Poems of Hiren Bhattacharya (হীৰেন ভট্টাচাৰ্যৰ কবিতা) - ৩৪

যদি মনত পৰে

(তই মোৰ নিজান শস্য, মাটি বুকুৰ তেজ-গোৰা গান)

লাগিলে মোলৈ মনত পেলাই হুমুনিয়া এটাকে কাঢ়িবি
গছ-লতাই মনেজানি সলাই যাব পুৰণ পাত
নৈলৈ আহিব নতুন পানীৰ ধল -

ধানে-পতানে বলীয়ান মোৰ সিঁচৰতি তেজৰ আখৰ -
অনুকাৰ অনুৰূপেৰে যেতিয়া জীৱন ...


বিহু বিনন্দীয়া

সঁচলৈ থোৱা মোৰ সোঁৱৰণমুঠিত পাহৰা পথাৰৰ বতাহ লাগিছে
কুলাই-পাচিয়ে নধৰা ডাৱৰে গোমোঠা আকাশ -
আমাৰ লগৰে একেটা বাটেৰে একানপতীয়াকৈ এখন নৈ বৈ আছে -
ঘোলাপানীত সাঁতুৰি-নাদুৰি ফুৰিছে বিহু বিনন্দীয়া দিন ...


তিনিশৰীয়া কবিতা এটা

ধানৰ শীহে মূৰ দোৱাই থকা পথাৰখনৰ কাষতে মই ৰৈ আছোঁ
কাচিয়ালি ৰ'দত ধাননিডৰাই উদঙাই দিছে তেল-পিচল জিক্‌মিক্ গা -
ৰ'দে বতাহে চাৰিওফালে বিয়পি পৰিছে ল-নি ধানৰ গান ...


শস্যমুখৰ ভাষা

(কবিতাই খেৰ-কুটাডালো বোটলে ... )

মই মাটি চুই আছোঁচ ঘাঁহবনৰ সেউজীয়া -
তোৰ মেধাৱী পাঠে এই শুকান মাটিকণ শস্যময় কৰক

শস্যমুখৰ ভাষা-ভংগিৰে মোৰ দুচকু গধুৰ হৈ আহিছে -
তোৰ সোৱাদ-লগা ওঁঠৰ এটা চুমাৰে মচি দে মোৰ বৈ অহা এবুকু তেজ

পথাৰ ঢাকি পৰিছে চৌফলীয়া ৰ'দ -
তই মোৰ আঁহতজোপাৰ ছাঁ, পাতে পাতে বতাহ ...



ধল ভাঙি আহিছে


মোৰ শৰীৰ জুৰি ব্যকুলতা, গছ গছনিৰ সেউজীয়া -
কঠীয়ালৈ থোৱা ধানমুঠি হাততে সেমেকিছে
                                              ছটিয়াই দিলে শিপা মেলিব;

পথাৰখনলৈ নতুন পানী অহাৰ শব্দ শুনিছোঁ, ধল ভাঙি আহিছে
ধল ভাঙি আহিছে শস্যমুখৰ দিন ...

মোৰ তেজত বোকা মাটিৰ আলতীয়া গোন্ধ, হালি পৰিছে ধানৰ কঠীয়া ...



No comments:

Post a Comment