Poems of Hiren bhattacharya (হীৰেন ভট্টাচাৰ্যৰ কবিতা) - ৩৯

মহুৰা-ফুৰোৱা মাত যেন শুৱলা


বাৰুদে বিস্ফোৰণে জৰ্জৰ সীমাহীন স্বদেশ মোৰ
মই ভিতৰি বিচাৰি ফুৰিছোঁ
মহুৰা-ফুৰোৱা মাত যেন শুৱলা মোৰ আইৰ মাত্ৰ উঁহ,

মোৰ গানৰ বহল চোতালখনৰ পৰা হঠাতে আঁতৰি গ'ল ৰ'দ -

নিৰাই থৈছো ঘাঁহ-বন, চেঁচুক চোতল মোৰ চৌচিৰ কৰক ৰ'দে
গ'জি উঠক অব্যৰ্থ ঔষধি শতমূল -

সোঁৱৰণ আগচি মাতৰ চৰায়ে মাতক শুশ্ৰূষাৰ এষাৰ
                                     শস্যমুখেৰে বাঢ়ি আহক দোকোলটকা জীৱন ...

ছাতি-ফুটি কৰি আছে ডাৱৰ


আকাশত গান নাই, জুই -ছাই খৰাং বতৰ -
সৰল চৰাইবোৰ গছৰ ডালত থৰ হৈ নিমাতে বহি আছে
পিয়াহত ছাতি-ফুটি কৰি থকা শুকান ডাৱৰবোৰ
পুৰণি কিতাপৰ পাতৰ দৰে উঁৱলি গৈছে
পাছবাৰীত ম'লিয়াই থকা আমকিডালৰো পাত-চোত নাই
সৰি পৰিছে মুজুৰা কলিবোৰ
                                         বতাহত বিনাইছে বিষাদ
মই যেন সৰগ পৰা মানুহটো -
সমুখত শস্যঘ্ৰাণহীন এখন পথাৰ ...


ভালপোৱাৰ কঠীয়া


চকুৰ পানীৰে বাঢ়ি আহে শিপা । ভালপোৱাৰ এমুঠি কঠীয়া । মানুহৰ
উজ্জ্বল ৰাতিপুৱ, তোক পাহৰি গ'লে মই হেৰাই যাম, হেৰাই যাব
মোৰ অজস্ৰ বৰ্ণমালা, গানৰ ক'লি, ধানৰ পথাৰ, জাৰৰ ৰ'দৰ লৰা-ধপৰা,
চ'তৰ বা-মাৰলি, ব'হাগৰ ধুমুহা -

কন্দোনৰ দৰে লাহে লাহে বতাহ বলিছে,
মোৰ দুচকুৰে বৈ আহিছে দুকুল ওপচা পানী ...



সোঁৱৰণৰ চোতালভৰা জোনাক



মোৰ সোঁৱৰণৰ চোতালভৰা ফট্‌ফটীয়া জোনাক -
এজোপা সিজোপাকৈ গছৰ তলে তলে মানুহবোৰে গান গাইছে ।
নাচে-গানে নাঙলৰ মুঠিয়ে -ফালে আটাইখনতে উভৈনদী ভালপোৱা,
বৰষুণত অজান্তি ফুলৰ ৰমক্‌জমক্‌ কতনা পাহি । গধূলি কুলিচৰাইৰ
কু-কু মাতৰ লুকাভাকু ।

নিম-আঁহতৰ ডালে-পাতে নিস্তব্ধতাৰ তীব্ৰ দুচকু ...



গছ-লতা-পাতৰ শব্দ


পৰ্বতে পৰ্বতে বগাই আহিছে নৈখন । দুকাষে
সেউজীয়া জুমখেতি । ধানৰ সৰল পাতে পাতে চকুপানীৰ
কুলুকুলু মাত । কোন কাহনিৰে সোঁৱৰণ ।
লাহী বতাহে ৰ'দৰ সতে ঢৌ খেলিছে আৰু ডাৱৰে বৰষুণে
বুটলি আনিছে গছ-লতা-পাতৰ শব্দ ।

পাত সলাই পাকৰিজোপা একেবাৰে নতুন হৈ পৰিছে
নতুন পাতৰ আঁৰত লুকাই কুলিচৰাইটোৱে বিননি জুৰি মাতিছে ...





No comments:

Post a Comment