বসন্তৰ এদিন
তোমৰ শোৱনি কোঠা হৈ বতাহ
ৰ’দৰ সতে হাত ধৰধৰি কৰি আহি
মোৰ নিচেই কাষত বহিল, পিঠিত আঙুলি বুলাই,
মোৰ কান্ধত মুৰ থৈ দুহাতেৰে মেলি ধৰিলে
চম্পক ফুলৰ আধা গঁথা মালাধাৰি :
আলোকিত ৰামধেনুৰ দৰে |
এদিন শৰৎ
সুখী শেৱালিৰ উৰণীয়া গোন্ধ, তোমাৰ অমল শৰীৰৰ
শৰৎময় সোনোৱালী ছাঁ, ফট্ফটীয়া বিলৰ পানীৰ সুশীতল শব্দ
মোৰ গাৰ কাষেৰে গুচি যায় নিৰ্বিঘ্নে … …
প্ৰতিটো ফুলৰ সুবাসতেই মোৰ ইচ্ছা,
মোতেই যেন তাৰ উৎস;
মোৰ ভিতৰৰ মানুহটো ধূলিৰ দৰে উৰে
স্বৰ্নাভ প্ৰতিবেশীৰ উদ্বেগৰ মাজেৰে ।
কবিতাৰ কাৰণে: একক প্ৰাৰ্থনা
কঠোৰতাত ঠেকা খাই উভতি আহে কবিৰ মাত,
প্ৰতিদ্বন্দীহীন প্ৰতিসধ্বনি |
কলমৰ আগত কঁপে প্ৰতিশ্ৰুত কবিতা, কবিৰ সত্তা |
স্নায়ুভাৰত বিপন্ন অন্নহীন কবিৰ নাতিউচ্চ কণ্ঠত
শোকৰ শ্লোক, শিল্পৰ স্বাধীনতা … … |
মোক এই কবিতটো শেষ কৰিবলৈ দিয়া মোৰ নিচিনাকৈ,
তেজৰ বাণী বিবস্ত্ৰ দেহৰ অবাঞ্ছনীয়তাত ছট্ফটাই মৰে,
হাতত ভবিষ্যতৰ অদ্ভুত পতাকা |
মোক অভয় দিয়া পৰিচিত শব্দবোৰৰ নিৰ্লিপ্ততা ভাঙি-ছিঙি
হাতুৰিৰে চুৰমাৰ কৰাৰ, অথবা ৰক্তস্বল্পতাত মুমূৰ্ষু নিষ্ফল
বাস্তৱ
টুকুৰা-টুকুৰি
কৰা দুৰ্ধৰ্ষ তৰোৱালৰ বিচক্ষণ তেজস্বিতা !
পৃথিৱী মোৰ কবিতা
কলম মোৰ কমাৰৰ হাতৰ হাতুৰি, ভাঙি-পিটি গঢ়ি লওঁ শব্দ,
খেতিয়কৰ ফাল যেন চোকা; সীৰলুত সোনৰ সীতা,
মিস্ত্ৰিৰ কৰত যেন ৰূঢ়,
কঠিন কাঠৰ আঁহ ফালি টানি আনো
অভিজ্ঞতাৰ তেজ লগা শব্দ, চাওতাঁল মৰদৰ ধনুৰ কাঁড় যেন
লক্ষ্যভেদী একো-একোটা শব্দ মোৰ
ৰক্ত-মাংস-ইচ্ছাত তীব্ৰ হৈ উঠে,
সিহঁতৰ কোনোটা পৰ্বতৰ দৰে উদ্ধত,
কোনোটা নদীৰ দৰে নত, আৰু কোনোটা ব হ্ৰদৰ দৰে গম্ভীৰ,
কাৰো কথাত উঠা-বহা নকৰে |
নদ-নদী-পৰ্বত চিত্ৰিত বিপুল মহদেশৰ মই কবি,
পৃথিৱী মোৰ কবিতা |
সাংকেতিক ধ্বনি
চহৰীয়া বাহ্বাৰৰ কি মূল্য গাৱে-ভূঁয়ে যদি নোতোলে গিৰ্জনি ?
নিপুণ কবিৰ স্বাক্ষৰবাহী কবিতা যেতিয়া
নষ্ট শস্যৰ মনোজ্ঞ বিজ্ঞাপন,
নিষ্ঠাবান বিব্ৰত হোৱাটো স্বাভাৱিক,
মোৰ শৰীৰৰ তন্নতন্নত বিয়োগ-গ্লানি,
নিয়তি মই নেমানো, আতংকিত তেজ মোৰ
একো-একো ৰাতি সমুদ্ৰৰ দৰে গৰ্জি উঠে ধ্যানকেন্দ্ৰী মুহূৰ্তৰ
ক’ত সেই সাংকেতিক ধ্বনি ?
মোৰ এই শব্দবোৰ
[তৰুণ কবিৰ হাতত]
স্বপ্নৰ উদ্যান ছুই অহা মোৰ এই শব্দবোৰত জীৱনধাৰাৰ সুষমা,
সময়ৰ ঘনিষ্ঠ উত্তাপ, মোৰ কোনো নিজস্ব আৱিষ্কাৰ নাই,
মোৰ ভিতৰত এটা যেন খেতিয়ক, মই শব্দবোৰ জিভাত দি চাওঁ,
কাৰ কি সোৱাদ, হাতৰ তলুৱাত লই চাওঁ কিমান তপত,
মই জানো শদ মানুহৰ সৃষ্টিৰ তেজঃদীপ্ত সন্তান,
মই সাধাৰন কবি,
কান্ধ সলনি কৰি বই অনা মোৰ এই শব্দবোৰত
মানুহৰ নিদাৰুণ অভিজ্ঞতা, বুৰঞ্জীৰ নিঠুৰ আঁচোৰ |
বসন্তৰ এদিন
তোমৰ শোৱনি কোঠা হৈ বতাহ
ৰ’দৰ সতে হাত ধৰধৰি কৰি আহি
মোৰ নিচেই কাষত বহিল, পিঠিত আঙুলি বুলাই,
মোৰ কান্ধত মুৰ থৈ দুহাতেৰে মেলি ধৰিলে
চম্পক ফুলৰ আধা গঁথা মালাধাৰি :
আলোকিত ৰামধেনুৰ দৰে |
No comments:
Post a Comment