Eight beautiful poems of Amulya Barua

অৰূপ অচিনা


অচিনা কোনহে তুমি ?
অৰূপ ৰূপৰ সুৱদি সখী
মধু মনমোহ মিলন বিচাৰি
              উৰোৱা মনৰে পাখি ;
মৰনৰ সুখ ৰেখা
জীৱনে নমনা নুবুজা কৰি
নিমাতী সপোনৰ বুকুতে ফুৰেহি
             মিলনৰ সুৰভি উৰি ;

জীৱনৰ যত শত
দুখ বিৰহৰ বেদনা আছে
আপোন পাহৰি অচিন পথৰ
            যায় উৰি পাচে পাচে

কোনহে তুমি?
অৰৰুপ হাঁহি
ৰূপৰ পাহি
উঠিছা ভাঁহি ।


শিল্পী


ৰূপ স্ৰষ্টা খনিকৰ
     ক'ত তোৰ ৰূপৰ আঁচনি
          সৌন্দৰ্য্যৰ মোহন আঁকৰ

বিমোহিত চঞ্চলতা
     জীৱনৰ উদ্দাম উচ্ছাস
          কল্পনাত ৰতন প্ৰাণৰ ।

আৰু ক'ত হৃদয়ৰ
      কোমল বেদনা ৰাশি
           ব্যৰ্থতাৰ ঘাত-প্ৰতিঘাত,

তৃপিতাৰ সন্ধানত
     সানি মোহিনী আভা
          জ্বলি উঠে প্ৰাণৰ প্ৰাণত ।

নিৰ্নিমেষ নয়নৰ
     ৰূপৰ চাৱনিখিনি
          সৰলতা কোমলতা অঁৰা

ক'ত তোৰ পৰাণৰ
     বিপুল বাসনা জিনি
         সুকোমল লোতক নিজৰা ।

পাষাণৰ হৃদয়ত
      কোমল সৌন্দৰ্যৰাশি
            জীৱনৰ প্ৰতিমূৰ্তি আঁকি,

হিয়াৰ ৰহণে তই
      যাচিবি যিমানে হিয়া
           বেদনাৰ কোমলতা বাকি

জিৱানৰ পৰিণতি
     সুন্দৰৰ আৰাধনা
          ক'ত তোৰ সৃষ্টিৰ আয়োজন

মনৰ মাজৰ মাথোঁ
      আশাৰ তুলিকা ডালি
          তাৰে তই বোলাবি জীৱন ।


অঞ্জলি


এবাৰ নুমালে সখী
জীৱনৰ বন্তিগছি
নজ্বলিব আৰু দুনাই

ভকতি অঞ্জলি কণি
হিয়া ভৰি ঢালো আজি
আহা সখী পৰাণ মিলাই

বজ্ৰডোলে বান্ধ লই
এক মন্ত্ৰ গাই গাই !


তুমি আৰু মই


নিয়া নিয়া কাঢ়ি নিয়া
          আৰু যদি আছে কিবা
তোমাৰ সমল সখি অপূৰণ হৈ
          মোকতো নেলাগে একো
          হৃদয়ৰ এটি মাথো
মৰমৰ কথা , তাকো সখী নিদিবানে ঐ ?
          দিয়া দিয়া সখী মোক
          ভাল পাবলৈ দিয়া
নহয় অশুচি মোৰ হিয়াৰ চেনেহ
         তুমি মোক দিয়া ভালপোৱা
শুদা হৈ যক মোৰ অপূৰ্ণ আৱেগ !
         তুমি যদি তুমিয়েই
         নাই তাত ভেদাভেদ
ৰূপৰ জেউতি তেনে কিয় কিয় পোৱা
         জানো তুমি তথাপিও
         নজনাৰ ভাও ধৰা
তোমাৰেই সখী এই মই লীন হোৱা
          মই কওঁ মই তুমি
          তুমি কোৱা তুমি তুমি
তুমি আৰু তুমি মিলি হক চুমাচুমি
          আকাশত তাৰে এটি
          ৰূপৰ জেউতি চৰি
কুমলীয়া জোনবায়ে চক জুমি জুমি
অব্যৰ্থ
বতাহলে এৰি দিলো শৰ
পৃথিৱীত পৰিল বাগৰি
নাজানিলো সেই ঠাই ক'ৰ
          নিমিষতে বহুদূৰ গ'ল
          দুচকুৱে মাথো চাই ৰ'ল ।
গালো গান শুন্য বতাহত
পৃথিৱীত পৰিল বিয়পি
নাজনিলো সেই ঠাই ক'ত
          নিমিষতে কেনি জানো গ'ল
          দুকানত ধ্বনি মাথো ৰ'ল ।
পাৰ হ'ল বহুত অতীত
দেখিলোঁ এখূট শৰ
শেৱালি জুপিত
          গানে মোৰ লগালেহি মাত
          সুৰৰ কঁপনি তুলি সখীৰ হিয়াত ।।


