ককাদেউতাৰ হাড়
( একাদশ অধ্যায় )
বাঘ জালত পৰিল । ভোগাইৰ ইচ্ছা , বাঘটো যিমান সোনকালে পাৰে খতম কৰাই ভাল । বাঘটো মৰাৰ লগতে তেওঁ বহুতো কথা পআঙি থৈছে , যিবোৰ কথা স্পষ্টকৈ কাকো ক'ব নোৱাৰে তেওঁ । কিন্তু বাঘ ভেটাটো এটা সামাজিক উৎসৱৰ দৰে । ইয়াৰ ৰং চাবলৈ দূৰ গাঁৱৰ মানুহো ভাগি, ভুঁহৰি আহে । সাধাৰনতে তিনি-চাৰিদিনমান বাঘটো জালৰ ভিতৰতে ৰখা হয় । জালৰ কেউকাষে যেন মানুহৰ মেলাহে বহে । জালৰ কাষে কাষে টঙি সাজি তাৰ ওপৰত বহি ডেকা ল'ৰামখাই বাঘৰ অলেখ-লেখ চাই থাকে । টঙি সাজিবলৈ কাৰ বাঁহ কোনে আনে ঠিক নাই । তাত হকা-বধা কৰিবৰো কাৰো এক্তিয়াৰ নাই । ৰাতি বৰ জুই একোকুৰা ধৰি মানুহ বহি থাকে । ৰখীয়া- পৰীয়াৰ বাবে ভাত-পানীও ৰন্ধা হয় । ওচৰৰ মানুহৰ পাণ-তামোল কল-কুঁহিয়াৰ খাস্তাং হয় । আনকি ওচৰৰ গাঁৱৰ হাঁহ , পাৰ, ছাগলী আদিও হেৰায় । সেইবোৰ কোনেও বিচাৰিবলৈ সাহ নকৰে । ৰাতি কিৰিলি পাৰি ল'ৰাহতে বনঘোষা গায় । অবাইচ মাতৰ কোবত গোটেইখন মহগুৱালৰ মেল যেন হয় । পিচে , সকলো সময়তে জালৰ কাষে কাষে জাঠি - জোং লৈ মানুহ সষ্টম হৈ থাকে । বাঘ যদি কেনেবাকৈ ভাগিল - বৰ জগৰৰ কথা । যিটো খেলৰ জালৰ ফালে বাঘ পলায় সেই খেলে দন্দ ভৰিব লাগে ।সাতে-সোতৰে ডেকাহঁতে ভাল পালেও ওচৰ গাঁৱৰ মানুহে যিমান সোনকালে পাৰি খেলখন ভাঙিলেহে ভাল পায় ।
লাহে লাহে ঢোল-দগৰ আৰু হৈ ধনিৰ মাজেৰে জালখন ঠেকাই অনা হ'ল । শেষত গৈ গোট বাঁহ একোডালেৰে ঘেৰৰ মাজখিনি ঢুকি পোৱা হ'ল । তেতিয়াহে ধেমালিয়ে চৰম সীমা পালেগৈ । গোট বাঁহৰ ঢেকি সাজি তাৰে বাঘটোক খুচি দিয়ে, সি গৈ আনটো ফাল পায়গৈ , সেই ফালৰপৰা খোচ খাই আকৌ আনফালে যায়, গোঁজৰে । বাঘৰ হুমি, মানুহৰ উকি, ভোৰতাল আৰু ফটা ঢোলৰ মাত - কেউফালে কোঢ়ালৰ ওপৰত কোঢ়াল । একো একোবাৰ বাঘে বাঁহডালত কামোৰ মাৰি ধৰে - বাঘে মানুহে টানাটানি । সেই জোটাপুটিত বাঁহো চিৰাল ফটা দিয়ে আৰু বাঘৰো কোৱাৰি ফাটি তেজ ওলায় ।
