Showing posts with label Assamese Story. Show all posts
Showing posts with label Assamese Story. Show all posts

Kokadeutar Har - Nabakanta Barua (12) - ককাদেউতাৰ হাড় - নৱকান্ত বৰুৱা

ককাদেউতাৰ হাড়
(দ্বাদশ অধ্যায় ) 


এঙা চোলাটো পিন্ধি ভোগাই চ'ৰাৰ মুখত থিয় হ'ল ।

লিগিৰাই সুধিলে, " দেউতা, দোলা নে ?"

"ঘোঁৰা" ভোগায়ে ক'লে ।

লিগিৰাৰ মুখ ক'লা পৰিল । কাৰণ দোলাত হ'লে তামোলৰ টেমা লৈ সিও কাষে কাষে যাব পাৰিলেহঁতেন । ঘোঁৰাত গ'লে দেউতাই কাকো লগত নলয় ।

ঘোঁৰা আহি চোতাল পোৱাৰ পিচত ভোগাই আকো ভিতৰ সোমাই গ'ল । ভিতৰলৈ চাই মাতিলে, "সুমলাৰ মাক !"

সুমলা আৰু সুমলাৰ মাক অৰ্থাৎ মাহিন্দ্ৰীয়ে দুৱাৰ ডলিত থিয় দিলে ।

"মোৰ অহাত অলপ পলম হ'ব পাৰে । চাওঁ আঙঠিটো ।"

Kakadeutar har - Nabakanta Barua (11) : ককাদেউতাৰ হাড় - নবকান্ত বৰুৱা

ককাদেউতাৰ হাড়

( একাদশ অধ্যায় )


বাঘ জালত পৰিল । ভোগাইৰ ইচ্ছা , বাঘটো যিমান সোনকালে পাৰে খতম কৰাই ভাল । বাঘটো মৰাৰ লগতে তেওঁ বহুতো কথা পআঙি থৈছে , যিবোৰ কথা স্পষ্টকৈ কাকো ক'ব নোৱাৰে তেওঁ । কিন্তু বাঘ ভেটাটো এটা সামাজিক উৎসৱৰ দৰে । ইয়াৰ ৰং চাবলৈ দূৰ গাঁৱৰ মানুহো ভাগি, ভুঁহৰি আহে । সাধাৰনতে তিনি-চাৰিদিনমান বাঘটো জালৰ ভিতৰতে ৰখা হয় । জালৰ কেউকাষে যেন মানুহৰ মেলাহে বহে । জালৰ কাষে কাষে টঙি সাজি তাৰ ওপৰত বহি ডেকা ল'ৰামখাই বাঘৰ অলেখ-লেখ চাই থাকে । টঙি সাজিবলৈ কাৰ বাঁহ কোনে আনে ঠিক নাই । তাত হকা-বধা কৰিবৰো কাৰো এক্তিয়াৰ নাই । ৰাতি বৰ জুই একোকুৰা ধৰি মানুহ বহি থাকে । ৰখীয়া- পৰীয়াৰ বাবে ভাত-পানীও ৰন্ধা হয় । ওচৰৰ মানুহৰ পাণ-তামোল কল-কুঁহিয়াৰ খাস্তাং হয় । আনকি ওচৰৰ গাঁৱৰ হাঁহ , পাৰ, ছাগলী আদিও হেৰায় । সেইবোৰ কোনেও বিচাৰিবলৈ সাহ নকৰে । ৰাতি কিৰিলি পাৰি ল'ৰাহতে বনঘোষা গায় । অবাইচ মাতৰ কোবত গোটেইখন মহগুৱালৰ মেল যেন হয় । পিচে , সকলো সময়তে জালৰ কাষে কাষে জাঠি - জোং লৈ মানুহ সষ্টম হৈ থাকে । বাঘ যদি কেনেবাকৈ ভাগিল - বৰ জগৰৰ কথা । যিটো খেলৰ জালৰ ফালে বাঘ পলায় সেই খেলে দন্দ ভৰিব লাগে ।সাতে-সোতৰে ডেকাহঁতে ভাল পালেও ওচৰ গাঁৱৰ মানুহে যিমান সোনকালে পাৰি খেলখন ভাঙিলেহে ভাল পায় ।

Kakadeutar har - Nabakanta Barua (10) : ককাদেউতাৰ হাড় - নবকান্ত বৰুৱা

ককাদেউতাৰ হাড়
( দশম অধ্যায় )

বেচেৰা ৰতিকান্ত । ভোগাইৰ কথা শুনিয়েই সি লৰ ধৰিলে টিঙিৰা বেজৰ ঘৰ বুলি । লৰালৰিৰ ভমকত সি কাকো লগ ধৰিবও নোৱাৰিলে । বেলি কৰিলে জানোচা ভোগায়ে ডবিয়ায় । কিছুদূৰ যোৱাৰ পিচত তাৰ মনত খেলালে, যদি বাঘটোৱে ক'ৰবাত চোপ লৈ আছে । এবাৰ আগলৈ আৰু এবাৰ পিচলৈ চাই চাই সি লৰি আগবাঢ়িল । ওৰে বাটটো সি বুকুত থুৱাই থুৱাই গোসাঁইৰ নাম লৈ যাবলৈ ধৰিলে । ভয়ত তাৰ শুকান মুখৰপৰা থুকে ওলাব নোখোজে, তথাপি সি ভোৰভোৰাই গাই গ'ল ঃ

"অ' মোৰ কলীয়া গোসাঁই, অ' মোৰ নিসিংহ থানৰ নেদেখা গোসাঁই, আউনীআউটি, দক্ষিণপাট, কুৰুৱাবাহী, গৰমূৰ বেঙেনআটি, হালধিআটি আইকেইখন সত্ৰৰ আটাইকেইজন জীয়া গোসাঁই .... আজি ৰলেহে ৰোৱা ....আজি তৰিলেহে তৰা .. ৰাম ৰাম ..... ।"

বাটটো যেন শেষেই হ'ব নোখোজে । অৱশেষত টিঙিৰা বেজৰ দুৱাৰমুখত সি ফোপাই - জোপাই ৰ'লগৈ ।

ইফালে খীৰমন বৰাৰ উকি শুনি টিঙিৰাৰ খৈণীয়েকে দুৱাৰৰ ডাং যে দিলেই, চালপীৰা এখনো দুৱাৰত ভেজা দিবলৈ টানাটানি কৰি আছে । টিঙিৰা বেজে জুহালৰ কাষত টিকিৰা পুৰি বলকি আছে ঃ

"হেৰৌ বেটী, কুঁহিয়াৰ পাব ক'ত থলি অ' ? আনৰ তিৰোতাই চকলিয়াই চকলিয়াই গিৰিহঁতৰ  আগত যতনাই দিয়ে, এই বেটীয়ে কুঁহিয়াৰ অকণ বিচাৰিও দিব নোৱাৰা হ'লি ।"

Kakadeutar har - Nabakanta Barua (9) : ককাদেউতাৰ হাড় - নবকান্ত বৰুৱা

ককাদেউতাৰ হাড়
(নৱম অধ্যায়)


কিছুদিন আগতে উজনি খণ্ডত আকাল হৈ গৈছিল; আকাশত পুবা-পশ্চিমাকৈ বৰ এটা নেজাল তৰা ওলাইছিল । কাকতী ফৰিঙে পথাৰ-সমাৰ টকলা কৰি পেলাইছিল । মানুহ মৰিছিল বহুতো । ৰূপ টকাত চাউল টেমি কিনি খাব পৰা মানুহ নো আছিল কেইজন ? মাউৰ হইজাত মৰাদি পালে পালে মানুহ মৰিছিল । মানুহবোৰে কচু-ঢেকিয়া বিচাৰি ফুৰিছিল পেটৰ কলমলনিত । তেতিয়া হয়তো হাবিয়ে - বননিয়ে মৰা বা বেমাৰী মানুহ দুই-চাৰিটা বাঘে খাইছিল । এবাৰ মানুহ খাবলৈ পালে বোলে বাঘে আৰু আন চিকাৰলৈ মন নেমেলে । মানুহৰ মঙহৰ যে কিবা এটা বেলেগ সোৱাদ আছে বুলি খেনোৱে ভাবে যদিও জনাই জানে আচল কথাটো বেলেগ । মানুহৰ দৰে সহজ চিকাৰ আৰু কিবা আছে জানো ? মানুহৰ শিং নাই, চোকা দাঁত নাই, জোঙা নখ নাই, - ম'হ এজনীয়ে যিখিনি বাধ দিব পাৰে মানুহে অকলে তাকো নোৱাৰে । অকলশৰীয়া হৈ থাকিলে মানুহৰ নিচিনা নিশকতীয়া জীৱ আৰু নাই । গতিকে মানুহখোৱা বাঘ তেনে মানুহকেই ধৰে ।

উজনিৰ ফালে সেই সময়ত নিসচয় বহুতো মানুহখোৱা বাঘ ওলাইছিল । তাৰে কোনোবা এটা বাঘে সম্ভবতঃ নামবৰ হাবি পাৰ হৈ আহি ডবকা হৈ খাগৰিজান সোমাইছিলহি । কিছুদিনৰ পৰা এই অঞ্চলত বাঘৰ উৎপাত বৰ বেছি হৈছিল । ইমান চোৰাংভাৱে বাঘটোৱে চল-ফুৰা কৰিছিল যে মানুহে বহুত দিনলৈকে কিহেনো মানুহবোৰ নিয়ে ঠাৱৰকে কৰিব পৰা নাছিল । দেও, ভূত বা চৰীয়া-পৰীয়াৰ হাততে মৰা বুলিহে ভাবিছিল । কলঙৰ ঘাটৰ পৰা হঠাৎ এদিন যেতিয়া নাৱৰীয়া এটা নাইকিয়া হ'ল, তেতিয়াহে তেজৰ চকা আৰি বালিত বাঘৰ খোজ দেখি মানুহে বাঘ বুলি জানিলে । পিচত আজি শালনাত, কাইলৈ ডকমকাত, পৰহিলৈ ব চামগুৰিত এটা দুটাকৈ মানুহ হানি হ'বলৈ ধৰিলে । টেপু বহুৱাকো বহুতে বাঘে খোৱা বুলিয়ে জানিছিল ।

নানান ফন্দি কৰিও বাঘটো কোনেও মাৰিব পৰা নাছিল । সাহ বা বুদ্ধি একোৰেই বাঘটোক সৈমান কৰিব পৰা নাছিলে মানুহে । বাঘটোক আটায়ে বুলিছিল গড়গঞা বাঘ । দুটা কাৰণত । গড়গাঁওত আকালত মৰা মানুহ খাই মানুহখোৱা হোৱা বুলি ভাবি, আৰু তাৰ তলা নলা ধৰিব নোৱাৰাৰ বাবে । বাঘটো মাৰিব বা ধৰিব নোৱাৰি পিচলৈ মানুহে তাক দেও বুলি ভাবিবলৈ আৰম্ভ কৰিলে । এবাৰ কোনোবা এজনে ক'লেহি বোলে মুঢ়ানীত বাবাজী এজন আছেহি - মান কথা নুবুজি । কিবা বিংবিং বাংবাংখন কৰে । সিয়েই ৰাতি হলে বাঘ অৱতাৰ হয় । বাৰে খেলৰ ৰাইজ গোটখাই এদিন বাবাজিক ধৰি বহি থাকোতে হোলোঙাৰে খুচি মাৰি পেলালেগৈ । কিন্তু তেতিয়াও বাঘৰ উৎপাত নকমিল । পিচত গাৰো মানুহ এটাই ক'লে বোলে বাবাজীক পুৰিহে মাৰিব লাগিছিল - বাঘ আৰু দেও দুয়োটাই জুইলৈ ভয় কৰে । এইবোৰ বোলে কিবা মাছাদু বাঘ ।

ভোগায়ে ঠিক কৰিলে , এইবাৰ বাঘটো মাৰিবই লাগিব । ইয়াৰ আগতে তেওঁ দুবাৰমান চেষ্টা কৰি চাইছিল । পিচে ইমান তপত খবৰ নোপোৱাৰ বাবে দিহা কৰে মানে বাঘৰ চিনকে নোপোৱা হয় । লৰালৰিকৈ ভিতৰৰ পৰা পাক এটা মাৰি আহি ভোগায়ে প্ৰস্তাৱ কৰিলে ৰাতিয়েই বাঘ ভেটা হওক । কাৰো উত্তৰলৈ বাট নেচাই বৰগী খেলৰ ৰতিকান্তক ক'লে , " তই টিঙিৰা বেজক খবৰ দেগৈ য। আৰু খীৰমন , তই উকিয়াই জনাই দে কথাটো গাঁৱত ।"

নিমিষতে গোটেইখন কৰ্মব্যস্ত হৈ পৰিল । ওচৰৰ পৰা দুৰলৈকে শুনা গ'ল খীৰমন বৰাৰ লেনীয়া দীঘল ৰিং - " ব ন ৰ জা ঐ - " ইখন সিখন গাঁৱৰ পৰা আৰু তেনে ৰিং শুনা গ'ল ।

ৰাতি বাঘ ভেটা সহজ কথা নহয় । তাতে মানুহখোৱা বাঘ । কিন্তু ভোগাই পিচ হুঁহকি অহা মানুহ নহয় । এজনে ভোৰভোৰালে " এনেয়ে বনৰ ৰজা বাঘ, তাতে আকৌ মানুহখোৱা, তাৰ ওপৰতে আকৌ গড়গঞা । এঃ ৰাতিখন ক'ত ভেটিব পৰা যাব ।"

ভোগায়ে খঙৰ ভাবত ক'লে, " বনৰ ৰজা যদি বনত থাকক গৈ , আমাৰ গাঁৱত কিয়?" তাৰ পিচত গহীন শান্ত ভাৱে যোগ দিলে, "পাৰোঁ নোৱাৰো চাওঁচোন বাৰু । আমাৰ টিঙিৰা বেজে বান্ধি দিলে বাঘ যাব কলৈ ? আৰু ৰাইজ, সুবিধা এৰিব নেপায় । আৰু এনেবোৰ কামত হেমাহি কৰিবও নেপায় ।"

----------------------

অষ্টম অধ্যায়                                                                                                                        দশম অধ্যায় 



Kokadeutar har - Nabakanta Barua (8) : ককাদেউতাৰ হাড় - নবকান্ত বৰুৱা

ককাদেউতাৰ হাড় - নবকান্ত বৰুৱা
(অষ্টম অধ্যায়) 

দোলাখন বাটচ'ৰাত ৰওঁতেই কেইজনমান মানুহ মেলৰ পৰা উঠি আহি উঠি আগবাঢ়ি যাব খুজিলে । ভোগায়ে হাতৰ ঠাৰেৰে মানুহখিনিক বহিবলৈ দি নিজেই উঠি আগবাঢ়ি গ'ল । ফাৰ্চীপঢ়া ঘৰৰ হাফিজুৰ বুঢ়া আপই দৰাচলতে হাজৰিকা বিষয়হে খাই আছে । ভোগাই উঠি নগ'লেও হ'লহেঁতেন । কিন্তু বয়স আৰু জ্ঞানৰ বাবে তেখেতক আটায়ে বৰ সন্মান কৰে ।

"কি সকামত ব মতালে, বৰুৱা বোপা ? " হাফিজুৰ হাজৰিকাই ক'লে, "এ এওঁলোকো দেখোন ? ক'ৰ, কোন খেলৰ ?"

"এওলোক কুমাৰ গাঁৱৰ ।" ভোগায়ে ক'লে, "এওঁলোকৰ কথা এটাৰ বাবেহে আপোনাক এই অসময়ত আমনি কৰিবলগীয়া হ'ল । "

অ' শুনিছোঁ শুনিছোঁ । এওঁলোকৰ বস্তিত বোলে জুই লাগিছিল ? কি কৰিবাহঁক - কপাল ! জুই আৰু মাটিৰ লগত কাৰবাৰ তোমালোকৰ - " হাজৰিকাই ক' লে ।

" নহয় আপদেও, এওলোকৰ গাঁৱত জুই কোনোবাই লগাই দিয়া যেনহে অনুমান হয় । নহ'লে গাঁৱৰ দুয়ো মূৰে একেলগে জ্বলিব কেনেকৈ ?" ভোগায়ে ক' লে ।

কুমাৰবোৰেও একেলগে চিঞৰি উঠিল, "হয় ,হয়, বাখৰ বৰাই আমাৰ গাঁৱত জুই দিছে ।"

হাফিজুৰ হাজৰিকা আৰু ভোগাই দুয়ো হাত দাঙি তেওঁলোকক শান্ত কৰিলে । ভোগায়ে ক'লে, "তোমালোকে মনে মনে থাকাচোন । হাজৰিকাক কথাখিনি বুজিবলৈ দিয়া ।"

হাফিজুৰ হাজৰিকাই ক'লে, "কুমাৰবিলাক, তোমালোকে এইটো বৰ জগৰৰ কাম কৰিছা । সাক্ষী - সাবুদ নোহোৱাকৈ কোনো কথা এইদৰে কোৱাটো ঠিক নহয় ।"

"কিয় থিক নহ'ব দেউতা ! আমি জানো বাখৰ বৰাই জুই দিয়াইছে আমাৰ গাৱত । কাৰণটো আপুনিও জানে ।" কুমৰবিলাকে একেলগে কৈ উঠিল ।

ভোগায়ে আকৌ হাত দাঙি শান্ত কৰিব খুজি ক'লে, "তোমলোকে হাই-উৰুমি নকৰিবাহঁকচোন । হজৰিকা আপদেউক কথাটো ক'বলৈ দিয়া, বুজিবলৈ দিয়া, বুজিবলৈ দিয়া ।"

মানুহবিলাকে ভাবিলে, এই বিষয়াবিলাকক জলজল পটপট কথাবোৰো বুজিবলৈ সময় লাগে । জনা কথাটোকে তেওঁলোকে নজনাৰ ভাও জুৰি আকৌ জানিব খোজে ।

হাজৰিকাই ক'লে, চাওক বৰুৱা বোপা, গোচৰ আনিলেই জানো চলে ? সাক্ষী লাগিব, প্ৰমাণ লাগিব । অকল চোভাৰ ওপৰত কথা ক'লেই ৰজিব নে ? বৰা-বাৰিকৰ কথা হ'লেও ৰজাঘৰৰ কথা । তাতে বাখৰ বোপা ধনী-মানী মানুহ - আপোনাৰ মিতিৰ । অলপ চম্ভালি চলিব লাগিব ।"

ভোগায়ে ক'লে,"ময়ো এওঁলোকক তাকে কৈছোঁ । এই ৰাজভগনৰ সময়ত আমি সকলো সাৱধানে চলিব লাগিব । এনে গধূৰ কথাৰ বিচাৰ আমাৰ চ'ৰাত হ'ব নোৱাৰে - হ'ব লাগিব বৰফুকন ব স্বৰ্গদেৱৰ ত'তহে । অগত্য সলাল গোহাঁইদেৱৰ দোপদৰলৈ আনিব পাৰি ।" তাৰ পিছত অলপ লাহেকৈ ক'লে, " আপোনাক আমনি কৰিব খুজিছোঁ আন এটা কথাৰ বাবেহে । আমি দুয়ো ভিতৰ চ'ৰাত বহিমগৈ নেকি ?"

হফিজুৰ হাজৰিকাই ক'লে, "নেলাগে বৰুৱা বোপা, ৰাইজৰ মেল মুকলিকৈ হোৱাই ভাল । গুপুত মন্ত্ৰণাই ৰজা-প্ৰজা আটাইৰে হানিহে কৰে । আপুনি কি সোধে মুকলিকৈয়ে সোধক ।"

ভোগাই অলপ অপ্ৰস্তুত হ'ল, কিন্তু এই বুঢ়াগৰাকীৰ জ্ঞানৰ গভীৰতাত তেওঁ মুগ্ধও হ'ল । তেওঁ ক'লে, "এওঁলোকে চোন কয় বোলে বাখৰে মুকুন্দ কুমাৰক হিলৈৰে মাৰিলে আপুনিও বোলে কথাটো জানে ... "

এইবাৰ অপ্ৰস্তুত হোৱাৰ পাল পৰিল হাফিজুৰ হাজৰিকাৰ । তেওঁ এটা মানসিক সংকটত পৰিল । মুকুন্দ কুমাৰৰ মৰাৰ কথাটো তেওঁ পাহৰিব নোৱাৰে । অৱশ্যে কুমাৰ এট মৰা কুমাৰবোৰৰ বাবে ডাঙৰ হ'লেও - মুকুন্দ কুমাৰ কেনেকৈ মৰিল সেইটোহে ডাঙৰ সমস্যা । কথাটো যে এদিন নহয় এদিন ওলাবই সেইটোহে তেওঁ অনুমান কৰিছিল । কিন্তু তেওঁ যে নিজেও তাত জৰিত হৈ পৰিব লাগিব সেইটো তেওঁৰ মনত অহা নাছিল । বাখৰে হিলৈ ব্যবহাৰ কৰা কথাটো তেওঁৰ মুখৰ পৰা ওলোৱাটো সমিচীন হ'ৱ জানো ? তেওঁ ভাবিলে । তাৰ উপৰি বাখৰত ওচৰত তেওঁ অঙ্গীকাৰতো আবদ্ধ । পকা ডাৰিকোছাত হাত বুলাই তেওঁ অলপ পৰ ৰ'ল । তাৰ পিছত ম্লান হাঁহি এটা মাৰি ক'লে, "শুনক বৰুৱা বোপ, শুনাহঁক কুমাৰবিলাক, মই বুঢ়া মানুহ, সাধু এটাকে কওঁ । সাধু এটাকে কওঁ । সাধুকথাই হে আচল কথা - বাকি চব ঘটনা ।" এই বুলি তেও সাধুটো ক'লে ঃ

"তাহানিৰ বাগদাদৰ হাৰুনাল ৰচিদ খলিফালৈ হাৱছী ৰজাই পঠিয়াইছিল দুটা পুতলা । পুতলা দুটা হুবহু এক । চকু একে কাণ একে, হাত ভৰি মূৰ - সকলো একে । দীঘে-পথালি ওজন - একোতে হেৰ্ফেৰ নাই । আবচলু কাঠৰ পুতলা কিচ্‌কিচিয়া ক'লা ৰং ।"

বুঢ়াই অলপ ৰৈ মানুহবোৰৰ প্ৰতিক্ৰিয়া লক্ষ্য কৰিলে । প্ৰায়বোৰ চকুতেই আগ্ৰহৰ চিন । কেৱল ভোগায়ে তলমূৰকে বহি আছে । হাতত থকা পান এখন ছিঙি সৰু সৰু কৰি থকাৰ পৰাই বুজিব পাৰি তেওঁ অলপ অধৈৰ্য হৈছে । হাজৰিকাই কৈ গ'ল ঃ

"হাৱছী ৰজাই লগতে দিছে এখন খত - চিঠি । তাত লিখিছে বোলে পুতলা দুতাৰ মাজত এটা অমিল আছে । বৰ ডাঙৰ অমিল ।সেইটো গম পালেই সিঁহত দুটা কোন শ্ৰেণীৰ ফট্‌ফটীয়া হৈ যাব ।এতিয়া বাগদাদৰ খলিফাই সেইটো উলিয়াব লাগে ।

উজীৰ, নাজিৰ, আমিৰ, ওমৰাও সকলো আহিল পুতলাৰ ভেদ ভাঙিবলৈ । পুতলা দুটা চুই চালে, টুকুৰিয়াই চালে, জোকাৰি চালে । নাই, সকলো একে । কোনেও ক'ব নোৱাৰিলে পুতলা দুটা কিহত বেলেগ । এতিয়াতো মহা লাজৰ কথা হ'ব । হাৱছী ৰজাৰ আগত বাগদাদৰ খালিফা হাৰি যাব ।

চহৰত আছিল এক বুঢ়া কচাই । মাংস বিক্ৰী কৰে । সি আহি ক'লে, " জহাপনা, বন্দীক যদি এবাৰ পুতলা দুটা চাবলৈ দিয়ে ... "

আমীৰ-ওমৰাও সকলো গৰ্জি উঠিল, "উজীৰ-নজীৰ য'ত হাৰি গ'ল, বেটা কচাই আহিছে তাত বহাদুৰি দেখাবলৈ ।" খলিফাই কিন্তু ক'লে, বুঢ়া কচাই মোৰেই প্ৰজা, হাৱছী ৰজাৰ আগত লাজত পৰাতকৈ এবাৰ চেষ্টা কৰাই ভাল ।"

কচাই আহিল । সি চালে । একো এটা সি উলিয়াব নোৱাৰিলে । কিছু পৰ ভাবি সি এচৰিয়া পানী খুজিলে । গামলাত পানী আছিল । কচায়ে পুতলা দুটা পানীত এৰি দিলে । আৱলুচ কাঠৰ পুতলা - গধুৰ । দুয়োটা পুতলা ডুবি গ'ল । বুঢ়া কচায়ে বহি চাই থাকিল ।দেখিলে পুতলা দুটাৰ চকুৰ মণিৰ পৰা সৰু দুটা বুৰবুৰণি ওলাল ।আমীৰ ওমৰাওবিলাকৰ সেইটো নজৰত নপৰিল ।  বুঢ়া কচায়ে জানিলে পুতলা দুটাৰ চকুত বিন্ধা আছে । সি পুতলাদুটা পানীৰ পৰা উলিয়াই আনি এডাল খৰিকা খুজিলে । খৰিকাডাল আনি এটা পুতলাৰ চকুৰ সৰু বিন্ধাটোৰে সুমুৱাই দিওঁতে খৰিকাডাল মুখেদি ওলাই আহিল । ইটোৰ চকুৱেদি সুমুৱাই দিওঁতে ওলাই নাহিল ।

কচায়ে ক'লে, আলমপনা, পালোঁ । এই প্ৰথম পুতলাটো হ'ল ৰজাও হ'ব পাৰে, প্ৰজাও হ'ব পাৰে । আৰু এই দ্বিতীয় পুতলাটো হ'ল ৰজাৰ বিষয়া । খালিফাই সুধুলে, " মানে কি হ'ল ?"

