কুহিঁপাঠৰ পৰা

Today we are publishing some sweet poems from Kuhipath that every student who studied in Assamese medium primary school can relate to.

আমাৰ গাওঁ

শুৱনি আমাৰ গাওঁখনি অতি
শুৱনি গছেৰে ভৰা,
ডাল ভৰি ভৰি ফল ফুল লাগে
কত পাওঁ তলসৰা |

শুৱনি আমাৰ ধাননি পথাৰ
ধানেৰে উপচি পৰে,
শুৱনি নদীৰ পানী ভৰা ঘাট
মুদৈয়ে বেপাৰ কৰে |

চালত কোমোৰা লাও জিকা ভোল
ভঁৰালত জহাধান,
গোহালিত গৰু পুখুৰীত মাছ
বাৰীত তামোল পাণ |

গছৰ ডালত শুৱনি চৰাই
শুৱলা সঙ্গীত গায়,
শাকনিত শাক ফুলনিত ফুল
দেখিলে হিয়া জুৰায় |

ঘৰে ঘৰে ৰং ধেমালিৰ হাট
ঘৰে ঘৰে হাঁহি মুখ,
ঘৰে ঘৰে ভাল চেনেহা চেনেহি
ঘৰে ঘৰে দেখোঁ সুখ |

ভাওনা সবাহ গীত ভাল পোৱা
মধুৰ মুৰলী তান,
দহোটাৰ কাম একেজনে কৰা
চহাৰ সৰল প্ৰাণ |




আমাৰ জাতীয় পতাকা

তিনি বৰনীয়া জাতীয় পতাকা
নীল আকাশত উৰে,

ওপৰে গেৰুৱা, মাজত শুকুলা,
তলত শ্যামল আছে |

বগাৰ মাজত অশোক চক্ৰৰ
চিত্ৰ জিলিকি ৰয় |

আমাৰ জাতীয় পতাকাখনিৰ
কদাপি নহয় ক্ষয় |   




ভাল পাওঁ

ভাল পাওঁ আকাশৰ মেঘৰ ধেমালি
বেলিৰ লগত থাকে লুকা ভাকু খেলি
ভাল পাওঁ পথাৰ ৰং সেউজীয়া,
ধাননি কঁপাই যোৱা বতাহ বলিয়া |
ভাল পাওঁ পুৱাতিৰ কোমল ৰ’দালি,
দেখ দিয়া কুঁৱলীৰ বগা জাল ফালি |
ভাল পাওঁ মাক মোৰ অতি মৰমৰ,
মোৰ বাবে নাই যাৰ চিন ভাগৰৰ |
ভাল পাওঁ দেউতাৰ স্নেহ সনা মুখ
মোৰ বাবে তেও সহে কিমান যে দুখ
ভাল পাওঁ সমনীয়া লগৰীয়া বোৰ,
যাৰ বাবে নাই কাম আৰু ধেমালিৰ ওৰ |
ভাল পাওঁ মোৰ দেশ য’ত ওপজিলোঁ
য’ৰ ধুলি মাটিৰেই জীৱন গঢ়িলোঁ |
ভাল পোৱা বস্তু ভৰা এই যে পৃথিৱী,
কোনেনো স্ৰজিলে বাৰু, তাকে থকোঁ ভাবি | 



ফুল ফুলাৰ কথা

অ’ ফুল অ’ ফুল
নুফুল কিয়?
গৰুৱে যে আগ খায়
মইনো ফুলিম কিয়?

অ’ গৰু অ’ গৰু
আগ খৱ কিয়?
গৰখীয়াই যে মোক নৰখে
মইনো নাখাম কিয়?

অ’ গৰখীয়া অ’ গৰখীয়া
গৰু নৰখ কিয়?
ৰান্ধনীয়ে যে ভাত নিদিয়ে
মইনো ৰখিম কিয়?

অ’ ৰান্ধনী অ’ ৰান্ধনী
ভাত নিদিয় কিয়?
কৰিকটিয়ায়াই যে খৰি নিদিয়ে
মইনো ৰান্ধিম কিয়?

অ’ খৰিকটিয়া অ’ খৰিকটিয়া
খৰি নিদিয় কিয়?
বৰ গছ যে কাটি থৈছোঁ
নুশুকায়নো কিয়?

অ’ বৰগছ অ’ বৰগছ
নুশুকাৱ কিয়?
মেঘে যে বৰষুণ দিয়ে
মইনো শুকাম কিয়?

অ’ মেঘ অ’ মেঘ
বৰষুণ দিয় কিয়?
ভেকুলীয়ে যে টোৰটোৰায়
মইনো নিদিম কিয়?

অ’ ভেকুলী অ’ ভেকুলী
টোৰটোৰাৱ কিয়?
বোপাককাৰ সহজটো
মইনো এৰিম কিয়?

