Poems of Hiren Bhattacharya - হীৰেন ভট্টাচাৰ্যৰ কবিতা - ১০


নিজানত দিনবোৰ

প্ৰত্যেক মানুহৰ তেজৰ নিজানত আছে
সুফলা মাটিৰ উজ্জল প্ৰতিমা |

নিৰ্জনতাৰ ভৰিৰ পতাত প্ৰেম প্ৰবাদৰ তেজ |

গছৰ পাতত শুই থাকে নক্ষত্ৰ, প্ৰকৃতিৰ অমৃত আখৰ |

ঋণী মোৰ চকুপানী ;
তাৰে একোৱেই দিৱ নোৱাৰি |

প্ৰেমৰ সুগন্ধ হৃদয়ত মাথোঁ পাব পাৰি |



পদাংক

ঘন বাৰিষা | মই তুলি লো নাওখেলা গীতৰ নিনদিত পদ |
পিছল মাটি | ছায়া পৰ বেলি | জনপদজনৰ অন্যমন |
মেঘ-মাটি-জল লালিত স্থানিক সৃজন |

ৰাধিকা সুন্দৰী মোৰ, পিছ দুৱাৰ থাকক খোলা |
ডাল ভাঙি আনা ফুল, আজি ৰাতি উৎকণ্ঠ কদমতল |
গাঢ় অন্ধকাৰত বন্দী সুপ্ৰাচীন যমুনাৰ মোহন জল |

গান গায় কোনে, প্ৰসংগান্তৰৰ গো-চাৰনভুমিৰ ঘনিষ্টতা |
জলবন্দী কবিৰ বুকুত তৎপৰ যুৱক মেঘৰ সহজ সমাৰোহ |
প্ৰথম প্ৰেমৰ স্পৰ্শ, সৰ্বনাম-ভনিতা-বিশেষণ ক্ৰিয়া নিৰ্মোহ |



গানৰ দীঘল সুৰ

কবিতা নামৰ স্তব্ধতাত মোৰ শুকান ওঁঠমোৰ সুখৰ
কোনো প্ৰতিদ্বন্দী নাই, দুখৰো |
মই কাক মাত লগাই যাওঁ | তেজৰ সোঁতত মোৰ
নিজান চৰাইৰ উদাস ভ্ৰমণ, নিজৰ গান
নিজকে শুনাই, নিজতে লুকাই গানৰ
দীঘল সুৰ |

গছবোৰে সামৰি থলে সিহ৬তৰ গাৰ ছাঁ,
বিৰ দি গুছি গল দিন |
মোৰ চোতাল গৰকি থাকিল এন্ধাৰ, দুখৰ দৰে
অস্পষ্ট অনুস্তেজ ম্লান উদ্যমহীন |



প্ৰতিধ্বনি মৰণপণ

প্ৰতিধ্বনি উভতি আহে চাবুকৰ দৰে উন্মাদ
আঘাতে আঘাতে তেজ, পাঞ্চজন্য মেঘ ভাষাহীন আন্তৰিক,
বজ্ৰ সম্ভৱ আৰ্ত অন্তৰ, কোন মৃত কোন বা অমৃত,
আভুমি প্ৰণত কবিৰ
ৰক্তাক্ত বিবেক আলোড়িত উজ্জল প্ৰেমিক,

ছন্দৰ কঠিন সংযম ভাঙি
দেশ-মাটি বুৰঞ্জীৰ চৰাচৰ শিপা সাৱলীল |
চাবুকৰ দৰে প্ৰতিধ্বনি গমগম মৰণপ-পণ |



স্পৰ্শমাত্ৰ

হঠাৎ কি কাৰণ, তেজৰ তলত বাজে ভৈৰৱ,
শিলৰ মাজৰ শিল সচেতন, আলোকিত
মন-গংগাজলে ধুৱায় স্মৃতি ম্লান শালগ্ৰাম
স্বপ্ন-স্বস্তি স্বজন তীক্ষ্ণধাৰ বিমুগ্ধ গুঞ্জন
স্পৰ্শমাত্ৰ নিঃস্ব স্বৰ, উত্থান-পতনহীন গূঢ় অনুভৱ |



গোপনত কঠিন যুৱক

ৰিং মাৰি কাকোৱেই নোপোৱা, অথচ সকলো ওচৰ,
গছৰ পিঠিতেই গছ, বুকুৰ ভিতৰে-ভিতৰে ঘৰ,
দত ৰ, বৰষুণত বৰষুন, গোপনত কঠিন যুৱক,
ভৰপূৰ দুপৰৰ ছাঁত, ভাত মাছ অতিথি উৎসৱ |




জলস্তম্ভ
[ ঁ তচদ্দুক ইউচুফৰ নামত ]

উজান মেঘৰ গাত
শোকৰ
লা পোছাক,

কলঙৰ দহ হাত
পানীৰ তলত
বিহ্বল
জোনাক,

এন্ধাৰত

এন্ধাৰতো জল্জল্‌-পট্‌-পট্



প্ৰাচীন কাঁহত বাজে

ৰাতি গধুৰ হৈ আহে |
ৰাতি ফুলনিত দেৱদূত যেন নক্ষত্ৰৰ
নিঃশব্দ ভ্ৰমণ … …

তৰুণ প্ৰেমিকৰ হাত ধৰি ৰৈ আছে
এন্ধাৰ, স্পৰ্শৰ অধিক
… … ৰাতি জানো স্থিৰ ?

আকাশ তলেৰে মৈ ঘৰলৈ উভতোঁ
হাতৰ পিঠিৰ কুৱলিৰে মচি লওঁ প্ৰেমহীন প্ৰতিযোগিতাৰ ক্লান্তি
… …
মোৰ সতে কোন আহি আছে এন্ধাৰে এন্ধাৰে ?
বোধৰ মাজুলীত ধান সৰিয়হৰ সোনোৱালী ঢৌ … …
মোৰ গাত আহি পৰে কাৰ ঘনিষ্ট উশাহ ?
মই ঘৰলৈ উভতোঁ ; প্ৰাচীন কাহত বাজে বাস্তৱ |
দীঘল হৈ আহে মোৰ নষ্ট ভৰিৰ খোজ… |



নীলা কামিজ
[ঁৰাজেন হাজৰিকাৰ নামত]

মৃত্যু যেতিয়া প্ৰাত্যহিক সংবাদ
দুৰত নিজৰ সুৰত ছট্ফট্ উশাহ তলত
সজীৱ নক্ষত্ৰৰ বীজ … …
আমি বুটলি ললো সেই বুকু ভৰা-ছবি
টান নৰীয়াৰ ঘন শিতানত
বিনীত নীলা কামিজ !

No comments:

Post a Comment