( দশম অধ্যায় )
বেচেৰা ৰতিকান্ত । ভোগাইৰ কথা শুনিয়েই সি লৰ ধৰিলে টিঙিৰা বেজৰ ঘৰ বুলি । লৰালৰিৰ ভমকত সি কাকো লগ ধৰিবও নোৱাৰিলে । বেলি কৰিলে জানোচা ভোগায়ে ডবিয়ায় । কিছুদূৰ যোৱাৰ পিচত তাৰ মনত খেলালে, যদি বাঘটোৱে ক'ৰবাত চোপ লৈ আছে । এবাৰ আগলৈ আৰু এবাৰ পিচলৈ চাই চাই সি লৰি আগবাঢ়িল । ওৰে বাটটো সি বুকুত থুৱাই থুৱাই গোসাঁইৰ নাম লৈ যাবলৈ ধৰিলে । ভয়ত তাৰ শুকান মুখৰপৰা থুকে ওলাব নোখোজে, তথাপি সি ভোৰভোৰাই গাই গ'ল ঃ
"অ' মোৰ কলীয়া গোসাঁই, অ' মোৰ নিসিংহ থানৰ নেদেখা গোসাঁই, আউনীআউটি, দক্ষিণপাট, কুৰুৱাবাহী, গৰমূৰ বেঙেনআটি, হালধিআটি আইকেইখন সত্ৰৰ আটাইকেইজন জীয়া গোসাঁই .... আজি ৰলেহে ৰোৱা ....আজি তৰিলেহে তৰা .. ৰাম ৰাম ..... ।"
বাটটো যেন শেষেই হ'ব নোখোজে । অৱশেষত টিঙিৰা বেজৰ দুৱাৰমুখত সি ফোপাই - জোপাই ৰ'লগৈ ।
ইফালে খীৰমন বৰাৰ উকি শুনি টিঙিৰাৰ খৈণীয়েকে দুৱাৰৰ ডাং যে দিলেই, চালপীৰা এখনো দুৱাৰত ভেজা দিবলৈ টানাটানি কৰি আছে । টিঙিৰা বেজে জুহালৰ কাষত টিকিৰা পুৰি বলকি আছে ঃ
"হেৰৌ বেটী, কুঁহিয়াৰ পাব ক'ত থলি অ' ? আনৰ তিৰোতাই চকলিয়াই চকলিয়াই গিৰিহঁতৰ আগত যতনাই দিয়ে, এই বেটীয়ে কুঁহিয়াৰ অকণ বিচাৰিও দিব নোৱাৰা হ'লি ।"
ঢালপীৰাখন চোঁচৰাই চোঁচৰাই ঘৈণীয়েকে ক'লে, "ইস্, বৰ গোটেই বৰুৱা নে ফুকনটো ওলালহি । ইফালে গাৱত বনৰজা ওলাইছে - এওঁৰ আকৌ কানিৰ টিকিৰা পোৰাতেই যাব ।"
ঠিক তেনেতে ৰতিকান্ত দুৱাৰমুখত । উধাতু খাই অহা ৰতিকান্তই ফোপাই ফোপাই মাতিলে, "টিঙিৰাকাই !" ঘৈণীয়েকে ভিতৰৰ পৰা ক'লে। কোন? কি হলনো ? " ৰতিকান্তৰ মুখ শুকান । সি কোনোমতে ক'লে, টিঙিৰাকাই দুৱাৰ মেলা, টিঙিৰাকাই, বনৰজা ...."