ৰাইজক ৰং চাবলৈ এৰি দি ভোগাই বৰুৱা ঘৰলৈ গ'ল । আৰু কৈ গ'ল, মাৰিবৰ সময়ত যেন ক'লামণি কুমাৰকে প্ৰথম আৰু শেষ খোচটো মাৰিবলৈ দিয়া হয় । কাৰণ, তাৰ তিৰোতাক খোৱা দোচমন - টোক সিহে মাৰিব লাগে । আৰু লগতে ক'লে , দিনকাল বেয়া পৰিছে । আৰু মানুহ বাঢ়িলে খেতি-বাতিও নাশ হ'ব ।উজনিৰ অকালৰ কথা পাহৰাটো আগিয়নীৰ কাম হ'ব । গধুলিৰ আগে আগেই তাক বধিব লাগে ।
গাঁৱৰ ল'ৰাবোৰে কথাটো ভাল নাপালে যদিও ভোগাই বৰুৱাৰ কথাৰ ওপৰত আৰু কাৰো মাত নাই । তাতে কালি তেওঁৰ গোটেই ডৰা পুৰা কুঁহিয়াৰ পৰীয়া মানুহক খাবলৈ দি গৈছে । ভোগাই বৰুৱাই যে সিহঁতক মতা-বোলা কৰি দিহা-ভৰসা দিছে সেয়েই সিহঁতৰ বাবে বহুত । কিন্তু ভোগায়ে সিহঁতৰ মন বুজি সিহঁতক শান্ত কৰিবৰ মনেৰে ক'লে , " বুজিছোঁ ল'ৰাহঁত তহঁতৰ কথা । পিছে মনুহজনীৰ কথা ভাবিছ নে নাই ।"
মানুহজনী ? আটায়ে পাহৰিয়ে গৈছিল - বাঘে নিয়া মানুহজনী - ক'লামণিৰ ঘৈণীয়েকৰ কথা । তাইৰ শটোও যে জালৰ ভিতৰতে কোনোবাখিনিত আছে । বাহিৰৰ পৰা একো দেখা যোৱা নাই । কিন্তু নিসছয় আছে -- ক'লামণিয়ে কেউফালে বিচাৰ কৰিও শটো পোৱা নাই ।
ভোগাইৰ কথাৰ যুক্তিযুক্ততাত সকলোৱে হয়ভৰ দিলে । ভোগাই ঘৰলৈ গ'ল । সন্ধিয়াৰ লগে লগেই বাঘটো মাৰিব লাগিব । বৰ আগতেও নহয় , ভোগায়ে ভাবিলে, দিনৰ পোহৰত বহুতো কাম কৰিব নোৱাৰি ।
কামটোৰ খৰখেদা কৰাত ভোগাইৰ আন এত কাৰনো আছিল । বাখৰ তেতিয়ালৈকে বাঘচোঙলৈ অহা নাই । ন নৈ সিপাৰৰ ৰাঙলুৰ পৰাও মানুহ আহিছে । বাঘ ভেটাত কুমাৰ গাঁৱৰ মানুহেই আগভাগ লৈছে আৰু ভোগাই বৰুৱাও তাত লাগিছে -- হয়তো সেই কাৰণেই তেওঁ অহ নাই । কিন্তু দেখ দেখকৈ কোনো শত্ৰুতাতো বাখৰে কৰা নাই । একো নজনাৰ ভাও জুৰিও চোন বাখৰে এই ধেমালিত যোগ দিবহি পাৰে । তেতিয়া মানুহক দেখুৱাই ভোগায়ে বাখৰৰ লগত কথা-বতৰা পাতি মিতিৰালি দেখুৱাব লাগিব । গতিকে তেওঁ এনে এটা কাম কৰিব যাতে ইচ্ছা থাকিলেওবাখৰ বাঘচোঙৰ ফালে নাহে । কিন্তু কি উপায়েৰেনো সেইটো কৰা যাব পাৰে সেইটো তেওঁ ভাবি নাপালে । সময়ো হাতত কম । হঠাৎ বিজুলী সঞ্চাৰে তেওঁৰ মনত কথা এটা খেলাই গ'ল । তেওঁ লৰালৰিকৈ কাপ - মৈলাম উলিয়াই ল'লে ।
