Poems of Hiren Bhattacharya (হীৰেন ভট্টাচাৰ্যৰ কবিতা) - ৫০


মই গৈ আছোঁ মাটিৰ এন্ধাৰি তলেৰে


বতাহ বেগাই ব'ল, আকাশ সৌৱা মাটিলৈ নামি আহিছে
কাতিমহীয়া ধানৰ পথাৰত বেলিটোৱে ৰ'দ-বতাহৰ হেতালি খেলিছে
তাৰ হাবিয়লি ছাঁ গছ-গছনিৰ গায়ে-মুখে পৰিছে -
গোটেই বাটটোৱে আৱৰি ধৰিছে ভালপোৱা-পুইৰ মলমলীয়া গোন্ধ
উৰণীয়া চৰাইৰ তলসৰা মাতে জুমুৰি দি ধৰিছে মোৰ দুখন ওঁঠ
মই আৰু কিমান দুৰলৈ যাম -
তেজৰ শিপা মোৰ মাটিৰ এন্ধাৰি তলেৰে গৈ পৃথিৱীৰ গাজত লাগিছে ...



তোৰ কাষলৈকে উভতি আহিছোঁ


আকৌ তোৰ কাসলৈকে উভতি আহিছোঁ, ধাৰাসাৰ বৰষুণে
ধুৱাই নিছে গোটেইটো বাট, তই মোৰ অন্তহীন মহাদেশ
স্পৰ্শৰ গভীৰ ওঁঠত তোৰ গানৰ মাতাল নল খাগৰিৰ দীঘল দীঘল ছাঁ
ধ্বনি-প্ৰতিধ্বনিৰে উজ্জ্বল হৈ পৰিছে ৰাতিপুৱাৰ আগদুৱাৰি ৰ'দ
আকাশখন সাজিপাৰি বাঁহজোপাৰ আগেৰে নামি আহিছে
নৈখনো তেনেকৈয়ে বৈ আছে, যোৱাবাৰ চাৰিখন গাঁও বোকাত পুতি পেলাইছিল
মনৰ দীঘলী বাটেৰে নিমগোন্ধোৱা বতাহ তোৰ ছাঁটো হৈ বলিছে
বতৰে নতুনকৈ চিনাকি কৰি দিছে পুৰণি গছ-লতাবোৰ, পথাৰখনৰ সিপাৰে
লানি নিছিগকৈ পলাশ ফুলিছে
এতিয়াই মই তোৰ কাষ পামগৈ...




পাৰ ভাঙি অহা নৈ


ৰাতিপুৱাৰ চোতালখনত
লাকপাকুৰ কুৰ পাৰ চৰাইটোৰ খেৰকুটা বোটোলা মাত,

মোৰ তেজেৰে অতৰ্কিতে পাৰ ভাঙি আহিছে কোনোবা যৌৱনদৈয়া নৈ
ফেনেফোটোকাৰে ভৰপূৰ দুপাৰ -

কালি ৰাতিৰ এলানি বৰষুণে
                  ঠন ধৰি তুলিছে বাটৰ দাঁতিৰ দুবৰিডৰা
গছ-গছনিৰ গাতো চালে-চকুৰোৱা নতুন পাত

ব'ল আমি লগালগিকৈ গৈ থাকোঁ,
                   নৈ-বিল-পৰ্বতমালাৰ সিপাৰে বনৰীয়া হাঁহ যেনেকৈ উৰে
আমাৰ লগেৰে যাব থিয় দি থকা গছবোৰৰ ছাঁ -

গাঁও-ভূঁই উজাৰি বলিছে ভালপোৱাৰ বতাহ ...



গন্ধবিৰিণাৰ হাতবাউল


ডাৱৰ ওন্দোলাই আহিছে
ব'ল বৰষুণৰ আগে আগে আমি ঘৰ সোমাওগৈ -
আমি দুৱাৰমুখতে বহি বৰষুণৰ গান শুনিম
আকাশৰ দুচকুত বিজুলী খেলিছে
                        ক'লা চুলিটাৰিত থৌকিবাথৌ ডাৱৰ
বতাহত গন্ধবিৰিণাৰ হাতবাউল
এতিয়াই ধাৰাসাৰে বৰষুণে তিয়াই দিবহি গোটেইখন



আৰ্ত-অনুবাদ


মই কাণপাতি আছোঁ
নতুন কবিতা যদি এষাৰো শুনো -

মোৰ দুকাষে সৰি পৰিছে চিত্ৰিত শব্দবোৰ সমাহিত নক্ষত্ৰৰ তিৰ্‌বিৰণি
মোৰ শ্ৰান্ত তেজত মৃত্যুৰ আৰ্ত-অনুবাদ
শোকম্লান চেতনাত মানুহ সম্পৰ্কৰ নতুন গান...



গান সামৰাৰ গান


মোৰ মৰিবৰ মন গৈছে
পাৰিলে এতিয়াই -

তিনিকুৰি বছৰ মোৰ ল'লে কবিতাই
সলনিত মোক টনকিয়াল কৰি গ'ল শব্দেৰেঘ
জীৱন শব্দটো সূৰ্যৰ চৌপাশে ঘূৰে
পোহৰাৱলে মনৰ বেগেৰে

আটায়ে জয়ধ্বনি দে
জীৱনৰ জয়গান শুনো তহতৰ মুখত -

No comments:

Post a Comment