কচায়ে ক'লে, " যিটো পুতলাৰ চকুৰ বিন্ধাৰ লগত মুখৰ সম্বন্ধ আছে সি হ'ল ৰজা নাইবা প্ৰজা । চকুৱে যি দেখে সেইমতে কাম কৰে । ৰজা হ'লে হুকুম দিয়ে, প্ৰজা হ'লে ৰটনা কৰে । আৰু আনটো পুতলাই দেখে, কিন্তু নকয় । কাৰণ কথা ক'লেই বিপদ । এইটো হ'ল ৰজাৰ বিষয়া, দেখে শুনে , কিন্তু চুপ চাপ কাল কৰি যায় । কথা নকয় ।"

এইবুলি আকৌ এটা হাঁহি মাৰি হাজৰিকাই লগত অনা টেমাৰ পৰা পতহিওৱা তামোল এখন মুখত ল'লে ।

"বুজিলানে ৰাইজ?" ভোগায়ে ক'লে, "বুজাক বুজাবা ঠাঁৰে - চিয়াৰে - বুবুজাক বুজাবা ঢকা চাপৰে । হাজৰিকা আপদেউ নিজেও এজন ৰজাৰ বিষয়া । হেন জানি এখেতক আৰু আমনি নিদিয়াই ভাল হ'ব বুলি ভাবোঁ ।"

মানুহবোৰে যদিও হাজৰিকাৰ পৰা স্পষ্ট কথা শুনিবলৈ আশা কৰিছিল তথাপি হাজৰিকাৰ শান্ত সৌম্য মূৰ্তি দেখি আৰু ভোগাইৰ কথাৰ ধৰণত তেওঁলোকে পীড়াপীড়ি নকৰিলে ।

"দিন কাল ভাল নহয়, চৰীয়া-পৰীয়া থাকিবও পাৰে ক'ৰবাত" এইবুলি ভোগায়ে বৰ্হমচৰীয়াক মাতি আনি হাজৰিকাক থৈ আহিবলৈ ক'লে । হাজৰিকায়ো নিজৰ মান আৰু অংগীকাৰ ৰাখি স্পষ্টভাৱে কথা ক'ব্লগীয়া বোহোৱাত সকাহ পালে ।

"এৰা, ব'লা বৰ্হমচৰীয়া বোপা, মই আকৌ এ'চৰাৰ নামাজ ফেৰা কৰিবগৈ লাগিব ।"

হাজৰিকা গ'লগৈ । ভোগায়েও হাজৰিকা থকাটো আৰু নিবিচাৰে । ভোগায়ে এতিয়া বাখৰৰ শক্তিৰ স্পষ্ট প্ৰমাণ পালে । এতিয়া তেওঁ আতঘাত বন্ধি কাম কৰিব লাগিব । হাজৰিকাৰ সাধুটোৱেও মানুহবোৰক উচটোৱাত যথেষ্ট সহায় কৰিব । কিন্তু হাজৰিকাৰ দৰে বুঢ়া মানুহ এজনৰ সন্মুখত তেওঁ তেওঁৰ বৰশীৰ ধেমালি আৰম্ভ কৰিব নোখোজে ।

হাজৰিকা যোৱাৰ পিচত কুমাৰবিলাকে ক'লে, " আমি তেনে এতিয়া কৰোঁ  কি? সলাললৈকে যাওঁ ?"

"যাব পাৰ" ভোগায়ে নিৰ্বিকাৰ ভাবে ক'লে ।

"পিচে তালে গ'লে সিজনে বা আকৌ কি কৰে !"

সিজনে মানে বাখৰে ।

বাখৰে যেন বৰশীত জোকাৰ এটাহে মাৰিলে, তহঁতৰ একো উপাই নাই মৰাহঁত । ইফালে কবি বিচাৰ লাগে - সিফালে আকৌ মাৰে বুলিও ভয় । তহঁত মৰিয়েই আছ । সাহ লাগে, বুজিছ, সাহ লাগে ।"

মানুহবোৰ অলপ বিবুধি হ'ল । ৰাজ বিষয়াবোৰৰ এনে দুনুখীয়া ব্যৱহাৰত প্ৰজা সদায় জুৰুলা । সিহঁতে সাপ হৈ খুটে, বেজ হৈ জাৰে । বিষয়াক নেমানিলে জগৰ, আকৌ বিষয়াই উচটায় বিষয়াৰ বিপক্ষে । "ভাল দেউতা, আমি তেনেহ'লে সলাললৈ যামহঁক, লৰালুৰি আৰু তিৰোতামাখা ... "

"এৰা যাবিতো সলাললৈ । আৰু তিৰোতামখা থৈ যাবি বাখৰৰ লগুৱা-লিকছৌবোৰলৈ ! বাখৰকো লাগিব পাৰে দুই এজনী । সাহ লাগে বুজিছ, সাহ লাগে ।" এটা অদৃশ্য টোপ যেন বাখৰে মানুহবোৰৰ আগত জোকাৰি থাকিল ।

ই আকৌ কেনে কথা, কুমাৰগঞা ৰাইজে ভাবিলে । এইমাত্ৰ ক'লে সলাল গোহাঁইৰ তালৈ যা, পিচ মুহুৰ্ততে বিকৰ্থনা কৰি আকৌ পাক লগায় চোন ! এই বিষয়াবোৰৰ কথাৰ আঁত ধৰাই টান ।

কিন্তু ভোগাইৰ উদ্দেশ্য পৰিষ্কাৰ । ভোগায়ে জানে সলাল গোহাঁইদেউৰ নিজলৈকে টনাটানি । তেৱোঁ দ্ৰোহ আচৰা বুলি ত'ত গড়গাওঁত হেনো বু-ৱু-বা-বা ওলাইছে । বৰফুকনে সৈতে লাগ লাগি গুৱাহাটিতে নতুন ৰজা পাতিছিল বুলি উৰা বাতৰি পাই স্বৰ্গদেৱে মানুহ পঠাইছে বোলে তেওঁক ধৰিবলৈ । এনে সময়ত তেওঁ বাখৰৰ দৰে প্ৰতাপী ৰজা এজনক উচটাই নলয় । কিজানি বাখৰো হেলিমেলি ৰজাৰ ষড়যন্ত্ৰত আছে । নহ'লেনো বাখৰে হিলৈ পালে ক'ৰ পৰা ? বা ৰাখিবলৈ সাহ কৰে কেনেকৈ ? বাখৰহঁত উজনিৰ ক'ৰবাৰ মানুহ - ঘৰত শালগ্ৰাম আছে বুলিও ভোগাইহঁতে জানে । ভোগাইহঁত মহাপুৰুষীয়া মানুহ - একেবাৰে কালসংহতিৰ । ভাটী যোৱা নে ফাটি যোৱা গোপাল আতাৰ সত্ৰ । কাল সংহতিৰে মায়ামৰা শাখাৰ ভকত বৈষ্ণব মটক মৰাণ মিলি সিফালে ৰজা খেদাত লাগিছে । ইস্‌ কমটো জীয়াতু ভুগিলেনে তেওঁলোকে বৰ ৰজাৰ আমোলত ? কিন্তু ভোগায়ে জানে আহোম ৰাজ্যৰ বেলিমাৰ ইমান সোনকালে নহয় । নিজৰ মানুহৰ তলতীয়া হোৱা স্বভাব আমাৰ মানুহৰ নাই । তাতে স্বৰ্গদেৱে কুম্পানীৰ চিপাহী আনিছে । মিকৃগড় চাহাব আৰু তেওঁৰ হিন্দুস্তানী চিপাহীবোৰক ভোগায়ে দেখিছেও কলিয়াবৰত । বাখৰৰ হিলৈটোৰ যি বৰ্ণনা তেওঁ পাইছে, তাৰ পৰা অনুমান হয় যে সৈটো কুম্পানীৰ হিলৈ - সিঁহতে বন্দুক বুলি কয় । আৰু বা কিমান গোটাছে বাখৰে ! কিন্তু সলাল গোহাঁইৰ লগত জোটশালী মাৰিবৰ মন ভোগাইৰ নাই । নপতা ৰজা হৈ থকাতকৈ পতা বিষয়া হৈ থাকাই ভাল ।

তেন্তে ভোগায়ে কৰিব খুজিছে কি ? এইদৰে দুমুখীয়া কথা কৈ তেওঁৰ লাভ ? ভোগায়ে মানুহবোৰক নিৰুপায় কৰি তুলিব খুজিছিল । নিৰুপায় হ'লে মানুহৰ মনত ওপজে এটা অদ্ভুত সাহস - মৰসাহ । ভোগায়ে সিহঁতক নিৰুপায় কৰি সিহঁতৰ মনত তুলিব এক উন্মত্ত সাহ, মৰসাহ বাখৰৰ বিৰুদ্ধে । তেওঁ নিজে পোনপটীয়া একো নকৰে । কাউৰীয়ে কাউৰীৰ মঙহ নাখায় । এই মানুহবোৰকে অস্ত্ৰ হিচাবে ব্যৱহাৰ কৰিব লাগিব ।

কিন্তু মানুহবোৰক সেই কথা জনিব দিলেও তেওঁৰ কাম সিদ্ধ নহ'ব । প্ৰজাবোৰ মাথোঁ ডবাখেলৰ গুটি ঃ তাতকৈ বেছি সন্মান দিলেই বিষয়াৰ বিপদ । সেইবাবেই আজি ভোগায়ে সিহঁতৰ মন জুখি চাই, সিহঁতক ব্যৱহাৰ কৰিব খুজিছে বাখৰৰ ধ্বংসৰ খেলত ।

ভোগাইৰ মৌনতাৰ আসৈ পাই ধেমেলীয়া বুলি খ্যাতি থকা ফেলাই নামৰ কুমাৰটোৱে ক'লে, "দেউতাৰ কথাচোন আমৰ চাকৰ পাকতকৈ কোবাল ।"

ফেলাই বহুৱাৰ কথাত ভোগাইৰ খং নুঠিল । বৰশী বোৱা ল'ৰাই যেন জৰীডাল ঢিলাই দিলে । তেওঁ হাঁহি ক'লে, " ফেলায়ে ঠিকে কৈছে - মাটি খচি খচি চাকত পেলাই কুমাৰে সাজে গাগৰি । কুমাৰৰ বুধিও গাগৰিটোৰ দৰে ফোপোলা । কথাৰ পাক ক'ত বুজিব । বোলোঁ, পকা চৰু টুকুৰিয়াই চাৱনে নেচাৱ ?"

"চাওঁ দেউতা চাওঁ, কেচা নে পকা চাওঁ । কেচা চৰুত মাত উঠে থেপেক থেপেক থেপেক, পক চৰুত টিংটিং  ।" আসৈ পাই ফেলায়ে বহুৱালি কৰিব খুজিল । " কিন্তু ভোগাই গহীন হৈ গ'ল । লগে লগে সকলো কোঢ়াল জীন গ'ল । ভোগায়ে গহীনাই ক'লে, " তহঁতক মই টুকুৰিয়াই চাইছিলোঁ, তহঁত তেনেই কেঁচা । আৰু বহুত ভুগিবি তহঁতে । অত্যাচাৰৰ জুইত আৰু পুৰিলেহে তহঁত পকা হবি । হেৰৌ, সাহ লাগে সাহ । মই যিহকে কওঁ তাতেই হয়ভৰ দিয় কিয় ।"

"আপোনাৰ কথা পেলাব পাৰি জানোঁ, দেউতা ?"

তহঁতৰ মানুহবোৰক সুধি চাচোন কি কয় ।"

নগঞা ৰাইজি গৈছিল ৰজাৰ কাষলৈ বিচাৰ বিচাৰি । গৌৰীনাথ স্বৰ্গদেউ নগাঁৱৰ বাহৰত থাকোঁতে বৰুৱা ফুকনবোৰে পাণ-তামোল, চাউল-পাতৰ যোগান ধৰিছিল বাহৰত । জীয়ৰী ছোৱালীও নি বিলাইছিল । তেতিয়া বিষয়াৰ অত্যাচাৰত জুৰুলা ৰাইজ ৰজাৰ কাষ চাপিছিল । কৈছিল, স্বৰ্গদেউ, আৰ পৰা যাওক । নহ'লে বা-বিষয়াকে সলাই দিয়ক । " স্বৰ্গদেৱে সুধিলে, "কাক নো বিষয়া লাগে তহঁতক ? সিহঁতে ক'লে আগৰ ফুকন বৰুৱা হোৱা মানুহ আছে, আন মানুহো আছে, তেওঁলোকক দিয়ক । বিষয়া সলাবলৈ কৰা এই অনিৰোধৰ আঁৰত আছিল আগৰ বহুতো ভগা বিষয়া আৰু মৰ্যাদলিপ্সু অৱস্থাপন্ন প্ৰজা ! সমান্য পাইকান মানুহ বাখৰৰ ঘৰো জানো বৰুৱা হ'ব খোজা নাছিল । মোৱামৰীয়াৰ বিৰুদ্ধে যুঁজিবলৈ তেতিয়া স্বৰ্গদেৱক মানুহ লাগে । অথচ ৰাজ্যৰ কেউফালে নপতা ৰজাবোৰৰ দপদপনি । তেনেসময়ত বিদ্ৰোহ নাচৰি ৰজাৰ কাষচপা এই প্ৰজাবিলাকৰ কথা স্বৰ্গদেৱে ৰাখিলে ।বৰফুকনকে মুখ্য কৰি ভালেমান বিষয়া সলাই দিলে, কিন্তু এই ন বিষয়াবোৰৰ কোব আৰু চৰিলহে । চহকীৰ প্ৰতাপ আৰু পুৰণা বিষয়াৰ খিয়লাখিয়লিৰ জুইত প্ৰজা মৰোঁমৰোঁ হ'ল । আকৌ আঠ দিনৰ মূৰত সিঁহতেই গৈ আকৌ ৰজাক খাটিলে বোলে আগৰ বিষয়াই ভাল, তেও৬লোককে ৰাখক । গতিকে নগঞা প্ৰজাই জানে বিষয়াৰ ওপৰত ভৰসা কৰি লাভ নাই ।  কিন্তু মটক মৰাণৰ দৰে ফেট তুলি উঠিবলৈকো জানো সিঁহতৰ লাগতিয়াল বস্তুখিনি আছে ? ভোগায়ে ক'লে সাহৰ কথা । কিন্তু সাহেও সকলো নে ? তাৰ সাহ আহে ক'ৰ পৰা ? তাৰ বাবে লাগে কিবা এটা বিশ্বাস - যিটো মোৱামৰীয়া বিলাকৰ আছিল - আৰু লাগে উপযুক্ত নায়ক । মোয়ামৰীয়াৰ আছিল চতুৰ্ভূজ গোসাঁই ।

নগঞা প্ৰ্জাই বিষয়াৰ ওপৰাতেই নিৰ্ভৰ কৰি থাকিবনে সদায় । সিঁহতে যেন বুজি পাইছে বিচাৰ দুৰ্বলৰ হে অস্ত্ৰ । তেন্তে নিজৰ শক্তিৰে কিবা এটা কৰিব লাগিব নেকি ? কি ক'ব খুজিছে বাৰু এই ভোগাই বৰুৱা নামৰ বিষয়াজনে ? আৰু কিবা পাক লগাব লগাব খোজা নাইতো এওঁ !

অদহীয়া কুমাৰ ক'লামণিয়ে ক'লে, দেউতা, এই বুঢ়াৰ মনত এটা কথা খেলাইছে । মই কুমাৰে এটা কথা জানো, চৰু জিমানে পুৰিব সিমানে টান হ'ব । সিদিনা বাখৰ বৰাই লগোৱা জুইত পুৰি আমি ভস্‌ম হোৱা নাই - টানহে হৈছোঁ । আৰু জ্বলাওক, আমি টানহে হ'ম । শেষত হ'ম শিল । শিলত গুৰিয়াই   "

ভোগয়ে বুজিলে তেওঁৰ কথাই ফল ধৰিছে । কিন্তু নাই , আৰু বেছিলৈ যাবলৈ দিব নোৱাৰি । তেনেহ'লে হয়তো নিজৰ প্ৰতিষ্ঠাৰ বাটতো হেঙাৰ পৰিব । ভোগাইৰ মত হ'ল, সাধাৰণ মানুহৰ মনত শক্তিৰ সঞ্ছাৰ কৰিবা, কিন্তু সেই শক্তিৰ মূল্য নিৰূপণ কৰিব নিদিবা ।যদি সিহঁতে বুজি পায় সিহঁতৰ শক্তিৰ পৰিমাণ, তেতিয়া হ'লে সিহঁতক দমাই ৰখা টান হ'ব ।  নাই আৰু বেছি পৰ মেল মাৰি তেওঁ আত্যহত্মাৰ বাট মুকলিকৈ নলয় । তামোল এখন মুখত ভৰাই তেওঁ উঠিবলৈ গা দাঙি ক'লে, চাবি আকৌ, বেছিকৈ পুৰিলে চৰু গুচি জাওঁহে হ'ব ।"

ভোগাই উঠা দেখি মানুহখিনিও ল্ঠিল । তেনেতে উধাতু খাই ল'ৰা এটা সোমালহি । পিন্ধি থকা গামোচাখন প্ৰায় খুলিয়ে গৈছিল । কোনোমতে মুঠি মাৰি ধৰি আছে ।

"পিতাই, পিতাই নিলে ঐ ।"

গোটেইখিনি মেল উচপ খাই উঠিল । কি? মোৱমৰীয়া নে ৰজাঘৰীয়া চন্তৰী ? নে প্ৰত্যক্ষ সংগ্ৰাম কৰিব বাখৰে আগবাৰিছে অৱশেষত ? হাফিজুৰ হাজৰিকাই কিবা খবৰ দিলেগৈ নেকি বাখৰক ? এনে দিন-কালত কাকো বিশ্বাস কৰিব নোৱাৰি । কিন্তু হ'ল কি? নিলে কাক?

ল'ৰাটোৱে ফেকুৰি ফেকুৰি থোকাথুকি মাতেৰে ক'লে, "মই নহয়, আহি আছিলোঁ নহয় মাহীহঁতৰ ঘৰ পোৱাৰ   বৌৱে নহয় পঠিয়াইছিল চেৰেকা এটা "

হেৰ' কাক নিলে ? কোনে নিলে ? ভালকৈ নকৱ কিয় ? " ক'লামণিয়ে ডবিয়ালে ।

"বৌ-ক । মো" ভয় লাগে দেখি বৌ আহিছিলে নহয় মোক আগবঢ়াই দিবলৈ   কেঁকুৰিটোতে বেয়া বেয়া গোন্ধ   ঘূৰি দেখোঁ বৌ নাই !"