উন্মুক্ত যৌৱন


কেঁচুৱাৰ কোমল প্ৰাণত
স্ৰষ্টাই যচিলে মোক
মহাশক্তি উদাৰ আজান
সেই বাৰতৰে সসীমত
কোনে গাই গ'ল
- "উদ্দম যৌৱন হেৰ মোৰ
মহাদান' -
শত শত বিজুলী চমকি
বিজয়ৰ উঠিল হেন্দোলনি
অসীমৰ সীমাজৰি ছিঙি
অসীম অনন্ত এক
বিজয়ৰ তানিলোঁ নিনাদ
যৌৱনৰ গঢ়ি চূড়ামণি
নহয় যৌৱন মোৰ
দুৰু দুৰু হিয়াৰ কঁপনি
কামিনীৰ আশা মহাধন
নহয় যৌৱন মোৰ
প্ৰেয়সীৰ কোমল বুকুত
প্ৰণয়ৰ প্ৰেম ভৰা পণ
জীৱনৰ উন্মুক্ত যৌৱন মোৰ
জগতৰ বিজয়ী সৌধৰ
সুগোপন গৰিমা মাধুৰী
নৱ প্ৰাণ নৱ অনুৰাগ
উত্তোলন মূৰ্ছনা প্ৰাণৰ
বিজয়ৰ সুৰভি বাতৰি
ৰূপৰ জোঁৱাৰে মোৰ
উত্তাল যৌৱন ভেদি
নোবোৱায় মিলন মাধুৰী
দুঠকে সপোনে মোৰ
মৰণটো জীৱন বিয়াৰ
যৌৱনৰ ৰঙা জীয়া তেজ
ঢালি দিম উজাৰি উধাৰ
নাৰীৰ নয়নে গঢ়া
বিপুল জলধি ভেদি
মোৰ যৌৱনৰ দুগন্ত বিয়াপি
নীলিমা প্ৰসাৰি যোৱা
সঙ্গীত মূৰ্ছনা
তাকে লই কল্পনা জানিত মোৰ
সুন্দৰৰ মহা আৰাধনা ।
যৌৱনে বিচাৰে মোৰ গোড়া ধমনীত
স্ফীত হোৱা সিৰত বাগৰা
জীয়া তেজ, গৌৰৱ ঘোষণা
তাৰ কলধ্বনি
মিলি গ'ই দেশ-মাতৃকাৰ
গৰীমাৰ গীতিকা ৰচনা
তেজৰ পোৰণি তুলি
শত্ৰুদল কৰা মষিমূৰ
মোৰ যৌৱন অনিৰ্বাণ পণ
বিধাতাৰ শ্ৰেষ্ঠদান
মানৱৰ মহাশক্তি
তুমি হেৰা উদ্দাম যৌৱন
মিলনৰ সুৰভি নিশ্বাস ল'ই
উৰি গুচি যোৱা
বতাহী পখিলী মোৰ
মই ভাবোঁ প্ৰিয়াৰ পৰশ
সত্যহন্তা অভিশাপ ঘোৰ
প্ৰিয়াই হিয়াই দিয়া
স্পৰ্শত যৌৱন মোৰ
বিচাৰিছে সত্যৰ গৰিমা
সত্য শিৱ সুন্দৰৰ
মহামন্ত্ৰ বিপুল যৌৱন মোৰ
ধৰণীৰ সত্যৰ নিজৰা ।।


মৰমে যেতিয়া চুমে

মোৰ কবিতাই
কোন আকাশৰ
         আকাশীগঙ্গা অলকানন্দা ছুব ?

কোন সৰগৰ
অমিয়া নিজৰা
         ৰূপ কোঁৱৰৰ অৰূপ বতৰা দিব ;
কোন কামিনীৰ
কামনাৰ ৰঙা
ধুনীয়া ধৰাত থুলে থুলে হায়
          কাঞ্চন ফুলাই যাব ?
তাৰ কথা তুমি
মনতো নানিবা
          এটি কথা মাথো কোৱা
মোৰ কবিতাৰ প্ৰাণে প্ৰাণ আছে
মোৰ কবিতাৰ
গানে গানে নাচে
          সুৰৰ কঁপনি, হিয়াই হিয়াক চোৱা
          তুমি দিয়া মোক 'ব্যাথাৰ লগৰী'
           আৱেগত নাচি
সপোনত হাঁহি
কাণে কাণে কব কথা
'অমৰণ সোণ'
আমৰ মৰম
আমাৰ দৰদ
আমিয়ে বুজিম
আমাৰ " বুকুৰ ব্যথা" ।।

