Poems of Hiren Bhattacharya (হীৰেন ভট্টাচাৰ্যৰ কবিতা) - ৩৮

শব্দবোৰ সলনি হৈ গৈছে



মোৰ বুকুৰ মেজত
কেইটামান পুৰনি চিনাকী শব্দ নিজানে পৰি আছে -
অভিধানৰ অৰ্থ সিঁহতৰ গাত বীন্দু বিসৰ্গও নাই,
সলনি হওঁতে নউন হৈ পৰিছে সিঁহতৰ মুখ
হেৰাই গৈছে সেই তুমি-তামা চিনাকী;

পুৰণি আঁহত জোপাৰ পাতত অনতি-অতীতৰ অকপট ছাঁ -
সলনি হৈ গৈছে শব্দবোৰ, লুপ্তপ্ৰায় শব্দবোৰ
এতিয়া এটা এটাকৈ ঘাই বাটলৈ ওলাই আহিছে

সিঁহতৰ শৰীৰ জুৰি আষাঢ়-শাওণৰ বৰষুণ ...



মাটি গোঁসানীৰ মুখ


দুপৰ গৈ গধূলি হ'ল -
আকাশটিলাৰ বাগিচাখনত এথুপি তৰাই ভুমুকিয়াইছে,
মোৰ গোঁসানী-সজা হাতৰ মাটি এতিয়াও শুকুৱা নাই,
কুৱলীয়ে ঢাকি ধৰিছে আধা-গঢ়া গোঁসানীৰ মুখ;

নিয়ৰ পৰিছে চোতালৰ ক'লা তুলসীজোপাত ...



নতুন ধানৰ গোন্ধ

(অনা-বতাহত লৰে থুৰিপাত)

গধূলি হৈ আহিল
বেলিয়ে ঠেং মেলিছে -
পথাৰ ঢাকি থকা চৰাইবোৰ
মাদৈ-মদাৰৰ আগেৰে
ঘৰমুৱা হ'ল

ধান চপাই
তয়ো চাগৈ জুৰুলি ঘামেৰে
ইমান পৰে ঘৰ পালিগৈ -

বতাহত নতুন ধানৰ গোন্ধ ...



মানুহৰ বুকুৰ ঢৌ


কথাবোৰ মোৰ খুব নিজৰকৈ ক'বৰ মন গৈছে । বৰ নিজৰকৈ,
দুগালেৰে বৈ অহা চকুপানীৰ দৰে । তৰাবছা বুকুৰ এন্ধাৰত
বগুৱা বাই ফুৰিছে বৰেগঞা এই অজান্তি শব্দবোৰ;
মই কাগজ-কলম যতনাই ল'লো, যদি এষাৰো বুটলিব পাৰোঁ;
মানুহৰ বুকুত ইমান ঢৌ, ইমান সৰ্বজনীন মানুহৰ বুকু -
শস্যবান মাটিলৈ চাই মই মূৰ  দোঁৱাই ৰ'লো ...



জোনাকী পংক্তিমালা



ওঁঠৰ পৰা গানলৈ, ফুলৰ পৰা গোন্ধলৈ
চকুলোৰ পাৰঘাটেৰে তুমি মোক লৈ গ'লা ধানৰ উমাল পথাৰখনলৈ


ভালপোৱাতকৈ সেউজীয়া আৰু একো নাই ।
তোমাৰ বুকুত হেন্দোলি আছোহি
                              পৃথিৱীৰ গোটেইখিনি সেউজীয়া ... ...


মোৰ চহা পিঠিত ৰ'দ-বৰষুণ, কলিজাত ধানৰ কঠীয়া
থিত্‌-গৰকি বিচাৰি পালো সীৰলুৰ শিৰে শিৰে বৈ যোৱা
চকুলোৰ তলসোঁতা নৈ ...


শাওণৰ বৰষুণজাকে পানীৰে ভৰাই দিছেহি মোৰ বুকুৰ পথাৰ -
                                       কুমলীয়া ধানৰ শিপাই খামুচি ধৰিছে মাটি ... ...


অ'নিঠুৰ, তোলৈ থৈ গ'লো মোৰ এই দেহ-ভোগজৰা
তোৰ মলঙা ওঁঠৰ যদি জেউতি চৰে


মোক দোতৰা সাজি বজাবা । মই বাজি উঠিম তোমাৰ হাতেৰে ।
চৌদিশে বৈ যাব গানৰ সুৰভি ।


তুমি আগবঢ়াই দিয়া তোমাৰ সেউজীয়া হাত -
                                 মই শস্যৰ প্ৰতিমা গঢ়োঁ ... ...


তুমি শস্যৰ দুচকুৰে বৈ অহা মোৰ কলং-কপিলী -
                        গধূলি বতাহত ধূলি-বালিৰ সেমেকা গোন্ধ ... ...