মানুহবিলাকৰ মাজ বৰ খৰখেদাকৈ কিবাএটা আলোচনা হ'ল । চিপাহী চন্তৰী হ'লে ক'লামণিৰ ঘৈণীয়েৰৰ দৰে বুঢ়ী এজনী নিনিয়ে । আৰু মানুহে ইমান নিঃশব্দে ধৰি নিব নোৱাৰে । ল'ৰাটোৱে নিশ্চয় টনা আজোৰা দেখিলেহেঁতেন । দ'ত যখে মানুহৰ জীৱহে নিয়ে শ'টো নিনিয়ে । কিন্তু বেয়া গোন্ধটো ? হঠাৎ এজনে চিঞৰি উঠিলে "নিশ্চয় বনৰজা "

ৰাইজেউ দোহাৰি ক'লে "হয়, বনৰজাই হয় ।"

ভোগায়ে স্বস্তিৰ নিঃশ্বাস পেলালে । বাঘ । গৰগঞা বাঘটোৱে কুমাৰণী এজনী খালে । হঠাৎবিজুলী সঞ্চাৰে  তেওঁৰ মনত কথা এটা খেলালে । দিহা-দিহি যাব খোজা মানুহবোৰৰ ফালে চাই তাচ্ছিল্য মিহলি সহানুভূতিৰ সুৰত শুনা নুশুনাকৈ ক'লে , " বাঘে মৰাও মৰা, বৰাই মৰাও মৰা ।" তাৰ পিচত ৰাইজৰ ফালে চাই ডাঙৰকৈ ক'লে, "দোচমনক বধিবহে লাগে । ৰাইজ ওলাব লাগে ।" তাৰ পিচত বৰ্হমচৰীয়াক বাঘজাল কেইখনমান উলিয়াবলৈ দিহা দি তেওঁ উঠিল ।


সপ্তম অধ্যায়                                                                                                                           নৱম অধ্যায়


Kakadeutar har - Nabakanta Barua (7) : ককাদেউতাৰ হাড় - নবকান্ত বৰুৱা


ককাদেউতাৰ হাড় 
সপ্তম অধ্যায় 

স্বাভাবিকভাবেই কুমাৰগঞা ৰাইজ ভোগাইৰ কাষ চাপিল । ঠিক গোচৰ নহয় । দিহা-ভাৰসাৰ কথা । মেল বহিল মুনিচুনি বেলিকা । ভোগাই বৰুৱাই ক'লে , বোলে বাখৰৰ ঘৰ মিতিৰ মানুহ , তেওঁ বাজিলে দেখিবলৈ ভাল নহ'ব । কিন্তু, এটা কথা  তেওঁ নক'লে যে তেতিয়া হ'লে তেৱোঁ যে পৰোক্ষোভৱে ঘটনাটোৰ লগত জড়িত সে কথাট জলজল পটপটকৈ ওলাই পৰিব । আৰু তেওঁৰ প্ৰকৃত ভয়ো সেইটোৱেই । অলপ ৰৈ তেওঁ ক'লে, নিলগীয়া হ'লেও সলাল গোহাঁই এতিয়াও ক্ষমতাত আছে । গতিকে কুমাৰগঞা ৰাইজে সমূহীয়াকৈ গৈ সলাল গোহাঁইদেউতাৰ দোপদৰত গোচৰ কৰিবলৈহে দিহা দিব খোজোঁ ।"

কিন্তু কুমাৰগঞা ৰাইজে জানে, সলাল গোহাঁয়ে এই বিষয়ে একো কৰিব নোৱাৰিবও, নুখুজিবও । আৰু দলে বলে সলাললৈ গ'লে বাখৰে সুদাই এৰিবনে ? এজন মুখিয়ালে ক'লে , "চিপাহী-চন্তৰীৰ বেহু পাৰ হৈ গোহাঁই দেউতাক লগ ধৰাটো জানো কম কথা । তাতে ৰাজভগনৰ দিন । বৰুৱা দেউতাই আগ পাছ কৰি দিলেহে জানোচা - "

"তেনে কথা এতিয়া ভাবিব নোৱাৰি ৰাইজ",  ভোগায়ে ক'লে, "কথা হওঁতে হয়,  ৰংপুৰত ৰজা ভাগিছে  ।  সৰ্গদেউ এতিয়া ভটিয়াই গুৱাহাটী  পালেগৈ বুলি শুনিছোঁ  ।  এনে জয়াল সময়ত আমাৰ ফালৰ পৰা কোনো কথাত আগবঢ়া টান । "

"ৰজাই যদি পলাল, ৰাইজে ৰ কেনেকৈ ?" কুমৰগঞা ৰাইজৰ অসহায় মনোভাৱ ফুটি ওলাল । কিন্তু ভোগায়ে ক'লে , "সৰ্গদেউহে ভাগিছে, বিচাৰ ক'লৈ যাব ? চাৰিজনা ডাঙৰীয়াই আগেয়েও চলাই নিছে । অ'ত ত'ত এতিয়া সেইবোৰ নপতা ৰজা ওলোৱাৰ কথা ৰাইজে জানো শুনা নাই । ৰংপুৰত মটক ৰজাৰ কথা নকৱেই, উত্তৰ কোনে জাপৰীভিটাত, উজনিত বেং মৰাত - এইবোৰত বহুতো নপতা ৰজা হৈছে  ।"

ভোগাইৰ মুখত ৰজাভগনৰ কথা মানুহবোৰে তন্ময় হৈ শুনিছে । ৰজা যেয়েই নহওক লাগে, এইবোৰ সাধাৰন মানুহৰ ভাগ্য, জীৱন-যাত্ৰা - একোৱেই সলনি নহয় । তথাপি কলথোকা বাদুলীয়ে খোৱাৰ কথাতকৈ ৰাজাভগনৰ কথাতেহে প্ৰজাৰ ৰাপ বেছি । ভোগায়ে দিয়া বাতৰি সিহঁতে অবাক হৈ শুনিছে , ভোগায়ে লাহেকৈ ক'লে, "আৰু আমাৰ ইয়াতো খেনোৱে মন মেলিছেহে !"

খেনোৱে মানে যে তেওঁ বাখৰকে বুজাব খুজিছে সেই কথা বুজিবলৈ কুমৰগঞা ৰাইজৰ বাকী নেথাকিল ।

"এস্‌ এস্‌, ৰজা ভাগিল বৰ বিপদ । দেশ অৰাজক হ'লে বৰ বিপদ । নপতা ৰজাই নচঁচা হ'লে সমান ! নপতা ৰজাৰ মুলুকত আমি থাকোঁ কেনেকৈ ? ৰাইজ নিগমে মৰিল ।" এইদৰে কুমৰগঞা প্ৰজাই উচ্‌ পিচালে ।

তেতিয়া ভোগায়ে বুজাই ক'লে, "সৰ্গদেউ ভাগিলেও দেশৰ ধৰণী বুঢ়াগোহাঁই আছে । বুঢ়াগোহাঁই ডাঙৰীয়াই নিজেই সেই দ্ৰোহী বিষয়া আৰু প্ৰজাবোৰক দণ্ড বিহিছে । জপৰা শইকীয়া, জাবৰ - সিহঁতক বৰশীত দিছে । খেনোক ধৰি তেলত ভাজি বা কোৰেৰে ঘৈয়াই মাৰিছে । ৰজা গলেও বিচাৰ নেজায় ৰাইজ, বিচাৰ নেজায় । "এই কথাটোকে আকৌ দোহাৰি ভোগায়ে ক'লে, "ৰজানো সদায় থাকেনে ? ৰাইজ, ৰজাৰ বিচাৰহে থাকে ।"  কুমৰগঞা ৰাইজ ভোগাইৰ কথাত যুক্তু দেখিলে যদিও বিশেষ ভৰসা নাপালে । এই ৰাজভগনৰ দিনত বিষয়াবিলাকে যদি এনে থৰ-যুকুতি নাই - সিহঁতকনো সলাল গোহাঁয়ে কি ৰাখিব । পুৰণি সোণ কেইচিকুতমানৰ বাবেই ইমান অথন্তৰ মাতি অনাৰ বাবে সিহঁতৰ ভোগাইকে দোষী কৰিবৰ মন গ'ল । কিন্তু সেই চিন্তা মনলৈ অনাউ বিপদ । তথাপি মৰো জীওঁ নেভাবি এজনে উলিয়ালে , "দেউতা,  আপুনি এতিয়া কাটকেই বা মাৰকেই -  আপুনিয়েই কৰালে, আমি কৰিলোঁ । আপোনাতেই আমি শৰণ লৈছোঁ "

তাচ্ছিল্যৰ হাঁহি এটা মাৰি ভোগায়ে ক'লে, "মই মহন্ত নে মহাজন অ', এনেকৈ কৈ শৰণ লওঁ লওঁ লগাইছ ? মই তহঁতক ৰূপ অলপমান আগধন দিলোঁ ছোৱালীৰ বিয়াৰ বাবে চৰু , মলা এইবোৰৰ বাবে, আৰু তহঁতে গলি তাৰে সোণ মোকলাবলৈ । এৰা, যাবিতো, নেযাবি কিয়, বোপা-ককাৰ দিনৰ বস্তু । কিন্তু তাতে যদি কিবা অথন্তৰ ঘটে তাৰ বাবে জগৰটো মোৰ হ'ল নে ?"

কথাখিনি আটাইৰে অস্বাভাবিক যেন লাগিল । ভোগেশ্বৰ বৰুৱাই সাধাৰণতে  ইমান বেছি কথা নকয় । এঘাৰ বছৰ বয়সতে এইঁ ছোৱালী উলিয়াই দিবনে ? আগবিয়া দিয়া প্ৰথা এওঁলোকৰ পৰিয়ালত নাই । আৰু, কাৰো জীয়েকৰ বিয়াত কুৰি পোন্ধৰজন কুমাৰে তিনি চাৰিশ টকাৰ চৰু - টেকেলী গঢ়িব নালাগে ।  কুমাৰবিলাকে জানে , বাখৰক লঘু কৰিবলৈকে সিহঁতক সোণ মোকলাবলৈ ধন দিয়া হৈছিল । কিন্তু ভোগায়ে সেই কথা খোলাখুলিকৈ কোৱা নাই । নকয়ো । ভোগাইৰ কথাত সিহঁতে নিৰুপায় হ'ল । এফালে ভোগাই, আনফালে বাখৰ । তাৰ মাজত কুৰুৱা বতাহত বিৰিণা কঁপাদি কঁপি থকাৰ বাহিৰে সিহঁতৰ আৰু উপাই নাই ।

ভোগায়ে আকৌ ক'লে, "শুন, তহঁতক কথা এটা কওঁ । তহঁত সলাল গোহাঁইৰ তালৈকে যা । ময়ো বাৰু গোহাঁই দেউতাক লগ কৰিম । ইতিমধ্যে মিতিৰকো বুজাই শাঁত কৰিব পাৰিম যেন লাগিছে ।"

"গোহাঁই দেউতাৰ তালৈ গ'লে জানোচা সিঁটোৱে - "

"কি সিটোৱে সিটোৱে বুলিছ ? মোৰ আগত মিতিৰৰ কথা ন'কবি তেনেকৈ !"ভোগাই গৰ্জি উঠিল ।

"জগৰ নধৰিব দেউতা", মানুহটোৱে থোকা থুকিকৈ ক'লে, "সিজনে গোহঁইদেউৰ তালৈ গ'লে ব আকৌ কি মূৰ্তি দেখুৱায় ....তাতে সিজনৰ আকৌ হিলৈদাৰী আছে ।"

"হিলৈদাৰী ! কি ক'লি ? হিলৈদাৰী !"

"হয় দেউতা , আমাৰ মুকুন্দক হিলৈৰেহে মাৰিলে ।"

"যাহ মিছা কথা, কেনেকৈ জানিলি ?"

"আমি দেখিছোঁ দেউতা, দেখা নাই যদি এই চকুহাল ভলুকা বাঁহৰ আখি ! আৰু সিদিনা মাজগাঁৱৰ ফাৰ্চীপঢ়া বুঢ়া দেউতাও আছিল ।"

ভোগাই অলপ তভক মাৰি ৰ'ল । কথা তাৰ মানে তলে তলে বহুত দলৈকে শিপাইছে । ত'ত মটকে হিলৈ নোহোৱাকৈ টোকোন জোকাৰি জোকাৰিয়েই ৰাজ্য ল'লে । আৰু বাখৰে হিলৈও গোটাইছে । ভোগাইৰ অলপ পৰ নিজকে বৰ অসহায় যেন লাগিল । ইমান দিনে তেওঁ বাখৰক খন্তীয়া সাপৰ দৰে বিষাক্ত আৰু হীন বুলি ভাবি আহিছিল - কিন্তু এতিয়া বুজিলে যে তেও এটা বিষাক্ত ফেটী গোমৰ লগত যুঁজ দিবলগীয়া হৈছে । ! ক'ত পালে বাখৰে হিলৈ ? ক'ত ? কিন্তু মনুহবোৰে ভোগাইৰ ভাবান্তৰ লক্ষ্য কৰাৰ আগতেই ভোগায়ে ভেকাহি মাৰি ক'লে ,  "তহঁত অলপ ধতুৱা মানুহমখাই বাখৰে পাদ মাৰিলেও হিলৈ ফটা বুলি ভয় খাৱ । ক'ৰবাত ল'ৰা-ছোৱালীয়ে চাগৈ পানী হিলৈ ফুটাইছিল, তাতে তহঁতে বৰ হিলৈটো দেখিলি ।"

"নিস্তে কৈছোঁ দেউতা, সিবৈছা কলিয়াবৰত যে দেখিছিলোঁ কুম্পানীৰ বঙাল চিপাহীৰ হাতত - ঠিক তেনেকুৱা হাত হিলৈ। "ক'লামণি নামৰ কুমাৰজনে ক'লে ।

"বাৰু, বাৰু মই ফাৰ্চীপঢ়া ঘৰৰ হাজৰিকাক সুধিম বাৰু কথাটো" ভোগায়ে ক'লে । " চাওঁ বৰ্হমচৰীয়াক মাতচোন" এইবুলি তামোল কটা লিগিৰি লৰটোক পাচিলে । বৰ্হমচৰীয়া বাহিৰ চ'ৰাৰ পিৰালিতে বহি বিছনীৰ কাঠী তুলাই আছিল । ভোগাই চ'ৰাত বহিলে বৰ্হমচৰীয়া সদায় পিৰালতে বহি থাকেই । নাম লোৱা শুনিয়েই বৰ্হমচৰীয়া দুৱাৰডলিত থিয় দিলেহি ।

"ককাই" ভোগায়ে ক'লে, "তই পথাৰৰ বাটেৰে পোনাই মাজ গাৱলৈ যা । ফাৰ্চীপঢ়া ঘৰৰ হাফীজুৰ আপক মই মতা বুলি ক'গৈ য। আৰু চা, লগত ল'ৰা লুৰি কাকো আনিব নেলাগে বুলি ক'বি । তয়েই লগত লৈ আহিবি । " তাৰ পিচত অলপ ৰৈ ক'লে, "নেলাগে বুঢ়া মানুহ কষ্ট পাব । তই সৰু দোলাখনকে লৈ যা দোলাভাৰী দুটাৰে, জোৰ আৰিয়া নিনিবি, - পথাৰৰ বাটেৰেই আহিবি ।"

বৰ্হমচৰীয়া গ'ল । ভোগায়ে কুমাৰ গাৱৰ মানুহখিনিৰ লগতে কথা পাতি থাকিল । ৰাইজৰ এনে ভাব হ'ল ভোগাই বৰুৱা যেন ৰাইজৰহে এজন । ভোগায়েও যিমান পাৰে সিমান কোমলকৈ কথা বতৰা ক'বলৈ ধৰিলে । তেওঁ ভাবিলে এই মানুহমখাক হাতত ৰাখিবই লাগিব । হিলৈ-বাৰুদ নোহোৱাকৈ মটক মোৱামৰীয়াই ৰজাৰ লগত যুঁজিলে কিহৰ বলত । টোকোন জোকাৰি সিঁহতে ৰজাৰ সৈন্য খেদি নিছিল কিহৰ বলত ? মানুহ । জনবল । এজনে একোচপৰাকৈ মাটি দিওঁতে ভেটি ওখ হৈছিল সাত হাত । মানুহ মানুহেই আচল । এই মানুহখিনিক তেওঁ হাত কৰিব লাগিবই । ইহঁতে কোৱামতে বাখৰৰ যদি হিলৈ আছেও - তেওঁ এই সমুহীয়া শক্তিক বলে পাৰিব জানো ?

ভোগায়ে কুমাৰহঁতৰ কাৰ কিমান ক্ষতি হৈছে সুধিলে । কন্দলী পাহাৰৰ পৰা কাঠ বাঁহ অনাত সুবিধা কৰি দিব বুলিও আশ্বাস দিলে ।

"হাতৰ বন কৰি খোৱা মানিহৰ ক'তো মৰণ  নাই । বোলোঁ কি বোলা ক'লামণি ?"

"দেউতাই সজ কৈছে । হাত দুখনেই আমাৰ সাৰথি । আই বসুমতীয়েই আমাৰ মূলধন । তেওঁৰ গাৰ একো চপৰা খহাই খচি পিটিকি চৰু মলা-গঢ়োঁ - আমাৰ নো কিহৰ ভয়টো ? আৰু জাতে - পাতে আমি কলিতা মানুহ । মাটি খচোঁ বুলি নো আমি কিবা কেঁচু-কুমটিনে ? ক'লামণিয়ে ক'লে , "পিচে এইবোৰ নো জানো কি কলিটো লাগিল !"

"মোৰ মনেৰে", মনধন কুমাৰে ক'লে, "কেৰকণৰ ঘৈণীয়েকে বিধুতি গাৰেই মাটি খচিছিল বাবেইহে আমাৰ এই দুৰ্গতি হ'ল , আই বসুমতীয়ে নসহিলে ।"

"এৰা এৰা, আৰু তেওঁৰ বেলি যে ভুইকঁপটো হৈছিল - সেই দিনাও তাই তেনে গাৰেই চৰু পুৰিবলৈ নৰা গোটাইছিল ।"  মনধনৰ শালপতিয়েক মহীধৰে যোগ দিলে ।

ভোগায়ে জানে , কেৰকণৰ ঘৈণীয়েকজনী বৰ ধুনীয়া । তাই জিয়ৰী থাকোঁতে গাঁৱৰ আটাইমখা ডেকাই তাইলৈ চকু দিছিল । মনধন অলপ বাৰুকৈয়ে আগবাঢ়িছিল । গা-ধন দিবলৈ বুলি সি বাখৰৰ পৰা ৰুপ একুৰিও ধাৰে আনিছিল ।  পিচে মনধনক দুদিনমান বান্দৰ নচুৱাই তাই কেৰকণলৈহে গ'ল । ভোগায়ে ডেকা কালত তাইক অলপ টুকুৰিয়াইও চাইছিল  - পিচে নাই, বিয়াৰ পৰা তাই তেনেই জাতি ছোৱালি হ'ল । পুৰণি আখেজতে মনধনে সুবিধা পালেই কেৰকণৰ ঘৈণীয়েৰৰ কথা উলিয়ায় ।

কৰকণৰ খং উঠিল । সি গেঙেৰ দি উঠিল, "কিয় হ'ব ? সিহঁতে ক'লেই হ'বনে ? তাই গা নধোৱা আজি পাঁচ মাহ হ'ল । ক'ৰ বিধূতিখন হ'ব ? "

ভোগায়ে হাঁহি এটা মাৰি ক'লে , " বাৰু বাৰু এইবোৰ তিৰোতা-মেল এৰা। কিবা ক'ৰবাত দোষ লাগিছে যদি বৰসবাহ এভাগিকে পাতিব লাগিব । "

এইদৰে তেওলোক কথা পাতি থাকিল ।। মেল ছিগাৰ কোনো লক্ষণ দেখা নগ'ল । দৰাচলতে আটাইখনে বাট চাই আছিল ফাৰ্চীপঢ়া বুঢ়া আপ অহালৈ । ভোগাই নিসচিত হ'ব খুজিছিল বাখৰৰ শক্তি সম্পৰ্কে আৰু কুমাৰগঞা ৰাইজে বাট চাইছিল ভোগাইক তেওঁলোকৰ কথা পতিয়ন নিয়াবলৈ । সেইবাবে মাজে মাজে আটাখনে বাহিৰলৈ চাই আছিল ।

বাহিৰত তেতিয়া ভলকৈয়ে আঞ্ছাৰ হৈছে । বাটচ'ৰাৰ ওচৰৰ ছাঁ'ৰ দৰে দেখা গ'ল এখন দোলা । ফাৰ্চীপঢ়া ঘৰৰ বুঢ়া আপ আহি পালে ।


ষষ্ঠ অধ্যায়                                                                                                                               অষ্টম অধ্যায়

---------------------------



Kakadeutar har - Nabakanta Barua (5) : ককাদেউতাৰ হাড় - নৱকান্ত বৰুৱা

ককাদেউতাৰ হাড় - নৱকান্ত বৰুৱা 


এদিন মুকুন্দ কুমাৰ গাঁৱৰ এমূৰীয়া তাৰ পঁজাটোওৰ পৰা ওলাল । নিঠৰুৱা নহ'লেও তাৰ অৱস্থা নিঠৰুৱাতকৈ শোক লগা । ৰ'ৰআ-তিৰোতাই তাক এৰি গৈছে । ভায়েকে গাঁৱৰ এমূৰত পঁজা এটা সাজি দিছে । চাউল-পাতৰো যোগান ভায়েকেই ধৰে; কেতিয়াবা খুজিও আনে । তাৰ জুপুৰি ঘৰটো হ'লে চালে চকুৰোৱা । মিহিকৈ চিকণুৱা চোতাল । কেইজোপামান শেৱালি আৰু তগৰ ফুলৰ গছ । ৰাতিপুৱা সোনকালে উঠি সি কোনেও নেদেখাকৈ নৈত গাটো ধুই আহে । বাকী ঘৰৰ কাম তাৰ ঘৰৰ কাষতে থকা খালটোৰে কৰে। খুজিব - মাগিবলৈ গ'লে তাক আটাৱে লেই লেই ছেই ছেই কৰে । কাৰো ঘৰৰ পদুলিৰ সিপাৰ হ'বলৈ তাক দিয়া নহয় । মানুহেও কথা বতৰা দুৰৰ পৰাহে পাতে । মুকুন্দ আজি ঘৰৰ পৰা ওলাল । ওলায়েই সি গাঁৱৰ ফালে নাহি ন- নৈৰ ফালে আগবাঢ়িল । কথাটো এটা খবৰৰ দৰেই হ'ল । গাঁৱৰ ল'ৰা- ছোৱালীয়ে গৈ খবৰ দিলে ভায়েকক । ভায়েক প্ৰায় উধাতু খায়েই আহিল । কাৰণ সি ককায়েকক খুজিব মাগিবলৈ হাক দিছে । যি লাগে সি নিজেই দিয়ে । 

"ককাই, কলৈ যাব ? কিবা চাউল-পাত লাগিলে দিমহি নহয় ।"

"নেলাগে নেলাগে, তহঁতৰ চাউল পাত আৰু নেলাগে মোক । এইয়া চা" - বুলি মুকুন্দই টোপোলা এটা জোকাৰি দেখুৱালে । টোপোলাটোৰ পৰা এমুঠি ৰূপৰ টকা সিকি অদমহীয়া হাতত ল'লে ।

"ইমান ধন ক'ত পালি ককাই ? কি কৰগৈ এই ধনেৰে ?"

ভায়েকে কাতৰভাবে সুধিলে ।

মুকুন্দই এটা অদ্ভুত হাঁহি মাৰিলে ।

"মই মানুহটোহে পেলনীয়া হৈছো - এইবাৰ চাওঁ মোৰ ধন পেলনীয়া হৈছে নে নাই !"

"তোৰ কথা একো বুজা নাই ককাই । ক'ৰ টকা ? কাক দিয়গৈ ?"