নুৰিয়াই থোৱা নেৱাৰী তুলাপাতৰপৰা এছোৱা কাটি লৈ তেওঁ বাখৰলৈ চিঠি এখন লিখিলে । চিঠিৰ সাৰমৰ্ম হ'ল এই ঃ বাখৰে চাগৈ গম পাইছেই এটা মানুহ খোৱা বাঘ ভেটা হৈছে । এনে বাঘ ভেটাটো বিপদজনক । গতিকে বাঘটো সোনকালে মাৰি পেলোৱাই ভাল । জাঠি হোলোঙাৰে মাৰিব পৰাকৈ জাল ঠেফোৱা হোৱা নাই এথোন । মানুহ খোৱা বাঘ বুলি জানি কোনো সোমাবলৈকো সাহ কৰা নাই ... ইত্যাদি ইত্যাদি অলপ লেখি শেষত এষাৰ কথা জুৰি দিলে ... গতিকে বাখৰে তেওঁৰ হিলৈদাৰী এজন আনি সোনকালে বাঘটো মৰাই পেলায় ।
চিঠি লৈ বৰ্হমচৰীয়া ন - নৈ লৈ গ'ল । বাখৰ তেতিয়া ক'ৰবালৈ যাবলৈ ওলাইছে । সম্ভবতঃ বাঘচোঙলৈ । মুগাৰ পাগটোৰ শেষ খোচটো দি বাখৰ ওলাই আহিল ।
"কি হ'ল হোঁ বৰ্হমচৰীয়াকাই, বাঘ ভেটিছে বোলে ? ময়ো যাবলৈ ওলাইছোঁ ।"
"হয় ডেকাদেউ, ৰাতিতে ভেটিলে ।"
"পিচে, কি কথা ? কি বতৰা ? কিবা সকামত আহিলি হ'বলা ?"
"হয় ডেকাদেউ, আমাৰ বোপাইদেউতাই পতীয়া এডুখুৰি দিছিলে ।" এই বুলি বৰ্হমচৰীয়াই হাঁচতিৰে মেৰিয়াই অনা বিজুলী বাঁহৰ চুঙা এটা আগবঢ়াই দিলে ।
বাখৰে চুঙাটোৰ পৰা উলিয়াই চিঠিখন পঢ়িলে । চিঠি পঢ়ি যাওঁতে হোৱা ভাবান্তৰবিলাক বৰ্হমচৰীয়াৰ চকুত নপৰাকৈ নাথাকিল । প্ৰথমে বাখৰৰ মুখত সন্দেহৰ ছাঁ । তাৰ পিছত ক্ৰমে প্ৰসন্নতাৰ আভাস -- তাৰ পিচত, সদৌ শেষত বাখৰৰ মুখখন নুমাই যোৱা চাকি এটা যেন হ'ল ।
তেনেহ'লে কথাটো বৰ বেয়াকৈ সদৰি হ'ল , বাখৰে ভাবিলে । তিলটোৱেই তাল হৈ কথাটো গোটেইখন জনাজাত হ'ল । কুম্পানীৰ বঙাল চিপাহীক ফটিকা খুৱাই বশ কৰি আঢ়ৈ কুৰি ৰূপ ভাঙি তেওঁ এই হাতহিলৈটো জোগাৰ কৰিছে কোনোমতে । এতিয়া মানুহে ভাবিছে তেওঁৰ হিলৈদাৰী চিপাহী আছে । ৰজাঘৰীয়া চিপাহীৰ বাহিৰে আনৰ হাতত হিলৈ থকাটো কিমান অপৰাধ সেইটো কোনে নাজানে ? যি নিৰ্বিকাৰ ভাবে ভোগায়ে হিলৈদাৰী কথাটো লিখিছে সেইটো যেন ভাত-মাছৰ লগৰহে বস্তু । কোনোমতে সংযত হৈ বাখৰে ক'লে , " চিঠিৰ কথা বাৰু পালোঁ । মুখ জেবানে কিবা কৈছে নেকি ?"
