Kakadeutar har - Nabakanta Barua (9) : ককাদেউতাৰ হাড় - নবকান্ত বৰুৱা

ককাদেউতাৰ হাড়
(নৱম অধ্যায়)


কিছুদিন আগতে উজনি খণ্ডত আকাল হৈ গৈছিল; আকাশত পুবা-পশ্চিমাকৈ বৰ এটা নেজাল তৰা ওলাইছিল । কাকতী ফৰিঙে পথাৰ-সমাৰ টকলা কৰি পেলাইছিল । মানুহ মৰিছিল বহুতো । ৰূপ টকাত চাউল টেমি কিনি খাব পৰা মানুহ নো আছিল কেইজন ? মাউৰ হইজাত মৰাদি পালে পালে মানুহ মৰিছিল । মানুহবোৰে কচু-ঢেকিয়া বিচাৰি ফুৰিছিল পেটৰ কলমলনিত । তেতিয়া হয়তো হাবিয়ে - বননিয়ে মৰা বা বেমাৰী মানুহ দুই-চাৰিটা বাঘে খাইছিল । এবাৰ মানুহ খাবলৈ পালে বোলে বাঘে আৰু আন চিকাৰলৈ মন নেমেলে । মানুহৰ মঙহৰ যে কিবা এটা বেলেগ সোৱাদ আছে বুলি খেনোৱে ভাবে যদিও জনাই জানে আচল কথাটো বেলেগ । মানুহৰ দৰে সহজ চিকাৰ আৰু কিবা আছে জানো ? মানুহৰ শিং নাই, চোকা দাঁত নাই, জোঙা নখ নাই, - ম'হ এজনীয়ে যিখিনি বাধ দিব পাৰে মানুহে অকলে তাকো নোৱাৰে । অকলশৰীয়া হৈ থাকিলে মানুহৰ নিচিনা নিশকতীয়া জীৱ আৰু নাই । গতিকে মানুহখোৱা বাঘ তেনে মানুহকেই ধৰে ।

উজনিৰ ফালে সেই সময়ত নিসচয় বহুতো মানুহখোৱা বাঘ ওলাইছিল । তাৰে কোনোবা এটা বাঘে সম্ভবতঃ নামবৰ হাবি পাৰ হৈ আহি ডবকা হৈ খাগৰিজান সোমাইছিলহি । কিছুদিনৰ পৰা এই অঞ্চলত বাঘৰ উৎপাত বৰ বেছি হৈছিল । ইমান চোৰাংভাৱে বাঘটোৱে চল-ফুৰা কৰিছিল যে মানুহে বহুত দিনলৈকে কিহেনো মানুহবোৰ নিয়ে ঠাৱৰকে কৰিব পৰা নাছিল । দেও, ভূত বা চৰীয়া-পৰীয়াৰ হাততে মৰা বুলিহে ভাবিছিল । কলঙৰ ঘাটৰ পৰা হঠাৎ এদিন যেতিয়া নাৱৰীয়া এটা নাইকিয়া হ'ল, তেতিয়াহে তেজৰ চকা আৰি বালিত বাঘৰ খোজ দেখি মানুহে বাঘ বুলি জানিলে । পিচত আজি শালনাত, কাইলৈ ডকমকাত, পৰহিলৈ ব চামগুৰিত এটা দুটাকৈ মানুহ হানি হ'বলৈ ধৰিলে । টেপু বহুৱাকো বহুতে বাঘে খোৱা বুলিয়ে জানিছিল ।

নানান ফন্দি কৰিও বাঘটো কোনেও মাৰিব পৰা নাছিল । সাহ বা বুদ্ধি একোৰেই বাঘটোক সৈমান কৰিব পৰা নাছিলে মানুহে । বাঘটোক আটায়ে বুলিছিল গড়গঞা বাঘ । দুটা কাৰণত । গড়গাঁওত আকালত মৰা মানুহ খাই মানুহখোৱা হোৱা বুলি ভাবি, আৰু তাৰ তলা নলা ধৰিব নোৱাৰাৰ বাবে । বাঘটো মাৰিব বা ধৰিব নোৱাৰি পিচলৈ মানুহে তাক দেও বুলি ভাবিবলৈ আৰম্ভ কৰিলে । এবাৰ কোনোবা এজনে ক'লেহি বোলে মুঢ়ানীত বাবাজী এজন আছেহি - মান কথা নুবুজি । কিবা বিংবিং বাংবাংখন কৰে । সিয়েই ৰাতি হলে বাঘ অৱতাৰ হয় । বাৰে খেলৰ ৰাইজ গোটখাই এদিন বাবাজিক ধৰি বহি থাকোতে হোলোঙাৰে খুচি মাৰি পেলালেগৈ । কিন্তু তেতিয়াও বাঘৰ উৎপাত নকমিল । পিচত গাৰো মানুহ এটাই ক'লে বোলে বাবাজীক পুৰিহে মাৰিব লাগিছিল - বাঘ আৰু দেও দুয়োটাই জুইলৈ ভয় কৰে । এইবোৰ বোলে কিবা মাছাদু বাঘ ।

ভোগায়ে ঠিক কৰিলে , এইবাৰ বাঘটো মাৰিবই লাগিব । ইয়াৰ আগতে তেওঁ দুবাৰমান চেষ্টা কৰি চাইছিল । পিচে ইমান তপত খবৰ নোপোৱাৰ বাবে দিহা কৰে মানে বাঘৰ চিনকে নোপোৱা হয় । লৰালৰিকৈ ভিতৰৰ পৰা পাক এটা মাৰি আহি ভোগায়ে প্ৰস্তাৱ কৰিলে ৰাতিয়েই বাঘ ভেটা হওক । কাৰো উত্তৰলৈ বাট নেচাই বৰগী খেলৰ ৰতিকান্তক ক'লে , " তই টিঙিৰা বেজক খবৰ দেগৈ য। আৰু খীৰমন , তই উকিয়াই জনাই দে কথাটো গাঁৱত ।"

নিমিষতে গোটেইখন কৰ্মব্যস্ত হৈ পৰিল । ওচৰৰ পৰা দুৰলৈকে শুনা গ'ল খীৰমন বৰাৰ লেনীয়া দীঘল ৰিং - " ব ন ৰ জা ঐ - " ইখন সিখন গাঁৱৰ পৰা আৰু তেনে ৰিং শুনা গ'ল ।

ৰাতি বাঘ ভেটা সহজ কথা নহয় । তাতে মানুহখোৱা বাঘ । কিন্তু ভোগাই পিচ হুঁহকি অহা মানুহ নহয় । এজনে ভোৰভোৰালে " এনেয়ে বনৰ ৰজা বাঘ, তাতে আকৌ মানুহখোৱা, তাৰ ওপৰতে আকৌ গড়গঞা । এঃ ৰাতিখন ক'ত ভেটিব পৰা যাব ।"

ভোগায়ে খঙৰ ভাবত ক'লে, " বনৰ ৰজা যদি বনত থাকক গৈ , আমাৰ গাঁৱত কিয়?" তাৰ পিচত গহীন শান্ত ভাৱে যোগ দিলে, "পাৰোঁ নোৱাৰো চাওঁচোন বাৰু । আমাৰ টিঙিৰা বেজে বান্ধি দিলে বাঘ যাব কলৈ ? আৰু ৰাইজ, সুবিধা এৰিব নেপায় । আৰু এনেবোৰ কামত হেমাহি কৰিবও নেপায় ।"

----------------------

অষ্টম অধ্যায়                                                                                                                        দশম অধ্যায় 



No comments:

Post a Comment