসী ৰাতি
চকুলো টুকি যায় জে কাটি
কাহানিও সুখৰ ৰুপহী জোনাই
হৃদয়তে জিলিকনি নিবিলায় ।
এই জীৱনৰ গোপন কথা
গুপুতে থকি দিয়ে যে ব্যথা
কহানিও তুমি নেদেখিলা
শোকৰে ছবিটি হিয়াতে অঁকা ।


------------------

লগন উকলি গ’ল
তেও যে নহ’ল কোৱা,
মনৰ কথাটি মোৰ
হিয়াৰ গুপুতে থোৱা ।
কিমান হেঙুলি উষা
কিমান জোনালি নিশা
মিছাতেই গ’ল মোৰ
কিমান গধূলি পুৱা
মলয়াই কাণে কাণে
মনৰ বাতৰি আনে
নিখিলৰ সুৰে সুৰে
হিয়ায়ো গান জুৰে ।
শুনিছনে সেই সুৰ
পৰাণ উতলা মোৰ
হৃদয়ৰ গোৱা গান
‘ভালপোৱা ভালপোৱা’ ।।


----------------------


নাহৰ ফুলে নুশুৱায়
তগৰ ফুলে শুৱাব ।
তগৰ ফুলে নুশুৱায়
কপউ ফুলে শুৱাব ।
কপউ ফুলে নুশুৱায়
(যদি) ঘিলা খোপাতে তোৰ,
হিয়া ফুল পাৰি দিম
(গুজি) খোপাতে তোৰ,
মহাযানৰ সি৬চি আনিম
সাত মানিকৰ ধন
মেঘৰ বুকু ফালি চিঙিম
বিজুলী ফুল শুৱণ;
মাণিক ফুলে নুশুৱায়
(যদি) সাতসৰীতে তোৰ
(হিয়া) ফালি উলিয়াই পিন্ধাম
তেজাল পোৱালমণি মোৰ ।


---------------------------


কিবা যেন নাই আজি নাই
আছে হুমুনিয়াহ হতাশ হিয়াৰ
কৰুণ বিননি ‘হায় হায়’ ||
মেলিলি ধুমুহা তাইৰ ক’লা চুলিটাৰ
লুকুৱাই তৰা জোন কৰে যে এন্ধাৰ ।
ক’তেনো বা অকৰুণ সেই কৰাগাৰ,
য’ত মোৰ প্ৰিয়া আছে মোৰ হিয়াত নাই?
গৰজি ডাৱৰ তুলি বিজুলী নিচান,
দিয়ে শাওনৰ বাৰিষাৰ সমিধান,
ঘনে ঘনে কঁপে বাৰিষাৰ সমিধান,
ঘনে ঘনে কঁপে মোৰ চকিত পৰাণ
লগে লগে হয় মোৰ জীৱন বিষাণ ।
বাহিৰত বৰষুণ পৰে ধাৰাষাৰ
দুগালেদি বয় মোৰ চকুলো দুধাৰ
উচাটন কৰে মোৰ মন যে এষাৰ,
‘মোৰ প্ৰিয়া নাই! মোৰ প্ৰিয়া নাই |’


-----------------------


শুনা সেই গান
তোমাৰ হিয়াত যাৰ সুৰ
ঘুমটিত সপোন বিভোৰ
আজি জাগিব সেই সুৰ
শুনি গান ।

যি সুৰৰ মধু পৰশত
আখি মুদ খায় আৱশত
হিয়া বান্ধ খায় প্ৰনয়ত
প্ৰেম ৰসে ধুই আকুল পৰাণ ||
যি সুৰৰ মোহিনী গুণত
আহিব সৰগ সপোনত
নাচিব বহাগী তালে তালে
বুলাব ৰঙা জেতুকা ৰোল ।
জোনায়ে বিলাব নিৰ্মলা
দুয়োৰে শিৰত দিব ঢালি
মেলিব প্ৰণয় শিকলি
আজি কান্দিব দুয়োকে সুৰ গান ||


-----------------------


উলাহেৰে নাচি বাগি
হ’লি বিয়াকুল
তালে তালে হালি জালি
কৰিলি আকুল ।
গালতে তই বোলোৱালি
সেন্দুৰীয়া বোল
কাণতে তই আঁৰি ল’লি
সোণোৱালি দুল
খোপাতে তই গুজি ল’লি
ৰুপৰ কপৌ ফুল
ছেঁৱে ছেঁৱে হালি জালি
কৰিলি আকুল
কৰিলি বিভোল ||


