Poems of Hiren Bhattacharya (হীৰেন ভট্টাচাৰ্যৰ কবিতা) - ৩৩

মোৰ এহাতে সামৰা শব্দবোৰ...

গৰখীয়াবোৰে গান গাইছে । বিৰহে দহি নিয়া শুকান মাটি
জলাহ ডাৱৰে ঢাকি ধৰিছে । আঁহতৰ তলেৰে সোঁ-সোঁৱাই বতাহ ব'লিছে ।
মোৰ এহাতে সামৰা শব্দবোৰ আন হাতেৰে আন ক'ৰবালৈ গুচি গৈছে ।
বনৰীয়া নৈখনৰ ইপাৰৰ ছাঁ গৈ সিপাৰে পৰিছে ...



অন্য অনুবাদ

এটা গান শুনাই যা ।
গান গালে তোক বৰ ভাল দেখি,
চকুৱে-মুখে তোৰ হাঁহিটো বিৰিঙে ।

মোৰ ওপজা ভাষাৰ নিনাদ
তোৰ গানত অন্য অনুবাদেৰে তীব্ৰ
প্ৰেমে উত্তাপে উজাৰ ...



ধানে যেতিয়া গেঁৰ ধৰে

তই মোক ভাল পাবলৈ শিকালি
পাতল জিভাত মোৰ লোণৰ মহঙা সোৱাদ লগালি ।

আজি কাউৰীয়ে কা-কৰাৰ আগতেই মই এইখিনি পালোহি -
চোতালত ৰ'দকণো পৰিবলৈ নৰ'লোঁ ।

গছৰ পাতেৰে কাতিৰ নিয়ৰ পৰিছে
কুৱলীয়ে নোৱনি-তোলা ধাননিখনলৈ মই চাই পঠিয়ালোঁ -
ধানে গেঁৰ ধৰিছে ...



এটা সপোনৰ এছোৱা

কালি ৰাতি মই এটা সপোন দেখিলোঁ -
মোৰ হাড়ত গ'জি উঠা ঘাঁহনিডৰা গচকি
কোনোবা এটা ক'ৰবালৈ গৈ আছে
তাৰ খোজৰ ভৰত
নিজান সেউজীয়া ঘাঁহবোৰ
আৰু নিকপ্‌কপীয়া হৈ পৰিছে

ৰ'দাই থোৱা খনীয়াখন যেন নিমজ ঘাঁহনিডৰা ...



মাটি মাতৰ ভৰাসুঁতি

মাতে-কথাই শব্দ সদায় সঁজাল । নেওচা দিলে দুখতে মৰহি পৰে ।
আমাৰ অজানিতে কিমান যে শব্দ নোহোৱা হৈ গৈছে
আইৰ চকুলৈ চালেই উমান পাবা ।
একোৰেই পূৰাব নোৱাৰি হেৰোৱা শব্দৰ ঠাই ।

আজি বেলি এপৰলৈকে মই আইৰ মুখলৈ চাই থাকিলো -
মাটিৰ মাতৰ ভৰাসূঁতিয়ে আইৰ মিচিকি ওঁঠেৰে দুৰলৈ বাট লৈছে ...




No comments:

Post a Comment