"নাই ডেকাদেউ, মোক একো কোৱা নাই ।"
"বাৰু যা । হেৰ' তহঁত কোনো এটাই বৰ্হমচৰীয়াক তামোল এখনো দিব পৰা নাই নে ?" ভাওজোৰা আত্মীয়তাৰ সুৰত বাখৰে কথাখিনি শেষ কৰিলে ।
স্বৰূপতে চিঠিত নো কি হাতী-ঘোঁৰা আছে বৰ্হমচৰীয়াই গম নাপায় । কিন্তু কিবা এটা পাক ক'ৰবাত থকা বুলি তাৰ মনে গোন্ধালে ? সেইবোৰ বাখৰৰ টোলৰ পৰা ওলাই পোনে পোনে মিকিৰ হাটলৈ নগৈ আলি কেকুৰিতে গছৰ আঁৰত অলপ থিয় দিলে । ভাবিলে, বাখৰ হয়তো এইফালেদিয়েই আহিব । আৰু তেতিয়া হ'লে সি সৰুপানী ছুবলৈ বহাৰ ভাও জুৰিব । কিন্তু নাই, কোনো নাহিল । বহুত পৰ ৰৈও সি কাকো দেখা নাপালে । আৰু বেছি পৰ ৰ'লে সন্দেহৰ কাৰণ হ'ব পাৰে বুলি সি গছৰ আঁৰৰ পৰা ওলাল । তেনেতে দেখিলে বাখৰৰ ঘৰৰ পৰা থোলোক নামৰ লগুৱাটো ওলাই আহিছে । বৰ্হমচৰীয়া ৰ'ল থোলোক আহিলে তাৰ লগত যাব বুলি । পিচে থোলোক দেখোন বাঁহনিৰ সিপাৰৰ সৰুবাটটোৰেহে বাট লৈছে । সেইফালে নৈ পাৰ হৈ ডকমকা পায়গৈ । তাৰপৰাই পথাৰেৰে পোনালে সেয়াই সলাল ।
বৰ্হমচৰীয়াই ভাবিলে, কথা কিবা ভালকৈ পাগ লৈছে দেই । বাখৰে চাগৈ থোলোকক সলালৈ পাচিছে । কিন্তু কিয়বা । বৰ্হমচৰীয়াৰ খোজ খৰ হ'ল ।
"চিঠি দিলি ?"
"দিলোঁ বোপাদেউতা ।"
"কিবা কৈছেনে ?"
