কবিতাৰ অভিঘাত
শিপাডাল তলে তলে গৈ কোনোবাখিনি পালেগৈ । শিলুৱা মাটিও হেলাৰঙে
পৰ হৈ গ'ল । কিংবদন্তিৰ দুৱাৰ ঢকিয়াই এতিয়া মোৰ বুকুত ছট্ ফটাই আছে সোঁৱৰণ ।
মোৰ গাত গা থৈ মেলি দিছে ভাগৰুৱা ডেউকা ।
নৈ-বিল অন্দোলিত প্ৰকৃতি-শব্দমালাৰ কোনোবা নিজান বিছনাত
হেৰোৱা শব্দ-সুঁৱৰি অথালি-পথালিকৈ শুই আছে -
মোৰ ভিতৰে ভিতৰে বৈ থকা ভাষাৰ দ্ৰাঘিমা; ভালপোৱাৰ দেশ-দেশান্তৰ ...
গানৰ পাঁচোটা ঘৰ
তৰাৰে ভৰি পৰিছে আকাশ
এচপৰা ধূলিয়ৰি ডাৱৰে
তাৰ কামিজটো সলাই নতুন চাই এটা পিন্ধি ল'লে
আৰু বুকুৰ চিক্চিকীয়া বুতামৰ পাঁচোটা ঘৰত আঙুলি বুলাই
গুণ্গুণাই গান গাবলৈ ধৰিলে -
ঢাপৰ চতিয়নাৰ গোন্ধে গোটেই বাটটো আৱৰি ধৰিছে
এটা আধৰুৱা কবিতা
(মোৰ তুঁহ-জুই বুকুৰ সপোন : ধান দাবলৈ সৰুমাই আহিছে -হাতৰ লাচতে চপাই যাবহি দুখনকৈ পথাৰৰ ধান)
এইবাৰ ধানৰ বিয়ন নহ'ল । শোকে খুন্দা মাৰি ধৰে । বতাহে
ৰি-ৰিয়াই থকা নাই ধাননিৰ সেমেকা বুকু । আঁঠুৱনি নৈখনো
আমনি-জিমনিকৈ পৰি আছে । কল্কলনি নাই । জাৰৰ চৰাইজাক
পথাৰমুৱা নহ'ল ।
ভালপোৱাৰ সাঁকোখন জুৰি ধানৰ পথাৰে বিনাইছে -
উজাই অহা নাই পকাধানৰ গোন্ধ, অঘৰী বতাহে এবাৰো
চুইয়েই নেচালে ধানৰ সেউজীয়া ওঁঠ, জঁয় পৰি আছে ধানবোৰ ...
ডাৱৰে ঢকা তৰাবোৰ
লাহে লাহে চাৰিওফালে এন্ধাৰ হৈ আহিছে -
বতাহত এপাহ দুপাহকৈ স'ৰি পৰিছে গানৰ পাহি,
গান মোৰ প্ৰিয় পৃথিৱীৰ সুৰীয়া উপহাৰ;
আজি হঠাৎ আলহী হৈ ওলোৱা এচমকা ডাৱৰে
অলীক হাতেৰে ঢাকি ধৰিছে
তৰাবচা এবুকু আকাশ; বাঘৰ চকুৰ দৰে তৰাবোৰ ...
কলিজাৰ এডৰা সেউজীয়া
আজি কেইদিনমানৰ পৰা কুৱলী পৰিবলৈ লৈছে । কাতিমহীয়া বতৰ -
ৰাতিপুৱা বেলিটোৰ ওলাওঁতেও দেৰি আৰু উভতি যাবলৈকো তৎ নাইকিয়া,
গধূলিয়ে আসৈ পোৱা হাতে মুচি দিছে বেলিৰ সোনোৱালী মুখ !
এন্ধাৰত গা-উদঙাই তৰাবোৰ জ্বলিছে
সোঁৱৰণৰ তলে তলে বাঢ়ি আহিছে মোৰ ধানবোৰ -
সজাই-পৰাই থোৱা কলিজাৰ এডৰা সেউজীয়া
আঁঠুমুৰীয়া ধানৰ আঁৰত চৰাইৰ মাতৰ দৰে কাৰোবাৰ কান্দোন শুনিছোঁ -
জাৰৰ ৰ'দত উঠোতে বহোঁতে ধানবোৰ মোৰ পোৱাঁতী হ'ব ...
No comments:
Post a Comment