ভালপোৱা


মোৰ জীৱনৰ
ৰঙা মদাৰৰ
ৰঙা পলসৰ
           কেঁচা সেউজীয়া ধুন;
যৌৱনৰ মোৰ
শত কামনাৰ
শত লালসাৰ
           ৰূপালী আশাৰ জোন,
দিনে দিনে জ্বলা
নতুন বিজুলী
নতুন তৰাৰ
           মন নচুওৱা
           ছন্দ কথাৰ গান;
নিজৰাৰ দৰে
লাস্যময়ী
জোনাকৰ দৰে
           ঢৌৱে ঢৌৱে খেলা
           নৃত্য নিপুন প্ৰাণ;
মোৰ জীৱনৰ
মানসৰ
বগা তেজ
কালৰ হেঁচাত
           গোট মৰা তাৰ
শিলাকুটি কৰা
সপোনৰ কাৰু-কাজ
ওৰ জীৱনৰ চাকি;
ঢিমিক ঢামাক
জলোঁতে জলোঁতে
হিয়া পুৰি নিয়ে
           চগাক ভুলোৱা ফাঁকি !
জীৱনৰ মোৰ শিল্পী সুন্দৰ
সুৰৰ ৰূপৰ
কবি,
সপোনত নিতে
অঁকা বহহি বহি
          সৃজনৰ ছায়া-ছবি,
ৰূপ প্ৰকাশৰ নিজক নতুন কৰা
নতুন ছলনা !

মই ভালপোবা হাঁহি
তোমাৰ চকুত
মোৰ লালসাৰ
ফুলৰ সুষমা কোমল উপমা
কঁপেহি ভাহি ।

ভাল পাওঁ বোলা
অভিলাষ মোৰ
অভিমানী তুমি
           বুজিব নোৱাৰা ফাঁকি ।
দিনে দিনে যাওঁ
গালৰ চুমাত
ওঁঠৰ চুমাত
বুকুৰ চুমাত
আঁকি -
মোৰ হৃদয়ৰ মোৰ হৰষৰ
সৃজনৰ আশা;
            প্ৰতি পৰমাণু বাকি !
দেখা নাই জানো
ভাল পোৱা মোৰ
ভাবুকৰ দৰে
নিজুম নিতাল আন্ধাৰৰ দৰে
অকলশৰীয়া গহীন দুপৰৰ ৰাতি?
দেখা নাই জানো
ভালপোৱা মোৰ
সাতো সৰগৰ নীলা ঢউ যেন
খেলি খেলি যোৱা
পুৱাৰ কিৰণ
            সানি ?

আৰু -
ভালপোৱা মোৰ
ভাল লগা সেই
চুচুক চামাক চোৰৰ দৰে
            লোকে দেখা ভয় বুকুত কঁপা ?

পোহৰৰ দৰে
বগা প্ৰকাশৰ
কোমল
কঁপনি
কুঁৱলীয়ে যেন ঢকা ?

চঞ্চল মই - চিৰ গতিময়
চিৰ চঞ্চল
ভালপোৱা মোৰ
চঞ্চলা হেৰ !
আহা কাষ চাপি
           কোৱাহি কথা !

ভা-ল-পা-ওঁ
বোলা চাৰিটি আখৰে
তোমাৰ মুখৰ
কঁপাবাহি মোৰ
নীলা জীৱনৰ সিপাৰৰ সুখ ব্যথা !!


প্ৰকাশ


জীৱনৰ বিলাস ডাৱৰে ঢকা আজিৰ এই পুৱাৰ আকাশ
ৰঙালী কৰিলে সোণ; তোমাৰেই দুচকুৰ প্ৰণয় প্ৰকাশ !
অনন্ত কপনি যিটি মাৰ যায় জীৱনৰ আজিৰ এই ৰাতিৰ খেলাত
কিৰণে নাচে ধৰণীৰ দুদিনীয়া ভলপোৱা
মোহৰ মায়াত !
তোমাক নাজানো মই - নিচিনো কদাপি সোণ
এটি প্ৰণয়ৰ মোহন পুতলি ।
কামনাৰ শতবহ্নি সহজ প্ৰভাৰে চুই ভাল জানো
পাম হায় হৃদয় আকুলি ?
আচিছে প্ৰানৰ জ্যোতি অনাবিল প্ৰণয়েৰে হয়তোবা তাতেই আকুল ;
মনৰ পখীটি মোৰ কৰি জানো পাব পাৰে
সৃষ্টিৰ সাগৰ দুকূল !
বিনাশি সৌন্দৰ্য্য এই দীপ্ত হবিলাস !
যোৱা আজি প্ৰভাত শেষত !
পুৱাৰ পোহৰে চুমে নয়নৰ নীলমনি
ধৰণীৰ ধূলিটি উৰাই
আৰতি নকৰো আজি, নাযাচোঁ ফুলৰ মালা
-নুৰূপমা তোমাক দুনাই ।
এমোকোৰা হাঁহি লই শুৱনি মুখত
ৰাঙলি বহাগী নাচেকাৰ পদূলিত
উৰুঙা পঁজাত বহি উৰুকাৰ নিশা
অকলশৰীয়া মই এই দূৰনিত !
নই দেখা বিহু নাচ নাছনী হঁতৰ
শুনা নাই মউসনা বনগীত ফাঁকি
উৰণীয়া কল্পনাৰ সপোন ৰেখাৰে
সপোন মনতে মাথো ছব্বি খন আঁকি
উলহতে হাঁহো মই আপোন পাহৰি
আহিব বহাগী বুলি, নিবহি আদৰি
তাৰে এটি ৰেনু কণা চেনেহৰে আনি
বতাহৰ বোকোচাত পঠিয়ালো বান্ধি ।।



To read more poems of Amulya Baruah click অমূল্য বৰুৱাৰ কবিতা .




