Songs of Bishnu Prasad Rabha - (বিষ্ণুপ্ৰসাদ ৰাভাৰ গীত)

মহান শিল্পী কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা অসমীয়া সাহিত্যক উপহাৰ দি গৈছে বহু সোণসেৰীয়া গীত । তাৰেই কিছু গীত ইয়াতে প্ৰস্তুত কৰা হ'ল ।

১) মোৰ কবিতাৰ ছন্দ লাগি
২) পৰজনমৰ শুভ লগনত
৩) লগন উকলি গ'ল
৪) নাহৰ ফুলে নুশুৱায়
৫) কিবা যেন নাই আজি নাই
৬) শুনা সেই গান
৭) উলাহেৰে নাচি বাগি
৮) ব'ল ব'ল ব'ল কৃষক শক্তি দল
৯) সুৰেৰে দেউলেৰে ৰুপৰে শিকলি
১০) বিশ্বৰ ছন্দে ছন্দে
১১) আজি মন্দিৰ দুৱাৰ খোলা
১২) স্বাধীন চিতীয়া হালোৱা ডেকা ৰণুৱা
১৩) হে বিপ্লৱী বীৰ অধিনায়ক হে
১৪) মোৰ জীৱনৰ আকাশতে ইন্দ্ৰধনু গঢ়িম
১৫) অ' পুজাৰী আদৰি দিলো এই বৰণ শৰাই
১৬) আজলী ছোৱালী নানা ফুল তুলি
১৭) বিলতে হালিছে ধুনীয়া পদুমী


-------------------------
মোৰ কবিতাৰ ছন্দ লাগি
স্পন্দন তোৰ জাগে নে?
কথা মালিকাৰ গন্ধ লাগি
সোণৰ সপোন ভাগে নে ?
নাচে তৰা ছন্দে ছন্দে
বিশ্বভৰা মহানন্দে
সেই  উলহতে হৰষ লাগি
হিয়াত নাচোন উঠে নে?
ৰন্ধ্ৰে ৰন্ধ্ৰে তুলি সুৰ
বাজে মন বাঁহী মোৰ
সেই সুৰতেই শাঁত কৰি লৈ
পৰিবনে হিয়া জুৰ !
ছেৱে ছেৱে ফুলে ফুল
গোন্ধতে আমোল মোল
সেই ছেৱতে পুলক জগাই
এবাৰ হিয়াই নাচে নে ?

---------------------------


পৰজনমৰ শুভ লগনত
যদিহে আমাৰ হয় দেখা ।
পুৰাবানে প্ৰিয়ে এই জনমৰ
মোৰ হিয়াৰ অপূৰ্ণ আশা ?
এই জনমৰ কুসুম মালা
যতনে তুমি গাথি ৰাখিলা
কাহানিও তুমি নিপিন্ধালা ।
শূন্য মোৰ বুকু হ’ল জে উকা ।
এই জীৱনৰ আউসী ৰাতি
চকুলো টুকি যায় জে কাটি
কাহানিও সুখৰ ৰুপহী জোনাই
হৃদয়তে জিলিকনি নিবিলায় ।
এই জীৱনৰ গোপন কথা
গুপুতে থকি দিয়ে যে ব্যথা
কহানিও তুমি নেদেখিলা
শোকৰে ছবিটি হিয়াতে অঁকা ।


------------------

লগন উকলি গ’ল
তেও যে নহ’ল কোৱা,
মনৰ কথাটি মোৰ
হিয়াৰ গুপুতে থোৱা ।
কিমান হেঙুলি উষা
কিমান জোনালি নিশা
মিছাতেই গ’ল মোৰ
কিমান গধূলি পুৱা
মলয়াই কাণে কাণে
মনৰ বাতৰি আনে
নিখিলৰ সুৰে সুৰে
হিয়ায়ো গান জুৰে ।
শুনিছনে সেই সুৰ
পৰাণ উতলা মোৰ
হৃদয়ৰ গোৱা গান
‘ভালপোৱা ভালপোৱা’ ।।