ভায়েকৰ মাতত বিমোৰ হোৱাৰ সুৰ স্পষ্ট ।
মুকুন্দৰ মুখত আকৌ সেই হাঁহি । আত্মঘাতী বেদনাৰ হাঁহি । "ক'ত পালোঁ কিয় লাগিছে ? এই টকা মোৰ । এই টকা মই য'ত দিব লাগে দিম । চাই থাক । আৰু মোৰ সিজনীৰ - তাই আছে নহয় বাপেকৰ ঘৰত - কাণত কঁৰীয়া পিন্ধাম । বুঢ়ী আইৰ কাণৰ কঁৰীয়া ।

ভায়েকে কথাটো বুজিলে । ক'লে "ককাই ! তই নিজেও মৰিবি, আমাকো মাৰিবি । বুঢ়ী আইৰ কঁৰীয়া আৰু এতিয়াও কঁৰীয়া হৈ আছেনে ? ককাই তই এইবোৰ এৰি পেলা । য'ৰ ধন পাইছ তাত দি আহগৈ । "

 "ধন ঘূৰাই দিলেও মৰিম, সোণ আনিবলৈ গলেও মৰিম "মুকুন্দই ক'লে, "মোক মৰাৰ ভয় নুখুৱাবি । মইনো ক'ত জীয়াই আছো ? ছিঃ মই মৰাতকৈ অধইচ ! সকলোৰে পেলনীয়া হৈ গাঁৱৰ এচুকত - ছিঃ !"

এই বুলি মুকুন্দ আগবাঢ়িল । ভায়েক নিৰুপায় হৈ গুচি গ'ল । ভায়েক লগত যোৱাটোও সম্ভব নাছিল । কাৰণ, সি জানে লগত থাকিলে বাখৰৰ খঙৰ জুইত সিও জাহ যাব লাগিব ।

গাঁৱৰ ল'ৰামাখাই অৱশ্যে মুকুন্দৰ পিছ নেৰিলে । টুকটুককৈ সি ন-নৈৰ ফালে আগবাঢ়িলে । কুৰি নলমান আঁতৰে আঁতৰে ল'ৰাৰ দল । খেনোৰ কঁকালত কাচুটি আছে, খেনোৰ নাই । ল'ৰাহঁতে জানে যে আজি বাখৰৰ ঘৰত কিবা ধেমালি হ'বই । সিহঁতৰ মতলব সেই ধেমালি চোৱাৰ । মাক-বাপেকে গালিপাৰি শাওপ-শপনি দিও সিহঁতক খেদি পঠাব নোৱাৰিলে । সিহঁত আগবাঢ়িল । পিচত দেখা গ'ল, ল'ৰাহঁতৰ কিছু আঁতৰে আঁতৰে গাঁৱৰ আন মানুহো ধেমালি চাবলৈকে গৈ থাকিল । 

মুকুন্দ গৈ বাখৰ বৰাৰ বাটচ'ৰাতে ৰ'ল । বাহিৰত ল'ৰা-ছোৱালীৰ কোঢ়াল শুনি বাখৰৰ ঘৰৰ লগুৱা দুটা ওলাই আহিল ।

"কোন তহঁত, কি লাগে তহঁতক ?"

বাখৰৰ লগুৱাৰ মাত শুনিয়েই মানুহবোৰৰ ফৰিং চিটিকা দিলে । বাটচ'ৰাত কঁপি কঁপি থহিয় দি কেৱল মুকুন্দ কুমাৰ, হাতত তাৰ টোপোলাটো ।

বাখৰে তেতিয়া চ'ৰাঘৰতে বহি ফাচীপঢ়া ঘৰৰ বুঢ়া হাজৰিকা হাফিজুৰৰ লগত কথা পাতি আছিল । গোলমাল শুনি তেওঁ দুৱাৰ দলিৰ পৰা লগুৱা এটাক ক'লে "হেৰ' সেই বৰৰুগীয়াটো কিয় আহিছে সোধচোন । নাই নেলাগে ৰ । ভায়েকে সিধা পাতি নিদিয়া হ'ল হ'বলা । পৰলীয়া চাউল এদোনকে দি আহগৈ টকৌপাতৰ তোম এটাত ।"

এই বুলি তেওঁ গৈ আকৌ হাফিজুৰ হাজৰিকাৰ লগত কথাত যোগ দিলে । টকৌপাতৰ টোম এটাত চাউল এটোম নি লগুৱা এটাই বাটচ'ৰাৰ দাঁতিত থ'লে । 

"চাউল-পাত একো নেলাগে ঐ দেউতাহঁত ! মই বাখৰ দেউতাৰ মাত এষাৰকে  শুনিব খোজোঁ ।"

লগুৱা কেইটা বিচুৰ্তি হ'ল ।  এই বৰ- ৰুগীয়াটো কয় কি ? সিহঁতে সৰুকৈ ক'লে, "হেৰৌ , ভালে ভালে আঁতৰি যা । দেউতাই তোক বাটচৰাৰ পৰা আদৰি নিনিয়েহি । গুচ্‌ কটা ভালে ভালে ! "

কিন্তু মুকুন্দ অবিচল । সি বৰা দেউতাক দেখা নকৰাকৈ নাযায় ।
এটা লগুৱাই ক'লে, "হেৰৌ, বোলো কিবা কথা থাকিলে আমাক ক'। আমি গৈ দেউতাক ভেটিমগৈ ।"

কিন্তু মুকুন্দ মান্তি নহ'ল । সি ক'লে, "মোৰ কথা মইহে ক'ব পাৰিম  । তোমালোকে মই বৰা দেউতাক লগ কৰিব খোজোঁ বুলি কোৱাগৈ যোৱা ।"

"তই লগ ধৰিব খোজাৰ কথা কেনেকৈ ক'মগৈ অ' দেউতাক ? কোনটো সাহেৰে ক'ম ?

"তহঁত জীয়া মানুহ ঐ দেউতাহঁত, তহঁতৰ মৰিবলৈ ভয় হ'বই । মোৰ পিচে ভয় নাই । তেন্তে তহঁতেই কগৈ দেউতাক - বোলে বুঢ়ীমাকৰ সোণ মোকলাবলৈ মুকুন্দ কুমাৰ আহিছে ।"

মুকুন্দৰ মুখৰ পৰা কথাষাৰ ওলোৱাৰ লগে লগেই লগুৱা দুটা উচপ খাই উঠিল ।

"আই ঔ, তেনে কথা এষাৰ দেউতাক ক'বলৈ মোৰ বোপাইৰো দুটা কলিজা নাই ঔ !"

লগুৱা দুটাই বেচ ছোট্‌ঘাত দেখুৱালেও কথাবোৰ হ'লে লাহে লাহে কৈছিল - জানোচা বাখৰৰ কাণত পৰেগৈ । তেনেতে বাখৰ আকৌ উঠি আহিল ।

"হেৰৌ থোলোক , কি বিয়নি মেল পাতিছে সেই কুঠীয়াটোৰ লগত ? তাৰ জনীকে আনি ল'ব খুজিছ নেকি ? তাক যাবলৈ নকৱ কিয় ?"

থোলোক নামৰ লগুৱাটোৱে উপাই নাপাই সেহাবেঙাকৈ ক'লে,     "সি কৈছে বোলে সি হেনো দেউতাৰ লগতেহে কথা ক'ব ।"

"আহঃ এই বৰকথীয়াটোৰ ইমান সাহ ! গতিয়াই খেদি দে তাক ।"

আনদিনা হ'লে বাখৰৰ মুখৰ পৰা ইমানখিনি কথা ওলোৱাৰ প্ৰয়োজনেই নহ'লহেঁতেন, লগুৱাকেইটাই আগতেই দিহা লগালেহেঁতেন । কিন্তু মুকুন্দৰ গাত হাত দিবলৈ সিঁহতৰ সাহ নাই । মুকুন্দৰ গাটো যে তাপলিৰে ভৰা । বগা তাপলি অৰ্থাৎ শ্বেতকুষ্ঠ সৌ সিদিনালৈকে 'বিয়াধি' হিচাপে ধৰা হৈছিল । মানুহে ভাবিছিল ইও এটা মৰাত্মক, দুৰাৰোগ্য আৰু সংক্ৰামক ৰোগ । সেই বাবেই মুকুন্দক ল'ৰা-তিৰোতাই এৰি গৈছিল । ভায়েক বেলেগে ঘৰ সজাই দিছিল । আজি মুকুন্দৰ ব্যধিয়েই তাৰ বৰ্মৰ দৰে হ'ল । তাক কোনোৱে নোছোৱে ।

লগুৱাকেইটা আৰু বাখৰো নিৰুপায় হৈ থিয় দি থাকিল । তেনেতে ফাৰ্চীপঢ়া ঘৰৰ হাজৰিকা হাফিজুৰ বুঢ়আপ ওলাই অহিল ।

"বোলোঁ, কিহৰনো খকাখুন্দা তৰ্কাতৰ্কি ? বৰা, বোপা, কি হ'লনো ?"

"চাওকচোন আপদেউ, এই বেমাৰীটো ইয়াৰ পৰা নাযায় । মোৰ লগত হেনো তাৰ কথা আছে । মোৰ লগতনো তাৰ কি এনে কথা থাকিব পাৰে ? তাৰ সাহটো চাওক চোন ।"বাখৰে ক'লে ।

ফাৰ্চীপঢ়া ঘৰৰ হাফিজুৰ হাজৰিকাই ক'লে, "হেৰৌ বেমাৰী মানুহটো, তই এইদৰে ঘুৰি ফুৰিব পায় জানো ? চাউল দিছে পাত দিছে, গুচি নাযাৱ কিয় ?"

ফাৰ্চীপঢ়া দেউতা", মুকন্দই ক'লে , "আপুনিও আছে যেতিয়া ভালেই হ'ল । মই বৰা দেউতাৰ সৈতে অলপ কথা - " মুকুন্দৰ কথা শেষ নহ'ল । বাখৰে গৰজি ক'লে , "কটা নিধক কুঠীয়াৰ সঁচ, তোৰে সৈতে মোৰ কিহৰ কথা থাকিব পাৰে অ' ?" তাৰ পিচত লগুৱা দুটক ক'লে, "খেদি নপঠাৱ কিয় ইয়াক, বেটাহঁত ?"

হাফিজুৰ বুঢ়াই ক'লে , "বোলোঁ বৰা বোপাদেউ, কোৰান হদিছত কৈছে বোলে গৰীব-ধনী, দুখীয়া-সুখীয়া সকলো মানুহ খোদাতাল্লাৰ পয়দা । গৰীব - দুখীয়া মানুহৰ আমীৰ-ওমৰাওৰ ওচৰত কিবা নালিচ গোচৰ থাকিবও পাৰে । সেইবোৰ নুশুনিলে গুনাহ নাই, কিন্তু শুনিলে চবাব হ'ব ।"

হঠাৎ বিজুলী সঞ্চাৰে বাখৰৰ মনত এটা আশাৰ ৰেঙনি খেলি গ'ল । কিজানি মুকুন্দই বাখৰৰ ওচৰত ভোগাইৰ কথা কিবা ক'বলৈকে আহিছে !

হাফিজুৰ বুঢ়া আপই তেনেতে মুকুন্দক ক'লে, "বেমাৰী মানহটো, তই ক'চোন । তোৰ আৰজী পেচ্‌ কৰ । বাখৰ দেউতাৰ আগত কি ক'বলগীয়া আছে ক' ।"

কি কথা ক'ব পাৰে বাৰু মুকুন্দ কুমাৰে, বাখৰে ভাবিলে । কিহৰ বাবে মানুহটো মৰসাহ কৰি সি আহি বাখৰৰ পদূলিত থিয় দিছেহি ? বগা তাপলি হোৱা বৰ বেমাৰী এটা তেওঁৰ টোলত সোমাব খোজাটোৱেই তেওঁৰ প্ৰতিষ্ঠাৰ প্ৰতি এটা প্ৰত্যক্ষ অসন্মান, কিন্তু হাফিজুৰ আপই কোৱা কথাৰো দাম নোহোৱা নহয় । সৰু হওক, ডাঙৰ হওক, ৰজাঘৰীয়া বিষয়া তেওঁ । তেওঁৰ ওচৰত মুকুন্দৰ কিবা গোচৰো থাকিব পাৰে । হয়তো মুকুন্দৰ পৰা ভোগাইৰ মতি-গতিৰো কিবা তলা-নলা পাব পাৰে । তেওঁ মুকুন্দক ক'লে "বাৰু ক'চোন, তোৰ কি গোচৰ আছে ?"

মুকুন্দই মেৰতলিৰ পৰা টকাৰ টোপোলাটো উলিয়ালে । তাৰ পিচত আঁঠু লৈ সেৱা এটা কৰি টোপোলাটো বৰাৰ ফালে মাটিত থ'লে ।

বাখৰে সকলো বুজিলে । গোটেই গাৰ তেজবোৰ আহি যেন তেওঁৰ মুখ আৰু মূৰত গোট খালেহি । তেওঁ কিবা কোৱা বা কৰাৰ আগতেই হাফিজুৰ বুঢ়াই আচৰিত হৈ চিঞৰি উঠিল, "ইয়ে আল্লা, ইমানবোৰ টকা ! হেৰ' তোৰ মতলব কি ? " মুকুন্দয় স্পষ্ট অথচ ক্ষীণ মাতেৰে ক'লে, দেউতা সকল, মোৰ বুঢ়ী আয়ে দেউতাৰ ওচৰত কঁৰীয়া এযোৰ ..."

মুকুন্দৰ কথা শেষ নহ'ল । বাগৰৰ গোৰত টোপোলাটোত থকা টকা সিকি-আদমহীয়াবোৰ সিঁচৰিত হৈ পৰিল । হাফিজুৰ্বুঢ়াই কি বুলিলে ক'ব নোৱাৰি, কিন্তু বাখৰে বুজিলে । শেষত মুকুন্দ কুমাৰো আহে বুঢ়ীমাকৰ কঁৰীয়া মোকলাবলৈ ! তাকো ফৰ্চীপঢ়া বুঢ়া আপৰ আগতে !

"কি চাই আছ কুকুৰ পোৱালিহঁত ? বান্ধ ইয়াক " বাখৰে চিঞৰি ক'লে । কিন্তু সিহঁত কোনো আগ নাবাঢ়ে । বৰৰুগীয়াটোৱে ছোৱে কেনেকৈ সিহঁতে ?

খঙত একো নাই হৈ বাখৰে ভিতৰলৈ সোমাই গ'ল ।

মুকুন্দয় য'ৰে টকা ত'তে পেলাই থৈ উঠি এখুজি দুখুজিকৈ উভতি যাবলৈ ধৰিলে । বাখৰ ওলাই হাতত সৰু নলীয়া হিলৈ আটা লৈ ।

"খাজ !" বাখৰে ক'লে । লগুৱাই হিলৈ খাজিলে । বাখৰৰ নিৰ্দেশমতে থোলোক নামৰ লগুৱাটোৱে মুকুন্দলৈ টোঁৱাই হিলৈৰ ঘোঁৰাটোত টিপা মাৰি দিলে ।

তাৰ পিচত হিলৈৰ শব্দ, বাৰুদৰ ধোৱা আৰু গোন্ধ ।

মুকুন্দৰ শেষ আৰ্তনাদ ।

তেতিয়াহে বাখৰে মন কৰিলে আলি কেঁকুৰিত মানুহৰ জুম । তেতিয়াহে চেতনা আহিল , চোতালত থিয় দি আছে ফাৰ্চীপঢ়া বুঢ়া হাফিজুৰ হাজৰিকা । বাখৰে বুজিলে, তেওঁ এটা ডাঙৰ ভুল কৰিলে । উত্তেজিত হৈ চিকা মাৰি হাত গোন্ধোৱালে তেওঁ । নিজেই নিজৰ বিপদ মাতি আনিলে । মুকুন্দ কুমাৰক মাৰিবলৈ হিলৈ । জুই দিব নালাগে ।  ৰজাঘৰীয়া সৈন্যৰ বাহিৰে হিলৈ আন মানুহে ৰাখিব নাপায়  - ৰাখিলে জগৰ । তাতে আকৌ এইটো কুম্পানীৰ হিলৈ । মুকুন্দ কুমাৰক তেওঁ অনায়াসে টঙনিয়াই মাৰিব পাৰিলেহে৬তেন বা যাঠিৰে খুঁচি । তেওঁৰ হাতত হিলৈ থকা কথাটো সামান্য কথা এটাতে সদৰি হৈ গ'ল । মিকৃগড় চাহাবৰ হিন্দুস্থানী চিপাহী এটাৰ পৰা চোৰাংকৈ আনি ৰাখিছিল হিলৈটো । আজি ৰাইজে জানিলে । এই সামান্য মানুহবোৰে বাৰু জানিলে জানক । কিন্তু ফাৰ্চীপঢ়া ঘৰৰ হাফিজুৰ বুঢ়ায়ো গম পালে । সেইটোহে ডাঙৰ কথা হ'ল । বঙালৰ চুবাদাৰৰ চিঠিপত্ৰ বহুত সময়ত ফাৰ্চী জবানত আহে । সেইবোৰ পড়ি দিয়াৰ বাবে তেওঁলোকৰ পুৰুষানুক্ৰমে হাজৰিকা । এতিয়া যদি সলাল গোহাঁয়ে গম পায় বাখৰে কুম্পানীৰ হিলৈ ৰাখিছে ! যদি তেওঁ ভাবে বাখৰে দ্ৰোহ আচৰিছে ! হঠাৎ বাখৰৰ মনলৈ আহিল - মুকুন্দ আৰু হাফিজুৰ - দুয়োওকে ভোগায়ে চক্ৰান্ত কৰি পঠিয়াই দিয়া নাইতো ?

হাফিজুৰ বুঢ়া আপই বাকহ্ৰৰ ফালে একেথৰে চাই আছিল । তেওঁ যেন বাখৰৰ ম্মনটো ফাৰ্চী পঢ়াদি পঢ়িহে পেলালে । তেওঁ নিৰ্বিকাৰ সুৰে ক'লে , "বোপাদেউ চিন্তা নকৰিব ।। মই একো দেখা নাই, মই একো শুনা নাই ।"

হাফিজুৰ বুঢ়া আপ গ'লগৈ ।

দূৰৰে পৰা খোৰোচা গাঁঠি লগাই মুকুন্দৰ শটো চোঁচৰাই নি গাঁত এটা খানি পুতি থোৱা হ'ল ।

বাখৰৰ মনত অলপ উগুল থুগুল ভাব । পানীত তুলসী পাত তিয়াই গাটো ধুইহে মনটোত অলপ শান্তি পালে । ছেঃ কি কাণ্ডটো হ'ল আজি । হাফিজুৰ বুঢ়াৰ শেষ কথাষাৰ মনত পৰিল । তেওঁ হেনো একো দেখাও নাই শুনাও নাই । অৰ্থাৎ তেওঁ যি দেখিলে সেই কথা আৰু কোনোৱে গম নাপায় । কিন্তু বাখৰে ভাবিলে  সিহঁতে তো দেখিছে । সিহঁতে মানে আলি-কেঁকুৰিত থকা কুমাৰ গাঁৱৰ মানুহমখাই । ইহঁতৰনো কৰবাত গোচৰ তৰিবৰ সাহ হ'বনে ? আৰু ভোগায়ে গম পাবই । ভোগাইহঁতে সদায় চোন গম পায়েই । নাই বাখৰে ভুল কৰিলে । ভোগাইৰ হাতত এইদৰে ধৰা পৰিব তেওঁ নালাগিছিল । জিদত পৰি কুমাৰ গাঁৱৰ বন্ধকী সোণ মোকলাবলৈ গৈ সি টোকোনা হৈ গ'লহেঁতেন । প্ৰথমে দিয়া চিকা ৰূপ আৰু আঠচুকীয়া ৰূপৰ ঠাইত এতিয়াই চোন সিকি আধলি ওলাইছেই । এইদৰে চেঁচা ৰণখন চলি থকাটোৱেই ভাল আছিল । আজি তেওঁৰ খঙৰ ভমকটো বৰুৱাৰ ঘৰৰ যেন হে হ'ল ।

বাৰু যি হ'ব লগা আছিল হ'ল । মুকুন্দই অনা টকাবোৰ পেলাই দিব নোৱাৰি । তেওঁ সেইবোৰ গোবৰ পানীৰে ধুই  তুলসী পানী ছটিয়াই সুমুয়াই থালৈ ভৰালীক ক'লে । আৰু এই কুমাৰ গাঁৱৰ গৰুমাখাক ভালকৈ সোৱাদ দিব লাগিব , সিহঁতৰ যাতে চিৰকাললৈ পিত্‌ মৰি যায় ।

সেই দিনা ৰাতি কুমাৰ গাঁৱৰ আধাখিনি পুৰি ছাই হৈ গ'ল ।



                                                            -----------------------------



চতুৰ্থ অধ্যায়                                                                                                                     ষষ্ঠ অধ্যায় 

Kakadeutar har - Nabakanta Barua (4) : ককাদেউতাৰ হাড় - নৱকান্ত বৰুৱা

ককাদেউতাৰ হাড় - নৱকান্ত বৰুৱা 



এমাহ মানৰ মূৰত কুমাৰ গাঁৱৰ পৰা এজনী কুমাৰনী গৈ বাখৰৰ আগচঁৰাৰ পিৰালিত লাহেকৈ বহিল । সাধাৰণতে সিহঁত পাছ দুৱাৰেদি পোনে পোনে ভিতৰ চোতালোলৈহে যায় ।

"কি অ', আজি চোন একো আনা নাই ?" চেলেংখনত হাত মচি মচি বাখৰে ক'লে, "লুহিতে বাণমলা নে ভুৰুকা কিবা এতাৰ কথা কৈছিল নহয় তোক, আনিছ ?"

"নাই দেউতা, আন এটা সকামতহে আহিলোঁ আজি ।"

"কি , পুতেকৰ বিয়া পাতিছ নেকি ? ভুৰাগাৱত যে চপনীয়া হৈ আছিল সেইটো ?"

"এৰা, তেনেকুৱাই দেউতা, দুটাৰ মাইকী হৈ উঠি এতিয়া বোলে বোৱাৰীজনী আহে । তাইকতো কিবা এটা দিব লাগিব ।"

কুমাৰনীয়ে সেমেনা-সেমেনিকৈ ক'লে ।

"কি দিবিনো ? লপঙৰ মাকক খুজি পুৰণি ৰিহা-মেখেলা এযোৰকে দে গৈ । পুৰণি কইনা যেতিয়া ।"

বাখৰে ৰসিকতা কৰি শেষৰ বাক্যটো যোগ দিলে । অলপ আসৈ পোৱাৰ সুৰত কুমাৰনীয়ে ক'লে , "নিম দেউতা, নিম । আপোনাসবৰ এৰা এৰেহাৰেই আমাৰ চলি যাব ।" তাৰ পিচত অলপ ৰৈ ক'লে, "লগতে ভাবিছিলোঁ দেউতাৰ হাতত থকা গেজেৰাটোও - "

"হেৰ'ইমান টকা ক'ত পাবি তই ? দুই কম একুৰি হ'ল - জাননে নেজান ?"বাখৰে খংমুৱা হৈ ক'লে ।

"বান্দীয়ে নো আৰু কি সিমানটো ভু পাওঁ, পিচে অনাত আনিছো ৰূপ একুৰি । সেই দহ টকা নিয়া আজি কম দিন হ'ল নে ? এই বুলি কুমাৰনীয়ে হাঁচতিৰে মেৰাই অনা আঠচুকীয়া ৰজা ৰূপৰ টোপোলাটো বটাতোৰ ওপৰতে থৈ আকৌ সেমেনা-সেমেনিকৈ ক'লে , "বেটীৰ বস্তুকণ, দেউতা !"

