সেই যে চৰাইজনী
উৰ্ধ্বমুখী,
উৰ্ধ্বমুখী,
ঠোটত এগছি শুকান ববচা বন
তাই উৰি যায় আকাশলৈ
ওখ বিৰিখত নীড় এটি সজাৰ বাসনা ।
মধ্যাহ্ন সূৰ্য্যৰ আলোকপ্ৰপাতত
উদ্ভাসিত হৈ উঠে
তাইৰ প্ৰত্যয়দীপ্ত দুখনি নিটোল ডেউকা
তাইৰ গাৰ চিকুণ পাখিবোৰ
তিৰবিৰ কৰে ,
ক্ষণে ক্ষণে
সোণালী ৰুপালী হয় ।
কিবা এক অনিৰ্বচনীয় আনন্দত
তাইৰ বুকুত উথলি উঠে
স্বপ্নময় মায়াময় সুৰৰ লহৰ,
সেই সুৰৰ লহৰত
বতাহত ধ্বনিত হয় ইমনকল্যাণ,
দূৰণিৰ আকাশত মেঘ সজল হয়
গগণপথৰ আলোকমালাত
বিচ্ছুৰিত হয় অজস্ৰ স্বৰ্ণবিন্দু
আৰু
সাৰ পায় প্ৰেমৰ দেৱতা ।
পত্ৰ পুস্প সুশোভিত
ওখ বিৰিখৰ
স্নেহময় ছায়াৰ মাজত
সেই চৰাইজনী বাঙ্ময় হৈ উঠে ,
তাইৰ কথা, তাইৰ গীতত
বিৰহ-আকুল দৰদী কবিৰ
মনোৰম কবিতাৰ ছন্দৰ হিল্লোল ,
তাই পেখম ধৰি নাচি নাচি
কাৰোবাক যেন মাতে ,
তাইৰ নাচোনত ব্যকুল হয় পুৰুষ হৃদয়
কাষ চাপি আহে
শৰবিদ্ধ আহত বিহগ ।
সৰু এটি নীড়ৰ মাজত
ৰৈ ৰৈ শিহৰি উঠা সেই চৰাইজনীৰ
আৱেগস্তনিৰ পেলব পাখিৰ উমত
আপাতকঠিন শুভ্ৰ আৱৰণৰ মাজত
ধীৰে ধীৰে সঞ্চাৰিত হয়
নতুন প্ৰাণশক্তি
সাৰ পায় এক অভিনৱ জৈৱিক সত্ত্বাই
এদিন
সেই আৱৰণ ভাঙি
বিস্ফোৰিত হয় দুটি সুকোমল আঁখি
এনেকৈয়ে
উদিত হয় এটি নতুন প্ৰজন্ম;
এনেকৈয়ে
হে মোৰ অনুভৱৰ সখী
তুমি সেই চৰাইজনী হৈ
মোৰ দেহাতীত চৈতন্যৰ
ওখ বিৰিখত
নীড় সাজি আছা ।
No comments:
Post a Comment