দুৱাৰখন ভিতৰৰ পৰা চালপীৰাখনেৰে হেঁচা মাৰি ঘৈণীয়েকে টিঙিৰাক কঁপা কঁপা মাতেৰে ক'লে, "অ' এতিয়াহে মৰিলোঁ । বোলে উঠাচোন উঠা । মই কৈছিলোঁ নহয় - এই বেজালি চেজালি এৰা । এতিয়া চোৱাহি .....বনৰজা নিজেই আহি ওলালহি মানুহৰ মাতকথাৰে, এতিয়াহে মৰিলোঁ, ভাল বেজৰ লগত স্ং হ'ল.... " এই বুলি তাই ৰাউচি জুৰিলে ।
"কি হ'ল হোঁ তোৰ ? কানিৰ জুতিকণ পাগ লাগি আহোঁতেই কি মৰাচিঞৰখন মাৰিছ অ' ?" টিঙিৰাই বহি থকাৰ পৰাই ক'লে ।
ঘৈণীয়েকে উধাতু খোৱাদি ক'লে, " যোৱা তোমাৰ কৰতি পুথিখন আনা । মাছাদু বাঘৰ মন্ত্ৰ আছে যদি মাতা ... মাতা ।
" কি হ'লনো ? ভালকৈ নকৱ কিয় ?"
তেনেতে বাহিৰৰ পৰা ৰতিকান্তই মাতিলে, "টিঙিৰাকাই দুৱাৰ মেলা আকৌ ! অ' টিঙিৰাকাই ।"
"সেইয়া , সেইয়া ", ঘৈণীয়েকে গিৰিয়েকক ফুচফুচাই ক'লে, " সেইয়া শুনা, বাহিৰত বনৰজা ।" এই বুলি দুৱাৰ মুখলৈ যাব খোজা টিঙিৰাৰ হাতখনত ঘৈণীয়েকে খামুচি ধৰিলে ।
"এহ ৰচোন অ' , কি হায়ৈ বিয়ৈ খন লগাইছ ? মই কথাটো তম্ভি লওঁ ।" এই বুলি টিঙিৰাই টানি মাতি দিলে, " কোন ? কোন সেয়া বাহিৰত ?"
"মই ৰতিকান্ত । বৰাগী খেলৰ । দুৱাৰখন মেলাচোন অলপ ।" ৰতিকান্তই কাতৰভাৱে ক'লে ।
" নোৱাৰোঁ মেলিব দুৱাৰ । কি লাগে তাৰেপৰা ক'ব লাগিব ।" টিঙিৰাৰ ঘৈণীয়েকে ক'লে ।
নিৰুপায় হৈ ৰতিকান্তই ক'লে, " ৰাইজে বাঘ ভেটিব খুজিছে । বান্ধনী দিব লাগে ।"
"ৰতিটোৱে হাতীটোৱে সমান । মই একো খোৱাই নাই এইতালৈকে । এতিয়া নহ'ব । ৰাতিপুৱা অহিবা, ৰাতিপুৱা অহিবা", তিঙিৰাই শেষ কথা কোৱাদি ক'লে ।
ৰতিকান্তই বাহিৰৰ পৰাই চিঞৰি ক'লে, " ভোগাই বৰুৱাই কৈছে, বোলে তেওঁ ৰাতিতে বাঘ ভেটিবই । সিফালে জাল-জুল উলিয়ালেই ।"
ভোগাই বৰুৱাৰ কথা শুনি টিঙিৰাৰ কানিৰ নিচা উৰি গ'ল ।
"হেৰৌ দুৱাৰখন নেমেল কিয় ? আহাঁ ৰতিকান্ত বোপা, আহাঁ । চাওঁ চালপীৰাখন গুচা । ঢাৰিখন ক'লৈ গ'ল ?"