বাখৰে এক মুহূৰ্ত কিবা ভাবিলে ।

কুমাৰনীৰো বুকুৱে ধপ্‌ধপালে ।

তাৰ পিচত বাখৰ ভিতৰ সোমাই গৈ অলপ পিচত আকৌ ওলাই আহিল, হাতত কুমাৰনীৰ গেজেৰাটো ।

"হোঁ এইটো ।"

কুমাৰনীয়ে সেৱা এটা কৰি গেজেৰাটো হাতত লৈ আলফুলকৈ চুমা এটা খাই আঁতৰি গ'ল ।

"এই মেদেউ ! "বাখৰে মাতিলে ।

কুমাৰনী ৰৈ ঘূৰিল ।

"মোক মাতিছে দেউতা ? "

"এইফালে আহ ।"

কুমাৰনীয়ে ভয়ে ভয়ে উভতি আহিল ।

"তোক এই টকা কোনে দিছিল ? ক ।" বাখৰে ডাবি দি ক'লে । কুমাৰনী নিমাত ।

চৰু বেচি পাইছিলি ? তোৰ ফুটা চৰু বেচি বাৰটা পৈয়েৰে বাৰ বছৰে একুৰি ৰূপ অৰ্জিব নোৱাৰিলে, আজি ক'ত পালি ?"

কুমাৰনী নিমাত ।

"নকৱ কিয়, কোনটো পৈয়েৰে দিছিল ? সিকিটো আদমহীয়াটোকৈ নি নি এতিয়া একে কোবেই একুৰি ৰূপ একে কোবেই সোধব পৰা হ'ল !" বাখৰে ভোকাহি মাৰি ক'লে , "ক', কোনে দিছিল ?"

কুমাৰনী নিৰুত্তৰ ।

তাই থকথকৈ কঁপিছে ।

"সেই টকাখিনি ল' ল বুলিছো !"

কুমাৰনীয়ে গেজেৰাটোৰ ফালে মৰম সনা দৃষ্টিৰে এবাৰ চাই বতাত থ'লে আৰু ৰূপ কুৰিত হাত দিলে ।

"ওহোঁ, গেজেৰাটোও নে ।"

টকা আৰু গেজেৰা লৈ কুমাৰনী গুচি গ'ল ।

কুমাৰনী যোৱাৰ পিচত বাখৰ বহুত পৰ বহি থাকিল। বাৰে বাৰে চেলেঙত হাত মচিলে । এইবোৰ নিশ্চয় সিঘৰৰ কাম  - তেওঁ ভাবিলে । কুমাৰনীৰ হাতৰ- কাণৰ সোনেৰে চহকী হোৱা বুলি ভোগায়ে তেওঁক ইতিকিং কৰাৰ কথা বাখৰে আগৰে পৰা জানে । মাটি বাৰী আৰু বহতীয়া কিছুমান থাকিলেই হ'ল নেকি  সিহঁতৰ দৰে । সোণৰ মহিমা সিহঁতে, এই ব-ছিগাকেইটাই কেনেকৈ বুজিব ? সিহঁতৰ মূৰবোৰতো মাটি সোমাইছে । এজনী কুমাৰনীক ৰূপ একুৰি সি সোন মোকলাই নিয়াই সিহঁতে ভাবিছে, মোক অপমান কৰিছে । কিন্তু গোটেই কুমাৰ গাঁওখনেই যে মোৰ হাতত বন্ধা । কলীয়া আতাত দিনৰে পৰা সচা গোটেইখিনি ধন খৰচ কৰিও ভোগায়ে পাৰিব নে সোণখিনি মোকলাব ? ভোগাইৰ দৰে সাতোটা বলধ কিনি থব পাৰোঁ মই । তাৰ পিচত বাখৰ অলপ তভক মাৰি ৰ'ল । ভোগায়ে বাৰু এইতো কি খেলা খেলিছে ? এইদৰে সোণ মোকলাই সি নিজেই সেইবোৰ ৰাখিব নেকি ?

ওহোঁ, ইমান লাভ-লোকচানৰ কথা ভবাটো সিহঁতৰ পৰিয়ালত নাই । কুমাৰনীৰ সোণ ভোগায়ে নিজলৈ কেতিয়াও নাৰাখে । বাখৰক ঠাট্টা কৰাৰ বাহিৰে সিহঁতৰ আৰু আন উদ্দেশ্য নাই । সিহঁতক লাগে মাথোন সন্মান, লাগে প্ৰতাপ ।

কিন্তু তাৰ পিচতো দেখা গ'ল কুমাৰ গাঁৱৰ বহুতো মানুহ সকলো ভয় কাটি কৰিও একুৰু দুকুৰিকৈ ৰূপ লৈ বন্ধকী সোণ মোকোলাবলৈ আহিল । বাখৰেও উপায় চিন্তিবলৈ ধৰিলে । কিবা এটা কৰিব লাগিব, তেওঁ ভাবিলে । সোণৰ মোহৰ কথা তেওঁ ভআদৰেই জানে । তেতিয়াৰ দিনত বন্ধকী থোৱা মানে কমদামত বেচা । বাখৰে বুজিলে মানুহৰ সোণৰ ওপৰত থকা মোহকণৰ ওপৰত ভেটি কৰিয়েই ভোগায়ে এই খেলা খেলিছে । কিন্তু তাত ভোগাইৰ লাভ কি ? এই লোকচানৰ খেলাত লাভ কি তেওঁৰ ? হয়তো বাখৰক অপমান কৰা । নে, আৰু কিবা কাৰণ আছে ?


----------------------------- 

তৃতীয় অধ্যায়                                                                                                                         পঞ্চম অধ্যায়


Kakadeutar har - Nabakanta Barua (3): ককাদেউতাৰ হাড় - নৱকান্ত বৰুৱা


ককাদেউতাৰ হাড় - নৱকান্ত বৰুৱা 


আইতাৰ কথাবোৰ আৰু চোন সাঁথৰ সাঁথৰ লাগিল । মই মুঠতে এইখিনিকে বুজিলোঁ, নমিতাহঁতৰ পৰিয়াল আৰু আমাৰ পৰিয়ালৰ মাজত কোনোবা কালত প্ৰতিষ্ঠাৰ বাবে সংঘাত চলিছিল, অথচ দুয়ো ঘৰৰ মাজত বৈবাহিক সম্বন্ধো ঘটিছিল । আইতাই বাৰু ক'ব খুছিছে কি ? সেইঘৰ পুৰণি মিতিৰ মানুহ, সম্বন্ধ ঢুকি পোৱাতে আছে নে, সেইঘৰ পুৰণি শত্ৰুৰ ঘৰ - গতিকে সম্বন্ধ পতা থিক নহয়, কোনটো ? ভাবিলোঁ আইতাক পোনপটীয়াকৈ সুধি লওঁ । আৰু দুটামান কৌতুহলো মোৰ মনত জাগি উঠিল । আইতাই দেখোন কি মিনা কৰোৱা গহনাৰ কথা উলিয়াই কথাটো আকৌ সামৰি থৈ দিলে । আকৌ এতিয়াচোন উলিয়াইছে পানী কাহুঁদি আৰু বলধ গৰুৰ কথা । সেইবোৰৰ সংকেত বুজিবৰ বাবেও মোৰ কৌতুহলৰ পাৰ নোহোৱা হ'ল ।

" বাৰু আইতা, মাহিন্দ্ৰীক যে ভোগাই বৰুৱাই বিয়া কৰালে আমাক তাৰ কিবা সম্বন্ধে পায় নেকি ? " মই সুধিলোঁ ।

"চুৰিয়াৰ সাত আৰু মেখেলাৰ তিনি - তাৰ পিচত আৰু সম্বন্ধ নেথাকে বোপাই । কিন্তু কথাটো বেলেগ এটাহে । তহঁতৰ গাত বাখৰৰ ঘৰৰ তেজৰ চিন নৰ'ল ।" আইতাই ক'লে ।

"কিয় আইতা ? সুমলা ?"

"তহঁত বৰ অঁকৰা অ' , সুমলা তহঁতৰ ঘৰৰ জীয়ৰীহে - উলিয়াই দিলেই লেঠা ছিগিল ।" ইমান পুৰণিদিনিয়া সম্বন্ধ এটা আইতাই ইমান সহজ সুৰত ক'লে যেন আজিৰ ঘটনাহে । সুমলা জীয়াই থকা হ'লে দুশ বছৰৰো বেছি বয়স হ'লহেঁতেন ! মোৰ হাঁহি উঠিল, কিন্তু তাৰ পিচত আইতাই যি কথা ক'লে সি যেন এটা তীব্ৰ ফু-ৰ দৰে মোৰ হাঁহিটো নুমুৱাই দিলে ।

"সুমলাও নেথাকিল বোপাই; মানৰ দিনত তাইৰ পেত ফালি পোৱালিটি উলিয়াই দেৱানীয়েই আম পাৰি খালে বোলে !"

"দেৱানীয়া কোন আইতা ? "

"দেৱানীয়াৰ কথা নেজান নেকি ? মানৰ দিনত যিমান মানুহ মানৰ দেৱান শিকি সিহঁতক বাট-পথ চিনাই লৈ ফুৰিছিল সেই আমাৰ মানুহমখা ।"

আইতাৰ কথাৰ সহজ সুৰটোৱে মোক আকৌ লৈ গ'ল সেই নিষ্ঠুৰ সময়ছোৱাৰ মাজলৈ । আকৌ মনৰ পটত জিলিকি উঠিল ভোগাই বৰুৱাৰ ক্ৰ্দ্ধ মুখখনলৈ, যিজনে বুজিছে তেওঁৰ পুৰোহিতৰ পুতেকক অপমান কৰি বাখৰ নামৰ প্ৰতিষ্ঠাকামী বৰা এটাই তেওঁক অপমান কৰিছে । কিন্তু বাখৰৰ কাৰ্যৰ তাৎপৰ্য তেওঁ উলিয়াব পৰা নাই । ময়ো পৰা নাই । মই আইতাক ক'লো , " আইতা পানী কাহুঁদী আৰু বলধ গৰুটোৰ কথাটো মই একো ধৰিব পৰা নাই হ'লে ।"

"তহঁতৰ পৰিয়ালৰ বুধিবোৰ অলপ বাৰুকৈয়ে ভোটা অ' বৰমইনা । খঙৰ ভমক একোডাল আছে - কিন্তু কোনে কেতিয়া কি ভাবই কি কৰে একো বুজি নেপাৱ । ভোগায়ো তেনেকুৱাই আছিল । তেৱোঁ সেইবোৰ বুজি পোৱা নাছিল । পিচত যেতিয়া পালে - । " 

কেনেকৈ পালে আইতা ?" আইতাৰ কথা শেষ নহঁওতেই মই সুধিলোঁ ।

"সেইবোৰ বহুত কথা বোপাই । শুনচোন, ছেঃ ৰাতিও ভালেখিনি হ'ল ।"

"আজি আৰু লাগিলে নোশোওঁ আইতা, তোমাৰ সাধু শেষ কৰিহে শুম ।" অকণমান নাতি ল'ৰা এটাৰ দৰে মই ক'লোঁ ।

আইতাই কৈ গ'ল ঃ

"সেইবোৰ বৰ খেলিমেলি কথা । ভিতৰি ভিতৰি ইমানখন কাজিয়া সত্বেও ভোগাই শহুয়েকৰ জ্ঞাতিতালিৰ ভোজলৈ গ'ল । অকল সেয়েই নহয় - নাওখোৱা হাবিৰ পৰা বৰ এটা কাঠখোৱা শৰ মাৰিও পঠিয়াই দিলে ।"

"বাখৰে ৰাখিলেনে ? " মই সুধিলোঁ ।

"কিয়, কিয় নাৰাখিব ? ডাঙৰ মানুহৰ কাজিয়াৰ ধৰণেই বেলেগ । মিতিৰৰ ঘৰৰ পৰা শহুৰৰ শৰাধৰ ভোজত পহু এটা নিদিলে কেনেকৈ চলিব ?  মানুহবোৰেই ব কি বুলি বুলিব ?"

আইতাৰ বৰ্ণনামতে ভোজৰ দিনা ৰভাতলি উদুলি-মুদুলি । খেলে খেলে বেলেগে ৰান্ধি খাইছে , এটা পহুৰে ক'ত জোৰে । বাখৰে খাহীও আনিছে আঠোটা নে কিমান । তাৰে নুজুৰিলে । মানুহ গ'ল গাৱত খাহী বিচাৰী । বাখৰতো ঢাঁহি-ঢুঁহি খাঁহীবোৰ নিলেই আগতে, এতিয়া আৰু ক'ত পায় ? পঠা পোৱালি কেইটামানকে মানুহে ধৰি আনিলে । পঠা কেইটামানক নি তপত খাহী কৰি খেলত ভগাই দিলেগৈ । তপত খাহি বস্তুটো কি প্ৰথমতে বুজা নাছিলোঁ । পিচত আইতাই বুজাই ক'লে বোলে তেওঁলোক মহাপুৰুষীয়া মানুহ দেখি পঠা ছাগলী নেখায় - পঠা গোসাঁনীৰ বস্তুহে , সেইবাবে খাহীহে চলে । মানুহৰ অনুপাতে খাহী কম হ'লে পঠা ছাগলী একোটোকে মৰাৰ আগতে খাহীকৈ লয় । সেয়েই হেনো তপত খাহী । তাৰ উপৰি খাহীটো হেনো কাটি নেমাৰে । মুচৰিহে মাৰে ।

"এ' কাটিলে যে বলি দিয়া হ'ব ! গোসাঁনীৰ আগতহে বলি সিয়ে । উমানন্দতো দেখিছ চাগৈ খাহীবোৰ কেনেকৈ মাৰে - বলি নিদিয়ে - " আইতাই খবৰ দিয়াদি ক'লে, আমাৰো, আগতে মুচৰিহে মাৰে ।"

খেলে খেলে ভোজ-ভাত খাইছে । ঘাই চোতালত বহিছে বাখৰ, ভোগাই আৰু পৰিয়ালৰ মানুহ  কেইজন । সলল গোহাঁইৰ টোললৈ পুৱাতেই পহুৰ পিৰা এটাৰে সিধা পঠিয়াই দিয়া হৈছে । মাহিন্দ্ৰীয়ে নিজে ককায়েক আৰু গিৰিয়েকৰ কাৰণে হিং দি পহুৰ আগমঙহ অকন ভাজিছে । সুমলা গোটেইজনী পখিলা উৰাদি ঘূৰি ফুৰিছে । তেওঁলোকে ভাত খাবৰ পৰত তাই লুহিত আৰু লপঙৰ লগত মাৰল পিৰালিতে উমলি আছিল । লুহিত আৰু লপং বাখৰৰ ল'ৰা - ছোৱালী । সিহঁতৰ ধেমালিৰ দুটা এটা টুকুৰা টুকুৰি কথা ভোগাইহঁতৰ কাণত পৰিছেহি । এবাৰ ভোগায়ে শুনিলে,

                                                            "ব - ৰা
                                                             নাকটো খৰা
                                                            খিৰতি নিগনি বিয়া কৰা ।"

মাতটো সুমলাৰ । তাৰ অলপ পিচতে লুহিতৰো মাত শুনা গ'ল ।

                                                           বৰুৱা   ব  -  ৰু   - ৱা
                                                           ব-ছিগা বৰুৱা ।
                                                           টিকাত কামোৰ মাৰিলেহি
                                                           আমৰলি পৰুৱা ।"

ভোগাইৰ কাণত বাজি উঠিল এটা শব্দ - ব-ছিগা বৰুৱা । ব- ছিগা বৰুৱা । কান্ধত যুঁৱলিৰ ঘঁহনি খাই বলধৰ ব ছিগে । ভোগাইৰ মুখখনে তিনিবাৰমান বৰণ সলালে ! কথাটো মাহিন্দ্ৰীৰ চকুত পৰিল । তাইৰ বুকুখন চিৰিংকৈ গ'ল । দেখিলে, বাখৰেও এবাৰ কেৰাহিকৈ ভোগাইলৈ চাই কেঁচা জলকীয়াটোত মৰককৈ কামোৰ এটা মৰিলে । পুৰোহিতৰ পুতেকক বৃষৎসৰ্গত বলধ গৰু দিয়াৰ তাৎপৰ্যটো ভোগাইয়ে এতিয়াহে গম পালে । তেওঁলোকৰ মাজত অকথিত বহুতো তৰ্ক বিতৰ্ক যেন হৈ গ'ল । কিন্তু কাৰু মুখত কোনো কথা নাই । খোৱাৰ অন্তত তামোল এখন মুখত ভৰাই ভোগায়ে সুমলাহঁতক মাতি আনি হাঁহি এটা মাৰি ক'লে, "তহঁতে পদ-ফকৰা একো নেজান, এইদৰে গাবি,

                                                           "বৰাৰ ঘৰত তৰাৰ গাঁথি
                                                           বৰা থাকে কেই ৰাতি ।"
  
তাৰ পিচত আৰু এটা হাঁহি মাৰি মাহিন্দ্ৰীৰ মুখলৈ চালে । মাহিন্দ্ৰীয়ে তলমূৰ কৰিলে । বাখৰৰো মুখৰ ৰং কেইবাবাৰো সলনি হ'ল । কিন্তু মুখেৰে তেতিয়া একো নক'লে । বৰানীয়ে, অৰ্থাৎ বাখৰৰ ঘৈণীয়েকে তামোল যতনাই আছিল । তেওঁহে ভোগাইৰ কোবটো যেন গাত পাতি ল'লে । হাঁহি মুখেৰেই তেওঁ ক'লে, "বোলো সুমলাৰ মাক, তৰাৰ ফৰ্মুটি যাৰ ক'ৰবালৈ মাৰে সি কেৰেপকে নকৰে । মৰোঁতা বীৰজন হে লঘু হয় ।"

"হেঃ এইজনী, মনে মনে থাক " বুলি হুঁকি এটা মাৰি বাখৰে তেতিয়ালৈ কথাটো তল পেলাই থ'লে ।

ৰাতি আটাই কেইদিন ভিন ভিন খেলে ভাওনা পাতিছিল । সেইদিনা আছিল সুধম্বা বধ ভাওনা, মুঢ়নীৰ গায়নৰ খেলে পাতিছিল । বৰ ধেমালি সৰু ধেমালি হৈ যোৱাৰ পিচত বাখৰ আৰু ভোগাই গৈ সমাজত বহিল । বায়নৰ ঘৰৰ টেপু বৰ ধেমেলীয়া ল'ৰা । সি বহুৱা উঠিছে । তাৰ বহুৱালিত ৰাইজে গিৰ্জনি পাৰি হাঁহিছে । মাজতে এবাৰ বাখৰ উঠি ক'ৰবালৈ গ'ল । আহোঁতে ছোঁ-ঘৰত সোমায়ো আহিল । তাৰ কিছু পৰৰ পিচত, যেতিয়া সুৰথ ৰজাৰ মৃত্যু হ'ল তেতিয়া টেকেলি এটা কাণমাৰিত বান্ধি লৈ বামুণৰ লিটিকাই হৈ টিকা খজুৱাই টেপু ওলালহি ! নানান অংগী ভংগী আৰু নানান কথাৰ বকলাৰ মাজতে টেকেলিটো সুঙি চাই ক'লে, " এ সুৰথ ৰজা মৰিল । আমাৰ বাপু গ'ল কাজলৈ । পালে এই টেকেলিটোহে । চাওঁ চাওঁ কি আছে ! গোন্ধাইছে ঐ গোন্ধাইছে - ৰং চাবা কি তেনেই সৰু ল'ছালীয়ে চেৰেলিয়াইহে থৈছে যেন । কি ? এ' পানী কাহুঁদি ! যি হ'ল হ'ল । ময়ো জানো পৰি মৰাটো " - এই বুলি সি ফকৰা মাতিলে, " নাম পালোঁ ভোগাই, খাওঁ পানী কাহুঁদি । "

ৰাইজে গিৰ্জনি পাৰি হাঁহিলে । টেপুৱে সমজুৱাৰ ফালে চালে, তাৰ পিচত বাখৰৰ ফালে । বাখৰে সন্মতিসূচক হাঁহি এটা মৰিলে । টেপুৱেও হাঁহিলে । কিন্তু ভোগাইৰ মুখৰ ফালে তাৰ দৃষ্টি যোৱাৰ লগে লগে তাৰ বুকুৰ তেজ হিম হৈ গ'ল ।তেওঁৰ কোঁচ খোৱা কপালৰ ৰেখাত সি তাৰ ভাগ্যলিপি যেন পঢ়ি পেলালে । ৰাইজে ইফালে হাঁহিয়েই আছে । অ' সেইসেইবাবেহে বৰা দেউতাই তাক এনেকে ওলাবলৈ কৈছিল । কঁপা কঁপা মাতেৰে সি শেষ কৰিলে , "ৰজা আহিছে, চুপ চাপ ! চুপ চাপ ! সুৰথ ৰজা আহিছে , চুপ চাপ ।"

ৰাইজে আকৌ এবাৰ হাঁহিলে । কোনোবাই মাত লগাই দিলে , "হেৰৌ মৰা ৰজাটো কেনেকৈ আহিব অ' ?" সকলোৱে গোটেইটো টেপুৰ ভাও বুলিয়েই জানিলে । ভোগায়ে এতিয়াহে বুজি পালে পানী কাহুঁদিৰ ৰহস্য । গদবাপুক পানী কাহুঁদি দি বাখৰে পৰোক্ষ ভাবে ভোগাইকে ইতিকিং কৰিছিল । ইমানদিনে কথাটো বুজিব নোৱাৰাৰ বাবে ভোগাইৰ নিজৰে বৰ লাজ লাগিল । মুখখন কিবা গৰম লাগিবলৈ ধৰিলে । ভোগাই চাৎ কৰে থিয় হ'ল । তাৰ পিচত উত্তেজনাটো শাম কটাবলৈ বহি তামোল এখন মুখত ল'লে । সুত্ৰধাৰ আহি বচন মাতোঁতে তেওঁ যাবলৈ ওলাল । ৰাইজে বাট এৰি দিলে । ছোঁ ঘৰৰ কাষ পাই ভোগাই খন্তেক ৰ'ল ।

"এই টেপু, আহচোন ।"

টেপু আহি বেঙেমুতা গৰুৰ দৰে কঁপি কঁপি থিয় হ'ল ।

"ফকৰা ক'ত শিকিছিলি ?"

