Poems of Hiren Bhattacharya (হীৰেন ভট্টাচাৰ্যৰ কবিতা) - ৩২

মোক নাঙলৰ ফাল কৰি গঢ়ি ল

মওক নাঙলৰ ফাল কৰি গঢ়ি ল,
খেতিবাতি ভৰপক শাওনৰ এই দিনকেইটা মই গাঁৱৰ পথাৰখনতে
                                         দিনৰ দিনটো বোকা-পানীৰ লগতে থাকিম -
ভুঁই ৰোৱই ভুঁই ৰুব আৰু মই হাল বাম ।

বেলি পৰিলেই পথৰুৱা পানীৰে ৰোৱণীহঁতে হাত-ভৰি পখালিব -
মই নাঙলখন ওভোটাই কান্ধত তুলি দীঘল দীঘল খোজেৰে
ঘৰলৈ বাট ল'ম ।

ৰাতি টোপনিত উক্‌ দিব সপোনে ...



ৰাতিপুৱা

এন্ধাৰি পুৱাতেই আজি সাৰ পালো
এটোপ বৰষুণেৰে আকাশখন বাহী-মুখ ধুই আঁতাইছে
বেলি ওলাবলৈ এতিয়াও বহু পৰ আছে -

মই পাকতে নৈৰ পাৰলৈ ওলাই গ'লো
নৈখনৰ দুপাৰে লহ্‌পহ্‌কৈ বাঢ়িছে নলৰ গজালি -
দীঘল দীঘল ঘাঁহে ঢাকি ধৰিছে আলিকাষৰীয়া পথাৰখন

এই কেইদিন ৰাতি বৰষুণ দি আছে
নৈৰ থিয়গৰাটোৰ আঁৰ লৈ এবাহ ডাউক মোৰ চাৰিওফালে
পিট্‌পিটাই ফুৰিছে

সেউজীয়া গছ-লতাই সিঁহতক আৱৰি ধৰিছে ...



ৰাতি

এতিয়া মোৰ টোপনি আহিছে খুজিছে
অথনিৰে পৰা ইকাটি -সিকাটি কৰি বিছনাখনতে পৰি আছোঁ
ৰাতি আৰু এন্ধাৰ হ'লে
শিতানৰ খিৰিকীখন মই লাহেকৈ খুলি দিম -

হাস্নাহানাজোপাৰ সিপাৰে
জিক্‌মিকাই উঠিব এন্ধাৰ ৰাতিৰ তৰাৰ মৰ্মভেদী স্তব্ধতা -

মোৰ দুৰ্বল-মেধাৰ বুকুত খন্তেকীয়া ফুলৰ গোন্ধে
সজীৱ পাহি মেলি দিব ...


ভুঁইৰোৱা

এচিপ-দুচিপকৈ বৰষুণ চিপিয়াই আছে
তোৰ ভুঁইৰোৱা হাত-ভৰি আৰু কলাফুল দুটাত ছিটিকি পৰিছে
                                 বোকাৰে লেও লোৱা ৰ'দ -
চকু পচাৰতে বাঢ়ি আহিব এই ধানবোৰ -
আবেলি বতাহৰ ৰি-ৰিয়নিত
                                 ধানে মেলি দিব গা-চিকুণ সেউজীয়া দীপ্‌লিপ আগ

আৰু দুটা মথোঁ টান ৰ'দ লাগে
ডাৱৰ ভাঙি অহা ৰ'দৰ তাপত পুৰঠ হ'ব গাখীৰতী ধান

ৰোৱণী-শুৱনি মোৰ সৌ দ-বাম পথাৰৰ ধাননিডৰা ...



ধান হ'লে গান

চকুৰ পানীও প্ৰাণৰ ইংগিত, শুকান ডাৱৰ গৰজি নামিছে বৰষুণ ।
চপৰা চপৰে চহোৱা মাটি শস্যৰ সুগভীৰ স্পৰ্শত উতলা ।
প্ৰতিদিনৰ সূৰ্যটোৰ দৰে তীব্ৰ মোৰ মাটি-পানীৰ পংক্তি-পয়াৰ ।
মোৰ ঘামভৰা গানৰ সুৰেৰে উজাই আহিছে কবিতাৰ নিজান গৰিমা -
ধান হ'লে গান, ধান হ'লে গান ...





No comments:

Post a Comment