ঘৈনীয়েকে চালপীৰাখন চোঁচৰাই দুৱাৰডলিৰ পৰা আঁতৰাই দুৱাৰখন মেলাৰ লগে লগেই ৰতিকান্ত কঁপি-জঁপি সোমাই আহিল । টিঙিৰাৰ ঘৈণীয়েকে চালপীৰাতে কুঁহিলাৰ কাঠ এখন পাৰি দিলে । ৰতিকান্তই পানি খুজি এবাটি ঢকঢককৈ পি খালে । টিঙিৰা বেজে হাতৰ ঠাৰেৰে ৰতিকান্তক বহিবলৈ দি মন্ত্ৰ মাতিবলৈ আৰম্ভ কৰিলে ।
বাঘ নেথাকি থকিব কোন
পুবে বান্ধো আমৈ লতা
পছিমে বান্ধো অপেচৰী সূতা
ওপৰে বান্ধো বতাহ্ৰ আগ
তলে বান্ধো বসুকী নাগ
জৰীৰৰে বান্ধো ডোলেৰে বান্ধো
দক্ষিণ ৰায় ৰজাৰ লগুণেৰে বান্ধো
হ্ৰীং ক্ৰীং নমঃ
বাসুদেবায় নমঃ !"
এইদৰে আৰু কিছুপৰ ভোৰভোৰাই বেজ পাটিত পৰিল চিত ভোলোঙা খাই । ৰতিকান্তই ভয়তে টিঙিৰাৰ ঘৈণীয়েকৰ ফালে চালে ।
" ওঁ, হ'ল" , টিঙিৰাৰ ঘৈণীয়েকে ক'লে , " সৰুবান্ধনী দিয়া হ'ল । এওঁ পাটিত পৰি থাকে মানে সিফালে বাঘে আৰু লৰচৰ কৰিব নোৱাৰে । য'ৰ বাঘ তাতে ৰ'ল । তুমি যোৱা । ৰাইজক বতৰা দিয়াগৈ বোলে সৰুবান্ধনী দিয়া হ'ল ।"
ৰতিকান্ত ভয়ে ভয়ে বাহিৰ ওলাল । সি ওলোৱাৰ ল'গে ল'গে বেজৰ ঘৈণীয়েকে দুৱাৰত ডাং দিলে । তাৰ পিচত ভিতৰৰ পৰাই চিঙৰি ক'লে, আৰু শুনা , এতিয়া তুমি মাননী একো নানিলা । পিচে বৰবান্ধনী মাতিবলৈ আহোঁতে তামোল এঅঁৰাই পাণ কেইবিৰামান চৰতীয়া এটাৰে লৈ আহিবা ।"
এইবাৰ ৰতিকান্তৰ সাহ কিছু বাঢ়িল । কাৰণ বান্ধনী দিলে বাঘে আৰু লৰচৰ কৰিব নোৱাৰে । তথাপি ইফালে-সিফালে চুচুক-চামাককৈ চাই সি ভোগাইহঁতক খবৰটো দিলেগৈ । ভোগায়ে ক'লে, "ওঁ, এতিয়া আহাহঁক । খৰখেদা কৰা ৰাইজ । জোৰ আৰিয়া নিব নেলাগে । জুই দেখিলে ৰজা কেনি ভাগে ঠিক নাই । জোন ওলাইছেই । টিঙিৰাৰ বান্ধনীত কোনেও সাৰি যাব নোৱাৰে । জুইৰ আগত মন্ত্ৰ নাফাপিবও পাৰে । বলাহক ।
কিন্তু এন্ধাৰত আগবাঢ়িবলৈকো বাটাইৰে ভয় । বেলেগ বেলেগ খেলৰ সাহিয়াল মানুহবোৰেই পলাই আহিল । ৰং চোৱা ল'ৰা - বুঢ়াৰ এই ৰাতিখন গা নুঠে । মানুহজনী নিয়া কেকুৰিটোৰ ওচৰতে এখন তৰানি । তৰানিখনকৈ কেন্দ্ৰ কৰি ওচৰৰ কুঁহিয়াৰনি আৰু পথাৰৰ এছোৱাকৈ ধৰি গাঁৱৰ আধামান জুৰি জাল দিয়া হ'ল । ভেটা সম্পুৰ্ণ হ'লত আকৌ ভোগায়ে ৰতিকান্তক ক'লে, " যা, বেজক কগৈ, জাল দিয়া হ'ল । বৰবান্ধনী দিয়কহি ।"
