Poems of Hiren Bhattacharya (হীৰেন ভট্টাচাৰ্যৰ কবিতা - ৪৫)


মোৰ চকা লগা দুখন ভৰি


বৰষুণ পৰিছে । চ'তৰ মাটিৰ বুকুৰে ফুৰফুৰকৈ উৰি আহিছে
গান্ধ বিৰিণা আৰু বৰ-ইলাচিৰ গোন্ধ । সপোনৰ চোৰাং বাটেৰে
ডাৱৰ উবুৰি খাই পৰিছে তোৰ নিৰাই থোৱা চোতালখনত

ঢাপৰ মূৰত আমপুলি এটা ৰুবি নেকি, চজিনাজোপাৰ গাৰ কাষতে,
নৈৰ বেঁকা ভাঁজটোৰে জুৰ্‌জুৰকৈ চ'তৰ ওমলা বতাহ ব'লিছে,
কেঁচা হালধীয়া ৰ'দত হালি পৰিছে সেউজীয়া দলঘাঁহবোৰ -

মই তোৰ কাষলৈ ল'ৰি গৈ আছোঁ; চকা লগা মোৰ দুখন দীঘল ভৰি ...



তোৰ ঘাটত নাও চপাম



নাও মেলি দিছোঁ
একেকোবে গৈ তোৰ ঘাটত চপাম,
শেলুৱৈ ধৰা সেই ঘাটতে মোৰ নাওখনে শিয়া মেলিব -

নৈৰ ধৰণ-কৰণ মই ভালদৰেই জানো -
পানীত বুৰ দি মই অথালিয়ে পথালিয়ে সাঁতুৰিম,
উজাই সাঁতুৰিবলৈ বাউসীত মোৰ জোৰ নাই

বেলি পৰিবৰে হ'ল -
হাট-বাটৰ মানুহ ঘৰলৈ দিহাদিহি উভতিছে
মই একেৰাহে ন-পানী অহা নৈৰ সোঁতলৈ চাই আছোঁ -

পানী কাউৰীজনী বাৰে বাৰে ঘাটলৈ উৰা মাৰি আহিছে
নাৱে-তৰে আউলি-বাউলি বতাহ ব'লিছে ...


আহৰি নোহোৱা উদং গা



মই তোৰ কাষ পালোহি ।
তই মোৰ উঠন বয়সৰ কোমল ৰ'দ -
                                            সপোনৰ দুৱাৰত অঁকা কেঁচা হাতৰ নীলা চৰাই,
তোৰ লাজুকুৰীয়া চকুৰ চানেকীৰ মোৰ পথাৰৰ পলসুৱা মাটি
বোকাই পানীয়ে আহৰি নোহোৱা উদং গা -

মেটেকাৰ গোন্ধ লাগিছে মোৰ বুকুৰ সেউজীয়াখিনিত;
ডাৱৰে ধুমুহাই ৰূ-ৰূকৈ ভালপোৱাৰ তুঁহ--জুই জ্বলিছে ...



মাটি-পানীৰ হেতালি



তোৰ ধান-জৰা হাতৰ কুলাখনৰ আগেৰে চিটিকি পৰিছে দুপৰৰ ৰ'দ -
ছাঁ পাৰি  দিছে আবেলি বতাহে চোতালৰ থেৰেজুজোপাৰ চিকুণ তলত,
গধূলিৰ নিৰীহ কোলাত জিক্‌মিকাই আছে নিমাওমাও জোনাকীজাক,
মোৰ বুকুত তিনিসীৰ বোৱা মাটিয়ে পানিৰ লগত
                                       গা-ঢালি হেতালি খেলিছে ...



এটা লোক কবিতাৰ পাতনি


ওখ মেজাংকৰি গছবোৰৰ সিপাৰে শাওণৰ জোনটো ওলাইছে
ফট্‌ফটিয়া জোনাকে ডাৱৰৰ গাত পোহৰৰ হেঙুল কিংখাপ পিন্ধাইছে
কলহৰ মুখৰ বৰষুণজাকে আজি আন এটা বাট লৈছে,
                                    ডাৱৰে-এৰা আকাশ এতিয়া একেবাৰে মুকলি -
মোৰ আখৰ নোহোৱা সপোনে চকুমুদি টোপনি ভঙাৰ গান শুনিছে
গানৰ সুৰত শস্যবীজ সংবাহী সাৰুৱা মাটিৰ উৰু উৰু ডেউকা
শস্য, মানুহৰ হাতেগঢ়া প্ৰকৃতি, ৰ'দ বাতাহেৰে ভৰপুৰ ...



No comments:

Post a Comment