---------------------


ব’ল ব’ল ব’ল ব’ল
কৃষক শক্তি দল |
অ’ সমনীয়া
আগবঢ়ি যাওঁ ব’ল |
জাগ্ জাগ্ জাগ্ জাগ্
মজদুৰ নজোৱান |
নিৰ্যাতিত নিপীড়িত
কৃষক শক্তিমান |
তোৰ বাহুতে আছে লুকাই
অসীম শক্তি বল |
ৰণৰ শিঙা বাজে শুন ঐ
আগবাঢ়ি যাওঁ ব’ল |
কিহৰনো ভয় আছে অভয়
বাণী দেৱতাৰ
শতৰু সউ ছৌপাশে ৰয়
ধনী জমিদাৰ
সুঁহে কলিজাৰ ৰঙা তেজ
প্ৰজা দুখীয়াৰ |
ধ্বংস কৰ্ ধ্বংস কৰ্
ধনীৰ অহংকাৰ
দয়া মায়া নকৰিবি
ক্ষমাৰ দিন যে গ’ল
হাল, কোৰ, দা, হাতুৰী লৈ
ৰণলৈ যাওঁ ব’ল ||
তই খুৱায় বিশ্ববাসীক
মাটি ফালি ধান
তই যোগাৱ ধনী শ্ৰেণীক
অস্ত্ৰ শক্তিমান
কাৰখানা কল তোৰেই সৃজন
পথাৰ সুবহল |
নাঙল, কাঁচি, হাতুৰী দাৰ
যাদুকৰী ফল ।


-----------------


‘সুৰৰে দেউলেৰে
ৰুপৰে শিকলি
ভাঙি দিলি খুলি
দুৱাৰ সোণোৱালী
পুজাৰী অ’
সুন্দৰ পুজাৰী |
যাউতি যুগীয়া
বৰগীত অমিয়া
বনগীত সুৰীয়া
গোৱা অসমীয়া
প্ৰাণ মন ভৰি !
-পুজাৰী অ’
সুন্দৰ পুজাৰী |’
তোৰ পৰশতে
প্ৰাণৰে হৰিষে
তিয়াগি সুপুতি
পায় ঐ মুকুতি
ৰাগৰে মূৰতি
উটি ভাহহি ফুৰে উৰি
‘পুজাৰী অ’
সুন্দৰ পুজাৰী |’

‘থাপনা থাপিলি
প্ৰতিমা বহালি
পূজাও কৰিলি
সুৰৰে মূৰতি গঢ়ি
পুজাৰী অ’
সুন্দৰ পুজাৰী |’

শংখ বজোৱা
বৰকাঁহ বজোৱা
আৰতি লগোৱা
বন্তি জ্বলোৱা
অতি উলাহেৰে
আদৰি |
‘পূজাৰী অ’
সুন্দৰ পুজাৰী


----------------


বিশ্বৰ ছন্দে ছন্দে
ছন্দে ছন্দে মহানন্দে
আনন্দে নাচা
নাচা তমোহৰ দেউ |
নাচা !

বন্দে বন্দে
আজি সৱ
ভকত বৃন্দে
তব চৰণ কমল
বন্দে |

জ্বলোৱা সান্নিক
তপো-হোম-বহ্নি
বিনাশক এন্ধাৰ
তব জয়ী অগ্নি
বিশ্বৰ দেউলত
জ্ঞানৰ বন্তিৰ
আলোকৰ শিখা
উঠক নাচি

অজ্ঞান এন্ধাৰ
বিনাশি
পুলকানন্দে !
নাচোনৰ তালে তালে পুষ্পিত বননি
ছেৱে ছেৱে হালে জ্বালে বিকশিত ফুলনি
আমোল মোলে কৰে শুৱনি ধৰণী
পুষ্পিত সুবাসিত গন্ধে |


-------------------------


(আজি ) মন্দিৰ দুৱাৰ খোলা !
বহে মিলনৰ উৎসৱ মেলা !
শুনো মংগল আৰতি গান
নাচি উঠে ভকতৰে প্ৰাণ |
অ’ তোৰ হ’ল যে পুজাৰে বেলা |
মন্দিৰ দুৱাৰ খোলা |
স্বাগত নৱাগত অতিথি
হিয়াত ফুলাম আসন থৈছোঁ পাতি
পুষ্পিত মন্দিৰ কানন বীথি |
ফুলনিৰ তল সৰা
তুলি ফুল মনোহৰা
গাথিলোঁ উলাহে মালা
অ’ তোৰ হ’ল যে পুজাৰে বেলা
মন্দিৰ দুৱাৰ খোলা |