"এইবাৰ ৰতিকান্ত অকলে নগ'ল । লগত আৰু দুটামান ডেকা ল'ৰা লৈ নাম-গুণ গাইহে গ'ল । যাওঁতে ভোগাইৰ ঘৰৰপৰা চৰতীয়া এটাই তামোলপাণ অলপমান লৈ গ'ল ।
ইফালে গাঁৱত জোৰ আৰিয়া জ্বলিল । ইফালৰ পৰা সিফাললৈ উকিয়া উকি - ঢোলৰ ধুমধুমনি - পহৰীয়াৰ জা-জলপানৰ যোগাৰ এইবোৰেৰে ঠাইখিনি উদুলি-মুদুলি হ'বলৈ ধৰিলে । কিছুপৰৰ মূৰত বেজ অহিল । মন্ত্ৰ মাতি মাতি জালৰ কাষে কাষে ধুলি ছটিয়াই দিলে ।পিচে, আগে একুৰিমান মানুহ নগ'লে টিঙিৰা আগ নাবাঢ়ে, কয়, " বেজে ৰাখিব বাঘক, বেজক ৰাখিব কোনে?" অৱশেষত কোনোমতে জালখনৰ চাৰিওকাষে পাকটো মাৰা শেষ কৰি ক'লে, "দিছোঁ নহয় বাপেকে মায়ঙীয়া বৰবান্ধনী । এই যে ধূলিখিনি মাৰিলোঁ - ধূলিতো নহয় এয়া । যেনিবা বানৰজাই মৰা অগ্নিগড়হে, একেবাৰে কিষ্ণ গোসাঁয়ে অনিৰুধ কোঁৱৰক ৰখা কুন্দাইৰ জাল । বাঘৰ বৰ বাপেকেও চেৰাব নোৱাৰে । ঢেকীয়াপতীয়া, নাহৰফুটুকী, লতামাকৰি , হোকৰা , বনমেকুৰী যিবোৰ বাঘ আছে সকলোবোৰেই ৰ'ল, আনকি গাৰোদেশৰ মাছাদু বাঘো নোৱাৰে ওলাব । জাল ফালিলেও ধূলিয়ে আগচি ৰাখিব ।" তাৰ পিচত লাহেকৈ ক'লে , " পিচে বৰকৈ হাই-হুই নকৰিবা । ৰজা জীৱ । ৰজাক জোকোৱা বেয়া । আৰু তেওঁ পৰিলে মোলৈ বুলি বাঘতেল অকন থ'বা ।"
বেলেগ বেলেগ খেলৰ ডেকা ল'ৰামখাই ৰাতিটো খপিলে । ওচৰৰ বাৰীত কল-কুঁহিয়াৰ নোহোৱা হ'ল । লাহে লাহে পূবে ফেহুজালি দিলে । ধলপুৱাৰ লগে লগে মানুহৰ জুম বান্ধিলেহি । সকলোৱে আগ্ৰহেৰে বাট চাই আছে বাঘ ওলাব ।
"বুজিছ পিতৌ, ৰঙাবেলিটো ওলাই অহা দেখিলেই বাঘে এঙামুৰি দি সেৱা এটা কৰে । বেলিয়ে কয় বোলে হিংসা নকৰিবি । বাঘে তেতিয়া মাটি একামোৰ খায় । পিচত অৱশ্যে সি বেলিৰ আগত খোৱা শপতৰ কথা পাহৰি যায় ।"
পুৱাৰ বেলিৰ পোহৰত বাঁহনিৰ আগবোৰ সোণালী হৈ উঠিছে ।
"বেলি ওলাল, বেলি ওলাল, বাঘে উজাৰ দিব এতিয়াই ।"