টেপু নিৰুত্তৰ ।

"কাইলে মোৰ টোললৈ যাবি । আৰু দুটামান ফকৰা শিকাই দিম ।"

ভোগাই আৰু নৰ'ল । সুমলা আৰু মাহিন্দ্ৰীক দোলাত লৈ যাবলৈ বৰ্হমচৰীয়াক দিহা দি তেওঁ বগা নেজৰ ঘোঁৰাটোত উঠিলগৈ ।

পিচ দিনাৰে পৰা টেপু বহুৱা নোহোৱা হ'ল । খেনোৱে ক'লে গড়গঞা বাঘে খালে । কিন্তু বহুতেই জানিলে ।

বগা ঘোঁৰাটো আহি ভোগাইৰ বাটচৰাতে ৰ'লহি । উৰীয়া লঠীয়াল কেইটাই আহি ঘোঁৰাটো ধৰিলে । ভোগাই আহি আৰু এবাৰ মাৰলতে বহিল । এবাৰ ভিতৰত সোমাল । তাৰ পিচত আকৌ ওলাই গ'ল । কাকো একো নক'লে ।

মাহিন্দ্ৰীৰ আৰু ভাওনা চোৱা সুখ নহ'ল । তাই সুমলাক লৈ গুচি আহিল । সুমলা দোলাতে শুলে । গিৰিয়েকক নেদেখি মাহিন্দ্ৰী চিন্তিত হ'ল । ক'লৈ ব গ'ল মানুহজন এই তিনিপৰ নিশালৈকে ? ক'ত বা কি কৰিছে গৈ ? বান্দী বেটীবোৰক সুধি জানিলে , ভোগাই আহিছিল, আহি আকৌ গৈছে ।। কাকো একো কোৱা নাই ।

অলপ পিচত ভোগই আহিল । চকু দুটা ৰঙা । ভোগায়ে কোনোদিনে ফটিকা আদি নাখায় । সেইবাবে ৰঙা চকু দেখি মাহিন্দ্ৰীৰ আৰু চিন্তা লাগিল - কিবা অসুখেই হ'ল নেকি ।

কিন্তু ভোগাইয়ে আহি খপজপকৈ ,"চাওঁ, তোৰ জেঠীনেজীয়া আঙঠিটো দেচোন ।"

"কিয় ?" মাহিন্দ্ৰীৰ মুখৰ পৰা এনেয়ে ওলোৱাদি ওলাল কথাষাৰ ।

সেই আঙঠিটো মাহিন্দৃক জোৰনত দিয়া হৈছিল । মান সোণৰ আঙঠি । সেইঘৰ মানুহৰ বোৱাৰীবোৰে পুৰুষানুক্ৰমে জোৰণত পায় আঙঠিটো । জয়ধ্বজ সিংহ দেৱৰ ৰাজমাও দেউতাই হেনো দিছিল তেওঁলোকৰ পুৰ্বপুৰুষৰ কাৰোবাক ।

"কিয় ?" ভোগায়ে মাহিন্দ্ৰীৰ কথাষাৰ যেন অবাক হৈ দোহাৰিলে । মাহিন্দ্ৰীক চৰ এটা মৰিবলৈ হাতখন দাঙি ভোগাই ৰৈ গ'ল । তাৰ পিচত একৰকম জোৰ কৰিয়েই মাহিন্দ্ৰীৰ হাতৰ পৰা আঙঠিটো খুলি আনিলে ।

ভোগাইৰ চৰটো মাহিন্দ্ৰীৰ গালত পৰা হ'লেই কিজানি মাহিন্দ্ৰীয়ে ভাল পালেহেঁতেন । ঘটনাটো কিজানি শেষ হ'লহেঁতেন । এইদৰে ৰৈ যোৱাটোহে বিপদজনক । ভোগাইৰ মনত নিশ্চয় কিবা এটা দৃঢ় সংকল্পৰ জন্ম হৈছে ।


আঙঠিটো লৈ ভোগাই মাৰল ঘৰৰ ফালে গ'ল । অলপ পিচতে হাতত সাৰে ভৰিত সাৰে মাহিন্দ্ৰীও গৈ মাৰল ঘৰৰ কাষতে ৰ'ল ।  জলঙাৰে দেখিলে সনাতন সোণাৰি বহি আছে । আগত এদ'ম গহনা । চাকিৰ পোহৰত সনাতনৰ টপা মূৰ জিলিকি উঠিছে । সনাতনে গহনাবোৰৰ পৰা বাখৰবোৰ এৰুৱাই গৈছে । এফালে থুপাই থোৱা ৰঙা আৰু সেউজীয়া বাখৰবোৰৰ ফালে ভোগায়ে একেথৰে চাই আছে । শেষত তাইৰ জেঠিনেজীয়া আঙঠিটোৰ পৰাও সনাতনে বাখৰবোৰ খুলি পেলালে ।

মাহিন্দ্ৰী আৰু তাত নেথাকিল । লাহেকৈ বৰঘৰ সোমাই কান্দিবলৈ ধৰিলে । গিৰিয়েকৰ এই আচৰণৰ অৰ্থৰ ক্ষীণ ৰেঙণি এটা পাই তাইৰ গাৰ নোমবোৰ থিয়ো হৈ উঠিল । কিছু পৰৰ মূৰত ভোগাই আকৌ সোমাই আহিল । আঙঠিটো মাহিন্দীক দি ক'লে , "হো , পিন্ধি ল এইটো ।" তাৰ পিচত মুখৰ ভিতৰতে ভোৰ ভোৰাইভোগাইয়ে যি ক'লে সেইটো মাহিন্দ্ৰীয়ে বুজি পালে । "সেই এটা বাখৰ থাকে মানে বাখৰ নোসোমায় আৰু ঘৰত ।"

মাহিন্দ্ৰীৰ কান্দোন একেবাৰে বন্ধ হ'ল । তাই মাথোন এবাৰ গিৰিয়েকৰ মুখলৈ চালে । ক্ষীণ মৰম লগা মানুহজন । নাকৰ পাহি দুটা ডাঙৰ । মিহি, টানকৈ জাপ খোৱা ওঁঠ দুখনত দৃঢ়তাৰ চিন । চকুত আজলা অথচ কঠোৰ দৃষ্টি । ভোগাই ! ভোগেশ্বৰ বৰুৱা । মানুহজনৰ বাবে তেওঁৰ দুখ লাগিল । লগে লগে ককায়েকৰ কথা ভাবিও তাইৰ বুকুৰ তেজ অকণমান যেন গোট মাৰি গ'ল । তাই হ'বলৈআহিছিল দুটা প্ৰতাপী পৰিয়ালৰ মিলনৰ সেতু । এতিয়া সেই সাঁকোৱেদি বগাই আহিছে বিদ্বেষ, অপমান আৰু হয়তো মৃত্যুৰো ছাঁ । ভোগাই বৰুৱাৰ ক্ষীণ দেহটোৰ ভিতৰত থকা দৃঢ় মনটোৰ কথা তেওঁ জানে ।

তাইৰ হাতত ধৰি ভোগাই ক্ষন্তেক ৰ'ল । খপ্‌জপকৈ আঙঠিটো তাইৰ হাতত সুমাই দিব খুজিলে । তাৰ অলপ চকুপানী ওলাব খুজিছিল । "ছেঃ চৰহাটো" বুলি চকু দুটামোহাৰি ভোগাই আকৌ ওলাই গ'ল ।

তাৰ পিচত মাহিন্দ্ৰীয়ে মাথোন দিন গণিছিল । সদায় ভয় কৰিছিল  ক'ৰবাত কিবা এটা হ'ব । কোনোবা ফালৰ পৰা অমঙ্গলৰ বাতৰি আহিব । কিন্তু নাই, ভালেমান দিন এনেকৈয়ে গ'ল । ভাওনাৰ দুদিন পিচতে টেপু বহুৱা নোহোৱা কথাটো লৈ অলপ বু-বু-বা-বা চলিছিল । কিন্তু বৰুৱা টোলত সেইবোৰ কথা তেনেকে সোমাব নোৱাৰে ।

ভোগায়ে ভাবিছিল বাখৰৰ ঘৰে আৰু লেৰেলা বাপুক কাজেকামে নামাতে । আন পুৰোহিত ল'ব । তেতিয়া লেৰেলা বাপুক উচটাই কিবা প্ৰতিশোধৰ ব্যৱস্থা কৰা যাব । কিন্তু নাই , বাখৰে নতুন পুৰিহিত নল'লে । দেউতাই লগাই থৈ যোৱা 'পুহকৰ' কেইপাত গুচাবলৈ মাহে মাহে তুলসী দিবলৈ লেৰেলা বাপুকে মাতিলে । বাখৰে এদিন লেৰেলা বাপুক ক'লে, "দেউ, মনৰ দুখতে সিদিনা কিবখন কৰিলোঁ । দায় জগৰ নধৰিব । জানেই লঘোণে-ভোকে আছিলোঁ গোটেই মাহটো !"
লেৰেলা বাপুৱে ভাবি আছিল শৰাধৰ কথা ইমান দিনে তল পৰিছে । আজি ক্ষমা প্ৰাৰ্থনাৰ সুৰত হ'লেও বাখৰে কথাষাৰ উলিওৱাত বাপুৰ মনত অলপ সন্দেহ হ'ল । তেওঁ একো নক'লে । তেওঁৰ সন্দেহ যে অমূলক নহয় সেইটো ওলাই পৰিল বাখৰৰ দ্বিতীয় কথাষাৰত ।

"দেউ, বহুত দিনৰ পৰাই কথা এটা কম বুলি ভাবিছিলোঁ । আপুনি যে সেই পিতনীডৰাতে পৰি আছে, মোৰ বৰি মাটি অলপ দিওঁ, নৈলৈকে উটি আহক । কন্দলীত থকা পামখনো আপুনিয়েই খাওক । ঘৰে ঘৰে যজমানী নকৰিলেও চলিব কিজানি ।"

লেৰেলা বাপুৱে প্ৰমাদ গণিলে । দুই ম'হৰ যুঁজৰ ফকৰাটো  আহিলে মনলৈ । বাখৰে আৰু এটা টোপ আগবঢ়ালে, "আৰু বাপু, পোৱালিকণক যদি টোলে চোলে পঢ়াব মন আছে, মই ভাটিলৈ যোৱাৰো দিহাকণ কৰি দিব পাৰোঁ ।"

এই টোপটো বাপুৱে টপ কৰে নিগিলিলে । কিন্তু ইয়াতেই তেওঁ এটা উপায় পোৱাদি পালে ।

"বৰা বোপাদেৱে কৈছে যেতিয়া আমাৰ গদক ভাটিলৈ পঠোৱাৰ অসুবোধা নহ'ব চাগৈ । সিবেলি বাণেশ্বৰ দেৱালয়লৈ কৈঠালকুছিৰ দেৱী পণ্ডিত আহিছিল  - কিবা বোলেন দেবেন্দ্ৰপতি ভট্টাচাৰ্য্য - বৰ বিচক্ষণ পণ্ডিত । টোল আছে । তেও৬ৰ তালৈকে পঠাব পাৰি নেকি চোৱা যাওক ।" এইদৰে গদ বাপুৰ অৰ্থাৎ পুতেকৰ শিক্ষাৰ কথাকে পাতি লেৰেলা বাপুৱে ন-নৈলৈ উঠি অহাৰ কথা তল পেলাবলৈ চেষ্টা কৰিলে ।

অৱশেষত গদক কমৰূপলৈ  পঢ়িবলৈ পঠোৱাৰ বন্দোবস্ত প্ৰায় পকা হৈ উঠিল ।  কন্দলীৰ পাম এখনো বাখৰে বাপুক দিলে ।

"পাম-চাম চলাই ঘৰতে পুথি পাঁজি চায়েই চোন দে'ৱে দিন কটাব পাৰে - কি বোলে ? " বাখৰে আকৌ টোপ জোকাৰিলে ।

"বৰা বোপাই কথা সজেই কৈছে । টিলিঙা বজাই আৰৈ চাউল চোবোৱাতকৈ মাটি-বাৰীৰে চমুৱা যেন হৈ থাকিলে বেয়া নহয় চাগৈ । পিছে বোপা-ককা গ'ল যজমানী কৰি - এতিয়া আৰু টিলিঙা এৰি লৰু ধৰোঁ কেনেকৈ ?" লেৰেলা বাপুৱে ক'লে ।

লেৰেলা বাপুৱে অমান্তি হোৱাৰ আচল কাৰণটো হ'ল ভোগাই । যজমানী এৰা মানে ভোগাইহঁতৰো পুৰোহিতালি এৰা - যিটো সম্ভৱ নহয় ।  লেৰেলা বাপুৰ পক্ষে সেই কথাত মান্তি হোৱাটো নানা কাৰণত সম্ভৱ নহয় । বাখৰেও বুজিলে কথাটো ।

ভোগায়ে সকলো গম পালে । আনকি লেৰেলা বাপুক তেওঁৰ আশ্ৰয় এৰি যাবলৈ কোৱালৈকে ।

উস্‌ ইমান সাহ্‌ । কিন্তু তাতে চোন তেওঁ নাবাজিল । মাথোন লেৰেলা বাপুক আৰু দুপুৰা বাৰী মাটি দি ক'লে, "গদই বাৰু কামৰূপৰ টোলত সম্‌চকৃত পঢ়ি আহিব খুজিছে আহকগৈ । পিচে, আমাৰ কাল-সংহতিৰ আতাসকলে সম্‌চকৃত পঢ়াটো বৰ কামৰ কথা বুলি নাভাবে । সম্‌চকৃতত যি যি কথা আছিল গুৰু দুজনাই সেই আটাইবোৰ পদ কৰিলেই হেনো । তেওঁলোকে সাহখিনি আনি দিছেই - সম্‌স্কৃত পঢ়া মানে খোলাটো চেলেকাহে । "

বাপুৱে কথাটো ভাল নাপালে যদিওবিশেষ একো নক'লে । মাথোন ক'লে, "আগম নিগম আদি অনেক শাস্ত্ৰ আছে । আমি বামুন মানুহে সেইবোৰ জানিলে ভাল ।"

সেইটো"অৱশ্যে হয় । শৰাধ বিধি ক্ৰিয়া কাণ্ড শিকি অহাটো বেয়া নহয় । আমাৰ বজৰাঙী আইৰ ল'ৰা আতাই অৱশ্যে কৈ গৈছে বোলে গুৰু দুজনাৰ কথাই বেদ । বাৰু সেইবোৰ বাৰু এৰক । পিছে নৈ লৈ উঠি যোৱাটো কি হ'ল?"

এই পিনপটীয়া কথাটো সে অৱশেষত আহিবই সেইটো লেৰেলা বাপুৱে জানিছিল । তাৰ বাবে তেও৬ সাজুও আছিল । ভোগাইৰ কথা শেষ নহওঁতেই দেৱে ক'ল, "চিৰি বিষ্টু ।"

ভোগায়ে ভোৰভোৰালে , "মোৰ পুৰোহিতক ফুচুলাই নিব খোজে সেই কুমাৰনীৰ কাণৰ সোনেৰে চহকী হোৱাটোৱে । উস্ ভোগাই হালোৱা, ভোগাইৰ পুৰোহিতক দিয়ে বলধ । কিমান সোণ আছে সিহঁতৰ চাম ।"

"ডাঙৰীয়াই কিব কৈছে ?"লেৰেলা বাপুৱে ক'লে ।

"নাই একো নহয়, ভাল পালোঁ শুনি যে আপুনি এতিয়াও গাভৰু ছোৱালী হৈ থকা নাই । মনত ৰাখিব - ভোগাইক এৰোঁতা কোনো নাই, এৰিলে ভোগাইহে এৰে ।"

লেৰেলা বাপুৱে অকৌ মাথোন ক'লে " চিৰি বিষ্টু"।


------------------------------


দ্বিতীয় অধ্যায়                                                                                                                         চতুৰ্থ অধ্যায় 

Kakadeutar har - Nabakanta Barua(1) - ককা দেউতাৰ হাড় - নবকান্ত বৰুৱা

ককা দেউতাৰ হাড়


অৱশেষত আইতাক কথাটো ক'বলৈ ময়েই ওলালোঁ । আমাৰ শ্ৰীমতীৰ মনেৰে হেমন্তহঁত ইতিমধ্যে বহুত আগবাঢ়িছে  । নমিতাক দেখিলে তেওঁৰ হেনো জা-ক যেন লগা হ'লেই । সিহঁত দুটা বেচ মিলিব বুলিয়ে মোৰো ধাৰণা । পিচে খোজা-বঢ়াকৈ ছোৱালী অনাটোৱেই আমাৰ পৰিয়ালত এতিয়াও চলি আছে আৰু আইতাই আমাৰ ঘৰৰ ঘাই ধৰণী । আইতাৰ সন্মতি নোহোৱাকৈ কোনো কাম কৰাটো আমাৰ ঘৰত হোৱা নাই, এনেও নহয় , কিন্তু আইতাই ' তহঁতে ভাল দেখিছা যেতিয়া কৰ' বুলি চাল-মোহৰ মাৰি নিদিয়ালৈকে আমাৰ মনে খুত খুতাই থাকে ।আইতা যেন আমাৰ কমনোৱেলথৰ ৰাণী, কোনো কথাত পোনপটীয়া অংশ নলয় - অথচ সন্মতি নিদিলেও আইন হ'ব নোৱাৰে । গতিকে আইতাৰ অনুমতি অনাৰ অৰ্থাৎ কথাটো আইতাক জনোৱাৰ উদ্দেশ্যেৰে নগাঁৱলৈ গ'লোঁ ।

বাছখন নগাও পাওঁতে বেলি লহিয়াইছে । ৰিক্সাৰে নগৈ জংঘ্লী মিস্ত্ৰীৰ ঘাটৰ কাষৰ নিজঞ্জাল বাটটোৰে আগবাঢ়িলোঁ । কলংখন ইমান ওচৰৰ পৰা বহুত দিনৰ মূৰত দেখিলোঁ । ইমান যে ক্ষীণাইছে ! ল'ৰাকালত এইখিনিতে কলংখন সাঁতুৰি পাৰ হওঁতে ইমান বহল যেন লাগিছিল, ইমান ভাগৰ লাগিছিল ? ঘাটৰ ওচৰৰে ঘুলিটোলৈ আমি বৰ ভয় কৰিছিলোঁ । আমাৰ দলৰ নলিনহে অকমাত্ৰ একে ডুবতে ঘুলিটো পাৰ হ'ব পাৰিছিল । এতিয়া ডুব মৰা দূৰৰ কথা, কাছ সাঁতোৰ দিয়াৰ জিখায়েই পানী নাই চাগৈ । পানীত ক্ষীণ সোঁত এটা গম পায় কেৱল উটি যোৱা মেটেকাবোৰৰ পৰাহে ।

ৰাতি ভাত পানী খাই আইতাৰ আগত কথাটো উলিয়ালোঁ । আইতাৰ প্ৰতিক্ৰিয়াটোৰ বাবে মই সমূলি প্ৰস্তুত নাছিলোঁ ।

"সেই ঘৰৰ ছোৱালী নানিবি বোপাই" আইতাই ক'লে । মই অলপ থমক খাই ৰ'লোঁ । "কিয় আইতা, ঘৰখনচোন বেচ ভাল । পুৰণি পৰিয়াল । গুৱাহাটীত কেবা পুৰুষো আছে । আৰু নমিতাকচোন তুমি দেখিছাও, পোনাৰ বিয়াত যে আহিছিল । ছোৱালীজনৰ কিবা খুত আছে জানো ? আমাৰ হেমন্তৰো মন - মিলিবও ।" মই একে উশাহতে গোটেই কথাখিনি কোৱাদি ক'লোঁ ।

"নমিতা ছোৱালীজনী ভালেই চাগৈ" । পোনাৰ বিয়াত মাকে মোক চাই গৈছিলগৈ নহয় । দেউতাৰ গুৱাহাটিত থাকোঁতে মাকেই জীয়াৰী আছিল । আমি তেওঁলোকৰ ওচৰতে আছিলোঁ । পিচে ঘৰখন ....  ।"

বিয়া-বাৰুৰ কথা উঠিলেই আমাৰ মানুহে ঘৰখনৰ কথা উলিয়ায় । মোমাই তামুলী কিবা ডাঙৰ মানুহৰ ল'ৰা আছিলনে ? আমাৰ কৃষি প্ৰধান অৰ্থনীতিৰ দিনত বাৰু সেইবোৰ চোৱা-চিতা দৰকাৰ আছিল । এতিয়া এই গাই গোটে পেটে ভঁৰালৰ দিনত সেইবোৰৰ কিবা অৰ্থ আছে জানো ? এতিয়া বিয়া দুজন মানুহৰহে হয়; পৰিয়ালে পৰিয়ালে ক'ত হয় ! আইতাক অৱশ্যে এইবোৰ কথা কোৱাৰ যুক্তি নেদেখিলোঁ । গতিকে ক'লোঁ, আইতা, ঘৰখনচোন তুমি জানাই ! বেচ পুৰনি ঘৰ , ছোৱালীৰ লেখা-পঢ়াও আছে, অৱস্থাও ভাল ।" আইতাই মূৰ জোকাৰি ক'লে "শুকক আৰু কি বেদ পঢ়াবি বোপাই । সিহঁতৰ ঘৰখন আৰু মই চিনি নেপাওঁনে ?  হেমন্তক ক গৈ - সি যেন তাত বিয়া নকৰায় ।"

মই অলপ বিৰক্তিতেই সুধিলোঁ, "কিয় আইতা ? মইতো হেমন্তক এটা কাৰণ দেখুৱাব লাগিব ।"

"তাৰ কথা তাকেই ক'ম মই । পঠিয়াই দিওঁগৈ । কিন্তু ঘৰৰ ডাঙৰ ল'ৰা হিচাবে মোৰ দায়িত্বও জানো নাই ? মই আইতাক ক'লো, "হেমন্তৰ মনত পোনপটীয়া আঘাতটো নিদি মোকেই আপত্তিৰ কাৰণটো ক'ব  পাৰা দেখোন ।"

আপত্তি মোৰ নহয়, বোপাই, আমাৰ ভাগ্য পুৰুষৰ । একেটা গাঁততে দুবাৰ তামোল পুতিব নেপায় ", আইতাই ক'লে ।

দুবাৰ তামোল পোতা কথাটো মই বুজা নাছিলোঁ । আইতাই হাঁহি মাৰি ক'লে "একে ঘৰতে দুবাৰ সম্বন্ধ কৰিব নেপায় বুলি কয় দেখোন আগৰ মানুহে ।" 

আমাৰ এই ' ভাল মানুহ' কিঘৰৰ আকৌ থিতাতে সম্বন্ধটো ওলায় । মোৰ বিয়াৰ সময়তো কেইবা ঘৰৰো ছোৱালী সম্বন্ধে ঢুকি পায় বুলি এৰিবলগীয়া হৈছিল । মই পোনপটীয়াকৈ প্ৰশ কৰিলোঁ ।

"কিবা সম্বন্ধে পায় নেকি, আইতা ?"

"পায়ো, নেপায়ো," আইতাই ক'লে , "মুঠতে মোৰ কথা শুন - এই বিয়াখন হ'বলৈ নিদিবি ।"

"আইতা, কথাবোৰ সাঁথৰ কৰি নেপেলাবা চোন ।" মই লপ টানকৈ ক'লোঁ ।

আইতাই মোৰ মুখলৈ চালে । মই চকুদুটা এবাৰ তললৈ নমাই আকৌ আইতাৰ মুখলৈ চালোঁ । আইতাই বিষন্ন মাতেৰে ক'লে " এই বিয়াখনৰ কথা তহঁতে মনৰ পৰা গুচা বৰ মইনা ।"

"কিন্তু হেমন্ত যে ভালেখিনি আগবাঢ়িছে ।"

আইতাই সৰুকৈ সুধিলে, "কিবা লেঠা - চেঠা হৈছে নেকি আকৌ ?"