Drawing tutorial 026 - Basics(Part 4) - Drawings forms

In drawing sketching or painting form is a term that is used to depict the actual volume and shape of an object. Visual representation of an object is made on a surface which is 2D whereas in reality things have volume. In line drawing, this volume can not be depicted but as we have discussed in our tutorial on tonal values, by using tonal variation the illusion of volume can be created successfully.

Basic shapes that are building block of all complex drawings, are sphere, cube or cuboid and cylinder. Cone can also be treated as a fundamental building block. When tonal values are added to these basic shapes we create form of different shapes and volume.

Poems of Hiren Bhattacharya (হীৰেন ভট্টাচাৰ্যৰ কবিতা) - ৫০


মই গৈ আছোঁ মাটিৰ এন্ধাৰি তলেৰে


বতাহ বেগাই ব'ল, আকাশ সৌৱা মাটিলৈ নামি আহিছে
কাতিমহীয়া ধানৰ পথাৰত বেলিটোৱে ৰ'দ-বতাহৰ হেতালি খেলিছে
তাৰ হাবিয়লি ছাঁ গছ-গছনিৰ গায়ে-মুখে পৰিছে -
গোটেই বাটটোৱে আৱৰি ধৰিছে ভালপোৱা-পুইৰ মলমলীয়া গোন্ধ
উৰণীয়া চৰাইৰ তলসৰা মাতে জুমুৰি দি ধৰিছে মোৰ দুখন ওঁঠ
মই আৰু কিমান দুৰলৈ যাম -
তেজৰ শিপা মোৰ মাটিৰ এন্ধাৰি তলেৰে গৈ পৃথিৱীৰ গাজত লাগিছে ...



তোৰ কাষলৈকে উভতি আহিছোঁ


আকৌ তোৰ কাসলৈকে উভতি আহিছোঁ, ধাৰাসাৰ বৰষুণে
ধুৱাই নিছে গোটেইটো বাট, তই মোৰ অন্তহীন মহাদেশ
স্পৰ্শৰ গভীৰ ওঁঠত তোৰ গানৰ মাতাল নল খাগৰিৰ দীঘল দীঘল ছাঁ
ধ্বনি-প্ৰতিধ্বনিৰে উজ্জ্বল হৈ পৰিছে ৰাতিপুৱাৰ আগদুৱাৰি ৰ'দ
আকাশখন সাজিপাৰি বাঁহজোপাৰ আগেৰে নামি আহিছে
নৈখনো তেনেকৈয়ে বৈ আছে, যোৱাবাৰ চাৰিখন গাঁও বোকাত পুতি পেলাইছিল
মনৰ দীঘলী বাটেৰে নিমগোন্ধোৱা বতাহ তোৰ ছাঁটো হৈ বলিছে
বতৰে নতুনকৈ চিনাকি কৰি দিছে পুৰণি গছ-লতাবোৰ, পথাৰখনৰ সিপাৰে
লানি নিছিগকৈ পলাশ ফুলিছে
এতিয়াই মই তোৰ কাষ পামগৈ...




পাৰ ভাঙি অহা নৈ


ৰাতিপুৱাৰ চোতালখনত
লাকপাকুৰ কুৰ পাৰ চৰাইটোৰ খেৰকুটা বোটোলা মাত,

মোৰ তেজেৰে অতৰ্কিতে পাৰ ভাঙি আহিছে কোনোবা যৌৱনদৈয়া নৈ
ফেনেফোটোকাৰে ভৰপূৰ দুপাৰ -

কালি ৰাতিৰ এলানি বৰষুণে
                  ঠন ধৰি তুলিছে বাটৰ দাঁতিৰ দুবৰিডৰা
গছ-গছনিৰ গাতো চালে-চকুৰোৱা নতুন পাত

ব'ল আমি লগালগিকৈ গৈ থাকোঁ,
                   নৈ-বিল-পৰ্বতমালাৰ সিপাৰে বনৰীয়া হাঁহ যেনেকৈ উৰে
আমাৰ লগেৰে যাব থিয় দি থকা গছবোৰৰ ছাঁ -

গাঁও-ভূঁই উজাৰি বলিছে ভালপোৱাৰ বতাহ ...