----------------------


নাহৰ ফুলে নুশুৱায়
তগৰ ফুলে শুৱাব ।
তগৰ ফুলে নুশুৱায়
কপউ ফুলে শুৱাব ।
কপউ ফুলে নুশুৱায়
(যদি) ঘিলা খোপাতে তোৰ,
হিয়া ফুল পাৰি দিম
(গুজি) খোপাতে তোৰ,
মহাযানৰ সি৬চি আনিম
সাত মানিকৰ ধন
মেঘৰ বুকু ফালি চিঙিম
বিজুলী ফুল শুৱণ;
মাণিক ফুলে নুশুৱায়
(যদি) সাতসৰীতে তোৰ
(হিয়া) ফালি উলিয়াই পিন্ধাম
তেজাল পোৱালমণি মোৰ ।


---------------------------


কিবা যেন নাই আজি নাই
আছে হুমুনিয়াহ হতাশ হিয়াৰ
কৰুণ বিননি ‘হায় হায়’ ||
মেলিলি ধুমুহা তাইৰ ক’লা চুলিটাৰ
লুকুৱাই তৰা জোন কৰে যে এন্ধাৰ ।
ক’তেনো বা অকৰুণ সেই কৰাগাৰ,
য’ত মোৰ প্ৰিয়া আছে মোৰ হিয়াত নাই?
গৰজি ডাৱৰ তুলি বিজুলী নিচান,
দিয়ে শাওনৰ বাৰিষাৰ সমিধান,
ঘনে ঘনে কঁপে বাৰিষাৰ সমিধান,
ঘনে ঘনে কঁপে মোৰ চকিত পৰাণ
লগে লগে হয় মোৰ জীৱন বিষাণ ।
বাহিৰত বৰষুণ পৰে ধাৰাষাৰ
দুগালেদি বয় মোৰ চকুলো দুধাৰ
উচাটন কৰে মোৰ মন যে এষাৰ,
‘মোৰ প্ৰিয়া নাই! মোৰ প্ৰিয়া নাই |’


-----------------------


শুনা সেই গান
তোমাৰ হিয়াত যাৰ সুৰ
ঘুমটিত সপোন বিভোৰ
আজি জাগিব সেই সুৰ
শুনি গান ।

যি সুৰৰ মধু পৰশত
আখি মুদ খায় আৱশত
হিয়া বান্ধ খায় প্ৰনয়ত
প্ৰেম ৰসে ধুই আকুল পৰাণ ||
যি সুৰৰ মোহিনী গুণত
আহিব সৰগ সপোনত
নাচিব বহাগী তালে তালে
বুলাব ৰঙা জেতুকা ৰোল ।
জোনায়ে বিলাব নিৰ্মলা
দুয়োৰে শিৰত দিব ঢালি
মেলিব প্ৰণয় শিকলি
আজি কান্দিব দুয়োকে সুৰ গান ||


-----------------------


উলাহেৰে নাচি বাগি
হ’লি বিয়াকুল
তালে তালে হালি জালি
কৰিলি আকুল ।
গালতে তই বোলোৱালি
সেন্দুৰীয়া বোল
কাণতে তই আঁৰি ল’লি
সোণোৱালি দুল
খোপাতে তই গুজি ল’লি
ৰুপৰ কপৌ ফুল
ছেঁৱে ছেঁৱে হালি জালি
কৰিলি আকুল
কৰিলি বিভোল ||


---------------------


ব’ল ব’ল ব’ল ব’ল
কৃষক শক্তি দল |
অ’ সমনীয়া
আগবঢ়ি যাওঁ ব’ল |
জাগ্ জাগ্ জাগ্ জাগ্
মজদুৰ নজোৱান |
নিৰ্যাতিত নিপীড়িত
কৃষক শক্তিমান |
তোৰ বাহুতে আছে লুকাই
অসীম শক্তি বল |
ৰণৰ শিঙা বাজে শুন ঐ
আগবাঢ়ি যাওঁ ব’ল |
কিহৰনো ভয় আছে অভয়
বাণী দেৱতাৰ
শতৰু সউ ছৌপাশে ৰয়
ধনী জমিদাৰ
সুঁহে কলিজাৰ ৰঙা তেজ
প্ৰজা দুখীয়াৰ |
ধ্বংস কৰ্ ধ্বংস কৰ্
ধনীৰ অহংকাৰ
দয়া মায়া নকৰিবি
ক্ষমাৰ দিন যে গ’ল
হাল, কোৰ, দা, হাতুৰী লৈ
ৰণলৈ যাওঁ ব’ল ||
তই খুৱায় বিশ্ববাসীক
মাটি ফালি ধান
তই যোগাৱ ধনী শ্ৰেণীক
অস্ত্ৰ শক্তিমান
কাৰখানা কল তোৰেই সৃজন
পথাৰ সুবহল |
নাঙল, কাঁচি, হাতুৰী দাৰ
যাদুকৰী ফল ।


