Poems of Hiren Bhattacharya (হীৰেন ভট্টাচাৰ্যৰ কবিতা) - ৩০

সপোনৰ বাটেৰে বতাহ ব'লিছে

বতাহত সৰিছে গছৰ হালধীয়া পাত
ক'ৰবাত বিলাপ গাইছে কোনোবাই বৰ সুৰীয়া মাতেৰে

সপোনৰ বাটেৰে
নিজমে নামি আহিছে চপৰা চপৰে কপহুৱা ডাৱৰ

পথাৰখন বৰকাপোৰ লৈ ব'হিছে গা-গধূৰ এন্ধাৰ -
শেষৰাতিলৈ বৰষুণ দিব পাৰে
                            ডাৱৰৰ বহল ডেউকা জুৰি সেমেকা বতাহ ব'লিছে ...


পথৰুৱা গোন্ধ ...

কাতিৰ শঁতা-লগা বৰষুণৰ শঁতা ভাঙিল, বতৰ এতিয়া ফৰকাল
ঠন ধৰা ধাননিডৰালৈ চাই ৰ-লাগি ৰৈ আছে সৰুদৈ -
মুখৰ মিচিকিটো তাই বৰ ধুনীয়াকৈ বিহাৰ আগেৰে ঢাকি থ'ব পাৰে

মই উমানতে তাইৰ ভৰিৰ তলেৰে বৈ যোৱা নিজৰাটোৰ
                                 আহি-গৈ থকা ৰিণিকি মাত শুনিছো -
মোৰ আঁহ-পাহ মুকলি উধান-মৰণাৰ নিকট্‌কটীয়া চোতালখনৰে
উজাই আহিছে থোৰ নৌ-মেলা ধানৰ আলসুৱা গোন্ধ


গছপুলিটো ...

পীৰি খান্দি তুলি আনিছো গছপুলিটো, যাতে শিপাই দুখ নেপায়
পানী দিছো শিপাত, পানী দিছো পাতত -
                              নোৱাই-ধুৱাই পুলিটো মাটিত আট্‌খুৱাই থৈছো
জাৰে-ঘামে টুক্‌টুক্‌ কৰে বাঢ়ি যাব গছজোপা -
                              মাটিৰ তলেৰে বাঢ়ে চালুকীয়া পুলিটোৰ শিপা ...

কলঙেৰে উজাই বালিভাত

জাৰ পৰিছে
ব'গী তিতাচঁপাজোৰাৰ পাতবোৰ এখিলা দুখিলাকৈ স'ৰিবলৈ লৈছে
কুঁৱলীয়ে চাদৰেৰে ঢাকি ধৰিছে নৈৰ পাৰৰ বুঢ়া শিমলূজোপা

আমি মতাই-তিৰোতাই ল'ৰা-ছোৱালীৰে গোটেই চুবুৰীটো
কলঙেৰে উজাই মহুৰামুখত বালিভাত খাবলৈ ওলাইছোঁ

কলং এতিয়া তেনেই তৰাং, খোজকাঢ়ি পাৰ হ'ব পাৰি
বৰফুটীয়া বালিৰে ভৰি পৰিছে কলঙৰ সাৰুৱা বুকু

নাৱৰীয়াহঁতে আমাৰ নাও গুণ টানি পাকতে নি বৰহম্‌পুত্ৰত পেলাবগৈ

নৈৰ পাৰে পাৰে গজি'উঠা নলৰ গজালি আৰু ফুটুকানিবোৰ
কুৱলীৰ মাজেৰে  কোনোবা সপোনৰ ফুলনি যেন লাগিছে
বালিয়ে পানীয়ে জিল্‌মিলাই আছে চিত্‌পখিলী ৰ'দ  -

আমাৰ নাও জিৰিজিৰি সোঁতেৰে গুণ টানি লৈ গৈ আছে ...


টোপনিৰ পাহে পাহে সাৰ পাই উঠে

ডিৰা হৰিণাটোৰ দৰে মই নিজানত নহি আছোঁ
মোৰ দুকাষে পাত-সামৰা গছ-গছনিৰ পাতলীয়া ছাঁ -
তোৰ ভুঁইৰোৱা হাত যেন খৰতকীয়া;
খন্তেকতে কোনোবাখিনি পালেগৈ ।

তোৰ জামুকী ওঁঠদুখন যেনিবা
শাওণৰ দুচপৰা ভৰপূৰ ডাৱৰ -

মোৰ সপোন-আলেঙা টোপনিৰ পাহে পাহে
সাৰ পাই উঠিছে একোডৰা সেউজীয়া ধান -
ধানৰ সৰু-বৰ পথাৰ ...



               

No comments:

Post a Comment