গন্ধবিৰিণাৰ হাতবাউল


ডাৱৰ ওন্দোলাই আহিছে
ব'ল বৰষুণৰ আগে আগে আমি ঘৰ সোমাওগৈ -
আমি দুৱাৰমুখতে বহি বৰষুণৰ গান শুনিম
আকাশৰ দুচকুত বিজুলী খেলিছে
                        ক'লা চুলিটাৰিত থৌকিবাথৌ ডাৱৰ
বতাহত গন্ধবিৰিণাৰ হাতবাউল
এতিয়াই ধাৰাসাৰে বৰষুণে তিয়াই দিবহি গোটেইখন



আৰ্ত-অনুবাদ


মই কাণপাতি আছোঁ
নতুন কবিতা যদি এষাৰো শুনো -

মোৰ দুকাষে সৰি পৰিছে চিত্ৰিত শব্দবোৰ সমাহিত নক্ষত্ৰৰ তিৰ্‌বিৰণি
মোৰ শ্ৰান্ত তেজত মৃত্যুৰ আৰ্ত-অনুবাদ
শোকম্লান চেতনাত মানুহ সম্পৰ্কৰ নতুন গান...



গান সামৰাৰ গান


মোৰ মৰিবৰ মন গৈছে
পাৰিলে এতিয়াই -

তিনিকুৰি বছৰ মোৰ ল'লে কবিতাই
সলনিত মোক টনকিয়াল কৰি গ'ল শব্দেৰেঘ
জীৱন শব্দটো সূৰ্যৰ চৌপাশে ঘূৰে
পোহৰাৱলে মনৰ বেগেৰে

আটায়ে জয়ধ্বনি দে
জীৱনৰ জয়গান শুনো তহতৰ মুখত -

Poems of Hiren Bhattacharya (হীৰেন ভট্টাচাৰ্যৰ কবিতা -৪৯)


ফুলৰ এজাতি ইন্দ্ৰমালতী আৰু ৰ'দ হৰিণাজাক


তোৰ বাৰীত ফুলা ইন্দ্ৰমালতীজোপাৰ ছাঁ, মোৰ বাৰীত
পৰিব নোৱাৰে । ছাঁ কিবা ফুলৰ গোন্ধ নে বতাহত বৈ আহিব !
সৰুফুটীয়া ফুলজোপাৰ ছাঁ ঠাইতে পৰি থাকে । গা-উজান নিদিয়ে
কাৰো প্ৰৰোচনাত ।

ফুলৰ কোনো দীঘল-দুৱাৰী নাই । চকুৰ ঠৰেৰেই অহা যোৱা ।
তই মোৰ ছাঁ হৈ মোৰ বাৰীত পৰিব নেলাগে । ৰঙীন পাহিৰে ফুলি উঠ ।

কুঁৱলীতলেৰে লৰি আহিছে জাৰৰ উমাল ৰ'দ হৰিণাজাক...




নৈখন বাঢ়ক (সপোনৰ মানচিত্ৰ পাঠ )


বৰনৈ বাঢ়িছে ফেনেফোটোকাৰে -
নৈলৈ সেৱা যাচি, মই বিয়াগোম নাওখনৰ গুৰিব'ঠা ধৰিলোঁগৈ -
মাটিৰ পাৰভঙা চেঙেলিয়া ঢৌৱে জৰীপ কৰিছে সপোনৰ মানচিত্ৰ ।
বাঢ়ি অহা পানীৰ শিল-চেঁচা ঢৌবোৰ মোৰ এবাৰ চুই চাবৰ মন গৈছে -
ঘোলা পানীৰ বুকুত মেঘৰ শিহৰণ, লুকাভাকু বিজুলীৰ স্পৰ্শ,
                                                গানৰ হেৰোৱা সুৰ
ভালপোৱাৰ ইমানবোৰ কথা ক'বলৈ মই অলপ জিৰাই ল'ব লাগিব,
                                                নৈখন এতিয়া বাঢ়ক ...



শাওণৰ সোৱণশিৰিৰে


ঘাট-পাহৰা নাৱৰীয়াটোৰ দৰে শাওণৰ সোৱন্শিৰিৰে
ময়ো নাও মেলি উজাই যাম । বন-কুকুৰাৰ আসৈ পোৱা মাতত
আকাশখনৰ গাত শিহৰণ লাগিছে । মোৰ নাৱৰ টিঙেৰে
সপোন হেৰোৱা সপোনৰ ৰঙা বেলিটোৱে এবাৰ ভূমুকি মাৰি চাব
নাওখন কিমান উজালে

মোৰ হাতত বাট-খৰচ অলপ আছে । পাৰ যদি তয়ো ওলাবি
নাও মোৰ পাৰ্ঘটতে বান্ধি থ'ম । শাওণৰ সোৱণশিৰিৰ ৰেহৰূপ চাই
আমি উজাই-ভটিয়াই দিনটো নাওতে পাৰ কৰি দিম -

কোনোবা সাগৰৰ আকৌ ইলাচি-বিলাচি গোন্ধে
                                       আমাৰ নাওৰ পালত ঢৌ খেলিব ...