মই কৰোঁ টোৰ টোৰ,
মেঘে গাজে গুৰ গুৰ,
বৰষুন পৰে হুৰ হুৰ |



ঈশ্বৰ

নিচিনো তোমাক ক’ত আছা প্ৰভু
আমি অতি সৰু ল’ৰা |
চিয়ঁৰি চিয়ঁৰি মাতিলে তোমাক
নামাত দুৰৈৰ পৰা ||

নাজানো তোমাক মিনতি কৰিব
আমি অতি সৰু ল’ৰা
আছানেকি প্ৰভু সৰগত তুমি
হই জোন বেলি তৰা ||

নুবুজোঁ তোমাৰ মৰমৰ মাত
আমি অতি সৰু ল’ৰা |
ৰিণিকি ৰিণিকি সুৰ এটি আহে
জানো ক’ৰবাৰ পৰা ||

তথাপি তোমাক ভালপাওঁ প্ৰভু
আমি অতি সৰু ল’ৰা |
তোমাৰ চেনেহ দয়াৰে আমাৰ
বুকুখনি থাকে ভৰা ||

নোৱাৰোঁ বুজিব তোমাৰ মহিমা
আমি অতি সৰু ল’ৰা |
বিলোৱা হিয়াত মৰম জেউতি
নিতে আতঁৰৰ পৰা ||



জিভা-কেঁকুৰি

হলৌ উঠিল        টকৌ গছত 
     লগাই খদৌ মদৌ,
জৌ জৌ কৈ       সৰিল নিয়ৰ
হ’ল জলৌ জপৌ |

লাউ পুলি         লৰাই ৰুলোঁ
ৰুলোঁ লৰাই লফা,
ঘুৰাই ঘুৰাই       উৰাই ঘুৰাই
তাঘুৰ ঘূৰাই মাতা |

বগাকৈ বগলী       বহলাই বহিছে
বলুকাত বিয়লি বেলা,
বকুল বাগৰিছে           ববচা বনতে
বুটলি বিলাওঁগৈ ব’লা |



জোনবাই
  

জোনবাই এ’- তৰা এটি দিয়া
এটি তৰা নালাগে দুটি তৰা দিয়া |
পাত নাই চোত নাই কিহতকৈ দিম ?

হালধীয়া চৰায়ে বাও ধান খায়
সাউদৰ পুতেকে নাও মেলি যায় |
নৱে বোলে তুলুং – ভুটুং
বঠই বোলে বাওঁ
গধূলিতে গধূলিতে দবা কোবাওঁ |



জোনবাই
  

জোনবাই এ’- বেজী এটি দিয়া
বেজী নো কেলৈ – মোনা চিলাবলৈ,
মোনা নো কেলৈ –ধন ভৰাবলৈ,
ধন নো কেলৈ – হাতী কিনিবলৈ
হাতী নো কেলৈ – উঠি ফুৰিবলৈ,
হাতীত উঠি পানীৰাম গাৱলৈ যায়,
বাটৰ বটৰুৱাই ঘুৰি ঘুৰি চায় ।



কাৰ কি মাত

বাঘ সিংহই গোজৰ মাৰে
পাৰই দিয়ে ৰুণ,
ভোমৰা আৰু মৌমাখিয়ে
কৰে গুণ্‌ গুণ |

শিয়ালে কৰে হোৱা হোৱা
কুকুৰ্বোৰে ভুকে,
মেকুৰীয়ে মিউ মিকে
ফুৰে চুকে চুকে|

ছাগলীয়ে বেবাই ফুৰে
গৰুৱে হেম্বেলিয়ায়,
কাউৰীবোৰে গছৰ আগত
থাকে ৰমলিয়াই |

চিৰিক চিৰিক্‌ কৰি মাতে
ঘৰ-চিৰিকা জাকে,
সোণ মইনাই কি কৰেনো?
কলকলাই থাকে |



কোনে কি কয়?

