Sketch Madness: Radha Krishna

Radha - Krishna
Always contemporary....Through their eternal love


Giri Mallika - Poems of Raghunath Choudhury : গিৰি - মল্লিকা - ৰঘুনাথ চৌধাৰীৰ কবিতা

অয়ি অৱগুণ্ঠিতা ফুল্ল শিখৰিণী
ৰঞ্জি মণিকৰ্ণিকাৰ হৰিত মেখেলা
আছাঁ শোভি শুভ্ৰবেশে । কৰি সুৰভিত
লৌহিত্যৰ তীৰভূমি শ্যামল বননি
নন্দনৰ ৰূপ-জ্যোতি পৰিমল সুধা,
কৰি আহৰণ বিশ্ব-বিজয়িনী ৰূপে
মোহিলাঁ নিতম্ব-দেশ বিজন প্ৰান্তৰ ।
বনস্পতি দ্ৰুমদলে নৱ পল্লৱেৰে
জনাইছে হৃদয়ৰ গুপ্ত সম্ভাষণ !
স্তোকনম্ৰা লতিকাৰ কুঞ্জ পল্লৱত
উঠিছে উঠলি যেন প্ৰেমৰ তৰঙ্গ ।
প্ৰিয়া, তুমি ঢালিলাঁ কি মোহন মদিৰা
হাঁহি কটাক্ষৰ ! যি হাঁহিত বনে বনে,
হৰিৎ ক্ষেত্ৰত, তৰু তৃণ লতিকাৰো
ভাগিল চমক । ঠায়ে ঠায়ে বিধে বিধে
ফুলিল ৰঙেৰে কূটজ-কূটমল-ৰাজি ।
দ্ৰোণিজত শুভ্ৰকান্তি ফুল্ল দ্ৰোণীদলে
প্ৰীতিভৰা লাজাঞ্জলি যাচিছে সাদৰে ।
দেৱ-তৰুসকলৰ মুকুল পৰাগ,
উৰি আহি পৱনৰ মৃদুল গতিত,
সুকোমল গৌৰ তনু পেলাইছে জুৰ ।
ৰঞ্জিত তুষাৰ-শুভ্ৰ নিমজ গালত
সুৰভি কুঙ্কুম ৰাগ ৰক্ত চন্দনৰ ।
শেষাদ্ৰি শিখৰ যেৱে ৰঞ্জি সন্ধ্যা ৰাগে
সুখেৰে বিশ্ৰাম লভে সান্ধ্য নভোমণি ।
বিবুধ-বনিতাসবে সিঞ্চি নভো-ৰেণু
দিছেহি পিন্ধাই মুক্তাহাৰ আভৰণ
কৌমুদী - প্লাৱিত তৱ কোমল বুকুত;
যেতিয়া জোনালী নিশা মধূ পূৰ্ণিমাৰ
হয় সুধা-ধৱলিত নীলিম আকাশ,
সপ্তস্বৰে সমকণ্ঠে কেতেকী অপ্সৰী
ঢালি দিয়ে ক্ষীৰধাৰা । ৰস-ভঙ্গিমাত
ভৰি উঠে যেন তৱ পল্লৱিত বুকু;
নন্দন - নন্দিতা তুমি দেৱ পাৰিজাত
যাৰ গন্ধ মদিৰাত মুগ্ধ দেৱপুৰী ।
নেজানো অপ্সৰী বেশে কোন দেৱতাৰ
আছিলাঁ হৃদয়-বাণী আলাসৰ লাৰু !
মদনৰ কামশৰ আছিলানে প্ৰিয়া,
গিৰি কৈলাসত ঃ যিদিনা মোহিনীৰূপ
ধৰিছিলা ধুৰ্জ্জটিৰ ধ্যান্ভঙ্গ হেতু !
কোপ-অনলত পৰি শাপভ্ৰষ্টা হই
ভ্ৰমিছাঁনে কি দেৱী শৈল শিখৰত?
দেৱভোগ্য উপভোগ তিয়াগি সকলো
হ'লাঁ চিৰ-নিৰ্ব্বাসিত চিৰদিনলই ।
আছিলাঁ তুমিয়ে প্ৰিয়া ঋষি আশ্ৰমত
ফুলৰ কুঁৱৰী সাজি পুষ্প-উপবন
কৰি জাতিষ্কাৰ । প্ৰভাতৰ সমীৰণে
কত খেলা খেলি থাকে তোমৰ লগত;
যেতিয়া পিছলি পৰে মৃদু হিল্লোলত
বুকুৰ আঁচল । লাজতেই কুঁচি মুচি
তলমূৰ কৰি কোন ঋষি-তনয়ক
যাচিছিলাঁ যৌৱনৰ সৌন্দৰ্য্য-মাধুৰী ।
নিদাঘৰ দহনত দুখ পোৱা বুলি
আল ধৰিছিল কোন তাপস-কুমাৰী !
মলচি দিছিল গাৱ কোমল হাতেৰে !
পূণ্যতোয়া মালিনীৰ শীতল জলেৰে ।
প্ৰাণপ্ৰিয়, আজি মোৰ বিজন কুঞ্জত
তুলিবানে লয়লাসে হাঁহিৰ তৰঙ্গ ?
ব্যথাৰে উপচি পৰা আকুল প্ৰাণত
দিয়াঁ প্ৰেম-মকৰন্দ অমৃত পৰশ;
অকৃত্ৰিম প্ৰণয়ৰ স্নেহ আলিঙ্গন
নিষ্প্ৰভ ফুলনি মোৰ হ'ক জ্যোতিৰ্ম্ময় ।



Golap - poems of Raghunath Choudhary : গোলাপ - ৰঘুনাথ চৌধাৰীৰ কবিতা

কাৰ পৰশত ফুলিলি বান্ধৈ
অ' মোৰ সাদৰী ফুলাম পাহি ?
শ্যামলী পাতৰ ওৰণি গুচাই
কাৰ ফালে চাই মাৰিলি হাঁহি ?