দুটা লোক-চানেকীয়া কবিতা


               (১)
কোঁহ মেলি দিছে বতৰে -
সৰিয়হ ফুলিছে, কোমোৰা বগাইছে চালত ।
ৰৈ থকা ৰে'লখন উকিয়াই গৈছেগৈ,
বতাহ লাগিছে চুমা লগা তোমাৰ দুখন গালত ।
আলিদাঁতিৰ নিসন্ধি দুবৰিবোৰ নিয়ৰত ঠন ধৰি উঠিছে...

               (২)
সাঁকো নাইকিয়া নৈঢেঁকীয়া বুটলি আইজনী এতিয়া যাবগৈ ।
বালিত জাকেৰে পৰি আছে বালিলেছীয়া চৰাই -
দূৰণিৰে বৈ আহিছে ৰামধেনুখন, গধূলি বতাহত
বনৰীয়া হাঁহবোৰ গাতে গা লগাকৈ উৰি ফুৰিছে ...



নৈখনে কথা ক'লে


স্বপ্নবাক নৈখনে কথা ক'লে
ঘ্ৰাণমুগ্ধ ৰূপোৱালী ঢৌবোৰে সোঁতৰ মাজেৰে ভুমুকা-ভুমুকি কৰে,
তোৰ উদং পিঠিৰে বলিছে সেউজীয়া বতাহ -
দুপাৰৰ খোলা দুৱাৰেৰে প্ৰাণৱান দোকালটকা গান,
পথাৰ-ফুৰা ডাউক-দৰিকে শস্য-গোন্ধেৰে হাবিবন খলক লগাইছে
এখোজ দুখোজকৈ চোতালত ভৰি দিছে
                            চেঙেলীয়া ৰ'দে -
পথাৰ বনাই আহিছে নাঙলৰ ফাল যেন ফৰকাল ৰাতিপুৱা
মোৰ শিতানত বহি বেলিটোৱে অভিধানৰ পাত লুটিয়াইছে




Poems of Hiren Bhattacharya (হীৰেন ভট্টাচাৰ্যৰ কবিতা- ৪৮)


গধূলিৰ আন্ধাৰত


গধূলিৰ আন্ধাৰত কুলি চৰাইটোৱে বিনাইছে
বিৰহৰ সতেজ মাতত দোঁ-খাই পৰিছে গছ-লতা

কান্দোনত পাতসৰা বতাহ বলিছে গছৰ আগেৰে
একেজোপা গছ একোখন খিৰিকী, বহু দুৰলৈকে দেখি -

ঠন ধৰি উঠা হাবিতলীয়া বতাহজাক আবেলি
গছৰ গা-ঘঁহাই খোলা খিৰিকীখনেৰে কোনোবাখিনি পাবগৈ

নিজানত পৰি থাকিব শান্ত বিষাদ -
কবিৰো কলিজাত গছলতাই কুঁহিপাত মেলিব ...



ভালপোৱাৰ ভোগদৈ


তই মোৰ ভালপোৱাৰ ভৰানৈ, শব্দ-নিসৰ্গৰ দুটা পাৰ
ৰাতিপুৱাই ল'ৰামতীয়া বেলিটোৱে তোৰ দহোটা আঙুলিত জেতুকা পিন্ধাইছে
তোৰ কোমল ওঁঠ দুটাৰে বৈ আহিছে বন-বিৰিখিৰ বনৰীয়া লাবণ্য
আৰু লাহী চুলিকোছাৰ এন্ধাৰেৰে বগাই আহিছে অন্তহীন এলানি সপোন
মোৰ ভালপোৱাৰ ভৰনৈৰ দুকাষে ৰ'দ বৰষুণৰ বা-লগা দুখন ডেউকা ...



গছ্লতা মানুহ আৰু নৈখন


আকাশখনৰ এটা চুকত দাৱৰে গিৰ্‌গিৰাই আছে
বাঢ়ি উঠক সেউজীয়া গছলতা মানুহ আৰু মোৰ চকুলোৰ দিন

মই ৰাই-ৰুই নোহোৱা সৌ আঁহতজোপাৰ ওচৰ চাপিছোঁ -
গছজোপাই নিজৰ গাৰ চাৰিওফালে এডৰা ছাঁ বৰ নিমজকৈ পাৰি থৈছে

আঁহতৰ তল মহুৱা-মাদলেৰে তোলপাৰ কৰি দিওঁ ব'ল -
চকুৰ আগৰ এই খৰাং নৈখনৰে ভটিয়া সোঁতৰ ধল বৈ যাব
নৈ মোৰ পাৰভঙা দীঘল সপোন, খলকনি তোলে সপোনতো ...



