Poems of Hiren Bhattacharya (হীৰেন ভট্টাচাৰ্যৰ কবিতা) -২৮

তেনেই ঘৰুৱা

মোক বিচাৰি নয়ন আহিলে চাহ পিয়লাৰে ভিতৰতে বহুৱাবি -
মোৰ নতুন কবিতাটো মুৰ-শিতানতে আছে, পঢ়ি চাবলৈ দিবি
আৰু মোৰ মেজখন থানথিত লগাই থ'বি -
                                        এখিলা কাকতো যাতে ক'তো নেহেৰায়
কালি ৰাতি মোৰ সমূলিকে শুবলৈ নহ'ল -
এতিয়া ভালকৈ এখুমটি মাৰি
আবেলি গোটেই দহটকীয়াটো হৈ ওলাই যাম
                                        মোৰ খম্‌খমীয়া কামিজেৰে বা-বলাই যাব গধূলি বতাহে
মোৰ শোৱা কোঠাৰ দুৱাৰখন জপাই থ'বি, কোনোবা আহিলে বাহিৰতে ব'হিব
চাহ পিয়লা দিবলৈ নেপাহৰিবি, ওভতোঁতে মোৰ দেৰী হ'ব পাৰে
                                        শাওণৰ আকাশ ডাৱৰে দলদোপ হেন্দোলদপ কৰি আছে

মোৰ উপজি পুৱাৰ নৈ

আজি শাওণৰ পূৰ্ণিমা
ফেনে-ফোটোকাৰে বাঢ়ি অহা মোৰ উপজি পুৱাৰ নৈখনে
                                         পাহ-ভাঙি মেল্লি দিছে হৃদয়
কোনোবা সপোনৰ চোতালত
নৈ ডঁৰিয়ালিৰে গৈ থকা জোনটোৰ পোহৰত জিক্‌মিকাই উঠিছে
কাৰ বা আখলৰ ফুটছাই আৰু ক'ৰে বা জুহালৰ শুই পৰা জুই
                                          জাল-দহি চাদৰখনৰ দৰে জিলমিল ...
কথাৰ লাচতে কলিজাত মোৰ বিজুলী পিছলে
মানুহৰ সৰ্বতিকালৰ কান্দোনেৰে নৈ বৈ আহে

                                          বাট-পাহৰা আমাৰ জীৱনৰ আটকীয়া বাটেৰে ...

ভূঁইতলৰ গীত

তোৰ ভূই-ৰোৱা হাতৰ মুঠিত উচ্‌পিচাই আছে মোৰ ধানৰ কঠীয়া
ধানবোৰ যেতিয়া লহ্‌পহকৈ বাঢ়ি উঠিব
                                       তোৰ সেমেকা হাতেৰে নিৰাই ল'বি ধাননিডৰা -
ভাদমহীয়া ৰ'দৰ চোকত ইচাট্‌ বিচাট্‌ ধানৰ পাতে পাতে
                                        জঁপিয়াই ফুৰিব সেউজীয়া ফৰিং
ধাননি-সাবটা নৈখনৰ বোৱতী সোঁতত জিল্‌মিলাই থাকিব
                                        বাখৰ পতোৱা ৰ'দৰ এবুৰি-ছঅঁৰা ছাঁ -
তোৰ কঠীয়া-ৰোৱা হাতদুখন অলপ খৰকৈ চলা বেলি পৰিবলৈ হ'ল ...


এক চিৰকলীয়া গান


ৰাতি বৰুকৈয়ে হৈছে
সাঁজৰ শলিতাগছ এতিয়াও ট-ট কৰে জ্বলি আছে

এখিলা দুখিলাকৈ বতাহত আঁহতজোপাৰ পাত সৰিছে
এন্ধাৰেৰে গা-ঢাকি হাবিতলীয়া এবাহ মৌ ৰহঘৰা ভাঙি উৰি আহিছে

মই অকলশৰে মুকলিত থিয়-দি আছো -
এটা চিৰকলীয়া গানে মোক গুণ্‌গুণকৈ সাবটি ধৰিছে

মোলান পৰি আহিছে
বিৰহ-কাতৰ শেষৰাতিৰ তৰাটোৰ তিৰবিৰ দুচকু

শাওনৰ পথাৰত এদিন

ডেও পৰি থকা শাওনৰ আকাশখনে
                                         এতিয়া খন্তেক নিসমৰ দিছে

আজি মোৰ হাতদুখন অজানিতে কঁকালৰ তললৈ নামি গৈছে
নমি গৈ যেন নাঙলৰ মুঠি খামুচি ধৰিব -
মৰিচা পৰি থকা ফালখন নিজ-ঘামেৰে মচি
                                    চিক্‌চিকীয়া কৰি মই অজৰাই ল'লো -
খেতিবাতি মই নিশিকিলো
মাটিৰ গোন্ধত হাতৰ মুঠি মোৰ টান কট্কটীয়া হৈ অহিছে ...


No comments:

Post a Comment