"তুমি যে আৰু কথাবোৰ কোৱা আইতা ! নহয়, তাৰ আৰু নমিতাৰ লগত সকলোৱেই জানে সিহঁতৰ বিয়া হ'ব বুলি । আমিও জানো । এতিয়া তোমাৰ মতটো হ'লেই হয় ।"

"মোক নুসুধি বিয়া কৰালে মোৰ ক'বলৈ একো নাছিল । মোক সুধিলে মইনো বাৰু তহঁতক এটা শাওপাতৰ মাজলৈ কেনেকৈ ঠেলি পঠিয়াওঁ - ক'চোন ।

আইতাৰ কথাখিনিত থকা আঁকোৰ-গোজালি ভাবৰ আঁৰত মই যেন শুনিলোঁ কিবা এটা বিষন্নতাৰ, হতাশাৰ সুৰ । আইতাই কি শাওপাতৰ কথা কৈছে বাৰু ? নমিুতাহঁত গুৱাহাটীৰ আৰু আমি নগাঁৱৰ । কাম-কাজৰ কাৰণে আমি দুঘৰ গুৱাহাটিতে থাকি যোৱা গৈছোঁ  । আধআ চিনাকিৰ পৰা চিনাকিৰ পৰ্যায়লৈ আহিছে নমিতাহঁতৰ পৰিয়ালটো । আইতাই সম্ভবতঃ গুৱাহাটীত থাকোঁতে ঘটা কিবা ঘটনাৰ কথা জানে - যিটো মোক ক'ব খোজা নাই ! কিন্তু এই পৰিয়ালটোৰ বিষয়ে তেনে কোনো কথা মনলৈ আহিব নখোজেচোন, আইতাৰ বিষন্ন কণ্ঠস্বৰে মোৰ মনলৈ এটা খু-দুৱনিৰ ভাব আনি দিলে । কি শাওপাত ? কিহৰ শাওপাত ? মই আইতাক ক'লো, "তাৰ মানে তেওঁলোকৰ লগত আমাৰ কিবা সম্বন্ধ আছিল ? কিন্তু কেনেকৈ ? তেওঁলোক গুৱাহাটীৰ আমি নগাঁৱৰ ।"

"গুৱাহাটীৰ মানুহ বুলি কোনো মানুহ নাই অ' বৰ মইনা । তাৰ সৰহখিনি মানুহেই আন ঠাইৰ পৰা অহা, কোনো বৰফুকনৰ আমোলত কোনোবা মান ভগনত । তাৰ পিছত চৰকাৰী চাকৰিয়াল ! এতিয়াও দেখিছ চাগৈ, কেনেকৈ মানুহৰ সোঁত আহি চহৰবোৰত লগ লাগিছেহি । ইমান সম্ভ্ৰান্ত মানুহ উঠি গৈ গুৱাহাটীতে জাহ গ'ল - কিমান ঠেৰু ছিগা মানুহ আহি গোজেই গছ হৈ বহিল ।"

আইতাৰ মুখত গুৱাহাটীৰ জন্ম কাহিনী শুনাৰ ধৈৰ্য মোৰ নাছিল । ক'লোঁ "সেইবোৰ জানো আইতা, তাহানি বৰফুকনে কামৰূপৰ স্থানীয় মানুহখিনিক নিশা নগৰত থাকিব নিদিয়াৰ কথাও শুনিছোঁ । নমিতাহঁতো নিশ্চয় কোনোবা এটা সময়ত উজনিৰে পৰা উঠি অহা । কিন্তু আমাৰ লগত বিশেষ কোনো সম্বন্ধৰ কথা শুনা নাই দেখোন ।"

"সিহঁত ক'ৰ মানুহ জান?" আইতাই পোনপটীয়াকৈ প্ৰশ্ন কৰিলে ।

"হ'ব আৰু চাৰিং ন-দুৱাৰ বা তেনে কোনো কোনো ঠাইৰ ।"  মই পাল মৰা উত্তৰ এটা দিলোঁ ।

"শুন"   আইতাই দীঘল উশাহ এটা লৈ অলপ পৰ ৰ'ল । তাৰ পিচত ক'লে, " শুন, সিহঁত আৰু তহঁত একালত বৰ ওচৰা ওচৰিকৈ আছিলি । সিহঁতৰ গাওঁ আৰু তহঁতৰ গাওঁৰ মাজত আছিল এখন পথাৰ - একাহী পথাৰ । মই ন-বোৱাৰী হৈ আহোঁতেই দেখিছিলোঁ সেই পথাৰ - একাহী পথাৰ, মানে আকাশী পথাৰ । ইপাৰৰ ৰিং সিপৰে শুনাৰ কথাই নুঠে, সিপাৰৰ বাঁহনিবোৰ ববছা বনৰ জোপা যেন লাগে ।"

আইতাই যেন এটা ভয়লগা সাধুহে আৰম্ভ কৰিব খুজিছে । আইতাৰ একাহী পথাৰৰ মাজেদি এতিয়া ৰে'লৰ আলি হ'ল ।
আমি সৰুতে দেউতাৰ লগত আধিত দিয়া ধান আনিবলৈ যাওঁ । একাহী নামটোও শুনা নাছিলোঁ । আইতাই আপোন মনে কোৱাদি কৈ গ'ল ঃ

" এই ফালে কলং, মাজত তহঁতৰ গাওঁ, সিমূৰে নৈ, ন-নৈ কলংখন দেখিলেই মোৰ তহঁতৰ পৰিয়ালটোৰ কথা মনত পৰে ।বৰ কালিকা লগা এই নৈখন ..."

"নীল বৰুৱাৰ পুতেকে কলং পাৰত লিখা পদ্য দুটামান পঢ়িছিলোঁ , কলঙৰ কালিকা কিবা ধৰিব পাৰিছেনে নাই চাইছিলোঁ । পিছে নাই, কলঙৰ কথাচোন তাত নায়েই, কিবা ডেকা গাভৰুৰ মেল হে চোন "

কলংখন দেখিলে মোৰো দুখ লাগে । আমি জংঘলী মিস্ত্ৰিৰ ঘাটৰ কাষেৰে আহোঁতে আৰু দুখ লাগিছিল । কিবা আইতা আইতা লাগিছিল । সৰুতে দেখিছিলোঁ শিলঘাটৰ ওচৰত বাৰিষাৰ নাওঁৰ তলিখন মাথোন তিতে । নাওঁবোৰ দলঙৰ দৰে উবুৰি লৈ পৰি থাকে । খৰালি বালিত গাঁত খানি পানী একো গাগৰি নিয়ে - ওহোঁ - গাঁৱৰ জীয়াৰী-বোৱাৰীবোৰে নহয়, চুটি মেখেলাৰ ওপৰত  ব্লাউজ পিন্ধা পেন্দুকণা আইটি একোজনীয়ে । কাৰণ 'মানুহ' হোৱাৰ পিছত ছোৱালী ঘাটলৈ যোৱাটো লাজৰ কথা । 'ভাল মানুহৰ গাওঁ যে ...."

এইখনেই কলং । ভুগোলৰ মতে সুঁতি । কিন্তু মিছা আৰু দিজু নামৰ পাহাৰী জুৰি দুটাই লগ নধৰাকৈ তাত সোঁতেই নাথাকে । এইখনেই কলং । নৈ বুলি ক'লে হাঁহি উঠে । এতিয়া মনত পৰে নৈ বুলি ক'লে তাহানি মহাজননী আয়েও হাঁহিছিল । কিন্তু সম্পুৰ্ণ বেলেগ কাৰণত । উৱা, কলং কলঙেই । নৈ হ'বলৈ যাব কিয় ? আমাৰ বৰ আই এগৰাকী ডিবুৰুৰ ছোৱালী তেতিয়াৰ দিনৰে নিম্ন প্ৰাইমেৰী পাছ । ঘৰত পকী নাদৰ পানী খয় সদায় । বিয়াৰ পিচত আহি খোৱা পানীখিনি অলপ ঘোলা যেন দেখি নৈৰ পানী নেকি বূলি সুধুছিল । ইচকুল পঢ়া বৌৱেকৰ বুদ্ধিৰ হ্ৰস্বতাত ননন্দেকে কৈছিল, "এৰা, এতিয়া দহ মাইল বাট বাটকুৰি বাই তোমালৈ নৈৰ আনিব গৈ কোনোবাই । খোৰাঁ কলঙৰ পানী ।" 

নৈ মানে তেওঁলোকৰ অভিধানত ন-নৈ । এইখন কলং । আকৌ মনত পৰিল সৰুতে আইতাই কোৱা পুৰণি কথাবোৰ - মিকিৰ হাটৰ নিৰাময় মৌজাদাৰ গৈছিল গুৱাহাটীৰ কমিচনাৰ চাহাবৰ ওচৰলৈ । কাজলীমুখ চেৰাই নাওঁ যেতিয়া ব্ৰহ্মপুত্ৰত পৰিল তেতিয়া সৰুপাই নাওবৈছাই হেনো চিঞৰি উঠিছিল, "আই ঔ, এইখন বৰ ডাঙৰ কলং ঔ" বুলি । আমাৰ চিৰি-লুইতৰ পৰা সৰুপাইৰ গাওঁ কুৰি মাইলৰ ভিতৰত, কিন্তু কলঙৰ বাহিৰে আন নৈ.... সি দেখা নাই ।তাৰ অভিধানত কলং মানেই নৈ, নৈ মানেই কলং ।

মই এইবোৰ ভাবি থাকোঁতেই যেন আইতাই মোৰ মনৰ ভিতৰখন এখন কিতাপ পঢ়াদি পঢ়ি গৈছিল । আইতাৰ মাতত মোৰ চমক ভাগিল ।

"এৰা বোপাই, কলংখন তেনেই মৰি সুঁতি হ'ল । কিন্তু আগতে তেনে নাছিল । হাতীমূৰা পৰ্বতখনে বাট ভেটা দি ধৰাৰ পৰাহে হ'ল, আগতে সেইটো এটা চাপৰিহে আছিল , বছৰি তল যায় । দেখা নাই, কোৱা শুনিছোঁ । তেতিয়া বোলে কলঙত কোম্পানীৰ জাহাজো চলিছিল । পিচে, কলং হেনো এনেকৈ নেথাকে, এদিন বোলে লুইতৰ ঘাই সুঁতিটো এইফালে দিয়ে ব'ব - দুই মুনি শিলা উত্তৰ পাৰলৈ যাব ..."

আইতা এনেকৈয়ে ক্ৰমে ক্ৰমে অতীতৰ মাজলৈ সোমাই যায় । কিম্বদন্তীৰ পৰা আৰম্ভ কৰি খেলিমেলিকৈ পাৰৰ মানুহবোৰৰ কথা ক'বলৈ আৰম্ভ কৰে । কলংপাৰৰ ভাল মানুহৰ গাওঁ কিখনৰ নিস্তৰংগ জীৱন যাত্ৰাৰ পলসত যেন আইতা সোমাই পৰে ...  ।"

গতানুগতিক বংশ পৰম্পৰাৰ আমনি লগা অহংকাৰ । সেই অহংকাৰ অতীতৰ । অতীতৰ অহংকাৰৰেই জ্ঞান নাম কিজানি বুৰঞ্জী । এই বুৰঞ্জীয়ো এদিন সত্য আছিল এই অহংকাৰৰ দৰেই । আইতাহঁতৰ কলং পাৰৰ এই জীৱন জীয়াই আছিল অতীতক লৈ ।

ৰজাঘৰীয়া সন্মান আৰু প্ৰতিপত্তি যোৱাৰ লগে লগেই আৰম্ভ হ'ল চাহবাগিচাৰ সৈতে লেনদেন; ব্যাবসায় নহয়, চাকৰি । ব্যাবসায় কৰিব পৰা অধ্যবসায় আৰু মনৰ স্থিৰতা এওঁলোকৰ নাই । আনকি আগৰ যুগৰ মানী মানুহ হিচাপে ইংৰাজ চৰকাৰৰ পৰা পোৱা মৌজাকিটাও এওঁলোকে চলাই খাব নোৱাৰিলে । 

আইতাই বৰ কৰুণভাৱে বিৰক্তিহীন তিক্ততাৰে কৈ গ'ল, " সোপাই বাগিছাৰ চাকৰিত সোমাল - মাইকী মহৰিৰ পৰা বৰ বাবুলৈকে - তাৰ ওপৰত নাই । চাকৰিৰ লগতে অলপ খুচুৰা বেপাৰ । কলঘৰ সজাৰ পৰা কিছু টিনপাত আনি কাৰোবাক দিয়া, চিলটীয়া বেপাৰীক কিছু চোৰাং চাহ পাত - এইবোৰ বুজিছ বৰ মইনা । কিন্তু কথাই বতৰাই চাহবাগানৰ মালিকৰ সুৰ !"

কথাটো ময়ো মন কৰিছিলোঁ । আমাৰ পৰিয়ালত এটা নতুন সংস্কৃতিৰ চানেকি দেখিছিলোঁ আৰি শুনিছিলোঁ তাৰ উপযোগী ভাষা ।মোমাই, মাই, বাই - এইবোৰ হেনো ছোটলোকৰ ভাষা । মহাদেউ, মাহীদেউ বোলা দস্তুৰ পলমকৈ অহা উজনীয়া 'ঢং' । সেই মানুহ সকলে 'ফজিৰ'তে উঠি 'কামজাৰি'লৈ যায় - হয়তো নাঙলৰ ফাল চাঁচিবলৈকে । 'মামা'ৰ বিয়ালৈ 'দিদি' আহিব নোৱাৰাৰ কাৰণে 'আপচোচ' কৰে ।

মাটি থাকে আধিত । সৰুতে দেখিছিলোঁ - দীঘল দীঘল দাগৰ একোচিটা মাটি ।পুৰুষে পুৰুষে দীঘে দীঘে ভাগ হৈ আহি একোডোখৰ মাটি দীঘে এমাইল, পথালিয়ে হালখন ঘূৰে কি নুঘূৰে । বৰ-ঘৈণী ন-ঘৈণীৰে কমেও দুজনী তিৰোতাৰে একোখন কুৰিজনীয়া সংসাৰ কোনোমতে বৰ্তি থাকে । বাকীখিনি চাহবাগিচা আৰু সৰুসুৰা চৰকাৰী চাকৰিয়ে যোগায় । 

"কিন্তু বোপাই, বিয়া-বাৰু হ'লে সদায় আঁতৰে আঁতৰে ।" আইতাই আলপ অৰ্থপূৰ্ণ সুৰত ক'লে, আঠগাওঁৰ টুকৰিয়ালৰ ঘৰ, চতিয়াৰ দফলা বৰুৱাৰ ঘৰ, আনকি উত্তৰ গুৱাহাটীৰ মজিন্দাৰৰ ঘৰৰ লগতো ছোৱালী দিয়া অনা হয় । পিচলৈ তহঁতৰ কলেজ পঢ়া চাকৰি কৰা দুই এজনে উজনিৰ কাকতি দুৱৰা ঘৰৰোছোৱালি আনিছে দুই এক ।"

"সেই অঞ্চলতে হ'লে কাকতী বৰাৰ ঘৰ আৰু কঢ়ালৰ ঘৰৰ বাহিৰে আনৰ লগত মিতিৰ সম্বন্ধ নাই । দুই এঘৰৰ বিষয় খোৱা হাজৰিকা শইকীয়ালৈ দুই এজনী ছোৱালী দিছে - বাকীবোৰ হেনো ছোটোলোক - কাঁড়ীৰপৰা       নাম নকটাৰ     গুস্তি ।"

আইতাই বাৰু এইবোৰ কি কৈছে ! বংশ গৌৰৱৰ ক্ষেত্ৰতো আইতা নিজেওতো কম নহয় । আজি কিহৰ কাৰণে আইতাই এইদৰে নিষ্ঠুৰভবে  নিজৰ অতীতক বিশ্লেষণ কৰি চাব খুজিছে । আইতাই নিন্দাৰ ছলেৰে গৌৰৱ কৰিছে নে গৌৰৱৰ ছলেৰে নিন্দা কৰিব খুজিছে বাৰু ?

"বুজিছ বোপাই, এই ভেমকণেই আছিল তেওঁলোকৰ জীৱন । তাতেই যেন তেওঁলোকে জিৰণি লৈছিল , তাকেই পাগুলি জীয়াই ৰাখিছিল নিজকে । ভেম নো নকৰিব কিয় ?" তাৰ পিচত আইতাই যিখিনি ক'লে তাৰ সাৰমৰ্ম এই ঃ

কলঙৰ অতীত থকাদি এদিন সিহঁতৰো আছিল বিচিত্ৰ অতীত । সেই অতীতত নাছিল ৰজাঘৰীয়া চাকচিক্য অথবা গ্ৰাম্য সৰলতা । কেৱল মাত্ৰ মৰ্য্যাদাৰ স্থুল প্ৰতিপত্তি । সময়েদি উজাই গ'লে মন কৰিব পাৰি কলিয়াবৰৰ পৰা খাগৰিজানলৈকে এই অঞ্চলটোত সমাজৰ কোনো ভাৰসাম্য নাছিল । উত্তেজিত হ'লে সিহঁতৰ সীমজ্ঞান নেথাকে , আনন্দিত হ'লে পাহৰি যায় ৰুচি । ৰজাৰ চকুত পৰিনলৈ বৰফুকনৰ মান যোগাবলৈ চমধৰা কোঠাত গড় মাৰি থকা ৰজাৰ সৈন্যৰ মাইকী যোগনীয়া হ'বলৈকো সিহঁতৰ বহুতৰ কুনঠা নাছিল । আনহাতে আকৌ আহোমৰ দুৰ্দিনত আশ্ৰয় বা সহায় বিচাৰি অহা ৰজাক সিহঁতে ছাগলী খেদোৱাদি খেদি পঠিয়াইছিল । চিৰ অশান্ত এই অঞ্চলৰ প্ৰজাই ন দিনৰ ভিতৰতে দুচাম ৰাজবিষয়াৰ পৰিবৰ্তন বিচাৰি হাবাথুৰি খায়; আকৌ আগৰ বিষয়াতেই সন্তুষ্ট হৈ সেও হয় । ৰাজবিষয়াৰ অত্যাচাৰ আৰু প্ৰতিষ্ঠাকামীৰ খিয়লা-খিয়লিয়েই নগাঁৱৰ ইতিহাস ।

"নদাই খৰঙিৰ কথা সুনিছ ?" আইতাৰ প্ৰশ্নত আকৌ আহি যেন আমাৰ ঘৰ পালেহি । 

"শুনিছোঁ আইতা, লাচিত বৰফুকনে শৰাইঘাটত বেমাৰী গাৰে নদাই খৰঙিৰ কান্ধত ভৰ দিয়েই নাওঁত উঠিবলৈ গৈছিল । "

"সেই নদাই - মানে নন্দেশ্বৰ তহঁতৰ উপৰি পুৰুষৰ এজন । বৰফুকনৰ গা- ৰখীয়া আছিল । কলীয়াবৰৰ পৰা আহি মিকিৰ হাটত থিতাপি লোৱা বৰুৱা কেইঘৰৰে এজন হ'ল ভোগাই  - ভোগেশ্বৰ বৰুৱা, নদাইৰ দুপুৰুষৰ তলত । পলৰীয়া ৰজা গৌৰীসিংহৰ দিনত তেওঁ ডেকা মানুহ ।

আইতাৰ কথা শুনি শুনি আজিৰ যিটো প্ৰসংগত এইবোৰ পুৰণি কথা ওলাইছে তাৰ কথা পাহৰিয়েই গৈছিলোঁ । ভাবিলো আইতাক সোধো তেওঁ কোৱা কাহিনীৰ লগতনো হেমন্ত-নমিতাৰ বিয়াখনৰ সম্পৰ্ক ক'ত ? কিন্তু কিবা এটা মই অনুমান কৰিলোঁ; আইতাই হয়তো পুৰ্বপুৰুষৰপৰা মুখে মুখে বাগৰি অহা কিবা জানে আমাৰ পৰিয়ালৰ - তেওঁ কোৱা মতে কিবা শাওপাতৰ কথা । সেইবাবে আইতাক আৰু একো নুশুধিলোঁ । আইতাই কৈ যাওক, মই শুনি যাম ।

আইতাই হঠাৎ ক'লে " মোৰ জোৰণত দিয়া গহনাখিনি দেখিছিলি নে? সেইখিনিৰেই তহঁতৰ মা'ৰোৰো জোৰণ দিয়া হৈছিল ।"

মোৰ মনত পৰিল আয়ে এবাৰ দেখুৱাইছিল কেইপদমান পুৰণি অলংকাৰ । ক'লো, "দেখিছিলোঁ আইতা, কি হ'লনো ?"

"কেনেকুৱা আছিল গহনাখিনি ?"