আকাশ চহোৱা মাত


তোৰ টোকাৰিৰ উদং বুকুৰ আকাশ চহোৱা মাত শুনিছোঁ
মোৰ বাৰীৰ ঢাপৰ গছবোৰে তিয়নী সলাই গা-ৰ'দাইছে
                                বতাহ লাগিছে গছৰ নতুন পাতত

বতাহৰ খুঁটি-নাটি তোৰ ঘুণে বিন্ধা টোকাৰিৰ সুৰে
                               আতোলতোলকৈ বুটলি লৈছে -
ব্ৰহ্মাণ্ডৰ ঠায়ে নোজোৰা সুৰৰ আগেৰে
বাট পাহৰা এটা নীলা চৰাই উৰি ফুৰিছে বেলি তিন পৰৰ আকাশখনেৰে -

চৰাইটোৰ ডেউকাৰে উঁহ ভাঙি নামি আহিছে উৎসৱময় গান ...



গধূলিৰ গান


এইকণ সুৰ লৈয়েই ময় বহুদুৰ পালোহি
মোৰ নিৰ্বোধ গানৰ ভাঙা আইনাত ঢলি পৰিছে মহাৰ্ঘ আকাশ

মোৰ আগে পিছে বৰষুণ, শস্যৰ গোন্ধেৰে ভৰা গধূলিৰ গান
মনৰ হেন্দোলি উঠা বাগিচাত মাটি-পানী-গছ-গছনিৰ কথোপকথন

নৈৰ পানী বাঢ়িছে তীব্ৰ দৃশ্যপটৰ মাজেৰে
বাঢ়ি আহিছে তোৰ দুৱাৰ-ধৰা হাতৰ তলেৰে সৰকি অহা
বাঢ়নি পানীৰ শব্দবোৰ


Poems of Hiren Bhattacharya(হীৰেন ভট্টাচাৰ্যৰ কবিতা) - ৪৭


পাল তৰা নাওখন


মই নৈৰ পাৰত বহি আছোঁ -
আনন্দে বিষাদে মোৰ সোঁৱৰণৰ কোষ কুশল হাতেৰে মেলি চাইছে
কান্দোনে সাৱটি ধৰিছে যোজনগন্ধা ৰাতিৰ নক্ষত্ৰ
                        আৰু অচিনাকী ফুলবোৰৰ সৰলতা

মই বহুদুৰ পামগৈ -
                       নৈৰ ভৰা শৰীৰেৰে বাজি উঠিছে বোধৰ শংখ

পাল তৰি দিছে নাৱৰীয়াই
নাও মোৰ শাওণৰ ঢৌ ভাঙি গৈ আছে কোনোবা মোহনা ঘাটেৰে -

বতাহত নিঢালে উৰিছে চিলা যেন ৰঙা পালখন ...



গানৰ দিগন্ত


আজি আকাশৰ আহৰি নাই, কত্থকে কথাকলিৰে উখলমাখল
ডাৱৰৰ কোমল কোলাত বিজুলী চমকেৰে মেঘৰঞ্জনীৰ মোহিনীঅট্টম -
নাচে গানে এহাতে চৈতি-বিৰ্‌হাৰ সুৰ
                                              আনহাতে বিহু-ভাৱাইয়াৰ বিননি

ডাৱৰে জানো পাহৰে গান, সুৰ-ভীক্ষু কণ্ঠৰ আৰ্ত আহ্বান -
দীঘল হৈ আহিছে মোৰ গানৰ দিগন্ত...



মোৰ বুকুৰ তলৰ শিপাডাল


মোৰ বুকুৰ তলতে শিপাডাল আছে -
তোৰ চকুৰ এচলু পানীৰে তিয়াই দে । চকুৰ পানী বৰ সাৰুৱা

উটনুৱা ডাৱৰবোৰ, আকাশখনত অনাইবনাই ফুৰিছে
তেনেই শুকান ডাৱৰবোৰ, ক'তো পানীৰ লেশ নাই,

বৰষুণ নহ'লে আকাশ  বৰ অকলশৰীয়া । বতাহো আমন-জিমনকৈ বলে ।

আজি বেলিমাৰৰ এবুকু পোহৰে আকোঁৱালি ধৰিছে
নৈখনেৰে জপিয়াই ফুৰা ঢৌবোৰ ।
দুৰত, বৰষুণ অনা ডাৱৰৰ মাত শুনিছোঁ । শেষ ৰাতিলৈ বৰষুণ হ'ব ।

কাইলৈ সাজিকাচি বেলিটো জক্‌মকাই ওলাব ...