"নাই চিঠি পঢ়ি যাওঁতে মাথোন মন কৰিলোঁ মুখে বাৰে বাৰে বৰণ সলাইছে । কি বা আছিলে তাত ।" বৰ্হমচৰীয়াৰ মাতত কৌতূহল ।
"জেঠেৰি ক'ৰবালৈ গ'ল নেকি ?" ভোগায়ে সুধিলে ।
"বাঘচোঙলৈ ওলাইছিল যেন পাওঁ । পিচে, নাহিলচোন " বৰ্হমচৰীয়াই ক'লে । তাৰপিচত সৰুকৈ ক'লে , " থোলোকক পাচিছে হ'বলা । সলালৰ ফালে পোনাই যোৱা যেন পালোঁ ।"
হাঁহি আৰু উৎকণ্ঠাৰ সুৰেৰে ভোগায়ে ক'লে , " শুন ককাই, চিঠিত আছিল খেতৰ খেদোৱা কৰতি মন্ত্ৰ । সলালৰ বেজে জৰাৰ আগতেই দিহা লাগিব ।"
বৰ্হমচৰীয়াই ক'লে , " একো নুবুজিলোঁ, বোপাদেউতা ।"
ভোগায়ে ক'লে , " চাই থাকচোন । আৰু শুন , তই মানুহ দুটামান পঠাই আলেঙৰপৰা আলেখ-লেখ চাই থাকিবি । জেঠেৰি ঘৰৰ পৰা ওলায় নে নোলায় চাবি । ওলালে আগতীয়াকৈ খবৰ দিবি - মোক দিবি আনক কোৱাৰ আগতে ।"
ভোগায়ে অৱশ্যে জানে , "তেওঁৰ চিথি পাই বাখৰে আৰু বাঘচোঙলৈ নাযায় । কিন্তু সলাল গোহাঁইৰ তালৈ বা আন ক'ৰবালৈ যোৱাৰ সম্ভবনাটো তেওঁৰ মনলৈ অহা নাছিল । বাখৰ জানো এলাপেচা মানুহ । কি বা পাং পাতিছে বাখৰে ! ভোগাইৰ মনটো অশান্ত হৈ উঠিল । উকমুকনিতে দুপুৰীয়া ভাতসাজো ভালকৈ খাব নোৱাৰিলে । মনটো শান্ত কৰিবৰ বাবে তেওঁ এটা উপায় বিচাৰিলে । নমাই থোৱা কাপ-মৈলামযোৰ তামূলী পীৰাতে আছিল । হঠাৎ তেওঁৰ মনত পৰিল , গুণমালা পুথিখনৰ সাঁচিপতীয়া নকল এটা আৰম্ভ কৰিছিল সুমলাক আখৰ চিনাবলৈ । শেষ আধ্যাত পৰিছিলগৈ কাম । সুমলাক মাতি আনি তেওঁ লেখি লেখি আখৰ চিনাই যাবলৈ ধৰিলে ।
"অমৃতে নৈৰাশ । যেন বিষগ্ৰাস ।।
পাচে চাপি ধৰে । নাম নুসুমৰে ।।"
"এইটো অ, মত ঋ - কাৰ দিলোঁ চা, কি হ'ল ?
"মৃ" সুমলাই ক'লে ।
"আৰু এইটো দন্তীয়া ত । অমৃত । বুজিলি ?"
এই পৰিয়ালটোত গুণমালা পুথিখনৰ জৰিয়তেই ল'ৰা-ছোৱালী আটায়ে লেখা-পঢ়া শিকে । ছোৱালীয়েও গুণমালাখনৰ নকল এটা নিজে কৰিব পৰা বিদ্যা সকলোৰে থাকিব লাগিব । সেয়াই হ'ল শিক্ষাৰ নিম্নতম জোখকাঠী । সুমলাৰ আখৰ এতিয়াও পোনা হোৱা নাই । পিতাদেৱেকে এই নকলটো ডাঙৰ আখৰেৰে কৰি দিছে । এইটো চাই চায়েই তাই প্ৰথমে ফলিগুটি, পিচত তুলা পাতত লিখিবলৈ শিকিব ।
এইদৰে কিছু সময় গ'ল । ভোগাইৰ মনটোও অলপ শান্ত হৈ আহিল । কিন্তু এই শাৰীটো লেখোঁতে তেওঁৰ মনটো আকৌ কেনেবা কেনেবা লাগি গ'ল ।
আত্মঘাত কৰে । কৌতুকত মৰে ।
তেৱো জানো কৌতুকতে আত্মঘাত কৰিবলৈ ওলোৱা নাই ? তেওঁ সুমলাক ক'লে, "আজিলৈ হ'ব দে আই । তই বৌৱেৰৰ ওচৰত থাকগৈ ।"
সুমলা ভিতৰলৈ যোৱাৰ পিচত ভোগাই কিছুপৰ বহি থাকিল । পুথি সামৰিবলৈ গৈ দেখে আৰু মাত্ৰ ছ'শাৰী পদ আছে । এই ছ'শাৰী হ'লেই গুণমালা শেষ । নকলটো সম্পূৰ্ণ হয় । ছশাৰীৰ বাবেই কামটো আধৰুৱা কৰি থবনে ?