ধুমুহা ডাৱৰে ছউনি পাতিছে -
                তুমি আগুৰি থাকিবা মোৰ ভৰপক ৰুপহী পথাৰ ...

১০
কাঁইট যিমানে কঠুৱা ফুলৰ জেউতি সিমান চৰে
মোৰ ভালপোৱাৰ সতিনীঅঁহীয়া কোঁহে কোঁহে
জাকিমাৰি উঠে এজোলোকা তেজ

১১
মুখ-আন্ধাৰ গধূলি
পাঁজীসেৰীয়া তোৰ দহোটা আঙুলি
মোৰ পদুলিত সাঁজৰ সলিতা হৈ জ্বলিছে ...

১২
মোক লটৰলিৰ ধেমালিয়ে লগ এৰা নাই
ভৰা নৈত জাপ দি আকৌ এবাৰ পানীৰ তলি চুই আহিব খুজিছোঁ ...

১৩
বাৰিষাৰ নৈ যেন আইদেওৰ বন্ধিব নজনা চুলি -
ধ্বনিময় বতাহত অস্থিৰ গছ-গছনি, ভাষাৰ সেউজীয়া সুন্দৰ শৰীৰ ...

১৪
তই মোৰ শিৰলু ফালি গৈ থকা অবাধ লাঙল -
                                        নিয়াৰি-চিকুণ লোৰ ফাল ...

১৫
মোক সুঁৱৰি নৈৰ দাঁতিত এজোপা বাঁহ ৰুবি
নৈলৈ হালি গৈ সেউজীয়া বাহজোপাই তোক বাৰিষা-খৰালিয়ে
                                       বৈ যোৱা সোঁতৰ গান শুনাব ...

১৬
ভালপোৱা মোৰ মুঠিখোলা হাতৰ একাঁজলি বগা ধক্‌ধকীয়া আখৈ -
চাৰিওফালে সিঁচৰিত হৈ আছে ...

১৭
দুখে দহো আঙুলিৰে চকুলো টোকে -
মোৰ নিমাত হাতৰ তলুৱাত গজি'উঠিছে এজোপা গছ;
ডালে-পাতে সেউজীয়া চকুৰ ঠাৰেৰে বাঢ়ি অহা গছজোপাৰ
গোটেই গাতে বতাহ -
শিপাৰ পৰা পাতলৈকে, পাতৰ পৰা আকাশ ...

১৮
জীপাল মাটিত দ-কৈ শিপাব ধানে
মোৰ ভৰিৰ পতাৰে এটোপ-দুটোপকৈ তেজ বিৰিঙিছে ...

১৯
এডাল তাঁৰ চুলেই যেনেকৈ বাজি উঠে গোটেই বীণখন
তেনেকৈ বাজিছে মোৰ ভালপোৱাৰ বিষাদ ...

২০
তই মোৰ সোঁৱৰণ -
সপোনৰ শিতানৰ এপাহ নিজান গোলাপ,
              ৰাতিপুৱাৰ চোতালৰ ধাননি চুই অহা এচেৰেঙা ৰ'দ ...
           
২১
আকৌ খিল্‌খিলাই উঠিছে ধানবোৰ
এবেলা ৰ'দত, এবেলা বতাহত হালিছে-জালিছে -
ধান মোৰ, মৰোঁ-জীঁও তেজ-পানী-বতাহ,
গোটেই গাতে শিপাই আছে ...

২২
তই মোৰ ধানৰ সেইজীয়া পথাৰ, বোকাপানীৰ সেউজীয়া শিহৰণ ...

২৩
তোৰ বুকুৰ বাওঁকাষেই চপাই থৈছ ভালপোৱাৰ নাওখন -
পাল তৰি মেলি দে; তেজৰ ঢৌ ভাঙি জয় কৰি আহক পৃথিৱী ...

২৪
ভালপোৱা মোৰ দীঘে-বাণীয়ে সিঁচৰিত হৈ আছে পৃথিৱীৰ ইমূৰ-সিমূৰ ...

২৫
ভালপোৱা হেৰুৱাই মানুহ বৰ অকলশৰীয়া -
তই মোৰ কাষ চাপি ভালপোৱাৰ এষাৰি গান শুনাই যা,
ঘাঁহৰ দৰে সহজ সেউজীয়া ...

২৬
মোৰ সোঁভৰিয়ে উমান নেপায় বাঁওটো ভৰি কলৈ গৈ আছে
এনেকৈ গৈ গৈয়েই তোৰ কাষলৈ আকৌ উভতি অহা ;
তই মোৰ ব-ছেৰা জীৱনৰ ঢৌ-লগা গান ...

২৭
তই মোৰ পাতসৰা গছৰ থুনুক-থানাক্‌ কুহিপাত,
                                উশাহ সলাবৰ ফুৰ্‌ফুৰীয়া এছাটি বতাহ ...