-----------------


‘সুৰৰে দেউলেৰে
ৰুপৰে শিকলি
ভাঙি দিলি খুলি
দুৱাৰ সোণোৱালী
পুজাৰী অ’
সুন্দৰ পুজাৰী |
যাউতি যুগীয়া
বৰগীত অমিয়া
বনগীত সুৰীয়া
গোৱা অসমীয়া
প্ৰাণ মন ভৰি !
-পুজাৰী অ’
সুন্দৰ পুজাৰী |’
তোৰ পৰশতে
প্ৰাণৰে হৰিষে
তিয়াগি সুপুতি
পায় ঐ মুকুতি
ৰাগৰে মূৰতি
উটি ভাহহি ফুৰে উৰি
‘পুজাৰী অ’
সুন্দৰ পুজাৰী |’

‘থাপনা থাপিলি
প্ৰতিমা বহালি
পূজাও কৰিলি
সুৰৰে মূৰতি গঢ়ি
পুজাৰী অ’
সুন্দৰ পুজাৰী |’

শংখ বজোৱা
বৰকাঁহ বজোৱা
আৰতি লগোৱা
বন্তি জ্বলোৱা
অতি উলাহেৰে
আদৰি |
‘পূজাৰী অ’
সুন্দৰ পুজাৰী


----------------


বিশ্বৰ ছন্দে ছন্দে
ছন্দে ছন্দে মহানন্দে
আনন্দে নাচা
নাচা তমোহৰ দেউ |
নাচা !

বন্দে বন্দে
আজি সৱ
ভকত বৃন্দে
তব চৰণ কমল
বন্দে |

জ্বলোৱা সান্নিক
তপো-হোম-বহ্নি
বিনাশক এন্ধাৰ
তব জয়ী অগ্নি
বিশ্বৰ দেউলত
জ্ঞানৰ বন্তিৰ
আলোকৰ শিখা
উঠক নাচি

অজ্ঞান এন্ধাৰ
বিনাশি
পুলকানন্দে !
নাচোনৰ তালে তালে পুষ্পিত বননি
ছেৱে ছেৱে হালে জ্বালে বিকশিত ফুলনি
আমোল মোলে কৰে শুৱনি ধৰণী
পুষ্পিত সুবাসিত গন্ধে |


-------------------------


(আজি ) মন্দিৰ দুৱাৰ খোলা !
বহে মিলনৰ উৎসৱ মেলা !
শুনো মংগল আৰতি গান
নাচি উঠে ভকতৰে প্ৰাণ |
অ’ তোৰ হ’ল যে পুজাৰে বেলা |
মন্দিৰ দুৱাৰ খোলা |
স্বাগত নৱাগত অতিথি
হিয়াত ফুলাম আসন থৈছোঁ পাতি
পুষ্পিত মন্দিৰ কানন বীথি |
ফুলনিৰ তল সৰা
তুলি ফুল মনোহৰা
গাথিলোঁ উলাহে মালা
অ’ তোৰ হ’ল যে পুজাৰে বেলা
মন্দিৰ দুৱাৰ খোলা |