কিন্তু নাই । বাঘৰ কোনো উম-ঘাম নাই ।
লাহে লাহে বেলি দুতাঁৰমান হ'লহি । বাঘৰ সাৰসুৰেই নাই ।
নাই, ৰাতি খপাহে সাৰ হ'ল । গড়গঞা বাঘৰ তলা-নলা নগঞা বেজে ক'ত ধৰিব পাৰিব । বাঘ পলাল । - মানুহে এইদৰে কোৱাকুই কৰিলে । লাহে লাহে আৰু মানুহ দুনুহ গোট খালে । নানান কথা ওলাল -
"সিবৈছা দেওশালত ভেটিছিল - মনত নাই ? পিচে দেখা গ'ল নিসিংহ থানৰ - টপা । মায়া কৰি কেনি যে ওলাই গ'ল কোনেও তৰ্কিবই নোৱাৰিলে ।"
আকৌ কথা উলিয়ালে বোলে -
"কিবা বোলেনে হেৰিয়াক অ', আজিকালি টিঙিৰা বেজৰ মন্ত্ৰ নেফাপে । এই সুতকুলীয়া মানুহজনী আনিবৰেপৰা তাৰ মন্ত্ৰৰ জাল নোহোৱা হ'ল । নাই বাঘ ৰোৱা নাই ।"
পুৱাতে ভোগেশ্বৰ আহিল খবৰ কৰিবলৈ । বাঘ নোলোৱাৰ খবৰ পাই ল'ৰা এটাক মাতি আনি ক'লে, " যাচোন সেই বেজপাতক জগাই দেগৈ । সি আজিকালি বৰ টিকিৰা পোৰাটো ওলাইছে নহয় । আজিকালি তাক বোলে কানি পাণৰহে মাননী লগা হৈছে । সি নুঠিলে বাঘে ক'ত উজাৰ দিব । যা বেগাই । আৰু -" এইবুলি তেওঁ ৰাইজৰ ফালে চাই ক'লে , " ৰাইজে এতিয়া জাল ঠেকাইহে আনিব লাগে ।"
প্ৰথমে আখিৰঙা খেলৰ ফালে জাল থেকাবলৈ কাৰবাৰ কৰিলে । কাৰণ সেইফালে তেনেই বকৰানি । ফটা ঢোল আৰু ভোৰতালৰ খমখমনি উঠিল ।
" ধৰিবাহঁক ৰাইজ " বুলি হৈ হৈ ধনি কৰি জালৰ খুটিবোৰ উভালি দুনলমান ভিতৰলৈ নি তাতে পুতি আকে তাৰিলেগৈ । গোটেই সময়খিনি ঢোল-তাল আৰু হৈ ধনিৰ শব্দ চলি থাকিল । তেনেকৈ দয়ালৰ চুকৰ ফালেও জাল ঠেলি পেলোৱা হ'ল ।
তেনেতে ফুটকনি এডৰাৰ মাজত এটা খচমচনি । জাঠি - জোং লৈ জালৰ চাৰিওফালৰ মানুহখিনি সষ্টম হ'ল । এটা দীঘল মুহূৰ্ত । ধৈৰ্যৰ বান্ধ ছিঙি যাব খোজা উত্তেজনা । তাৰ পিচত শুন গ'ল এটা গোঁজৰ । কেঁচা হালধি ৰঙৰ উজ্জ্বল কিবা এটা ফুটুকানিৰপৰা ওলাই গহীন খোজেৰে আন এটা জোপলৈ গুচি গ'ল ।
বাঘ । বাঘ ।
ৰাইজে চিঞৰি ক'লে, "চাবাহঁক ! চাবাহঁক ।"
"কানীয়া বেজটো চাগে উঠিল সিফালে", ভোগায়ে ক'লে । তাৰ পিচত গহীনাই ক'লে , " জালত পৰিল, এইবাৰ জালত পৰিল উজনীয়া বাঘ ।"
No comments:
Post a Comment