ঘড়ীটোৱে কয় শুনা
টিক্‌ টিক্‌ টিক্‌,
সময় গৈছে উৰি
ঠিক্‌ ঠিক্‌ ঠিক্‌ |

ভোমোৰাই কয় শুনা
কৰি গুণ্‌ গুণ্‌,
ফুটাই পঢ়িবা পাঠ
নাই ভুন ভুন্‌ |

পুৱাৰ নিয়ৰে কয়
টুপ্‌ টুপ্‌ টুপ্‌,
নজগাবা ভাইটিক
চুপ্‌ চুপ্‌ চুপ্‌ |



মাহবোৰৰ গীত

বহাগ মাহত গছৰ ডালত
ফুলে কপৌ ফুল,
জেঠ মহীয়া বেলিৰ তাপত
শৰীৰ বিয়াকুল |

আহাৰ মাহত গছত লাগে
আম কঠাল জাম,
শাঁওন মাহত বৰষুণত
সাধু শুনাই কাম |

ভাদ মাহত মহাপুৰুষ
দুয়জনাৰে তিথি,
আহিন মাহত দুৱৰি বন
হিমত থাকে তিতি |

কাতি মাহত আকাশ বন্তি
জ্বলাও শাৰি শাৰি,
আঘোন মাহত সোনালী ধান
পথাৰ থাকে ভৰি |

পুহমহীয়া জাৰত কপি
নিহালিখন লও,
মাঘ জে আমাৰ ভোগালি মাহ
বিহুৰ পিঠা খাও |

ফাগুন আহে পলাশ ফুলে
পছোৱা বতাহ বয়,
চ’তৰ শেষত নতুন বছৰ
আদৰি লবৰ হল |



মৰমৰ আই


কোনে মোক তুলি তালি কৰিলে ডাঙৰ
মৌসনা মিঠা মাতে পাহৰি ভাগৰ,
কৰিছিল স্নেহ মোক দুগালত চুমা খাই
-   তেৱে মোৰ পূজনীয়া মৰমৰ আই

চেনেহৰ চকুপানী দাৰেৰে বোৱাই কোনে
মোক ৰাখিছিল বুকুত শুৱাই;
টোপনিত লালকাল মুখখনি চাই
-   তেৱে মোৰ পুজনীয়া মৰমৰ আই ।
কান্দিছিলো যেবে নৰিয়াত দুখ পাই ;
একেথিৰে কোনে মুৰ মুখলৈ চাই
মৰু বুলি কান্দিছিল কাঢ়ি হুমুনিয়া
-   তেৱে মোৰ পুজনীয়া মৰমৰ আই ।

হইছিলো থিয় যেৱে অত তত ধৰি
পৰিলেনো কোনে গই ততালিকে লৰি;
নিচুকাইছিল মোক নাম গুণ গাই
-   তেৱে মোৰ পুজনীয়া মৰমৰ আই । 



নোৱাৰো  

নোৱাৰো কথাটি হেৰা বেয়া কথা বৰ
কদাপি নহয় সিটি কথা মানুহৰ,
এলেহুৱা যিটো হয়, নোৱাৰো সিটোৱে কয়;
তেনেহলে তুমি কিয় নোৱাৰো বুলিবা?
এলেহুৱা হৈ কিয় জীৱন ধৰিবা?
ভাল নাম পবলৈ যদি কৰা মন,
তেনহ’লে নুবুলিবা নোৱাৰোঁ বচন ।
দহজনে পাৰে যিটো, তুমিও পাৰিবা সিটো ।
হেন জানি সাহ কৰি প্ৰাণ টাকি কৰা
এক বাৰে নোৱাৰিলে এশ বাৰে কৰা ।



পখিলা

চোৱাচোন পখিলাটি
     কেনেনো শুৱনি
কেনেনো ধুনীয়া তাৰ
পাখি দুইখনি |

কেতিয়াবা ওপৰত
আকৌ তলত
এটা এৰি বহিছেহি
আনটো ফুলত |

ধৰা তাক বাইদেউ
কৰি যেনেতেনে
পৰিছেহি গোলাপত
পাখি মেলি কেনে |

তাক ল’বলৈ মোৰ
বৰ মন যায়
ধৰি দিয়া বাইদেউ
যাবগৈ পলায় |

নোৱাৰোঁ ধৰিব তাক
সোণাই হেৰেই
পাখি দুইখনি হ’ব
আহৰি তেনেই |

এবাৰ যদিহে দিওঁ
হাতত তোমাৰ
নেথাকে অকণো শোভা
হ’ব চুৰমাৰ |

দিয়া তেন্তে বাইদেউ
য’ক গৈ উৰি
সহিব নোৱাৰোঁ মই
যায় যদি মৰি |

ধুনীয়া পখিলাটিক
নকৰিব বেয়া
বপুৰী অকণমানি
কেনে ধেমেলীয়া |


পঞ্চ ইন্দ্ৰিয়

দুই হাত দুই ভৰি
কাম কৰি ফুৰোঁ লৰি |
দুই চকু দুই কাণ
দেখা শুনা চোৱা কাম |
এটা নাক এখন জিভা
গন্ধ আৰু সোৱাদ ল’বা |
ছালত চুলেই গম পাওঁ
পাঁচোটিৰেই সজাগ হওঁ |



ৰং আৰু ৰস

ৰঙ

ৰঙা নীলা হালধীয়া
অকলশৰীয়া,
ৰঙা নীলা মিলি দুয়ো
হ’ল বেঙুনীয়া |
ৰঙাৰ সৈতে হালধীয়া
পালোঁ সুমথিৰা,
হালধীয়া নীলা মিলি
হ’ম=ল সেউজীয়া |
ৰঙা নীল হালধীয়া
কৰিলে মিহল,
মটীয়া ৰংটি পাবা
ডাঠ বা পাতল

ৰস

জলকীয়া ‘জলা’ আৰু
নিমপাত ‘তিতা’
চেনি মৌ কুঁহিয়াৰ
এইবোৰ ‘মিঠা’ |
জলফাই ‘টেঙা’ আৰু
কেঁহা’ আমলখি,
লুণীয়া বিচাৰি পাবা
নিমখ চেলেকি |










No comments:

Post a Comment