-------------------------


স্বাধীন চিতীয়া হালোৱা ডেকা ৰণুৱা |
পঞ্চায়েতী যুগৰ ন মনৰে মনুৱা
যুঁজিব সমৰত লগৰীয়া বনুৱা !!
চিনি লচোন কোন শতৰু লুকাই আঁৰত তোৰ,
ভাঙ ৰঘুমলা তেজপিয়া কুবেৰৰ মূৰ, -
জীৱন ভৰি নপৰিব তোৰ দুখৰে ওৰ
যিমানদিন বাচি থাকিব ধনৰ খকুৱা !!
বাৰে বাৰে জাতিৰ নামত চুৰি ডকাইতিৰ খেল ; -
বজ্জতৰ দল পাতে নানা জালিয়াতী মেল |
আগবাঢ়ি ব’ল ভাঙি চিঙি জুলুম বাজীৰ জাল ; -
নকৰিবি ভয় ; ব’ল হই শোষণবাদীৰ কাল ; -
নতুন যুগৰ, নতুন ভাৱৰ, নতুন ৰণৰ মাল !
আগুৱাই যা আগবাঢ়ি ব’ল আগবাঢ় দুখীয়া !! …


----------------------


হে’ বিপ্লৱী বীৰ অধিনায়ক হে’
দিয়া অগ্নিবাণী বিপ্লৱৰ
ভাঙা বন্দিশাল কোটি কালৰ
মুক্তি হওঁক নিৰ্যাতিতৰ |
তৱ দীপ্ত অনুৰাগে
নিদ্ৰা অচম্বিতে জাগে
জাগে জাগে
জাগে নিপীড়িত দল জগতৰ ||
তব শুভ আগমনে জ্বলে
ৰক্ত ভানু নৱ তালে
দোলে উৰি দোলে
ৰাঙলী পতাকা পীড়িতৰ
দলিতৰ |


----------------

মোৰ জীৱনৰ আকাশতে
ইন্দ্ৰধনু গঢ়িম |
সাত ৰঙেৰে মীনা কৰাই
মৰমেৰে তৰিম |
কিন্কিনীয়া চকুলোৰে
হুমুনিয়াহ ভাপকণেৰে |
প্ৰণয় সূৰুয দেৱতাৰে
জিলিকণি সানিম |
মেদুৰ মেঘৰ মাদল কোবাই
গগন গগনা আলফুলে বাই |
বিজুলী নটীৰ নাচোনটি চাই
দেও দি দেও দি নাচিম ||



-----------------------


অ’ পুজাৰী – আদৰি
দিলো এই বৰণ শৰাই
পুজাৰী দিলো এই বৰণ শৰাই |
বিয়পি ধৰণী
শুনো ৰিণি ৰিণি
জগতৰ নানা বিলাই
হৰি নাম ভকতি
হৰি নাম ৰকতি
হৰি নাম মুকুতি পাই
বৈশ্য ভকতৰ কৃষ্ণৰ কিঙ্কৰ
সুন্দৰ শংকৰ কিয় নাই
ভকতি ফুলেৰে
মালা আদৰেৰে
দিলো যতনে পিন্ধাই |
শংখ কাঁহ মুৰুলি
জোকাৰি উৰুলি
তোমৰে মহিমা পাই
নামঘৰতে চোতালে নিতাল খোলে তালে
গোবিন্দৰ নম গুণ গাই |


---------------------

আজলী ছোৱালী
নানা ফুল তুলি
আনিলো আঁচল ভৰাই
সজাই  ফুলেৰে
অতি যতনেৰে
বৰানো বৰণ শৰাই ||
ৰঙিল পখিলী
ৰঙা পাখি মেলি
আদৰি নাচি নাচি যায় |
ক’লী কলি জাকে
বিৰিখে বিৰিখে
উলাহত সুহুৰিয়ায় |
তোমাকে আদৰি
আনে ঐ সাদৰী
শত ভকতৰে দল |
শংখ বাজিছে
বৰকাহ ধ্বনিছে
উঠিছে উৰুলিৰ ৰোল !!


----------------------------


বিলতে হালিছে ধুনীয়া পদুমী
ফুলনিত ফুলিছে ফুল
সেই ফুলে ফুলে পখিলাই চুমিছে
সানিছে ৰেনুৰে বোল ||
ফুলৰ ডালতে গইছে কুলিয়ে
কুউ কুউ কই |
দূৰ দূৰণিতে জুৰিটি নাচিছে
তিৰ বিৰ তিৰ বিৰ কই
নিজান বননিতে কেতেকি চৰায়ে
সুহুৰি মাৰিছে ৰ’ই ||


No comments:

Post a Comment