তামোল ক'টা লিগিৰীটোৱে খবৰ দিলে , " টিঙিৰা বেজে বান্ধনী কাটি দিলেহি ।"
বান্ধনী মন্ত্ৰ আন এটা মন্ত্ৰেৰে কাটি নিদিয়ালৈকে বাঘ মাৰিব নোৱাৰি । পুথিৰপৰা ভোগাইৰ মনটো বাঘলৈ আৰু তাৰপৰা বাখৰলৈ গৈ আকৌ ঘূৰি আহিল । আৰু অলপ বাকী আছে , ছ'শাৰী মাত্ৰ পদ । ওঁহো, নেজত বিষ এৰিব নোৱাৰি ।
তেওঁ লিখি গ'ল ঃ
কত তপসাই । নৰ তনু পাই ।
তেওঁৰ চকুত তেতিয়া জালৰ কাষৰ মানূহবোৰৰ ছবি । তেওঁ দেখিলে মানুহবোৰে বাঘটোক খুচি দিছে , বাঘটোৱে গোঁজৰ মাৰি আনফালে ৰৈছেগৈ । তেওঁ দাৰি চিনটো দি দ্বিতীয় শাৰিটো আৰম্ভ কৰে ।
চিন্তামনি প্ৰাই । হাততে হৰাই ।
আকৌ এবাৰ বাঘ , আকৌ এবাৰ বাখৰ । বাঘ লুকাইছে জোপত , বাখৰে উৎকণ্ঠাৰে ঘনাই তামোল খাইছে -- উৎকণ্ঠাৰে চাইছে থোলোক আহি পালেনে নাই । দাৰি ।
জানিয়া সম্প্ৰ্তি । কৰি থিৰমতি ।
ভোগাই শান্ত হৈ বহিল । বাঘটোৱে এচুকত বহি ফোপাইছে । বাখৰে মূৰ গুজি ভাবিছে ... দাৰি ।
অগতিৰ গতি । ভজা যদুপতি ।।
বেলি লহিয়াইছে ! মানুহবোৰে আগ্ৰহেৰে চাই আছে বাঘটোৰ ফালে । এজন দুজনকৈ মানুহ সোমাই গৈছে জালৰ ভিতৰলৈ ।
মাধৱৰ ধাম । ধৰ্ম অনুপাম ।।
ক'লামণিয়ে জাঠিডাল তুলিছে । বাখৰে এসোপা চূণে সৈতে তামোল এখন আকৌ মুখত ভৰাইছে ।
এৰি আন কাম । বোলা ৰাম ৰাম ।।
ক'লামণিয়ে বাঘটোৰ গাত খোচটো মাৰিলে । আনবোৰেও টঙনিয়াইছে । দুটামানে ক'লামণিৰ ঘৈণীয়েকৰ শ'টো চোচৰাই লৈ আহিছে ...
তামোল কটা লিগিৰা উধাতু খাই ভিতৰ সোমাল ।
"দেউতা , বাঘ পৰিল ।"
ভোগাই নুঠিল । যেন জনা খবৰ এটাকে লিগিৰাই দিলেহি । পুথিখনৰ নকল সম্পূৰ্ণ হ'ল । তেওঁ লিখিলে, 'যথা দৃষ্টং তথা লিখিতং লিখকস্য নাস্তি দোষম্ ।' তাৰ পিচত তাৰিখটো দি নাম চহী কৰিলে । তাৰ পিচত লিগিৰাক ক'লে , "চাওঁ, এঙা চোলাটো ।"
No comments:
Post a Comment