কোন নন্দনত লগালি চমক,
নাচিছে য'ত পৰী বুলবুল,
অভিশপ্ত হৈ বিলাস-কুঞ্জত
প্ৰেম-মদিৰাত যেন মচ্‌গুল ?

হাছ্‌নাহানাৰ তীব্ৰ গন্ধত
সপোন-বিভোৰ মাধৱী নিশা,
তোৰ পৰশত বিৰহী জোনৰ
পলালনে প্ৰিয়ে প্ৰাণৰ তৃষা ?

আৰব-পিয়াৰী বছৰা বাণীৰ
গুল-বদন পেলালি জুৰ;
ভাহি ফুৰে তোৰ ৰূপ-তৰঙ্গত
পাপিয়াৰ স্নিগ্ধ কৰুণ সুৰ ?

ফুলিলি যিদিনা মৰু-উদ্যানত
উৰিল সৌৰভ জগত জুৰি;
গগনচুম্বী কলোছাছে তোৰ
পান কৰিলে ৰূপ-মাধুৰী ! 

আছিলিনে প্ৰিয়ে বেবিলনৰ
গুল-বাগানত ফুলৰ ৰাণী ?
স্বৰ্গৰ নন্দন সাজিলি শূন্যত,
কবিৰ মূখত অমৰ বাণী ।

ৰূপ ৰস গন্ধ পৰশ প্ৰেমত
জিনিলি পিয়াৰা হিন্দুস্তান;
বাদ্‌ছা হেৰেম কৰি গুলজাৰ
দিল-দৰিয়াত তুলিলি বান ।

তোৰ এ ৰূপ জগৎ বিভোল
ঢালিলি প্ৰেমৰ বিমল ধাৰা;
দিল্লী-বেগম নূৰজাহানৰ
আছিলিনে তয়ে দিলবাহাৰা ?

কোন সুন্দৰীৰ নিমজ গালত
ফুটাই তুলিলি চিকণ কাজ ?
উঠিল প্ৰেমিক ছাহজাহানৰ
ভুৱনবিজয়ী মৰ্ম্মৰ তাজ !

কত কাব্য - গাথা, অতীতৰ স্মৃতি,
উদাস প্ৰেমৰ মুৰ্ত্ত বিকাশ;
বিজড়িত তোৰ কোমল বুকুত
কত বিৰহীৰ হ-হুতাশ !

ফুলিবিনে মোৰ মানস-কুঞ্জত
অ' মোৰ দৰদী ফুলাম পাহি ?
উঠিবনে বাজি প্ৰিয়া পাপিয়াৰ
পুলক-ভৰা মিলন বাঁহী ?

Phul Sojjya - Poems of Raghunath choudhary : ফুল শয্যা - ৰঘুনাথ চৌধাৰীৰ কবিতা

আৰুনো কিমন দিয়া বেদনাৰ বোজা,
হে মোৰ হৃদয় দেৱতা ?
কৰুণ ৰোদন তুমি ভাঙি দিলা কিয়
প্ৰাণৰ নিবিড়- নীৰৱতা ?

জীৱনৰ সন্ধিক্ষণ বিয়লি বেলাত
হিয়া ধুনি উঠে কোলাহল,
আৰু কিয় তিক্ত ব্যথা ৰিক্ত হৃদয়ত
ঢালি দিলাঁ তীব্ৰ হলাহল ?

কোন কাহানিয়ে তুমি হৰি নিছা মোৰ
প্ৰীতিভৰা প্ৰণয়ৰ লাৰু,
অন্তৰ্দাহী ৰাৱনৰ চিতা-জুইকুৰা
কোনদিনা নুমবনো আৰু ?

আনন্দৰ পূৰ্ণপাত্ৰ শূন্য আজি মোৰ
কেউপিনে দেখোঁ হাহাকাৰ -
দাৱাগ্নিৰ দহনত দেৱদাৰু তৰু
পুৰি-দেই হ'ল ছাৰখাৰ !

মাৰিছিলা শক্তি-শেল তাহানি যিপাট
যোৱা নাই সি বিষ জামৰি,
বেদনাৰ যত অস্ত্ৰ কৰিছোঁ প্ৰয়োগ
বুকু পাতি লইছোঁ সামৰি ।

হিয়া ভগা বিষাদৰ তিতি অশ্ৰু-জলে
পাহৰিছোঁ সংসাৰ - মৰম ;
ভাৰাক্ৰান্ত চিত্ত আজি উদ্বেলিত কৰি
কিবা সুখ পালাঁ প্ৰিয়তম ?

মৰহিছে জীৱনৰ দুৰ্লভ মাধুৰী
নোৱাৰিলোঁ আকাঙ্খা পুৰাব;
আহিছে প্ৰাণত আজি ক্লান্তি-আৱসাদ
দিয়া মোক শান্তিৰে জুৰাব ।

যাতনাৰ নিপীড়িত ওৰে জীৱনত
কড়িয়ালোঁ যত আবৰ্জনা,
তোমাৰেই অৱদান বুকুত সাবটি
অন্তিমত লভিম সান্তনা ।

জ্বলিছে দূৰত সউ প্ৰলয়ৰ শিখা,
ধৰিছে কি ৰূপ বিতোপন,
সেয়ে মোৰ ফুল-শয্যা ৰক্ত কমলৰ,
ল'ম তাত অনন্ত শয়ন ।