Poems of Hiren Bhattacharya (হীৰেন ভট্টাচাৰ্যৰ কবিতা -৪৯)


ফুলৰ এজাতি ইন্দ্ৰমালতী আৰু ৰ'দ হৰিণাজাক


তোৰ বাৰীত ফুলা ইন্দ্ৰমালতীজোপাৰ ছাঁ, মোৰ বাৰীত
পৰিব নোৱাৰে । ছাঁ কিবা ফুলৰ গোন্ধ নে বতাহত বৈ আহিব !
সৰুফুটীয়া ফুলজোপাৰ ছাঁ ঠাইতে পৰি থাকে । গা-উজান নিদিয়ে
কাৰো প্ৰৰোচনাত ।

ফুলৰ কোনো দীঘল-দুৱাৰী নাই । চকুৰ ঠৰেৰেই অহা যোৱা ।
তই মোৰ ছাঁ হৈ মোৰ বাৰীত পৰিব নেলাগে । ৰঙীন পাহিৰে ফুলি উঠ ।

কুঁৱলীতলেৰে লৰি আহিছে জাৰৰ উমাল ৰ'দ হৰিণাজাক...




নৈখন বাঢ়ক (সপোনৰ মানচিত্ৰ পাঠ )


বৰনৈ বাঢ়িছে ফেনেফোটোকাৰে -
নৈলৈ সেৱা যাচি, মই বিয়াগোম নাওখনৰ গুৰিব'ঠা ধৰিলোঁগৈ -
মাটিৰ পাৰভঙা চেঙেলিয়া ঢৌৱে জৰীপ কৰিছে সপোনৰ মানচিত্ৰ ।
বাঢ়ি অহা পানীৰ শিল-চেঁচা ঢৌবোৰ মোৰ এবাৰ চুই চাবৰ মন গৈছে -
ঘোলা পানীৰ বুকুত মেঘৰ শিহৰণ, লুকাভাকু বিজুলীৰ স্পৰ্শ,
                                                গানৰ হেৰোৱা সুৰ
ভালপোৱাৰ ইমানবোৰ কথা ক'বলৈ মই অলপ জিৰাই ল'ব লাগিব,
                                                নৈখন এতিয়া বাঢ়ক ...



শাওণৰ সোৱণশিৰিৰে


ঘাট-পাহৰা নাৱৰীয়াটোৰ দৰে শাওণৰ সোৱন্শিৰিৰে
ময়ো নাও মেলি উজাই যাম । বন-কুকুৰাৰ আসৈ পোৱা মাতত
আকাশখনৰ গাত শিহৰণ লাগিছে । মোৰ নাৱৰ টিঙেৰে
সপোন হেৰোৱা সপোনৰ ৰঙা বেলিটোৱে এবাৰ ভূমুকি মাৰি চাব
নাওখন কিমান উজালে

মোৰ হাতত বাট-খৰচ অলপ আছে । পাৰ যদি তয়ো ওলাবি
নাও মোৰ পাৰ্ঘটতে বান্ধি থ'ম । শাওণৰ সোৱণশিৰিৰ ৰেহৰূপ চাই
আমি উজাই-ভটিয়াই দিনটো নাওতে পাৰ কৰি দিম -

কোনোবা সাগৰৰ আকৌ ইলাচি-বিলাচি গোন্ধে
                                       আমাৰ নাওৰ পালত ঢৌ খেলিব ...



দুটা লোক-চানেকীয়া কবিতা


               (১)
কোঁহ মেলি দিছে বতৰে -
সৰিয়হ ফুলিছে, কোমোৰা বগাইছে চালত ।
ৰৈ থকা ৰে'লখন উকিয়াই গৈছেগৈ,
বতাহ লাগিছে চুমা লগা তোমাৰ দুখন গালত ।
আলিদাঁতিৰ নিসন্ধি দুবৰিবোৰ নিয়ৰত ঠন ধৰি উঠিছে...

               (২)
সাঁকো নাইকিয়া নৈঢেঁকীয়া বুটলি আইজনী এতিয়া যাবগৈ ।
বালিত জাকেৰে পৰি আছে বালিলেছীয়া চৰাই -
দূৰণিৰে বৈ আহিছে ৰামধেনুখন, গধূলি বতাহত
বনৰীয়া হাঁহবোৰ গাতে গা লগাকৈ উৰি ফুৰিছে ...



নৈখনে কথা ক'লে


স্বপ্নবাক নৈখনে কথা ক'লে
ঘ্ৰাণমুগ্ধ ৰূপোৱালী ঢৌবোৰে সোঁতৰ মাজেৰে ভুমুকা-ভুমুকি কৰে,
তোৰ উদং পিঠিৰে বলিছে সেউজীয়া বতাহ -
দুপাৰৰ খোলা দুৱাৰেৰে প্ৰাণৱান দোকালটকা গান,
পথাৰ-ফুৰা ডাউক-দৰিকে শস্য-গোন্ধেৰে হাবিবন খলক লগাইছে
এখোজ দুখোজকৈ চোতালত ভৰি দিছে
                            চেঙেলীয়া ৰ'দে -
পথাৰ বনাই আহিছে নাঙলৰ ফাল যেন ফৰকাল ৰাতিপুৱা
মোৰ শিতানত বহি বেলিটোৱে অভিধানৰ পাত লুটিয়াইছে




No comments:

Post a Comment