"জানো ? মনত নাই বিশেষ ।"

"তই কিজানি মন কৰা নাই । গোটেইখিনি অলংকাৰ মিনা কৰোৱা । ঢাকা জিলাৰ পৰা মিনা কৰাই আনিছিল তোৰ ককাৰে ।"

পুৰণি বা নতুনেই হওক, অলংকাৰ মহিমাৰ বিষয়ে মোৰ কোনোকালে কোনো কৌতূহল নাই । কিন্তু আইতাৰ কথাবোৰ মোৰ কিবা প্ৰহেলিকাময় যেন লাগিবলৈ ধৰিলে । ভোগাই বৰুৱাৰ কাহিনীৰ লগতে মিনা কৰা গহনাৰ বা কি সম্বন্ধ ? মই ভাবি নোৱাৰিলোঁ । আইতাই মাথোন ক'লে, " আগেয়ে তহঁতৰ পৰিয়ালত জোৰনত মিনা কৰা গহনাহে দিয়ে । ভোগাই বৰুৱাৰ পুতেক জুৰাইৰ দিনৰ পৰা সেইটো চলি আছে বোলে ।"

মোৰ বিয়াৰ আগে আগে আইৰ গহনা বোৰ চোৰে নিছিল । আয়ে কিবা কিবি নতুন গহনা কৰাইছিল । মনত পৰিল, তেতিয়া আইতাই মিনা কৰোৱা আঙুঠি এটা হ'লেও দিবলৈ দিছিল । মিনা কৰা আলংকাৰ দিয়াত কিবা অৰ্থ আছে বুলি তেতিয়া ভবা নাছিলোঁ । কোনেও একো কথাও কোৱা নাছিল । আজি যেন তাত এটা দূৰৰ সংকেত পালোঁ ।

"ভায়েকৰ বিয়া য'তে নেপাত লাগে, মিনা কৰা অলংকাৰ দুপদমান দিবি । মই মা'ৰকো ক'ম । কিন্তু পাৰিলে সেই ঘৰত বিয়া নকৰাবি । তহঁতে সিহঁতৰ প্ৰতি ডাঙৰ অন্যায় - নহয় - পাপ কৰি থৈছ । সেই শাওপাত এতিয়াও যোৱা নাই । সেইবাবেই কিজানি তহঁতৰ হৈয়ো একো নহয় । তহতে জখলা একোডাল হৈ আনক বগাবলৈ সুবিধা দিছ । নিজে একো কৰিব পাৰা নাই ।"

আইতাৰ সোতোৰা-সুতুৰি হাত দুখন মই খামুচি ধৰিলোঁ । মুহূৰ্তৰ বাবে পাহৰি গলোঁ হেমন্ত-নমিতা সকলোকে । মোৰ অতীত জানিবৰ মন গ'ল । অতীতক । মনে মনে ক'লোঁ, কোৱা আইতা, মোক ভোগাই বৰুৱাৰ কথা কোৱা, মিনা কৰা কি শাওপাত পাহৰায় নে সোঁৱৰায় - তাৰ কথা কোৱা । 

আইতাৰ কাহিনীয়ে মোক সময়ৰ বুকুৰে উজুৱাই লৈ গ'ল অৰ্ধ-অৰাজক এখন ঠাই আৰু এটা সময়লৈ । 

                                                        -----------------------------------


                                                                                                                                          দ্বিতীয় অধ্যায়

Stories of Laksminath Bezbaruah - Firingatir pora khandab daah - ফিৰিঙতিৰ পৰা খাণ্ডৱ দাহ

ফিৰিঙতিৰ পৰা খাণ্ডৱ দাহ

'আইটী শয়নি অ' ! মাৰক ক, আজি আঞ্জাত লোণ দিবলৈ পাহৰিলে । ভাত এগাল খাবলৈ আহিলে সদায় এনেবিলাক আহুকাল । ক, সানি খাবলৈকে অলপ লোণ লৈ আহিলে ভাল । ' হাকিম ডিম্বেশ্বৰ বৰুৱা মুনচুপে পুৱা দহ বজাত ভাতৰ পাতত বহি অগৰাহ ভাত মুখত দি এই কোৱা মাত্ৰকে বাৰৰ সিফালে আখলৰ চৰুৰ কাষৰ পৰা হাকিমনী মুনচুপনীয়ে ঠেহেৰকৰে মাত লগালে - 'আমি ৰান্ধিলে আঞ্জাত লোণ নহয় , ভাত আধফুটা হয় , মাছ কেঁচাই থাকে, কিবা বোলেনে ঢেৰুৱাৰ ঠাৰি নিসিজে । ৰান্ধনি বামুণ নাইবা 'খানচামা' নেৰাখে কিয় ?সিঁহতে ৰান্ধি দিলেই দেখোন জুতি ধৰি খাব পাৰে ; আৰু কিবা বোলেনে গোলামীজনীয়েও 'ছুটি' পায় । '

হাকিম । - 'উস্‌ ! এইটো ভয়ংকৰ কথা দেখিছোঁ যে আঞ্জাত লোণ নহ'লে নাই হোৱা বুলি ক'ব নেপায়, ভাত দেই গ'লে বা শুকাই কৰ্কৰা হ'লে দেই গ'ল বা কৰ্কৰা হ'ল বুলি ক'ব নেপায় ।গাখীৰ কুৰুচি গ'ল বুলি ক'ব নেপায় । ল'ৰা ছোৱালীক কন্দুৱালে কিয় কন্দুৱাইছে সুধিব নেপাই ! এনে কথা ক'ত আছে, ক'ত দেখিছা ? মোৰ ঘৰত মই কোনো নহওঁনে ? এইখন ঘৰৰ গৰাকী কোন ? এইখন মান-মৰাণৰ মুলুক হ'ল নেকি ?'

হাকিমনী । - 'এৰা এইখন মান-মৰাণৰ মুলুক হ'ল; মই মাননী-মৰাণনী হ'লো । মই আজিৰ পৰা ভাত ৰান্ধিব নোৱাৰোঁ,
নেৰান্ধো, সকলোকে কৈ দিলোঁ । আজিৰ পৰা কোনে মোৰ হতুৱাই ভাত ৰন্ধাই খায় তাকো দেখিম । বোলোঁ দেখিম, দেখিম , দেখিম ! বোৱাৰীয়েকহঁতে এগাল ৰান্ধি ভৰিৰে গৰাই দিলে তেতিয়া সকলোৱে হেপাহ পলুৱাই খাব ।'

হাকিম । - 'কি ক'লি পাষণ্ডী ! পাপিষ্ঠী ! তোৰ ইমান মুখ বাঢ়ি গৈছে !' এইবুলি ডিম্বধৰ বৰুৱা মুনচুপ ডাঙৰীয়া হাকিম কাঁহীৰ ভাত কাঁহীতে এৰি , চুৱা হাতেৰে ঘৈণীয়েক মুনচুপনী হাকিমনীক ভালকৈ এখুন্দা দিবলৈ গোণা ম'হে চোঁচা লোৱাদি চোঁচা ল'লে । পুতেক শূলধৰ তৌজিনবিচ ডেকবৰুৱায়ো বাপেকৰ ওচৰতে বহি, পেট নামে, ভু ভাৰতত জন্ম লোৱা সেই নিজা ছালৰ মোনাত একান্তমনে গৰাহে গৰাহে ভাত গিলি আছিল । কিন্তু কথা বিসংগতি হ'ল যেন দেখি তেওঁ একেচাবেই উঠি বাপেকৰ ভৰিত সাৱট মাৰি ধৰিলে; আৰু ডাঙৰীয়ৰো মস্তি চৰা মখনা হাতীয়ে উচাল মাৰি ভৰিৰ বান্দা চিঙাদি পুতেকৰ সেই হাতৰ বান্ধ চিঙি যাব খোজোঁতেই মাটিত গুৰিকঁঠালটো পৰাদি হামকুৰি খাই পৰিল; আৰু তাৰ ফলস্বৰুপে তেওঁৰ মুখৰ চিকচিকিয়া আগদাঁত এটা চিৰকাললৈ ভাগি থাকিল ! তাৰ উপৰি ঘিউ চেনি ভিতৰলৈ সুমুৱা আৰু তিতা মাত বাহিৰলৈ উলিওৱা তেওঁৰ বহুমুলীয়া ওঁঠখন কাটি তাৰ পৰা বোম্বানলে তেজ ব'বলৈ ধৰিলে । ডাঙৰীয়া মুঁছকঁছ গ'ল ।খন্তেকতে ঘটনাটো গৈ গুৰতৰ হ'ল দেখি চাৰিওফালৰ পৰা লগুৱা - লিকচৌ টেকেলা - বেঙেনা য'ত যি আছিল আটাইবোৰ লৰি আহি ডাঙৰিয়াক তুলি ধৰি বহুৱাই তেওঁৰ মূৰত তেল পানী দি বিচিবলৈ লাগি গ'ল । ডাঙৰীয়ানীয়েও কি কৰোঁতে কি হ'ল দেখি, আখাৰ আৰু খঙৰ  আঙঠাবোৰ হুৰহুৰ কৰে পানী ঢালি দি , 'অ' মোৰ ভৈয়াইৰ কি হ'ল ঔ ! মোৰ ভৈয়াইক হাততে হেৰুৱালোঁ নে কি ঔ !' বুলি ৰাউচি মাৰি দি উধাতু খাই লৰি আহিল ।

কিছুমান বেলিৰ পিছত ডাঙৰীয়া সুস্থ হ'ল ।  ঘৰত মুনচুপ ডাঙৰীয়া আৰু বনত দাঁত ভঙা ফেটীসাপ এই দুইৰো মাজত কি কি বিষয়ত মিল আৰু কি কি বিষয়ত অমিল, সেই কথাৰ বিচাৰ কৰিবলৈ ডাঙৰীয়ই শত্ৰুক সুবিধা দি লাহে লাহে চেঁচা পানীৰে নিজৰ মুখ ধুই, ভগা দাঁতৰ গুৰিৰ আৰু কটা ওঁঠৰ আগৰ তেজ ৰখাই কছাৰীলৈ যাবলৈ ওলাল । ওলাল মানে গ'লেই বুলিব লাগে । কাৰণ, বেলি দুপুৰীয়া হৈ গৈছিল দেখি খৰধৰকৈ তেওঁ যাবলৈ বাধ্যহৈছিল, মাথোন বাটত হঠাৎ ডাঙৰীয়াৰ আগত পৰি তুৱাই তৰণিয়ে ভৰিত বুট জোতাৰে সৈতে ডাঙৰীয়াক 'চেলাম' কৰাত তুৱাইক 'কুকুৰৰ পো কটা' বুলি ডাঙৰীয়াই গালি পাৰি এখুন্দা দিব খোজোতেহে যি অলপ অচৰপ পলম হৈছিল । সি যি হওক, ধুমুহা বতাহৰ কোৱত ডাৱৰ উৰি যোৱাৰ পিছত ৰ'দ ৰেঙোৱাৰ দৰে সেইদিনাৰ দুৰ্যোগ কাটি গ'ল । হাকিম ডাঙৰীয়া এজলাছত বহিল আৰু তেঁওৰ মুখত সুখৰ ৰেঙনি ওলাল । কিন্তু দুৰ্ঘোৰ বাৰিষা কালত ৰেঙোৱা ক্ষন্তেকীয়া হোৱাৰ দৰে সেই ৰেঙোনীয়ো ক্ষন্তেক থাকি মাৰ গ'ল । হকিমে কাপ লৈ কিবা কাকত এখন চহী কৰোতে দেখিলে যে কাপৰ মুখখন কাকতত চেৰ্চেৰাই গৈছে । হাকিমে সেই চেৰ্চেৰণিটো কাকতে কাপৰ ওপৰৰ কৰা গোচৰ বুলি ধৰি লৈ তৎক্ষণাৎ কাপৰ 'জবানবন্দী' হৈ চুমাৰি বিচাৰ কৰি কাপটোক কলীয়াপানীলৈ পঠিয়ালে আৰু কাপ আচামীৰ সহায়ক বুলি ৰামগোলাম দপ্তৰীক পাঁচটকা জৰিমানা কৰিলে । বাৰ বাজি পোন্ধৰ মিনিট হৈ গ'ল , তেতিয়াও মিনাৰাম পেচকাৰে মোকদ্দমাৰ নথিবোৰ হাকিমৰ আগত দিয়াহি নাই । মিনাৰামৰ কামত বৰ 'গাফিলী' বুলি হাকিমে তেঁওক এমাহৰ দৰমহা জৰিমনা কৰিলে ।

ইয়াৰ পিছত এটা ছোৱালী চুৰি মোকৰ্দমা নথি হাকিমৰ হাতত পৰিল । আৰু 'আচামী' ফৰিয়াদীৰ ফোকাৰ হ'ল । ফৰ্চাচিং কনিষ্টবলে ভুলকৈ 'ফোকৰিলে' 'জয়ৰাম কলিতা আচামী হাজিৰ ! ' পেচকাৰে লাহেকৈ ফৰ্চাচিঙক ক'লে - 'জয়ৰাম কলিতা নহয় জিৎৰাম কলিতাহে ।' ফৰ্চাচিনঙৰ দুৰ্ভাগ্যৰ গুণে লাহেকৈ কোৱা কথাষাৰো হাকিমৰ কাণলৈ গ'ল । হাকিমে তেতিয়াই ধৰি ফৰ্চাচিঙক 'চাচপেণ্ড' কৰি থ'লে !মোকৰ্দমাত জিৎৰাম কলিতা দোষী প্ৰমাণ নাই হোৱা বুলি জিৎৰামৰ পক্ষৰ উকিল বিদ্যাৰাম শইকীয়াই দীঘলকৈ বক্তৃতা মেলিব খোঁজোতেই উকীলক 'চুপৰও' বুলি হাকিমে ভেকাহি মাৰি দি জিৎৰামক তিনি মাহলৈ ফাটকত দিবলৈ হুকুম দিলে । বিদ্যা উকীলে আকৈ কিবা ক'ব খোজাত 'আদালত অৱমাননা !' বুলি হাকিমে উকীলক কুৰি টকা জৰিমনা কৰি সেই গোচৰ সেইখিনিতে সামৰনি ঘেটা মৰিলে ।

কুগ্ৰহে পোৱা হাকিমৰ কথা আমি এইখিনিতে এৰি দুৰ্ভগীয়া পেচকাৰৰ কথা কওঁ । গধুলি বেলিকা পেচকাৰে এবোকোচা মনৰ দুখ কছাৰী ঘৰৰ পৰা ভাৰ বৈ ঘৰলৈ আনি, তেওঁক হাত, মুখ ধুবলৈ পানী এলোটা দিয়াত নামমাত্ৰ পলম হোৱাত আৰু তাৰ পিছত ধঁপাত এচিলিম লগাই দিবলৈকো তেনে হোৱাত, লগুৱা ল'ৰাটোক ঠলামূৰীয়াই দিলে । অন্যায় দেখি গিৰিয়েকৰ সেইদিনাৰ মানসিক অৱস্থাৰ বিষয়ে একো সম্ভেদ নাজানি, পেচকাৰণীয়ে লগুৱাটোৰ হৈ একেষাৰ মতাত, পেচকাৰে পেচকাৰণীৰে সৈতে ঢেঁকীথোৰা এটাৰ নতুন বিধৰ চিনাকি কৰি দিব খোজোঁতেই টেঙৰী পেচকাৰণীয়ে লৰ মাৰি কলাবাৰীত সোমাই নিজৰ প্ৰাণ আৰি নীতি শাস্ত্ৰৰ মান ৰক্ষা কৰিলে । কিন্তু অৰসিক লগুৱাটোৱে পেচকাৰ ডাঙৰীয়াৰ লপা-থপা কিলকেইটাক গুৰুলাগুৰুল কিলৰ শাৰীত পেলাই তেতিয়াই নিজৰ লামলাকটু কেইডাল লৈ পেচকাৰক ঘৰতে এৰি থৈ গুচি গ'ল ; লাভৰ ভিতৰত লগুৱাৰ অভাৱত পেচকাৰণিয়ে এমাহলৈ চুৱা ধুবলগীয়াত পৰিল আৰু পেচকাৰে স্বহস্তে তিয়নী চেপা, ধঁপাত লগোৱা আদি কাম নথিৰে সৈতে সমানে পেচ কৰিবলগীয়া হ'ল ।

ফৰ্চাচিং কনষ্টিবলে সঁচাসঁচিকৈয়ে 'ছছপেণ্ড' হৈ ছাপৰাছ পাগুৰি শোধাই দি মনৰ দুখত মদৰ দোকানত সোমাই টেটুলৈকে এটেটুকৈ মদ খাই মতলীয়া হৈ তাতে আৰু এটা মতলীয়া মানুহেৰে সৈতে প্ৰথমতে কোলাকুলি দ্বিতীয়তে গলীয়াগলি আৰু তাৰ পিছত মৰামৰি আৰু শেষত মূৰ ফলাফলি কৰি আস্পাতাল পালেগৈ আৰু দণ্ডবিধি আইনৰ ৩৫৩ ধাৰামতে তাৰ ওপৰত গোচৰ 'ৰিজু' হ'ল ।

তুৱাই তৰণিৰ ছোৱা শুনিলে গাৰ তৰুণ হেৰাবৰ কথা । ৰাজআলিত বাটৰুৱা মানুহৰ আগত ওপৰত কৈ আহাৰ দৰে তেওঁ অপমান আৰু লাজ পাই ক্ৰোধত জৰ্জৰিত হৈ মুনচুপ ডাঙৰীয়াৰ নামে হুৰমতৰ দাবীৰ গোচৰ কৰিবলৈ  বাৰেবঙলুৱা ভাষাতে আৰ্জি এখন লিখি লৈ তেওঁৰ গৰকী উকীল ত্ৰাহিৰাম শৰ্মাক দেখুৱালে । ঘটনা গুৰুতৰৰ পিনে অহা দেখি উকীলে তুৱাইক তপত চেঁচা অনেক বিধৰ কথাৰে সেকি পটুকি শান্ত কৰিল কোনো মতেহে সেই আৰ্জিখন দাখিল নকৰাকৈ ৰাখিলে । কিন্তু কঁকালৰ কোব নেপাহৰা সাপৰ দৰে তুৱায়ে সেই অপমানৰ কোব নেপাহৰি, দুদিন পিছতে ধৰ্মাবতাৰ হাকিমৰ গাত ভেটী খোৱা অপবাদ দি চীফ কমিছনাৰ চাহাবলৈ বেনামীকৈ চিঠি এখন লিখি পঠিয়াই অঁতাইহে কোনোমতে চেঁচা পৰিল ।

দুখীয়া ৰামগোলাম দপ্তৰীয়ে অলপ কচুৰতে পাঁচটকা জৰিমআ ভৰি, দুখৰ ভাৰ মনত লৈ ঘৰ পাই, ঘৈনীয়েকে তিনি বছৰৰ অগেয়ে কৰা পুৰণি জগৰ এট সুঁৱৰি, তাৰ বাবে তাইক এখুন্দা দি চতাই বেহেৰাৰ ঘৰ ওলালগৈ । চতায়ে ছমাহৰ আগেয়ে ৰামগোলামৰ পৰা টকাত চাৰি পইছা বাঢ়িত ছটকা ৰূপ ধাৰে নিছিল । ৰামগোলামে তাৰ কঁকালৰ গাঁঠিত কম পৰা ৰূপ ছটকা ছপই আনিবলৈ গৈছিল । 'এতিয়া মোৰ হাতত ৰূপ নাই, দিব নোৱাৰো, পিছত দিম' বুলি চতায়ে কোৱাত , কমাৰৰ হাতুৰীৰ মুখৰ পৰা ফিৰিঙতি উফৰাদি ৰামগোলামৰ খঙৰ ফিৰিঙতি উফৰি যাবলৈ ধৰিলে । ক্ষন্তেকতে দুয়ো গলিয়াগলি কৰি আৰু তাৰ পাছত হতাহতি লগালে । তাৰ পাছত বেহেৰাৰ ঘৈনীয়েক বেহেৰাণীয়ে বাঢ়নি হাতত লৈ সেই ভাৱনাত প্ৰৱেশ কৰি ৰামগোলামক খুঁচি দিলত বেহেৰা চতায়ে ঘৈনীয়েকৰ সোঁশৰীৰে সম্পুৰ্ণ সহানুভূতি আৰু সহায় লভি পৰম উৎসাহিত হৈ বপুৰা ৰামগোলামক গতাৰে সোধা-পোছা কৰি আগবঢ়াই থৈ আহি সেই ক্ষুদ্ৰ অথচ গপগপীয়া  ভাৱনাৰ ওৰ পেলালে । ৰামগোলামে কিন্তু চতাই-চতায়নীৰ নামে পিছদিনা কছাৰীত মাৰপিটৰ গোচৰ নকৰাকৈ নেৰিলে । এইখিনিতে ক'বলৈ পাহৰিছোঁ সে চতাই - চতায়নীয়ে ৰামগোলামক মাৰধৰ কৰাত 'কি অন্যায় কথা, চতাই কাই ! তহঁতে মানুহটোক কিয় অনাহকতে মাৰিছহঁক বুলি ওচৰ চুবুৰীয়া পিথু শইকীয়াই মাত লগোৱাত চতায়নীয়ে পিথুক  তাৰ সাতপুৰুষ উকতি গালি পাৰি দিলে, আৰু তাৰ ফলস্বৰুপে পিথুৰ মাকৰ মাহীমাকৰ মোমায়েকৰ জীয়েকক চতাইৰ পুতেকৰ সৈতে বিয়া দিবলৈ খোজাবঢ়া বিয়াখন ভাগি থাকিল ।

বিদ্যাৰাম উকীলৰ কীৰ্তি ফেৰাও এইখিনিতে কৈ এই বেগেতীয়া সাধুৰ ওৰ পেলাব খোজোঁ । তেওঁ বিয়া কৰোৱা ছোৱালীৰ, পোন্ধৰ দিনৰ আগেয়ে নোৱাই-তোলনি বিয়া হৈ গৈছিল । মনত বেজাইৰে তেওঁ সেইদিনা ঘৰলৈ আহি শহুৰেকলৈ ৰাতিয়েই চিঠি লিখি পঠিয়ালে যে 'জাননী যে অহা সপ্তাহৰ ভিতৰতে দিন-বাৰ চাই তেওঁৰ জীয়েকক মোৰ মক্কেলৰ সৈতে শান্তি দিব লাগিব, নতুবা মোৰ মক্কেলে সেই ছোৱালীৰ স্বত্ব পৰিত্যাগ কৰিব আৰু শহুৰেকৰ নামে দেৱানী কৰ্যবিধি আইনমতে ক্ষতিপুৰণৰ দাবী কৰি গোচৰ কৰিব ।' শহুৰেকে জোৱায়েকৰ এই অদ্ভুত উকীলি চিঠি পাই বিমোৰ হৈ উত্তৰ পঠিয়ালে ' বোপা তোমাৰ গা কেনে আছে এই পত্ৰবাহকৰ মাৰ্ফত জানিব দিবা, মই বৰ চিন্তিত হৈ আছোঁ । বিশেষ ম্মোৰ পক্ষে ইমান লৰালৰিকৈ শান্তি দিবলৈ দিহা কৰি উঠা একেবাৰেই অসম্ভৱ । মই অকলশৰীয়া মানুহ তুমি দেখোন জানাই ।অৱশ্যে এমাহমানৰ মূৰত মই শান্তি দিবলৈ যথাসাধ্য চেষ্টা কৰিম ।সম্প্ৰতি মই বৰ বিচলিত হৈছোঁ । তোমাৰ গা কেনে আছে জানিবলৈ দিবা । যদিহে গা ভাল নহয়, তেন্তে মই বেজবৰুৱাক লগত লৈ এতিয়াই তোমাৰ তালৈ যাম ।'

জোঁৱাই বোপাই শহুৰেকৰ উত্তৰ পাই ঘৃতাহুতি হৈ উঠিল । তেঁৰ মূৰৰ তালুত খঙে ইমান উপদ্ৰৱ লগালে যে তেওঁক দেখোতাৰ মনত খেলাবলৈ ধৰিলে যেন তেওঁৰ খং জুইত চুলিবিলাক পুৰি থোপাথোপে কুকুহা উৰি যাব লাগিছে । তৎক্ষণাৎ তেওঁ আকৌ এখন চিঠি তেতিয়াই শহুৰেকলৈ লেখি পঠিয়ালে যে যদি অহা সপ্তাহতে শহুৰেকে ছোৱালী শান্তি নিদিয়ে, তেন্তে তেওঁৰ মক্কেলে অৰ্থাৎ তেৱেই নিশ্চয় নিশ্চয় সেই ছোৱালী পৰিত্যাগ কৰিব । আৰু যদিহে শহুৰেকে পইচাৰ অভাৱত জীয়েকক শান্তি দিবলৈ পাছ হুঁহকিছে , তেন্তে তেওঁ জীয়েকক এনেই পঠিয়াই দিব পাৰে । শহুৰেকে সেই চিঠি পাই কান্দি - কাটি পিছদিনা জীয়েকক দোলা এখনত তুলি লগত ওচৰ-চুবুৰীয়া তিৰোতা মানুহ এজনী দি, লোটা-বহাটি, কাঁহী-কলহ গোটাচেৰেকে সৈতে জেঁৱায়েকৰ ঘৰলৈ পঠিয়াই দিলে; আৰু সেইদিনাই তেওঁৰ ভাত চৰুটো পেলাই দি সকলোকে কৈ দিলে যে তেওঁৰ জীয়েক-জোঁৱায়েক জহনিত গ'ল ।