Poems of Hiren Bhattacharya (হীৰেন ভট্টাচাৰ্যৰ কবিতা- ৪৮)


গধূলিৰ আন্ধাৰত


গধূলিৰ আন্ধাৰত কুলি চৰাইটোৱে বিনাইছে
বিৰহৰ সতেজ মাতত দোঁ-খাই পৰিছে গছ-লতা

কান্দোনত পাতসৰা বতাহ বলিছে গছৰ আগেৰে
একেজোপা গছ একোখন খিৰিকী, বহু দুৰলৈকে দেখি -

ঠন ধৰি উঠা হাবিতলীয়া বতাহজাক আবেলি
গছৰ গা-ঘঁহাই খোলা খিৰিকীখনেৰে কোনোবাখিনি পাবগৈ

নিজানত পৰি থাকিব শান্ত বিষাদ -
কবিৰো কলিজাত গছলতাই কুঁহিপাত মেলিব ...



ভালপোৱাৰ ভোগদৈ


তই মোৰ ভালপোৱাৰ ভৰানৈ, শব্দ-নিসৰ্গৰ দুটা পাৰ
ৰাতিপুৱাই ল'ৰামতীয়া বেলিটোৱে তোৰ দহোটা আঙুলিত জেতুকা পিন্ধাইছে
তোৰ কোমল ওঁঠ দুটাৰে বৈ আহিছে বন-বিৰিখিৰ বনৰীয়া লাবণ্য
আৰু লাহী চুলিকোছাৰ এন্ধাৰেৰে বগাই আহিছে অন্তহীন এলানি সপোন
মোৰ ভালপোৱাৰ ভৰনৈৰ দুকাষে ৰ'দ বৰষুণৰ বা-লগা দুখন ডেউকা ...



গছ্লতা মানুহ আৰু নৈখন


আকাশখনৰ এটা চুকত দাৱৰে গিৰ্‌গিৰাই আছে
বাঢ়ি উঠক সেউজীয়া গছলতা মানুহ আৰু মোৰ চকুলোৰ দিন

মই ৰাই-ৰুই নোহোৱা সৌ আঁহতজোপাৰ ওচৰ চাপিছোঁ -
গছজোপাই নিজৰ গাৰ চাৰিওফালে এডৰা ছাঁ বৰ নিমজকৈ পাৰি থৈছে

আঁহতৰ তল মহুৱা-মাদলেৰে তোলপাৰ কৰি দিওঁ ব'ল -
চকুৰ আগৰ এই খৰাং নৈখনৰে ভটিয়া সোঁতৰ ধল বৈ যাব
নৈ মোৰ পাৰভঙা দীঘল সপোন, খলকনি তোলে সপোনতো ...



আকাশ চহোৱা মাত


তোৰ টোকাৰিৰ উদং বুকুৰ আকাশ চহোৱা মাত শুনিছোঁ
মোৰ বাৰীৰ ঢাপৰ গছবোৰে তিয়নী সলাই গা-ৰ'দাইছে
                                বতাহ লাগিছে গছৰ নতুন পাতত

বতাহৰ খুঁটি-নাটি তোৰ ঘুণে বিন্ধা টোকাৰিৰ সুৰে
                               আতোলতোলকৈ বুটলি লৈছে -
ব্ৰহ্মাণ্ডৰ ঠায়ে নোজোৰা সুৰৰ আগেৰে
বাট পাহৰা এটা নীলা চৰাই উৰি ফুৰিছে বেলি তিন পৰৰ আকাশখনেৰে -

চৰাইটোৰ ডেউকাৰে উঁহ ভাঙি নামি আহিছে উৎসৱময় গান ...



গধূলিৰ গান


এইকণ সুৰ লৈয়েই ময় বহুদুৰ পালোহি
মোৰ নিৰ্বোধ গানৰ ভাঙা আইনাত ঢলি পৰিছে মহাৰ্ঘ আকাশ

মোৰ আগে পিছে বৰষুণ, শস্যৰ গোন্ধেৰে ভৰা গধূলিৰ গান
মনৰ হেন্দোলি উঠা বাগিচাত মাটি-পানী-গছ-গছনিৰ কথোপকথন

নৈৰ পানী বাঢ়িছে তীব্ৰ দৃশ্যপটৰ মাজেৰে
বাঢ়ি আহিছে তোৰ দুৱাৰ-ধৰা হাতৰ তলেৰে সৰকি অহা
বাঢ়নি পানীৰ শব্দবোৰ


No comments:

Post a Comment