Poems of Hiren Bhattacharya(হীৰেন ভট্টাচাৰ্যৰ কবিতা) -২৭

আমি শুনা সেই গানবোৰ

আমি শুনা সেই আটাইবোৰ গান অবাটেৰে গুচি যোৱা নাই
অবেলা এন্ধাৰৰ মৰ্মতলত শুনো কোনোবা দীপ্ত দুপৰৰ বৃন্দাবনী সাৰং
                                             অতল-চেতন সোঁৱৰণৰ দল্‌দলীয়া অঙঠা -
শস্য-মাটিৰ সন্তান, তোমাৰ আমাৰ প্ৰতীক প্ৰবণ ঐক্যতানে
নিঃশব্দ নিৰ্জনে মেলি দিয়ে ঘ্ৰাণ-আঘ্ৰাণৰ আচৰিত শাখা-প্ৰশাখা ...


ভালপোৱাৰ এসুঁতি

উজাই আহিছে কেতেকীজোপাৰ কাঁইটীয়া বুকুত
                     খু-দুৱাই থকা ফুলপাহৰ সাঁচতীয়া গোন্ধ
ভৰদুপুৰীয়া চ'তৰ এই ৰিঙা পথাৰখনেৰে
                     কোনোবা দুৰণিবটীয়াই ঢোল বাই খলকনি তুলিছে বতাহত,
তোলৈ বৰকৈ মনত পৰিছে সৰুমাই,
পাঁজিকটা সুতাৰ দৰে ত্ৰ কথাই গুণ্‌গুণকৈ মনলৈ আহি আছে
                                                                             সেই দুপৰৰে পৰা,
দিলীহ-দৰিকাৰ নিছিগাধাৰে বৈ যাওক
আমাৰ ভালপোৱাৰ এসুঁতি জীয়াই থাকো মানে ...

শিপা

মোৰ চাৰিওফালে শিপা
                         গাৰ পৰা মাটিলৈ ঢৌ খেলি নামি গৈছে
মই খোপনি পুতি ৰৈ আছোঁ গছৰ দৰে
ধুমুহা-ডাৱৰে থকা-সৰকা কৰা মোৰ তেজৰ মাজেৰে থিয় দঙা দি উঠিছে
                         ভৰ দুপৰৰ নিজান সেউজীয়া -
ছাঁৰ দৰে মই গৈ আছো অকলশৰে
বাউলি বতাহত গছৰ কুমলীয়া পাতবোৰে লাহেকৈ মেলি দিছে
                        সিঁহতৰ পাখি-লগা হাবিয়লি ডেউকা ...


পানীয়ে মৰা মন-মাটি

বানে উটুৱাই নিলে গাওঁভূই, মানুহ-দুনুহ,
বালিয়ে বোকাই পুতি পেলালে পথাৰ সমাৰ,
অথাই পানীৰে উজাই অহা
বাৰেমিহলি মাছপুঠিৰ লয়লাস চাওঁতা কেনিও কোনো নাই -
গাওঁবোৰ তেনেই নিমাওমাও,
নাই যি নাই উৰাল ঢেঁকীৰ চাব এটাকে নুশুনি, কেউফালে পানী,
ক'ৰবাত অকনমান শুকনিমুৱা, ক'ৰবাত ডোঙা বান্ধি আছে একঁকাল,

ঘৰৰ পদূলিলৈকে উৰি আহিছেহ বৰমোহা কাপোৰৰ মলঙা গোন্ধ,
পষেকটো যাবৰে হ'ল
ৰ'দে আজিও দেখুওৱা নাই এধানি মুখ,
চালে-বেৰে পিৰালিৰ চুকে কোণে মেলি দিয়া তুলি তলিচাৰে
বৈ আহিছে খাল-বিলৰ মদৰুৱা পানী, নৰীয়াৰ চকুলোৰ দৰে শেঁতা ...


মই বাটকুৰি বাই গুচি যাম
(দ পথাৰৰ শিয়া আমাক সমিধান দিয়া)

তোৰ চকুলোৰ জীপাল মাটিত মই হাত দি উদং কৰি কঠীয়া পাৰিছো
আকৌ জুমেৰে আহিছে চপৰাচপৰে ডাৱৰবোৰ -
ঠন ধৰি দুপতীয়া আশা মোৰ বতাহৰ ঢালে ঢালে দেও দি নাচিছে

তোৰ হাতৰ টিপতে মোৰ ৰ'দ-বতাহৰ দ-পথাৰে শিয়া মেলিছে -
তোৰ হাঁহি বিৰিঙা ওঁঠৰ সেউজীয়া সমিধান লৈ মই বাটকুৰি বাই গুচি যাম
জুই-আঙনি যেন খৰাং বাটেৰে ...










No comments:

Post a Comment