জীৱন উৎসৱময়


আবতৰীয়া বৰষুণ । আৱাহন বিসৰ্জন নাই । দিয়েই আছে
একেটাই ভাৱ-ভংগী । এৰাধৰা নাই, একেবাৰে পটু পঢ়ুৱৈৰ পাঠ -
কোনোবা প্ৰযুক্তিমনাই গাঁৱে-ভুঁয়ে পানীৰ ভঁৰাল পাতিছে ।
ব'ল বৰষুণৰ মাজেৰে । ডাৱৰৰ পিঠিৰ পটত তিতা সাজপাৰে
তোক শুৱাই তুলিব । পানীচকুৱা আকাশখনত ৰ'দ বতাহৰ সনাপোটোকা চলিছে ।
নাচেবাগে গোটেইখন তল ওপৰ ...



ধান দে, কঠীয়া পাৰোঁ


ৰাতিপুৱাই ৰ'দে যেন ৰমলিয়াই আছে
বতাহত নতুন পাহি মেলি দিছে এটা পুৰণি গানে
মোৰ কাষতেই ধানৰ পথাৰ, মন গ'লেই হ'ল,
হাতবাউলেৰে উচটাই থাকে বোকা-মাটিয়ে -
মই আলিত বহি এতিয়াও সেই পুৰণি গানটোকে শুনি আছোঁ
মোৰ উমাল হাতত এমুঠি-দুমুঠিকৈ ধান দে, কঠীয়া পাৰোঁ



Poems of Hiren Bhattacharya(হীৰেন ভট্টাচাৰ্যৰ কবিতা) - ৪৬


তোৰ কান্দোনৰ আচলেৰে ৰ'দ


কাৰো চোতালতে ৰ'দ নাই
চাৰিওফালে নিসন্ধি আৱৰবোৰৰ হেতওপৰা
গোমোঠা আকাশখনেৰে হুৰ-হুৰকৈ
                             একোজাক বৰষুণ পৰিছে
আকৌ সঅৰ পাই উঠিল এটা পুৰণি কবিতাৰ উপমা -
তোৰ কান্দোনৰ চিৰলি আঁচলেৰে ৰ'দ বিৰিঙিছে
এডৰা জিলমিল ঘাঁহৰ দৰে



নিয়ৰ গ'ৰকি


তোৰ জীপাল ওঁঠত মোৰো জিৰাবৰ মন গৈছে
ধানৰ ঠোৰত ভৰ দি পৰিছে আহিনৰ পৰো-নপৰো নিয়ৰ টোপাল
বতাহত উৰি আহিছে গছে-পাতে সঁজাল ফুলৰ বঢ়া-টুটা বনৰীয়া গোন্ধ
ব'ল সৰুমাই, নিয়ৰ গ'ৰকি ঘৰলৈ যাওঁ...



সপোনোতো মোৰ বাঢ়নি পানীৰ ঢৌ


তই মোৰ ভালপোৱাৰ সোঁৱৰণ
এলানি সৰাপাতৰ মাজেৰে দীঘল দি পৰিছে মেলানিৰ ৰ'দ
শাওণৰ গধূৰ ডাৱৰবোৰ মোৰ বুকুৰ পতাৰে নামি আহিছে
বৰষুণ হ'ব খুব, প্ৰচুৰ বৰষুণ -
শব্দৰ এন্ধাৰেৰে বৈ যাব দীঘল দিনৰ ভালপোৱা
সপোনতো মোৰ বাঢ়নি পানীৰ ঢৌ...



আইদেউৰ গালেমুখে ৰ'দ


আইদেৱে চুলি মেলইছে
এহাতে ফণীখন আৰু আনখন হাতত আৰ্চি -

ৰাতিপুৱাৰ ৰ'দকন পনিয়লি বেৰ লগাই আইদেউৰ মুখত পৰিছে
চিকুণ চৰাই এজাক নীলা কৰ্চিপি আকাশখনেৰে উৰি গৈছে

খোপাত পিন্ধিবলৈ ল'ৰি গৈ আইদেৱে
পদূলিমুখৰ পৰা ডালে সৈতে এপাহ নৰাতগৰ ছিঙি আনিছে

আইদেউৰ গালে-মুখে ৰ'দ পিছলি পৰিছে ...


তৰাৰ দৰে উজাগৰে


আহিনৰ আকাশেৰে বনৰীয়া হাঁহ এজাক উৰি আহিছে -
সিঁহতৰ কোবাল ডেউকাত হাবিয়লি মাত;
ডাৱৰৰ পিঠিত হাত থৈ এঙাই থকা বতাহজাকে উষহাহ সলাইছে
মই দুৱাৰ খুলি বাহিৰলৈ ওলাই আহিছোঁ -
গধূলি-আকাশৰ কোলাত একে কোবে চুবুৰিৰে কেইটামান তৰাই উমলিছে
সিঁহতৰ গাত কিংবদন্তিৰ জেউতি

তৰবোৰ ৰাতি নোশোৱে; সাাৰে থকা তৰা একো একোটা নক্ষত্ৰ
আজি ময়ো সাৰে থাকিম তৰাবোৰৰ লগতে,
তৰা থকাৰ দৰে উজাগৰে...