Poems of Hiren Bhattacharya(হীৰেন ভট্টাচাৰ্যৰ কবিতা) - ৩১

এটা দীঘল কবিতাৰ আৰম্ভ

এটা দীঘল কবিতাৰ আৱেগময় আৰম্ভ যেন -
মোৰ তেজত জীপ্‌ লৈছে শুকান এখন পথাৰে আৰু তাৰ চৌকাষে
                                           গ'জি উঠিছে নলৰ গজালি ...

মই তোৰ কোলাত মুৰ থৈ সপোন দেখিছোঁ -
মোৰ চোতালখনৰ চিকুণ ছাঁত চ'ৰি ফুৰিছে কোনোবা আমলখি হাবিৰ
                                           ফুটুকা-ফুটুকী হৰিণা এহাল
আৰু ৰ'দ-ধেমেলীয়া সৰিয়হনিডৰাত গুণ্‌গুণাই আছে
                                           এঠালতীয়া জীৰণীয়া এবাহ মৌ -

বতাহত নৈপৰীয়া বুঢ়া শিমলুজোপাৰ তুলাবোৰ উৰিছে ...



এটা বিহুৱা কবিতা

চ'তৰ ৰ'দে ডেই-পুৰি নিছে গোটেইখন
আঁহতৰ তলে তলে অনাই-বনাই ফুৰিছে বিহু-লগা দুপৰৰ ছাঁ -
আজি ৰাতি এই বাটেৰেই
সূত-লাহি বিহুৱান হাতৰ টিপতে লৈ বৰদৈ-সৰুদৈচিলাহঁত আহিব
                      - দুকাষে গছ-লতা সেউজীয়া সপোনৰ দুখন ডেউকা ...



এটা গান সাৰে আছে

তেজ-মুয়ে ধৰিছে মোক, এন্ধাৰ দেখিছোঁ
তই কাষতে থাকিবি, তোক পালে মোৰ সাহ বাঢ়ে ।
মোৰ ভিতৰখন তেনেই ঠুনুকা । ভাঙি পৰিছে টুকুৰাটুকুৰে, খোলাকটিৰ দৰে ।

চাওঁ, ওচৰ চাপি আহ -
তোৰ পেঁপা বলা উমাল হাতখন মই হাতৰ মুঠিত লৈ ডাঠ কৰি লওঁ মন !

চাৰিওফালে ধুমুহা-বিজুলীৰ তাণ্ডব ...



মোৰ সপোনে-শৰীৰে

গছবোৰ ঠাল-ঠেঙুলি মেলি জেতুকা পিন্ধিছে
দহো আঙুলিৰে কুঁহিপাত বুটলি দাংদোলা কৰি আনিছে বতাহে

মোৰ শব্দৰ শুকান চোতালখনত এটোপ-দুটোপকৈ বৰষুণ পৰিছে
আৰু শিৰীষতলৰ চিৰলি চিৰলি ৰ'দৰ মাজেৰে
কোনোবা হাবিতলীয়া ফুলৰ গোন্ধ উৰি আহিছে

নাৱৰীয়াহঁতে নাও মেলি দিছে দিহিঙে-দিপাঙে ...



এটা সহজ গানৰ সুৰ

আমাৰ ঢাপৰ ৰূপহী-থেকেৰাজোপাই এইবাৰ ন-কৈ ক'লি পেলাইছে
চোতালৰ মিৰিকাডালো লাওৰ আগ বঢ়া দি দিনৌ চাৰি আঙুলিকৈ বাঢ়িছে
আকাশৰ কোলাই-পিঠিয়ে ভৰি পৰিছে নতুন ডাৱৰ -

বোকা-কলঙৰ সিপাৰে কোটোহা বাঁহজোপাত লুকাই হেটুলুকা চৰাইটোৱে
আজি দুদিনে সমানে হেটুলুক্‌-হেটুলুক্‌কৈ ৰৈ-ৰৈ বিনাইছে -
তাৰ ভৰদুপৰৰ কান্দোনত সোঁৱৰণৰ অতীত কোনোবা গানৰ সুৰ
অকাই-পকাই গছৰ আগেৰে উৰি আহিছে
বতাহৰ টনা-আঁজোৰাত খহি পৰিছে ভালপোৱাৰ সেউজীয়া আঁচল !

তাহানিয়েই কলঙে সুঁতি সলাই
                           শাকে-শোকোতাৰে আন গাঁৱেৰে বাট  ল'লে ...





No comments:

Post a Comment