-------------------------


স্বাধীন চিতীয়া হালোৱা ডেকা ৰণুৱা |
পঞ্চায়েতী যুগৰ ন মনৰে মনুৱা
যুঁজিব সমৰত লগৰীয়া বনুৱা !!
চিনি লচোন কোন শতৰু লুকাই আঁৰত তোৰ,
ভাঙ ৰঘুমলা তেজপিয়া কুবেৰৰ মূৰ, -
জীৱন ভৰি নপৰিব তোৰ দুখৰে ওৰ
যিমানদিন বাচি থাকিব ধনৰ খকুৱা !!
বাৰে বাৰে জাতিৰ নামত চুৰি ডকাইতিৰ খেল ; -
বজ্জতৰ দল পাতে নানা জালিয়াতী মেল |
আগবাঢ়ি ব’ল ভাঙি চিঙি জুলুম বাজীৰ জাল ; -
নকৰিবি ভয় ; ব’ল হই শোষণবাদীৰ কাল ; -
নতুন যুগৰ, নতুন ভাৱৰ, নতুন ৰণৰ মাল !
আগুৱাই যা আগবাঢ়ি ব’ল আগবাঢ় দুখীয়া !! …


----------------------


হে’ বিপ্লৱী বীৰ অধিনায়ক হে’
দিয়া অগ্নিবাণী বিপ্লৱৰ
ভাঙা বন্দিশাল কোটি কালৰ
মুক্তি হওঁক নিৰ্যাতিতৰ |
তৱ দীপ্ত অনুৰাগে
নিদ্ৰা অচম্বিতে জাগে
জাগে জাগে
জাগে নিপীড়িত দল জগতৰ ||
তব শুভ আগমনে জ্বলে
ৰক্ত ভানু নৱ তালে
দোলে উৰি দোলে
ৰাঙলী পতাকা পীড়িতৰ
দলিতৰ |


----------------

মোৰ জীৱনৰ আকাশতে
ইন্দ্ৰধনু গঢ়িম |
সাত ৰঙেৰে মীনা কৰাই
মৰমেৰে তৰিম |
কিন্কিনীয়া চকুলোৰে
হুমুনিয়াহ ভাপকণেৰে |
প্ৰণয় সূৰুয দেৱতাৰে
জিলিকণি সানিম |
মেদুৰ মেঘৰ মাদল কোবাই
গগন গগনা আলফুলে বাই |
বিজুলী নটীৰ নাচোনটি চাই
দেও দি দেও দি নাচিম ||



-----------------------


অ’ পুজাৰী – আদৰি
দিলো এই বৰণ শৰাই
পুজাৰী দিলো এই বৰণ শৰাই |
বিয়পি ধৰণী
শুনো ৰিণি ৰিণি
জগতৰ নানা বিলাই
হৰি নাম ভকতি
হৰি নাম ৰকতি
হৰি নাম মুকুতি পাই
বৈশ্য ভকতৰ কৃষ্ণৰ কিঙ্কৰ
সুন্দৰ শংকৰ কিয় নাই
ভকতি ফুলেৰে
মালা আদৰেৰে
দিলো যতনে পিন্ধাই |
শংখ কাঁহ মুৰুলি
জোকাৰি উৰুলি
তোমৰে মহিমা পাই
নামঘৰতে চোতালে নিতাল খোলে তালে
গোবিন্দৰ নম গুণ গাই |


---------------------

আজলী ছোৱালী
নানা ফুল তুলি
আনিলো আঁচল ভৰাই
সজাই  ফুলেৰে
অতি যতনেৰে
বৰানো বৰণ শৰাই ||
ৰঙিল পখিলী
ৰঙা পাখি মেলি
আদৰি নাচি নাচি যায় |
ক’লী কলি জাকে
বিৰিখে বিৰিখে
উলাহত সুহুৰিয়ায় |
তোমাকে আদৰি
আনে ঐ সাদৰী
শত ভকতৰে দল |
শংখ বাজিছে
বৰকাহ ধ্বনিছে
উঠিছে উৰুলিৰ ৰোল !!


----------------------------


বিলতে হালিছে ধুনীয়া পদুমী
ফুলনিত ফুলিছে ফুল
সেই ফুলে ফুলে পখিলাই চুমিছে
সানিছে ৰেনুৰে বোল ||
ফুলৰ ডালতে গইছে কুলিয়ে
কুউ কুউ কই |
দূৰ দূৰণিতে জুৰিটি নাচিছে
তিৰ বিৰ তিৰ বিৰ কই
নিজান বননিতে কেতেকি চৰায়ে
সুহুৰি মাৰিছে ৰ’ই ||