Poems of Hiren Bhattacharya - হীৰেন ভট্টাচাৰ্যৰ কবিতা - ১১



সুখী নে তুমি

মোৰ বুকুতে আছিল গোলাপ
বাগিচা |
এদিন তেজেৰে লুতুৰি পুতুৰি
এটা গোলাপে
শুকান-কাঁইটক সুধিলে গুপুতে
তুমি সুখী নে
সুখী নে তুমি?

গোলাপজোপাৰ এহাত এমুঠন
এন্ধাৰত
মই কান থিয় কৰি থাকিলো –

জাৰে জহে খহে ফুলৰ পাপৰি |



জোনাক জাগৰন

বতাহৰ কানে কানে গান |
মোৰ সংগ্ৰহ গছৰ নাম, ফুলৰ
নাম
চেমনীয়া ডালপাত শিপাৰ
জোনাক |

কাঁহ পৰি জীন যাওক মন |
প্ৰসাৰিত স্তব্ধতাত মেঘময়
গানৰ জাগৰণ |

মানুহ স্মৃতিপ্ৰায়ণ,
নিজৰ দুৱাৰতে আঁজলি পাতে !



সজীৱ সৰ্বস্তৰ
[স্মৃতিময় অপূৰ্ব সিংহৰ নামত ]

বুকু বিষাদেৰে ভৰে,
লুণীয়া নদী আছে যদি নিৰ্বোধ অসাৰ
চকুলো |
দেশ কাল সজীৱ উশাহে নিশাহে |
কোন সময়ৰ সতে চেঁকুৰি গ’ল,
যৌৱন ভৰপক; ধূলি মাটি উৰে
সোনালী কাঁড়ত দেহৰ উত্তাপ
সুন্দৰেহে কেৱল দিব পাৰে

আমি প্ৰতিশব্দেৰে
প্ৰতিষ্ঠা কৰোঁ শব্দ, নিষ্পলক চিত্ৰ
প্ৰতিকল্প |

আঁহা বিচাৰি যাঁও সুন্দৰৰ শিপা |


ফুলে তেজে এন্ধাৰো যে


শইচৰ পথাৰ মানুহ | আমি নাম থ’লো
জীৱন |
তুমুল সোঁততো উজাই ভটিয়াই চায়
নাৱৰীয়া মন |

ধূৱলী-কুৱলী পৰ্বতৰ নখৰত
যাওঁবোলা লিহিৰিপতীয়া মেলানি পোহৰ,
গধুলি আকাশ ফুলৰ কৰণি,
তেজেৰে ধুৱাই ফুল-তুলসী, ৰাতি উজাগৰ
দীঘল ভ্ৰমণ |

কিহৰ ইমান ফুল
বাৰমাহী কোনদ্বীপান্বিত অতীত ভবিষ্যৎ |

পোহৰৰ দৰে
ফুলে তেজে এন্ধাৰো যে টলমল !



প্ৰেমে-প্ৰতিবাদে তৰোৱাল

বহু আঘাতেৰে গঢ়া তৰোৱাল,
প্ৰেমে-প্ৰতিবাদে সজাগ
মানুহৰ দৰে
মানুহ;

কৰতল ঘনিষ্ঠ
নিঃশ্বাস,

মূৰ তুলি উঠে
আৱেগপ্ৰৱণ মূৰ্খ মৃত্যু,
ৰহস্যহীন মলিন
শ্লোক,

দিন-ৰাতি মোৰ নঙঠা তৰোৱাল
আকাশ-মেধা
নক্ষত্ৰপুৰুষ |



No comments:

Post a Comment