তোৰ কান্দোনৰ আচলেৰে ৰ'দ
কাৰো চোতালতে ৰ'দ নাই
চাৰিওফালে নিসন্ধি আৱৰবোৰৰ হেতওপৰা
গোমোঠা আকাশখনেৰে হুৰ-হুৰকৈ
একোজাক বৰষুণ পৰিছে
আকৌ সঅৰ পাই উঠিল এটা পুৰণি কবিতাৰ উপমা -
তোৰ কান্দোনৰ চিৰলি আঁচলেৰে ৰ'দ বিৰিঙিছে
এডৰা জিলমিল ঘাঁহৰ দৰে
নিয়ৰ গ'ৰকি
তোৰ জীপাল ওঁঠত মোৰো জিৰাবৰ মন গৈছে
ধানৰ ঠোৰত ভৰ দি পৰিছে আহিনৰ পৰো-নপৰো নিয়ৰ টোপাল
বতাহত উৰি আহিছে গছে-পাতে সঁজাল ফুলৰ বঢ়া-টুটা বনৰীয়া গোন্ধ
ব'ল সৰুমাই, নিয়ৰ গ'ৰকি ঘৰলৈ যাওঁ...
সপোনোতো মোৰ বাঢ়নি পানীৰ ঢৌ
তই মোৰ ভালপোৱাৰ সোঁৱৰণ
এলানি সৰাপাতৰ মাজেৰে দীঘল দি পৰিছে মেলানিৰ ৰ'দ
শাওণৰ গধূৰ ডাৱৰবোৰ মোৰ বুকুৰ পতাৰে নামি আহিছে
বৰষুণ হ'ব খুব, প্ৰচুৰ বৰষুণ -
শব্দৰ এন্ধাৰেৰে বৈ যাব দীঘল দিনৰ ভালপোৱা
সপোনতো মোৰ বাঢ়নি পানীৰ ঢৌ...
আইদেউৰ গালেমুখে ৰ'দ
আইদেৱে চুলি মেলইছে
এহাতে ফণীখন আৰু আনখন হাতত আৰ্চি -
ৰাতিপুৱাৰ ৰ'দকন পনিয়লি বেৰ লগাই আইদেউৰ মুখত পৰিছে
চিকুণ চৰাই এজাক নীলা কৰ্চিপি আকাশখনেৰে উৰি গৈছে
খোপাত পিন্ধিবলৈ ল'ৰি গৈ আইদেৱে
পদূলিমুখৰ পৰা ডালে সৈতে এপাহ নৰাতগৰ ছিঙি আনিছে
আইদেউৰ গালে-মুখে ৰ'দ পিছলি পৰিছে ...
তৰাৰ দৰে উজাগৰে
আহিনৰ আকাশেৰে বনৰীয়া হাঁহ এজাক উৰি আহিছে -
সিঁহতৰ কোবাল ডেউকাত হাবিয়লি মাত;
ডাৱৰৰ পিঠিত হাত থৈ এঙাই থকা বতাহজাকে উষহাহ সলাইছে
মই দুৱাৰ খুলি বাহিৰলৈ ওলাই আহিছোঁ -
গধূলি-আকাশৰ কোলাত একে কোবে চুবুৰিৰে কেইটামান তৰাই উমলিছে
সিঁহতৰ গাত কিংবদন্তিৰ জেউতি
তৰবোৰ ৰাতি নোশোৱে; সাাৰে থকা তৰা একো একোটা নক্ষত্ৰ
আজি ময়ো সাৰে থাকিম তৰাবোৰৰ লগতে,
তৰা থকাৰ দৰে উজাগৰে...
No comments:
Post a Comment