Poems of Hiren Bhattacharya (হীৰেন ভট্টাচাৰ্যৰ কবিতা) - ৩৫


Read more poems of Hiren bhattacharya here

এদিন শাওণ

আজি শাওণৰ বাৰ  কি তেৰ
এৰাল ছিঙি ক'লা ডাৱৰবোৰে আকাশখনত হেম্বেলিয়াই আছে
চকুপচাৰতে হুৰ্ হুৰহুৰকৈ বৰষুণ আহিব -
সোঁতে টলবল মোৰ নাৱৰ কাষেৰে
এটা ৰুপালী চিতল বাঢ়নী পানীৰ উমান লৈ সাঁতুৰি ফুৰিছে

তাৰ গায়ে-পিঠিয়ে সাতোসাগৰৰ লুণীয়া ঢৌ


সপোন অকণ

(শালিনিলৈ সাঁচি থোৱা)


জাৰ পৰক -
তোক লৈ এদিন ৰাতিপুৱাই সৌ ঘাঁহনিখনলৈ ওলাই যাম ।
শুদা ভৰিৰে কুঁৱলী তলেৰে ঘাঁহত খোজ কাঢ়ি বৰ ভাল লাগে -

আমাৰ ভৰিৰ তলুৱাত লাগি থাকিব
নিয়ৰত তিতি থকা সেউজীয়া ঘাঁহ -

এন্ধাৰে ধলফাট দিলে কুঁৱলীসনা তোৰ কোমল চুলিকিডালত
হাত বুলাই বুলাই ঘৰলৈ উভতিম ।

তোলৈ গুঁজি থোৱা নাদৰ পাৰৰ শেৱালিপুলিটোৰ
                                            এইকেইদিনতে কেবাটাও নতুন পাত ওলাইছে


সূতা ছিগা চিলাখন

(বাছাধনৰ লগবোৰৰ হাতত)

হাতবাউল দি ল'ৰাটো গ'লগৈ
সমনীয়াহঁতে দিখৌপাৰলৈকে আগুৱাই দিলে
আকাশখনত থৰ লাগই থাকিল মনমৰা গধুৰ ডাৱৰবোৰ

লাহে লাহে ওন্দোলাই থকা ডাৱৰখিনি
আকূলি-বিকুলি বতাহেৰে নামি আহিছে
এতিয়াই হুৰহুৰকৈ বৰষুণ দিব
পানীৰে ভৰি পৰিব দিখৌ-দৰিকা

নৈ দুখনৰ দৰেই জীয়াই থাকক
আমাৰ তেজৰঙী সোৱৰণ, আমাৰ ভালপোৱা



চৰাইৰ ডেউকাত বতাহ

(চেনেহৰ বাইদেউৰ হাতত মৰমেৰে )

বয়স বাঢ়োতে বাঢ়োতে আমি বুঢ়া হ'লো
সাঁকো নোহোৱা নৈখনৰ পাৰত এতিয়া আমি ৰৈ আছোঁ
সোঁৱৰণ হেৰোৱা মনে খলকনি তুলি পাৰ হৈ যাব খুজিছে
                                           বিষাদৰ ধূলি-বালি এন্ধাৰ;

বতাহত উৰি ফুৰা ল'ৰালি দিনৰ
এটা গান আজি মোৰ বৰকৈ মনত আহিছে
পাহৰোঁ বুলি জানো পাহৰিব পাৰি -

কাবৌ কৰিছো সোঁৱৰণ ! তই মোক হাতধৰি পাৰ কৰি নে নৈখন



ভোগালিৰ সপোন


জাৰকালি মেজি জুইকুৰাৰ দৰে গছপাতৰ আঁৰত লুকাই থকা চৰাইবোৰ
জাকিমাৰি ওলাই আহে বসন্তত, ময়ো তোৰ দীঘল চুলিটাৰিৰ এন্ধাৰত
                 লুকাই থাকিম ঠেটুৱে ধৰা জাৰৰ ৰাতি -

ভোগালিৰ মেজি জুইকুৰাৰ দৰে কোনোবা এটা দোকমোকালি
নিজান ঠাইত জ্বলি উঠিব মোৰ পথৰুৱা গা -
                 আকাশে-বতাহে দেও দি ফুৰিব দহোখন চোতালৰ উথল্ উঠা তেজ

চেকুৰা-চেকুৰে তেজ ...


Read more poems of Hiren bhattacharya here



No comments:

Post a Comment