কাতৰ-বাঁহী
ভঙা টোপনিৰ ৰঙা-জোন গল্পৰ এন্ধাৰেৰে আহি
হঠাৎ থমক্ খাই ৰ’ল তোমাৰ মুখৰ নিৰাবতাত,
পাহি জাপ খোৱা পদুম কলিৰ দৰে তোমাৰ মুখ,
বতাহৰ আঁচোৰ লাগোঁ-নেলাগোঁতেই উঠিল কঁপি
পদুম-ওঁঠৰ তুলবুল ঢৌ, [নাও হেঙুলীয়া, ব’ঠা হেঙুলিয়া]
এনেকৈয়ে খেলি জোনটো থাকক তোমাৰ লগত,
এন্ধাৰৰ কোমল বিছনাত আৰু কিছুপৰ থাকক পৰি
ভাগৰুৱা বেলি … …
সপোনত শুনি নে নুশুনি এই কাতৰ বাঁহী ?
আকৌ দেশ
গোটেইখন মোৰ দেশ
গোটেইখন দেশৰ নিদ্ৰাহীন চকুৰ গৰিষ্ঠ এন্ধাৰত
গৰ্জে ইচ্ছাৰ মেঘ
মোৰ ফেৰাৰি খোজত উদ্বেল দেশ,
দেহৰ শেষত আকৌ দেশ |
দুঃসাহসী তেজৰ কবিতা
মাজৰাতি নৈত বুৰ মাৰি ধুই আহোঁ তুচ্ছ দৈনন্দিনতা,
সংকল্প মন্ত্ৰেৰে সজাওঁ ইচ্ছাৰ যজ্ঞ-ঘোঁৰা;
বতাহত উৰে দিগ্বিদিক মোৰ দুঃসাহসী তেজৰ কবিতা |
ধুমুহাৰ ৰাতি
ধুমুহাৰ ৰাতি
গছবোৰে ওভতগোৰে নাচে,
নিসৰ্গত আফালি মৰে
বতাহ,
কাণ্ডহীন শিপাত
বৰদৈচিলা, সৰুদৈচিলা;
মোৰ আত্মগোপন
ল’ৰালিৰ অতৰ্কিত
বা-মাৰলি,
ধুমুহাৰ ৰাতিৰ গছবোৰ … …
মৃত্যু
কুলি চৰাইজনী সিঞাৰি-সিঞাৰি
ল’ৰাটো গ’ল যে
গ’লেই
দলনিৰ মাজত জাহ গ’ল বেলি |
মোৰ বিহুৱা-পেঁপাৰ তিনিটা বিন্ধাত
সাইলাখ সেই ল’ৰাটো
শুই আছে যে
শুলেই |
দৃশ্যান্তৰ কবিতা
মোৰ তেজত
খঙাল কেৰ্কেটুৱাৰ অসাহিষ্ণু দাঁত,
মই যেন শৰিৰ ফালি ওলাই যাম …
… দৃশ্যান্তৰ
ৰ’দত
তোমাৰ হেঙুল হাতৰ
অফুৰন্ত গোন্ধ !
No comments:
Post a Comment