২৮
থৌকি বাথৌ জীৱনৰ সোঁতে ঢৌৱাই দিয়ক
মোৰ একৌয়া বোটলা শব্দৰ কবিতা - নাহৰো নেলাগে, তগৰো নেলাগে,
আইদেৱে ব কি ফুল বিচাৰে, পাৰিজাত যে পাবলৈ নাই ...

২৯
তোৰ ফুল বোটলা হাতখন দে, সুঙি চাওঁ -
ৰাতিপুৱাৰে ফুলৰ গোন্ধ তোৰ হাতৰ তলুৱাত গধূলিলৈকে
মল্‌মলাই আছে ...

৩০
মন, মেলি দে তোৰ দুৱাৰ, শুনো সপোনৰ গান -
মোৰ হাতত কানপাতি নিজানে পৰি আছে এমুঠি ধানৰ লেছেৰি

৩১
মোৰ চহাই থোৱা পথাৰত ভুঁই-লখিমীৰ ভৰিৰ খোজ পৰিছে -
সপোনৰ ডাৱৰে কঢ়িয়াই আনিছে বৰষুণ, বাউল বতাহত
                        তিতিছে বুৰিছে ধান-জীয়ৰীৰ সেউজীয়া কেছ-বচা ৰিহাখন ...

৩২
মোৰ একাষে নৈ, একাষে পথাৰ -
কান্দোন উতলা বুকুৰ দুকাষে নৈয়ে-পথাৰে সমানে ঢৌ খেলিছে
                                কোনে আগে ঘাই চুই আহিব পাৰে ...

৩৩
ডাৱৰে গাজিছে, চাক ভাঙি বৰষুণ আহিব । দুদিনতে বাঢ়ি উঠিব নৈ-বিল ।
পথাৰখনৰ শুকান জিভাত লাগিব বাঢ়নী পানীৰ সোঁতৰ সোৱাদ ...

৩৪
কোনোবাই মোৰ বুকুখনি খন্দি চাইছে । গছ-লতাই কুঁহিপাত মেলিছে -
কলিজাৰ সাঁকোখনৰ সিমূৰে একো-কোহালি পীঁপাৰ মাতে
                                                  থৌকি-বাথৌ কৰিছে ...

৩৫
তই মোক কান্দি কন্দুৱালি
মোৰ অফলা পথাৰ তোৰ চকুলোৰ শস্যময়
তোৰ চুমাৰ তিতিকি সোৱাদ মোৰ পিছল দুখন ওঁঠত ...

৩৬
মোৰ টোপনিৰ শিতানত সাৰে আছে প্ৰাণময় শস্যবীজ
ধূলি-বালি মলিন নিসৰ্গৰ শৰীৰ-অশৰীৰে কঠিন জাগৰণ ...

৩৭
মোৰ খৰাং বুকুত গাজি গুমৰি আছে গৰ্ভৱতী শস্যমালা
ক'তো বিষাদৰ চিন নাই, তেজৰ সোঁতে-ওভটনিয়ে
উৎসৱৰ যো-জা চলিছে
মোৰ নিৰীহ হাতত শেলুৱৈ ধৰা পুৰণি বাহীঁটো ৰৈ-ৰৈ বাজিছে ...

৩৮
সোঁৱৰণ মোৰ -
আইদেউৰ পুখুৰীৰ হালি থকা নল-খাগৰি, আবেলি বতাহৰ তৎপৰ ছাঁ ...

৩৯
তই মোৰ মৰুভুমিৰ এপলক ৰামধেনু, উতলা বতাহত শস্যকণাৰ গোন্ধ ...

৪০
অ'মোৰ সুন্দৰ বন্ধুবোৰ, নিজান ওঁঠত মোৰ গুজি দি যা একোঁহা শব্দ,
এঙামুৰি দি উঠক ধানৰ পথাৰ

৪১
তোৰ লখিমী চপোৱা হাতেৰে মোকো বুটলি ল'বি
ডালেপাতে শিপাৰে গোটেই মানুহটোকে -
                                 মই গুণ্‌গুণাই থাকিম তোৰ ওঁঠ দুখনত ...
৪২
পিয়াহত মোৰ কলিজাৰ আঁত শুকাই গৈছে
তই চৰাইবাহী বতাহত ৰুমাল জোকাৰি ঠাৰে-চিয়াঁৰে বাট দেখুৱাবি ...
তই সুঁহুৰিটো মাৰি পোনেই পানী-অনা ঘাট পামগৈ

৪৩
মোৰ অসুখৰ নিজানত তই নিদানৰ আখৰময় সেউজীয়া ডালপাত;
দীপ্তিময় বন্ধুত্বৰ উমাল উপস্থিতি । অসুখ মোৰ যুৰীয়া,
দুখ-বিষাদৰ মাটি চহাই সপোনৰ মাজলৈ গুচি যায় ।
সপোন মোৰ মাঘী সৰিয়হৰ সোনৰ পথাৰ ...








No comments:

Post a Comment