Poems of Hiren Bhattacharya (হীৰেন ভট্টাচাৰ্যৰ কবিতা) - ৩৬

ৰ'দ বতাহৰ পঢ়াশালি


পাৰ ভাঙি দুচকুৰ লুণীয়া পুখুৰী লাহে লাহে ম'জি গৈছে
হেঁপা মেলি বাঢ়ি আহিছে মোৰ চোতালৰ দুৱৰিডৰা
তই মোৰ গছবন-ঘাঁহৰ সেউজীয়া বহল দুচকু -
আমনা ধানৰ বিশাল পথাৰখন, ৰ'দ-বতাহৰ মুকলি পঢ়াশালি

মোৰ মজি'যোৱা পুখুৰীৰ পাৰে পাৰে ভেঁট আৰু মেটেকা ফুলিছে
নৈখনৰ খৰতকীয়া সোঁতৰ পাছ লৈছে হৰিণাজাকৰ ছাঁবোৰে



মাটিৰে গঢ়া গান

(তোলৈ মনত পৰিছে)

গান সামৰি তই গুচি গ'লি
তোৰ দোতাৰাখন তেনেকৈয়ে থানবান হৈ পৰি থাকিল মজিয়াত
                                      ছিঙা তাঁৰ দুডাল
                                      দুধাৰ চকুলো
উজাই বৈ আহিছে মাটিৰ সুৰেৰে ...



চ'তফুৰা গান


বৰষুণ এজাক আহিবলৈকো ডাৱৰৰ ছাঁটোকে নাই । ধূলি - বালিৰে
আকাশখনৰ গা টাটৰি বান্ধি আছে । তই মোক উদং পথাৰখনতে
বহুৱাই থৈ কোনোবাখিনি পালিগৈ ।
শুকাই খীনাই নোহোৱা হোৱা তৰাং নৈখনৰ পাৰতে
মই সেই তেতিয়াৰে পৰা বহি আছোঁ ।
এতিয়া সাঁজ লাগিবৰে হ'ল ।

অলপ পিচতে চুচুক্-চামাক্ কৈদুটা এটা বিৰিংগুটীয়া তৰা
                                      ওলালেও ওলাব পাৰে ।

বৰষুণ আৰু কেইদিনমানলৈ নাহে ।

পিয়াহত মৰহি গৈছে আমাৰ ঘৰৰ কাষৰ আটাইবোৰ গছ-গছনি ।
তই নৈখনৰ পৰা কেই কলহমান পানী আনি গছবোৰৰ গাত দিবি ।
পানী পালে গছ আকৌ ডালে পাতে আগৰদৰে ধুনীয়া  হৈ পৰিব ।

ফিৰ্ ফিৰ্ কৈ উৰিব চ'তলগা গছৰ পাতবোৰ ।
চুবুৰীয়াই তোৰ গুণ বখানিব ।

তই বাৰু বিহুৱান বৈছ নে, মহুৰাৰ মাতকে দেখোন শুনা নাই ...



আন এটা গান


নাও মেলি নাৱৰীয়া এতিয়াও উভতি অহা নাই
তাইৰ খোঁপাৰ ফুলপাহ লেৰেলি পৰিছে, বতাহত স'ৰিছে
ফুলৰ বঁহীয়া পাহি -

কলমৌ মেটেকাৰ মাজেৰে বেলি গৈ কোনোবাখিনি পালেগৈ ।
পাতলীয়া ডাৱৰৰ তেলেৰে লাহেকৈ ভূমুকিয়াইছে জোনটোৱে,
আজি পূৰ্ণিমা ৰাতি -

নৈৰ সোঁতৰ বিপুল উৎসাহ
ঘৰমূৱা নাৱৰীয়াৰ ব'ঠাৰ চাবে চাবে এটা তীখা-মোখৰা গান উটি আহিছে ...



কোনোবা এদিন


কালিৰ ধুমুহাজাকত নৈ পাৰৰ কদমজোপাৰ ডালবোৰ ভাঙি পৰিল ।
ঘাটত বান্ধি থোৱা নাওকিখন বোকাত পোত খালে ।
ডাঁৰ-বঠাৰো চিনচাব নোহোৱা হ'ল; উটি গৈ কোনোবাখিনি পালেগৈ ।
মলিয়াই থকা মাটি-মিঠা বুঢ়া আমজোপাও শিপা উভালি ঠাইতে পৰি আছে ।

আজি আকাশখনত ডাৱৰৰ সঁচ নাই । ৰ'দজাকো পাতল ।
ব'হাগৰ কাঢ়া সোৱাদ নাই । নৈৰ ভৰা বুকুৰ আলতীয়া বোকাত
শামুক বিচাৰি কেইটামান ঘৰচীয়া হাঁহ ইফালে সিফালে চ'ৰি ফুৰিছে ।

সিঁহতৰে আগলি দীঘলী পাখিৰ খলকত
                                    কলমৌ-হেলেচৰ পাতবোৰ ল'ৰিছে চ'ৰিছে ।
ঢৌবোৰ ঘূৰি ঘূৰি পাৰলৈ আকৌ উভতি আহিছে ...



No comments:

Post a Comment